আধৰুৱা স্মৃতি (প্ৰশান্ত ঋতু কাকতি)

আধৰুৱা স্মৃতি – ১২

প্ৰশান্ত ঋতু কাকতি

অফিচৰ পৰা আহি কোনোমতে ভাত কেইটা পেটত পেলাই লৰালৰিকৈ ষ্টেচনলৈ বুলি ঢাপলি মেলিলো। সৰু চহৰৰ ল’ৰা মই। সৰু চহৰখনলৈ বুলি ওলাইছো আজি বহুদিনৰ পিছত।
দিনটোৰ শেষৰ ৰেলখন কোনোমতে পালো। বহিবলৈ আসন নাই, তথাপি সৰু চহৰখনলৈ যোৱাৰ আনন্দই দিনটোৰ ভাগৰখিনি পাহৰাই পেলাইছে। মোৰ মৰমৰ সৰু চহৰখন, প্ৰথম জীৱন পোৱাৰ সৰু চহৰখন।
তোমাৰ ভালপোৱাৰ প্ৰথমজাক বৰুষুণত তিতাৰ সেই সৰু চহৰখন।
সৰু চহৰখন আজি আৰু সৰু হৈ থকা নাই।
কংক্ৰিতৰ বিশাল অট্টালিকাবোৰে যেন গ্ৰাস কৰিব ধৰিছে সকলো।
ৰাতিপুৱাৰ শেৱালীৰ গোন্ধ আতৰি ভাহি আহে বিভত্‍স দুৰ্গন্ধ।
ভালপোৱাৰ বৰষুণ নিদিয়ে তাত আজিকালি।
তাহানিৰ ভালপোৱাৰ বৰষুণ, ভালপোৱাৰ শীত, ভালপোৱাৰ বসন্ত নাহে সৰু চহৰখনলৈ।
মা-দেউতাৰ গালি খোৱা দিনবোৰ, ডেকা ছাৰৰ খংত চকু ৰঙা কৰি কোবাবলৈ চোছা লোৱা দিনবোৰ।
ভালদিন আছিল সেইবোৰ, জানো ক’ত হেৰাই গ’ল।
এতিয়া চাগে সৰু চহৰখনত ৰাসৰ প্ৰস্তুতি চলিছে পূৰ্ণগতিত।
মনত পৰে জানো তোমাৰ তেতিয়াৰ ৰাসৰ আনন্দস্মৃতিবোৰ?
যৌবনৰ দুৱাৰদলিত ভৰি থৈ ৰাসলীলাৰ আনন্দত আত্মহাৰা হৈ পৰা দিন।
প্ৰথম ভালপোৱাৰ পৰশ লগা তোমাৰ উন্মুক্ত বুকুৰ ভিতৰৰ খলকনি।
তিলতিলকৈ বুকুৰ মাজত বাঢ়ি অহা মৰম নদীৰ পাৰ ভাগি যাব বিচাৰে।
পাৰ ভাগি যাব বিচাৰে মাথো তোমাৰ মন সাগৰত বিলীন হ’বলৈ।
তুমি জানো বুজা নাছিলা তিৰবিৰাই থকা দুচকুৰ ভাষা?
শীতত কপি থকা দুটি ওঁঠৰ মৌনতা।
তোমাৰ চকুলৈ চাব ভয় লাগিছিল।
জানোছা ধৰা পৰি যায় মোৰ দুচকুৰ চঞ্চলতা।
আজি আৰু সেই উত্‍কণ্ঠা আনন্দ নাই।
আছে মাথোঁ নিষ্ঠুৰ বাস্তৱতা।
যন্ত্ৰৰে আৱৰা পৃথিৱীত যান্ত্ৰিক সকলো।
শেৱালীৰ সুবাস লোৱাৰ আজৰি আৰু আজি কৰোৰে নাই।
ভালপোৱাৰ মাদকতা বন্দী মাথোঁ ঘ্ড়ীৰ কাটাত।
বসন্তৰ ৰ’দালি নিয়ন্ত্ৰিত হয় শীত-তাপ নিয়ন্ত্ৰন যন্ত্ৰত।
সলনি জীৱন নদীৰ সকলো ঘাট, নাৱৰ নাৱৰীয়া, সহযাত্ৰী।
সলনি নহয় মাথোঁ মোৰ জীৱন সোতৰ গতি।
কেতিয়াবা ভাবো তোমাৰ দৰে ময়ো হৃদয়হীন হ’ব পৰা হ’লে…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments