আধৰুৱা-স্মৃতি {দ্বিতীয়}(ঋতুমণি কাকতি)

আধৰুৱা স্মৃতি

মই খং বহুত কৰিছিলোঁ | মইতো কৈ দিছিলোঁ, তোমাৰ চকুৱে কথা বহুত কয় |
তাই কয়, বেছি নকৰিবা; যিদিনা মোৰ খং উঠিব, তোমাক নামাতিম, সেইদিনা জানিবা |
ভালপোৱাৰ দিন আছিল সেইবোৰ, ভালপোৱাৰ দুপৰীয়া, ভালপোৱাৰ বৰষুণ, ভালপোৱাৰ জাৰ |
বন্ধুসকল কেতিয়াবা এনেকুৱা লাগে যে জাৰৰ দিনবোৰ কেৱল প্ৰেমিকসকলৰ বাবেই |
তাই ওৰণিৰ তলৰ পৰা কাঁজল লোৱা চকুজুৰিৰে মোৰ ফালে একেৰাহে চায় |
জাৰত কপি থকা আঙুলিৰে গৰম চাহৰ পিয়লাটো আৰু জোৰেৰে ধৰে |
জাৰৰ প্ৰতিজাক বতাহেই তাইক আৰু বেছিকৈ কঁপাই থৈ যায় |
জাৰত কঁপি থকা ওঁঠ জুৰিৰে গৰম গৰম ধোৱা উলিয়াই |
পুৰণি খিৰিকী খনৰ ওচৰত থিয় হৈ দেৰিলৈকে মই অহালৈ বাট চায় |
ম’নালিছাতকৈ কম নাছিল তাইৰ হাহিটি |
হাঁহি তামচাৰ দিনবোৰ পাৰ হৈ গৈছিল এতিয়া |
এতিয়া আমি কাঁজিয়া নকৰিছিলোঁ |
বন্ধুসকলৰ লগত বহি মেজৰ তলেৰে ইটোৱে সিটোৰ ভৰিৰ আঙুলি নুচুইছিলোঁ |
ইজনে সিজনক ফেঁচা বা ফেঁচি বুলি কৈ ঢকিয়াই নিদিছিলোঁ |
ত‍ত্‍ক্ষণাত এনেকুৱা লাগিব ধৰিছিলে যেন আমি ডাঙৰ হৈছোঁ |
মই হঠাতে তাইৰ লাজুকী হাতৰ পৰশ অনুভৱ কৰিব লৈছিলোঁ |
হঠাতে অনুভৱ কৰিব লৈছিলো সংগোপনে আমাৰ ঘৰৰ দুৱাৰেৰে ভিতৰলৈ পেলোৱা ভৰিৰ খোজ বোৰে কাৰ ঠিকনা বিচাৰিছে |
মই হঠাতে তাইৰ কথকু চকুজুৰিৰ সুমধুৰ মৌনতাবোৰ পঢ়িব পৰা হৈছিলোঁ |
অৱশ্যে তাৰ প্ৰয়োজনো আছিল, কাৰণ আই যে কেতিয়াও নিজে একো নকৈছিলেই |
দিনবোৰ পাৰ হ’বলৈ ল’লে আৰু ভালপোৱাৰ বাট দিঘলীয়া আৰু লগতে কিছুমান অহেতুক যেন লগা চিন্তাও |
এনেকৈয়ে দুটি মন লগ পাবলৈ ধৰিলে |
কেতিয়াবা মিঠাইৰ দোকানত, কেতিয়াবা নৈৰ পাৰত, কেতিয়াবা কলেজৰ পৰা উভতি অহাৰ বাটত, আৰু কেতিয়াবা চিনেমা হলৰ বেলক’নিৰ চিটত |
এদিন চিনেমাৰ মাজতে মোৰ কান্ধত মুৰ থৈ ক’লে আকৌ এজন ল’ৰাৰ খবৰ আহিছে |
বিৰতিৰ সময়ত মই ক’লোঁ, কাম নাইকিয়া কথা মনলৈ আহিছে |
তাই ক’লে তোমাৰ মূৰত সদায় কাম নাইকিয়া কথাই আহে |
মই ক’লোঁ ব’লা কোনোৱে নজনাকৈ বিয়া পাতি লওঁ |
তাই ক’লে তোমাৰ এই কথাটো আজিলৈকে কোৱা সকলোতকৈ কাম নাইকিয়া কথা |
তাৰ পিছত আকৌ ক’লে ষ্টেচন যোৱা শেষৰ বাছখন ৫ বজাত যায় আৰু তাৰ পৰা চহৰলৈ যোৱা নৈশ ৰেলখন ৭.৩০ বজাত|
গোটেই চিনেমাখনো চাব নিদিলে তাই |

 

আধৰুৱা স্মৃতি

১৯৯৩ চন | তাৰিখ ঠিক মনত নাই, কিন্তু সেইদিনা দেওবাৰ আছিল আৰু গৰমৰ দিন| মোৰ বয়স ৫ বছৰ, প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ | গোটেই দিনটো আনন্দৰে ভৰি আছিল| এনেও দেওবাৰ বুলিলেতো আমৰ গা সাতখন-আঠখন লাগিছিলেই, কিন্তু সেই দিনটো বিশেষ আছিল| কাৰণ সেইদিনা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিলে আৰু মোৰ পূজনীয় বৰদেউতা স্বৰ্গীয় ৰমাকান্ত কাকতি সভাপতি হিচাপে জয়ী হৈছিল |

ইয়াৰ আগতে তেওঁৰ বিষয়ে আপোনালোকক কিছু কথা কৈ লওঁ বাৰু| তেওঁ এজন চিকি‌ত্‌সক আৰু সমাজসেৱক আছিল| সেই সময়ত যিহেতু চিকি‌‌ত্‌সকৰ সংখ্যা নিচেই তাঁকৰ আছিল, সেইবাবে আমৰ গাঁও আৰু ওচৰৰ ১০-১৫ খন গাঁৱতো খুবেই জনাজাত আছিল| সৰু বোৰে ডাক্তৰ বৰদেউতা আৰু তেওঁৰ সমনীয়া আৰু জ্যেষ্ঠবোৰে কেৱল ডাক্তৰ বুলি মাতিছিল | মাহঁতে কৈছিলে তেওঁ হেনো ঢাকাত গৈছিল ডাক্তৰী পঢ়িবলৈ| সেই সময়ত বাংলাদেশৰ জন্ম হোৱা নাছিল| চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল| তেওঁৰ বিষয়ে মই ইয়াতকৈ বেছি জনাৰ সুবিধা নাপালোঁ |

আপোনালোকক ওপৰত কৈছোঁৱেই যে তেওঁ ১৯৯৩ চনৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি হিচাপে জয়ী হৈছিল | সেই সময়ত মোৰ পঞ্চায়ত, নিৰ্বাচন ইত্যাদি সম্পৰ্কে একো জ্ঞান নাছিল| তথাপি আনন্দ লাগিছিল| অসংখ্য মানুহেৰে ঘৰ ভৰি পৰিছিল| এনেকৈ দিনটো ব্যস্ততাৰে পাৰ হৈ গৈছিল| বহু ৰাতিলৈ মানুহে বৰদেউতাক শুভেচ্ছা জনাব আহি আছিল| ৰাতি ১১ মান বজাত ভাত খাই উঠি সকলোৱে শুবৰ বাবে সাজু হৈছিল| ঠিক সেই সময়তে আমৰ ঘৰলৈ সোমোৱা একেবাৰে বাহিৰৰ মুখ্য দুৱাৰৰ ওচৰত ওলমি থকা ঘণ্টাতো বাজি উঠিল| বৰদেউতাই ক’লে, কোনোবাই চাগে মোক লগ পাব আহিছে, মই চাই আহোঁ, তহঁত যাব নালগে| তথাপি মোৰ মা বৰদেউতাৰ পিছে পিছে গ’ল, মায়ে সেই সময়ত মোক কোলাত লৈ টোপনি নিয়াবলৈ চেষ্টা কৰিছে| কিন্তু মোৰ টোপনি অহা নাই| সেই সময়ত বৰদেউতাৰ পিন্ধনত দীঘল হাতৰ বগা বনিয়ান এটা আৰু ইটা ৰংৰ পায়্জামা এটা| তেওঁ দুৱাৰ খোলাৰ শব্দ শুনি ম’ই মূৰ ডাঙি চালোঁ|

দুৱাৰ খুলিয়েই তেওঁ গহীনভাৱে ক’লে “কাক লাগে?” সেইটো ফালৰ পৰা উত্তৰ আহিল “মানুহ লাগে|” মই জুমি চালোঁ| অকণমান দূৰত জ্বলি থকা ৬০ ৱাটৰ বিজুলী বাটিটোৰ পোহৰত দেখিলোঁ ২ জন মানুহ| সিহতৰ পিন্ধনত কলা কাপোৰ আৰু মুখখনো ক’লা কাপোৰেৰে মেৰিয়াই ৰাখিছে | চকু কেইটা ওলাই আছে মাত্ৰ| আন এজনে মোৰ মাক লক্ষ্য কৰি ক’লে “আপুনি ভিতৰলৈ যাওঁক|” কিন্তু মা তাতেই থাকিল|

তাৰ পিছত বৰদেউতাই সুধিলে “কোন মানুহক লাগে?” সেই ফালৰ পৰা কোনো উত্তৰ নাহিল| আহিল মাত্ৰ তিনিটা বিকত কাণ তাল মাৰি যোৱা শব্দ| মোৰ বুকু কপি গ’ল আৰু ভয়ত চকু মুদি মাক সাৱতি ধৰিলোঁ| কেইমুহুৰ্ত মান পিছত শব্দ শুনিলোঁ ধৰ-ধৰ, পলাল, পলাল| লগে লগে চাৰিওফালে চিঞৰ আৰু কন্দোনৰ আৰম্ভণি| মুৰ তুলি ঘুৰি চায় দেখিলোঁ বৰদেউতা মাটিত শুই আছে| লগে লগে মোৰ দেউতা আৰু ডাঙৰ দাদা (বৰদেউতাৰ বৰ পুত্ৰ) উধাতু খাই দৌৰি আহিছে| তেওঁলোকে বৰদেউতাক ডাঙিলৈ তেওঁৰ শোৱনি কোঠালৈ লৈ গ’ল| ম’ই মাক সুধিলোঁ, “মা, বৰদেউতাৰ কি হৈছে, সেই মানুহ দুজন কোন আছিল, সেই ভয় লগা শব্দটো কিহৰ আছিল?” মায়ে একো নকলে আৰু দেউতাহতৰ পিছে পিছে বৰদেউতাৰ শোৱা কোঠাত সোমাল| ১০ মিনিট মানৰ ভিতৰত প্ৰায় গাৱৰ সকলো মানুহ গোট খাই গৈছিল| মোৰ মা কোঠাটোৰ ভিতৰত সোমায় গ’ল| ইতিমধ্যে সকলোৱে কান্দা আৰম্ভ কৰিছিল, মোৰ মায়েও কান্দিছিল আৰু মায়ে কন্দা দেখি ময়ো কন্দিছিলো| কোঠাটোৰ ভিতৰত দেখিলো বৰদেউতা তেওৰ বিছনা খনত শুই আছে আৰু তেওৰ বগা ৰংৰ বনিয়াটোত তিনিটা ৰঙা ৰংৰ দাগ| মাক ম’ই কিবা সোধাৰ আগতেই কোনোবাই পিছ্ফালে ফুচফুচাই কোৱা শুনিলোঁ, “ডাক্তৰক কোনোবাই গুলিয়াই হত্যা কৰিলে”|

 

আধৰুৱা স্মৃতি – ৪


কলেজ কণ্টিনৰ মেজখন ইমানকৈ লৰিছিল||
তাতে আকৌ সেইখনৰ ওপৰত ৰছিদহঁতৰ যিহে তবলা বাদন|
আলী খুৰাই কৈ কৈ ভাগৰি পৰিল|
তথাপি সিহতৰ তবলা বাদন বন্ধ কৰিব নোৱাৰিলে
মোৰ সদায় ভয় লাগিছিল তোমাৰ কাপোৰত চাহ পৰি যাব বুলি|
আদা দিয়া চাহ তাইও ভাল পাইছিল, ময়ো ভাল পাইছিলোঁ|
মোৰ কবিতাবোৰো ভাল পাইছিল তাই|
তাই মোক কৈছিল, তুমি বহুত অহংকাৰী|
তাৰ পিছ্ত আকৈ খিলখিলাই হাঁহিছিল|
জাৰৰ কুৱঁলিৰ দিনবোৰত তাইৰ হাঁহিবোৰ আৰু বেছি ধুনীয়া লাগিছিল|
শ্ৰেণী কোঠাত সদায় মোৰ কাষতে বহিছিল|
মই মানা কৰিছিলোঁ, তথাপি বহিছিল|
পুথিভঁৰালটো সদায় মোৰ লগতহে গৈছিল|
বুৰঞ্জীটো তাইৰ সকলোতকৈ বেছি পছন্দৰ বিষয় আছিলে|
ল’ৰাবোৰে তাইক নিজৰফালে আকৰ্ষিত কৰিবলৈ চিগা্ৰেটৰ ধোৱাৰ চকৰি বনাই উৰুৱাইছিল|
সদায় কলেজ ছুটিৰ পিছত তাইক চাবলৈ ভিৰ কৰিছিলহি কলেজ গেটৰ বাহিৰত|
তাই মোক সুধিছিল, ল’ৰাবোৰে ইমান চিগাৰেট কিয় খায়|
মই কওঁ সিহঁতৰ আৰু কেন্সাৰৰ মাজত হেঙাৰ হ’বলৈ মইনো কোন|
তাইৰ মনত কি আছে চেষ্টা কৰিও জানিব নোৱাৰিছিলোঁ|
কিন্তু মোৰ মনত কি আছে তাই সদায় কব পাৰিছিল, জানো কেনেকৈ?
মই তাইক কওঁ, কেতিয়াবা দীপাৱলীত দুয়োজনে একেলগে চাকি জ্বলাম|
আৰু কওঁ কেতিয়াবা তোমাক মোৰ লগত হয়্গ্ৰীৱলৈ লৈ যাম|
তাই কয় তাত থকা সৰু মন্দিৰটোত মনে মনে বিয়া হম আমি|
মই কওঁ তুমি জানানে মোৰ মায়ে তোমাক নিজৰ বোৱাৰী হিচাপে পায় কিমান আনন্দ পাব?
তোমাক কপালত সেই ৰঙা ফোটতিৰে বহুত সুন্দৰ লাগিব|
মায়েও বহুত ভাল পাব|
কলেজবোৰত ২০-২৫ বছৰ দিঘলীয়া পাঠ্যক্ৰম কিয় নাথাকে বাৰু?
দুয়ো একেলগে নামভৰ্তি কৰাই ল’ব পাৰিলোঁহেঁতেন|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক