আধৰুৱা স্মৃতি (প্ৰশান্ত ঋতু কাকতি)

(এদিন ৰাতিপুৱা আইতাক ক’লে মই গাড়ী বেচিব ওলাইছো।/এতিয়া ঋণৰ কিস্তি দিয়া অসম্ভৱ।/ আইতাই একো নক’লে, মাথোঁ চাদৰৰ আচলেৰে চকুলো মচিলে।)
ককাৰ গাড়ী, আইতাৰ আনন্দ, মালিকৰ শোষণ, আইতাৰ বিষাদ…স্মৃতিৰ সঁফুৰা মেলি কবি  প্ৰশান্ত ঋতু কাকতি কি ছবি আঁকিছে এবাৰ পঢ়ো আহকচোন—
 

আধৰুৱা স্মৃতি

প্ৰশান্ত ঋতু কাকতি

 

সৰু চহৰখনলৈ বুলি ওলাইছোঁ আজি।
মনটো কিছু গধুৰ যেন লাগিছে।
শুনিছোঁ আইতাৰ হেনো অসুখ বেছি হৈছে।
দেউতাৰ ফোনটো পোৱাৰে পৰা বিভিন্ন চিন্তাই মনটো আগুৰি ধৰিছে।
কিমান যে মৰমীয়াল আইতা…?
সদায় ৰাতিপুৱা গা-মূৰ ধুই ৩ কি:মি: আঁতৰৰ হৰগৌৰী মন্দিৰলৈ গৈছিল খোজকাঢ়ি।
সকলোৰে মংগলৰ বাবে ভগাৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল।
তাকে দেখি ককাদেউতাই আইতাক কৈছিল তোমাক মন্দিৰ যাবলৈ মটৰগাড়ী এখন কিনি দিম।
বচ আৰু কি! ককাদেউতাৰ কথামতেই কাম।
গাড়ী কিনিম বুলি কৈছে যেতিয়া কিনিবই।
এসপ্তাহ পিছতেই বেংকৰ পৰা ঋণ লৈ গাড়ী আনি আগফালৰ চোতালত থিয় কৰাইছিল।
বগা ৰঙৰ ফিয়েট গাড়ী।
ঘৰৰ সকলোৰে মনত উখল-মাখল লাগিল।
আটাইতকৈ বেছি আইতাৰ।
কাৰখানাৰ বৰাবাবু ককাদেউতা।
কাৰখানাৰ ৰেছিডেন্সিয়েল কলনিৰ প্ৰথম গাড়ী বৰাবাবুৰ।
বচ আৰু কি… লগৰীয়াৰ মাজত মোৰ ডিমাণ্ড বাঢ়ি গৈছিল।
আইতাৰো কষ্ট কম হৈ গ’ল।
ককাই সদায় ৰাতিপুৱা আইতাক গাড়ীত বহুৱাই মন্দিৰলৈ লৈ গৈছিল।
সেইটো যেন ককাৰ নিয়মিত কৰ্তব্য।
দিনবোৰ আনন্দৰে ভৰি পৰিছিল।
কিন্তু সেই আনন্দৰ পঁজাঘৰ জানো ক’ৰ পৰা এজাক বলিয়া বতাহ আহি উৰুৱাই লৈ গ’ল।
কাৰখানা বন্ধ হৈ গ’ল এদিন।
বৰ বিশেষ জনা নাছিলোঁ।
ডাঙৰৰ মুখত শুনিছিলোঁ মালিকে হেনো কাৰখানা বন্ধ কৰি দিছে।
যাৰ বাবে বহুত হুলস্থুল হ’ল।
কাৰখানাৰ কৰ্মচাৰীয়ে থানাত গোচৰ দিলে মালিকৰ বিৰুদ্ধে।
মালিকেও কৰ্মচাৰীৰ বিৰুদ্ধে।
গোচৰ গৈ কোৰ্ট পালে।
কাৰখানাৰ কৰ্মচাৰীৰ অৱস্থা বেয়াৰফালে ঢাল খালে।
সকলোৰে দুবেলা দুমুঠিৰ যোগাৰ কৰাটো কঠিন হৈ পৰিল।
ককাদেউতাৰ জমাৰ ধনেৰে আৰু দেউতাৰ সৰু চাকৰিটোৰে আমি যেনেতেনে চলি আছিলোঁ।
আইতা আৰু মায়ে যেনেকৈ যিমান পাৰে কলনিৰ মানুহবোৰক সহায় কৰিছিল।
শেষত ককাই সেই কঠোৰ সিদ্ধান্তটো ল’লে।
এদিন ৰাতিপুৱা আইতাক ক’লে মই গাড়ী বেচিব ওলাইছো।
এতিয়া ঋণৰ কিস্তি দিয়া অসম্ভৱ।
আইতাই একো নক’লে, মাথোঁ চাদৰৰ আচলেৰে চকুলো মচিলে।
আইতাই মন্দিৰলৈ যাবলৈ এৰি দিলে।
আইতাৰ দেহাও পৰি আহিল আৰু বিছনাখনকে সাৰথি কৰি ল’লে।
বহুত চিকিৎসা কৰা হ’ল, পৰীক্ষা কৰা হ’ল।
কিন্তু ক’তো একো বেমাৰ হ’লে ধৰা নপৰিল।
লাহে লাহে চিকিৎসা কৰিবলৈ এৰি দিলে সকলোৱে।
সুদীৰ্ঘ ৬টা বছৰ পাৰ হৈ গ’ল তেনেকৈ।
আইতাৰ হ’লে বেমাৰ ভাল ন’হল আৰু কোনেও ক’বও নোৱাৰিলে কি বেমাৰ হৈছে।
হঠাতে এদিন ৰাতিপুৱা ঘৰত হুৱা-দুৱা লাগিল।
মই তেতিয়া বিছনাত, সাৰ পাই ঘড়ীটোলৈ চালোঁ, ৭.৩০ বাজিছে।
বাহিৰলৈ ওলাই আহি মাক কি হৈছে সুধিলোঁ।
মায়ে ক’লে ৰাতিপুৱাৰে পৰা ককাদেউতা হেনো ঘৰত নাই।
আনদিনা ৰাতিপুৱা আগফালৰ বাৰাণ্ডাত বহি থাকে।
কিন্তু আজি নাই, কোনেও ক’তো দেখাও নাই।
দেউতা আৰু ওচৰ-চুবুৰীয়া দুজনমানে গোটেই কলনিখনত ককাক বিচাৰিলে।
কিন্তু কোনেও কতো ক’কাক দেখা নাপালে।
শেষত দেউতাই থানাত নিৰুদ্দেশৰ গোচৰ এটা দিবলৈ বুলি ক’কাৰ পুৰণি ফটো এখন পকেটত লৈ ওলাই গ’ল।
এঘণ্টামান পিছত দেউতা ঘূৰি আহি ক’কা আহি পাইছে নেকি সুধিলে।
মায়ে থোকা-থুকি মাতেৰে নাই বুলি ক’লে।
তেতিয়া আমি সকলো আইতাৰ বিছনাৰ ওচৰত বহি আছিলোঁ।
এনেতেই আগফালৰ চোতালত গাড়ী এখন ৰোৱা শব্দ শুনি দেউতা ওলাই আহিল।
বাহিৰত ককাৰ মাত শুনি আমিও লগে লগে বাহিৰলৈ ওলাই আহিলোঁ।
আটাইবোৰে ক’কাক ক’ত গৈছিল সুধিলোঁ।
ককাই কোনো উত্তৰ নিদিলে আৰু সকলোকে ৰৈ থাকিবলৈ ইংগিত দি ভিতৰলৈ সোমাই গ’ল।
অলপ সময় পিছত দেখিলোঁ ককাই আইতাক দুবাহুত ধৰি বাহিৰলৈ উলিয়াই আনিছে।
দেউতাৰফালে চাই ক’লে, কৰাখানাৰ গোচৰটোত আমি জিকিলোঁ।
আঠদিনমান আগতে টকা খিনিও পালোঁ।
আইতাক আগফালে ৰখাই থোৱা গাড়ীখনলৈ আঙুলিয়াই দেখুৱালে।
আৰু ক’লে, তোমাৰ পছন্দৰ বগা ৰঙৰ ফিয়েট গাড়ী।
ব’লা হৰগৌৰী মন্দিৰৰ পৰা আহোঁ….. 🙂

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments