“আধৰুৱা” ( শ্যামল মিত্ৰ বৰুৱা )

অফিচৰ কামৰ বাবে ভয় নকৰোঁ দেই৷ কিন্তুু অত্যাধিক কামৰ হেঁচা হ’লে ভাগৰ লাগিবই দিয়কচোন৷ মানুহৰ দেহাহে৷ পিছে এই চাকৰিটোৱেই যিহেতো ভাতমুঠি মোকলাই আছে, মানুহজনীৰ শাড়ী, ল’ৰাৰ হ’ৰলিক্সৰ পৰা আৰম্ভ কৰি মোৰ সন্ধিয়াৰ যোগাৰ, সকলোবোৰ, গতিকে যিমান পাৰো মনোযোগেৰে কাম কৰোঁ৷ ভাল দিন আহিব, সপ্তম দৰমহা আয়োগৰ বৰ্ধিত দৰমহা এই আহে আহে আৰু৷ ইচ্, ভাবিয়েই দেহা-মন ভাল লাগি যায়৷ এইবাৰ কিন্তুু ‘এচ্ ইউ ভি’ এখন ল’মেই ল’ম৷ এওঁ‌তো কেতিয়াবাৰে পৰা কৈয়েই আছে৷ পাৰিলে এপাক মালয়েছিয়া …৷ এ হ’ব, ব্ৰেক মাৰা হে বৰুৱা৷ তাৰাতাৰি ব’লা, অফিচৰ বাছ যোৱাৰ সময় হ’ল৷ সপোন দেখি থাকিলে পিছত টেম্প’ত ঘৰলৈ যাব লাগিব৷
দৌৰাদৌৰিকৈ বাছ ৰখা ঠাই পালোহি৷

°°°°°°°°°°°°°°

কাঢ়া ব্ৰেক মাৰি ‘এচ্ ইউ ভি’ খন গেটৰ সমুখত ৰখালোঁ৷ লৈয়েই পেলালো আৰু৷ এওঁ‌ৰ যে কি ফূৰ্তি! তাতে ৰংটো এওঁ‌ৰ পচন্দৰ, ‘ব্ৰিক্-ৰেড’৷ টিকিৰায়ো আজিকালি অকল ফু-ফু যোৱাতেই থাকে৷ অফিচতো গ্ৰেণ্ড পাৰ্টি এটা দিলো সিদিনা৷ মুঠতে সৱ খুচ৷ মইতো আৰু এনেয়েই খুচ৷ আজিকালি কলিংবেল নবজাওঁ৷ গেটৰ সমুখতে হৰ্ণ বজাওঁ৷ এওঁ‌ৰো আপত্তি নাই৷ হাঁহি হাঁহি গেট খুলি দিয়ে৷ আগৰ নিম্ন-মধ্যবিত্ত গাড়ী থাকোতে এনেকৈ গেট খুলিবলৈ দিয়া হ’লে? গাড়ী, মানুহ, সৱৰে শ্মশান যাত্ৰা হ’লহেঁতেন৷
সৌৱা, হাঁহি হাঁহি এওঁ‌ ওলাই আহিছে৷ সৰু সৰু ৰঙা ফুল থকা বগা শাড়ীখনেৰে কিন্তুু ধুনীয়া লাগিছে দেই মানুহজনীক৷
“ডলফিন, ডলফিন”
উৱা, গেট নুখুলি এওঁ‌ দেখোন ভিৰাই ল’ৰ মাৰিলে! ! ডলফিন? ক’ত? এই ৰাস্তাত ডলফিন? পলকতে হুৱা-দুৱা লাগি গ’ল৷ হঠাতে কিবা এটা আহি গাত পৰিল৷ ময়ো ভয়তে জপিয়াই উঠিলো, ডলফিন নহয়তো?
জাপ মাৰি বাচিবলৈ চেষ্টা কৰোতে মাথাটো কৰবাত খুন্দা খালে৷ ধেৎ, মই দেখোন বাছৰ ভিতৰতে৷ কেতিয়ানো টোপনি গ’লো গমেই নাপালো৷ মোৰ কৰ্মস্থান আই আই টি চৌহদৰ পৰা বাছখন আহি ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলং পাইছিলে৷ তেতিয়াই হেনো কোনোবাই নদীত ডলফিন, মানে শিহু দেখা পালে৷ হেতা-ওপৰা লাগিল বাছৰ যাত্ৰীসকলৰ মাজত ডলফিন চাবলৈ৷ কোনোবা এটা ওফৰি আহি মোৰ গাতে পৰিছিলহি৷
‘এচ্ ইউ ভি’ খন যেন তড়িৎ গতিৰে দূৰ দিগন্তত বিলীন হৈ গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments