আনছু – মনোজ কুমাৰ ডেকা

“পৃথিৱীত ওখ পাহাৰ-পৰ্বত থাকে। প্ৰশান্ত মহাসাগৰৰ দৰে গভীৰ সাগৰ থাকে। নৈ-নিজৰা থাকে, আমি পৃথিৱীৰ পাহাৰ-পৰ্বত বগাবলৈ যত্ন কৰোঁ। কথাষাৰ সিমানতেই সমাপ্ত নহয়। আচলতে আমি আমাৰ জীৱনৰ ওখ ওখ দুখৰ পাহাৰবোৰো বগাবলৈ, বগাই জয় কৰিবলৈ যত্ন কৰা উচিত।”- কথাষাৰ কৈ থকাৰ সময়ত কোঠাটো নীৰৱতাই হেঁচা মাৰি ধৰিছিল। কথাষাৰৰ সত্যতা অস্বীকাৰ কৰে কোনে? (নীৰৱতাই নীৰৱে কৈছিল, এয়াতো সঁচা কথা ভাই!)…কথাষাৰ কৈছিল ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ মহিলা পৰ্বতাৰোহী বাচেন্দ্ৰী পালে৷ বাচেন্দ্ৰী পালক লগ পাই, কথা শুনি ভাল লাগিছিল। কিন্তু তেতিয়া ভবা নাছিলোঁ বা মনলৈ অহা নাছিল যে এদিন আমাৰ নিজৰ ছোৱালীয়েও জীৱন জয় কৰিব, সুখৰ দুখৰ পৰ্বত বগাব, মাউণ্ট এভাৰেষ্ট’ত ভৰি থ’ব দহ দিনত দুবাৰ। ছোৱালীজনীৰ নাম আনছু জামচেনপা। অসমীৰ নুমলীয়া জী, অৰুণাছলৰ ছোৱালী আনছু। দেউতাক অসমৰ গহপুৰৰ, মাক অৰুণাচলৰ। আনছুৰ ভাষাত মাক আছিল ভীষণ উদ্যমী। সামাজিকভাবে সক্ৰিয়। কিবা এটা কৰিবলৈ মনক যি ধাৰাবাহিক উদগনি বা সকিয়নীৰ প্ৰয়োজন, আনছুৰ ভাষাত “সেয়া মাৰ পৰা পাইছিলোঁ।”

মাকৰদৰেই আনছু’ৱে কিবা এটা কৰিব বিছাৰিছিল। দুঃসাহসিক যিকোনো খেল বা কামৰ প্ৰতি আনছু সদায় আগৰণুৱা আছিল। ড্ৰাইভিং, বাইকিং সকলো কৰিছিল। আৰু এদিন আনছুক পাহাৰে মাতিলে, আনছুক ৰাখে কোনে! কাৰণ সেয়া আছিল বিশ্বজয়ৰ নিমন্ত্ৰণ।

আনছু ‘নিমা(NIMA)’লৈ গ’ল। তাত পৰ্বতাৰোহনৰ প্ৰাথমিক জ্ঞান লৈ আনছু গ’ল চিকিমলৈ। ইয়াত ৭০০০ফুট উচ্চতাৰ এটি শৃংগ জয় কৰাৰ লগে লগে আনছুই বিচাৰি পালে জীৱনৰ লক্ষ্য, উদ্দেশ্য। বিশ্ব জয়ৰ সপোনে চকুত ঘৰ পাতিলে।

মই আনছুক সুধিছিলোঁ,

“কি লাগে পৰ্বত বগাবলৈ? মই যদি বগাব বিচাৰোঁ?”

“মনোবল আৰু প্ৰচেষ্টা”, আনছুই উত্তৰ দিছিল।

 আনছুই কৈছিল যে মানুহৰ মৰমে তেওঁক মাথোঁ সন্মুখলৈ ঠেলিছিল। অথচ এক মুহূৰ্তৰ ভুলে কাঢ়ি নিব পাৰে প্ৰাণ। সকাৰাত্মক চিন্তাই মানুহক বিজয়ী কৰে। নঞৰ্থক চিন্তা মানেই পৰাজয়। সফল হ’বলৈ ধ্যানৰ প্ৰয়োজন।

এষাৰ কথা মই আনছুক নোসোধাকৈ থকা নাছিলোঁ।

মই সুধিছিলোঁ- “আনছু সফল পুৰুষৰ আঁৰত নাৰী থাকে। তোমাৰ আঁৰত?”

-আনছুই উত্তৰ দিছিল, “তেওঁ(স্বামী)মোক সমৰ্থন কৰে। কিন্তু মই সমৰ্থনৰ বাবে হাত পতা নাই। মই মোৰ কামেৰে মই সমৰ্থনৰ যোগ্যতাক প্ৰমাণ কৰিছিলোঁ। মই তেখেতক ব্যৱসায়ত সহায় কৰোঁ। আমাৰ গাড়ীৰ ব্যৱসায় আছে। গাড়ী দুৰ্ঘটনাত মই ৰাতি বাৰ বজাত তালৈ নামি গৈ কাম কৰিছোঁ, য’লৈ মানুহে দিনত নামিবলৈ ভয় কৰে।”

হিমালয় আনছুৰ প্ৰিয়। হিমালয়ে আনছুক আনন্দ দিয়ে। কিন্তু বিশ্বজয় কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা বন্ধুৰ স্মৃতিয়ে আনছুক আজিও দুখ দিয়ে।

আনছু বিশ্বৰ একমাত্ৰ মহিলা যিয়ে মাউণ্ট এভাৰেষ্ট’ পাঁচ বাৰ বিজয় কৰিছে।একমাত্ৰ মহিলা যিয়ে পাঁচ দিনত মাউণ্ট এভাৰেষ্ট দুবাৰ বিজয় কৰে। ইয়াৰ পূৰ্বে তেওঁ দহদিনত মাউণ্ট এভাৰেষ্ট দুবাৰ জয় কৰিছিল।

আছল নাম আনছু কলিতা। দুজনী ছোৱালী; পেচাং আৰু টেনজিন্। সিহঁতক নিজৰ লক্ষ্য নিজেই ঠিৰ কৰাটো বিচাৰে আনছু’ৱে। টেনজিনে হেনো প্ৰায়ে কয়- “তুমি পাঁচবাৰ বগালে মই ছয়বাৰ বগাম।”

আনছুক প্ৰথমবাৰ বিশ্বজয় কৰাৰ পৰা জানো। এইবাৰ ধেমালিতে সুধিছিলোঁ,

“আনছু, মেৰীকম’ৰ সন্তান তিনিটা, পূৰ্ণিমা’ৰ দুটা, তোমাৰ দুটা। হেৰি নহয়, দুই-তিনিটা সন্তান হোৱাৰ পিছত বিশ্বজয়ৰ সম্ভাৱনা বাঢ়ে নেকি?” আনছুই অকণ ৰৈ হোঁ-হোঁৱাই হাঁহি কৈছিল,

“সেইটোতো মই নাজানিম দেই!”

আনছুলৈ শুভকামনা থাকিল৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক