আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয়ৰ বাবে ইংৰাজী প্ৰয়োজনীয়: প্ৰতিম প্ৰতাপ বৰুৱা

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয়ৰ বাবে ইংৰাজী প্ৰয়োজনীয়

প্ৰতিম প্ৰতাপ বৰুৱা

অতি সম্প্ৰতি অসম চৰকাৰে ২০০০ খন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তই সকলোপক্ষৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু এইবিষয়ে বিভিন্ন ঠাইত যথেষ্ট আলোচনা কৰা হৈ গৈছে।

শিক্ষাৰ মাধ্যম জ্ঞান আহৰণৰ ক্ষেত্ৰত কোনো অন্তৰায় নহয় বুলি বিশ্বাস কৰিও আমি অসমৰ প্ৰেক্ষাপতত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ। আমিও বিশ্বাস কৰোঁ যে শিক্ষাজীৱনৰ আৰম্ভনি মাতৃভাষাৰ মাধ্যমেৰে হ’লেহে এজন শিশুৰ বাবে শিক্ষা আহৰণৰ প্ৰক্ৰিয়াটো সুষম হয়। অৱশ্যে “শিক্ষাজীৱনৰ আৰম্ভনি মাতৃভাষাৰ মাধ্যমেৰে” – এই ধাৰণাটো কিন্তু সকলোতে সমানে প্ৰযোজ্য নহয়। উদাহৰণ স্বৰূপে অসমৰ বাহিৰত ভাৰতৰ অথবা পৃথিৱীৰ আন যিকোনো ঠাইত বসৱাস কৰা অসমীয়া শিশু এটিয়ে মাতৃভাষাৰে স্কুলীয়া শিক্ষাজীৱনৰ আৰম্ভনি বা শেষ একোৱেই কৰিব নোৱাৰে।
শিক্ষাৰ মাধ্যম অসমীয়া ভাষা হওক – এই আলোচনা কৰোতে বিভিন্ন ঠাইত আমি বিভিন্নজনৰ এনে আবেগিক মন্তব্যৰো সন্মুখীন হৈছোঁ যে ইংৰাজী-হিন্দী ভাষাৰ কিহৰ প্ৰয়োজন? এবাৰ এজনে কৈছিল – সফলতাৰ বাবে ইংৰাজী ভাষাটো শুদ্ধকৈ জনাটো বিশেষ প্ৰয়োজন। সেই মন্তব্যৰ বাবে তেওঁক এচামে “সফলতা”ৰ সংজ্ঞা বিচাৰি চুই কিলাবলৈহে বাকী থৈছিল।
আমি “শিক্ষাৰ মাধ্যম” আৰু “ইংৰাজী ভাষা” – এই দুয়োটা বহুক্ষেত্ৰত একাকাৰ কৰি পেলাইছোঁ যেন লাগে। ইংৰাজী মাধ্যমত পঢ়িলেই এজন অসমীয়া শিক্ষাৰ্থীয়ে নিজৰ মাতৃভাষাটো এলাগী কৰিব বা নিজকে অসমীয়া বুলি চিনাকী দিবলৈ টান পাব সেই চিন্তা অমূলক। পৃথিৱীৰ য’তে বাস কৰিলেও, সলসলীয়াকৈ যি কোনো বিদেশী ভাষা ক’লেও এজন অসমীয়া মানুহে নিজকে আনৰ আগত সদায় অসমীয়া বুলিয়েই চিনাকী দিব। কাৰণ তেওঁৰ সেয়া জাতিগত চিনাকী আৰু সেই চিনাকীৰ বাদে আন চিনাকীৰে তেওঁ এখোজো আগবাঢ়িব নোৱাৰিব আৰু লগতে আন চিনাকীৰে তেওঁক কোনেও গ্ৰহণো নকৰিব। ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিস্থা কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰোঁতে আমি এটা কথাও ভাবি চাব লাগিব যে আজিকালি সৰহ সংখ্যক অভিভাৱকে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত নিজৰ সন্তানক নামভৰ্ত্তি কৰিবলৈ কিয় আগ্ৰহী নহয়। বেছিভাগ চৰকাৰী বিদ্যালয় কেনেকৈ চলে, সেই বিদ্যালয়সমূহত শিক্ষাৰ পৰিবেশ কেনেকুৱা, তাত ইংৰাজী ভাষাটো ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ শিকোৱা হয়, সমগ্ৰ অসমৰ কিমানখন চৰকাৰী বিদ্যালয়ত প্ৰকৃতাৰ্থত ইংৰাজী ভাষাৰ বিশেষজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আছে সেই বিষয়ে এটা ক্ষেত্ৰভিত্তিক অনুসন্ধান চলালেই প্ৰকৃত ছবিখন ওলাই পৰিব। এই ছবিখন উন্নত কৰিবলৈও আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব।
আমি আজি এটা কথা মানি লোৱা ভাল যে ইংৰাজী ভাষাটো আমাৰ বাবে এটা অতি প্ৰয়োজনীয় আৰু অপৰিহাৰ্য্য ভাষা। দৈনন্দিন ব্যৱহাৰিক জীৱনত ইংৰাজী ভাষাই আমাৰ লগত ইতিমধ্যে এটা এৰাব নোৱাৰা সম্পৰ্ক স্থাপন কৰিলে। ইংৰাজী ভাষা আমাৰ মাতৃভাষা নহয়, বা ই বিদেশী ভাষা ইত্যাদি বুলি অজুহাত দেখুৱাই ইংৰাজী ভাষাক এলাগী কৰিলে আমাৰ ক্ষতি হ’ব। বিভিন্ন অভিজ্ঞতাৰ পৰা আমি ইতিমধ্যে দেখিছোঁ যে এই কথাটো (ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তাটো) আমাৰ বহুতে নিজৰ ব্যক্তিগত জীৱনত মানি লৈছেই আৰু সেইমতে নিজৰ লগতে নিজৰ সন্তানকো ইংৰাজী ভাষাত বুৎপত্তি অৰ্জন কৰাবৰ বাবে বিভিন্ন উপায় অৱলম্বনো কৰিছে। কিন্তু ৰাজহুৱাকৈ এই কথাষাৰ মানি লবলৈ বহুতে অসুবিধা পায়। এজন মানুহে ব্যক্তিগত ভাৱে শুদ্ধ বুলি মানি লোৱা যিকোনো কথা ৰাজহুৱাকৈও শুদ্ধ বুলি মানি লব পৰাটো নিজৰ লগতে সমাজৰ বাবেও মংগলজনক।
বহুতে কয় পৰিস্থিতিয়ে বাধ্য কৰিলে এজন মানুহে বাধ্যত পৰি হলেও ইংৰাজী বা আন যিকোনো ভাষা শিকিব। এই কথাষাৰ কওতে আমি পাহৰি যাওঁ যে এটা বিশেষ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱাৰ পিছত বাধ্যত পৰি ইংৰাজী বা আন ভাষা এটা শিকিবলৈ গ’লে সেই পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ আমাৰ সুবিধাতকৈ অসুবিধা বেছি হ’ব। কিন্তু পৰিস্থিতিটোৱে দাবী কৰা ভাষাটো আগৰেপৰাই জনা থাকিলে আমি সেই পৰিস্থিতিটোৰ সন্মুখীন হওতে আনতকৈ পিছপৰি থাকিব লগা নহ’ব।
ভাৰতৰ চৰকাৰী ভাষা হিন্দী আৰু এই হিন্দী ভাষাটো আমাৰ বিদ্যালয়সমূহৰ কেইটামান শ্ৰেণীত বাধ্যতামূলকভাৱে পঢ়োৱা হয়। হিন্দী ভাষাটো ভালকৈ জনাটোও আমাৰ বাবে নিশ্চয় প্ৰয়োজনীয়। কাৰণ হিন্দী ভাষাটোৱে ভাৰতৰ বেছিভাগ প্ৰদেশৰ মাজত সংযোগী ভাষা হিচাপে ইতিমধ্যে প্ৰতিস্থা লাভ কৰিছে, যিদৰে ইংৰাজী ভাষাটোৱে পৃথিৱীৰ বেছিভাগ অঞ্চলৰ সংযোগী ভাষা হিচাপে প্ৰতিস্থা লাভ কৰিছে, অথৱা অসমৰ বিভিন্ন ভাষিক জনগোষ্ঠীৰ মাজত অসমীয়া ভাষাটো সংযোগী ভাষা হিচাপে প্ৰতিস্থিত হৈছে। এটা ভাষাক কোনোবাই জোৰ-জবৰদস্তি এটা অঞ্চলৰ বা এখন দেশৰ বা বহুকেইখন দেশৰ সংযোগী ভাষা হিচাপে ওপৰৰ পৰা জাপি দিব নোৱাৰে। কোনটো ভাষাই সংযোগী ভাষাৰ মৰ্য্যদা পাব সেইটো নিৰ্ভৰ কৰিব ভাষাটো ব্যৱহাৰ কৰা মানুহৰ সংখ্যা, ভাষাটোৰ ব্যৱহাৰ কৰিলে হ’ব পৰা সুবিধাসমূহ, ভাষাটোৰ সৰলতা, ভাষাটোৰ সামগ্ৰিক বিকাশৰ স্তৰ, বিস্তৃতি ইত্যাদি বিভিন্ন কাৰকৰ ওপৰত।
এটা কথা অস্বীকাৰ কৰি লাভ নাই যে হিন্দী ভাষাই সৰ্বভাৰতীয় হোৱাৰ পথ মুকলি কৰে আৰু ইংৰাজী ভাষাই আন্তৰ্জাতিক হোৱাৰ পথ মুকলি কৰে। এই ক্ষেত্ৰত ব্যতিক্ৰম হয়তো থাকিব পাৰে, কিন্তু সেয়া ব্যতিক্ৰমহে, নিয়ম নহয়। জুবিন গাৰ্গে হিন্দীত গীত গায়হে সৰ্বভাৰতীয় প্ৰতিস্থা পাইছে। ১৮৯৩ চনতে চিকাগো সন্মিলনত স্বামী বিবেকানন্দই আকৰ্ষণীয় ইংৰাজীত দিয়া বক্তৃতাক আজিও সমগ্ৰ পৃথিৱীতে শ্ৰদ্ধাৰে সোঁৱৰা হয়। ভাৰতক বাদ দি অসম অকলে থাকিব নোৱাৰে। আচলতে পৃথিৱীক বাদ দি অসম অকলে থাকিব নোৱাৰে। সৰ্বভাৰতীয় ক্ষেত্ৰসমূহত অসমীয়াৰ উপস্থিতি নগণ্য বুলি আমিয়েই হিয়া ঢাকুৰি থাকোঁ। ইংৰাজী আৰু হিন্দী ভাষাত বুৎপত্তি অবিহনে সৰ্বভাৰতীয় প্ৰেক্ষাপতত অসমীয়াই নিজকে প্ৰতিস্থা কৰিব পাৰিব জানো? আন্তৰ্জাতিক প্ৰেক্ষাপতৰ কথা সদ্যহতে পিছলৈ থলোঁ।
মাতৃভাষাৰ প্ৰয়োজনীয়াৰ কথা সম্পূৰ্ণৰূপে স্বীকাৰ কৰিও ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা কিমান সেই কথাটো আমি যুক্তিৰে ভাবি চাব লাগে। আমাক ইংৰাজী ভাষা শুদ্ধকৈ ক’ব আৰু লিখিব পৰা বহুত মানুহ লাগে। ইংৰাজী ভাষাৰ জ্ঞান আমাক সমাজত ষ্টেটাচ বঢ়াবৰ বাবে নালাগে, এই জ্ঞান আমাক আমাৰ কথাবোৰ আনক জনাবৰ বাবে লাগে। আৰু লগতে আনৰ কথাবোৰ নিজে বুজি অসমক জনাবৰ বাবে লাগে। আজিৰ ক্ষিপ্ৰ গতিত আগবাঢ়ি যোৱা পৃথিৱীখনত নিজকে পিছপৰি নোযোৱাকৈ ৰাখিবলৈ হ’লে যিখিনি জ্ঞান আৰু তথ্যৰ প্ৰয়োজন হয় সেয়া ইংৰাজী ভাষাৰ বাদে আন কোনো ভাৰতীয় ভাষাত পোৱা নাযায়।
অসমক সকলো ক্ষেত্ৰতে বঞ্চিত কৰা হৈছে, অসমক শোষণ কৰা হয় আদি অভিযোগ কৰি থকাতকৈ আমি নিজকে নিজে সোধা উচিত পৃথিৱীৰ মানচিত্ৰত অসমৰ স্থান ক’ত? অসমৰ অসংখ্য সমস্যাৰ ভিতৰৰে এটা প্ৰধান সমস্যা হৈছে আমাৰ কেইজনমান সফল ষ্টেট্‌চ্‌মেনৰ অভাৱ। ইংৰাজী ভাষাজ্ঞানৰ অভাৱ ইয়াৰ এটা অন্যতম কাৰণ যেন লাগে। আমি অসমৰ মানুহে পুনৰ এবাৰ নিজকে প্ৰশ্ন সুধিব লাগে যে শংকৰদেৱ, মাধৱদেৱ, চ্যুকাফা, চিলাৰায়, লাচিতৰ পৰা আৰম্ভ কৰি মিত্ৰদেৱ মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি-ৰাভা, মণিৰাম-পিয়লী, গমধৰ কোঁৱৰ, কনকলতা, হীৰেন ভট্টাচাৰ্য্য আদিক আমি অসমৰ ঠেক গণ্ডীতে কিয় আবদ্ধ কৰি ৰাখিলোঁ? এই সকল মনীষীক আজি পৃথিৱীয়ে কিয় চিনি নাপায়? ভূপেন হাজৰিকাৰ বাদে আজি সঁচা অৰ্থত এজনো অসমীয়া বিশ্বনাগৰিক কিয় নাই? পৃথিৱীৰ যিকোনো ঠাইতে স্বামী বিবেকানন্দৰ কথা আলোচনা কৰোতে কোনোবা অসমীয়াই শংকৰদেৱৰ কথা উল্লেখ কৰিলে আনে “হু ইজ শংকৰদেৱ” বুলি কিয় সোধে? ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ ওপৰত আলোচনা কৰিলে কোনোবাই “মণিৰাম-পিয়লী-কনকলতা? হু আৰ দে?” বুলি কিয় সোধে? কোনোবাই তেনেকৈ সুধিলে বুলি শুনিলে আমি কিয় বেয়া পাওঁ? আমি ব্যক্তিগতভাৱে বহুবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। শ্যেক্সপীয়েৰৰ নাটকসমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো ভাষাতে সাহিত্যৰ পাঠ্যক্ৰমত অন্তভূৰ্ক্ত। শংকৰদেৱ-মাধৱদেৱৰ ৰছনাসমূহ অসমীয়াৰ বাদে পৃথিৱীৰ আন কেইটা ভাষাত পোৱা যায় – এই প্ৰশ্নটোৰ উত্তৰ আমি নিজে নিজকে দি উঠি নিজকে ধিক্কাৰ দিয়া উচিত। শংকৰদেৱ-মাধৱদেৱ মাত্ৰ ধৰ্ম প্ৰচাৰকেই নহয়, তেওঁলোক একোজন সমাজ সংস্কাৰকো। শংকৰদেৱ-মাধৱদেৱৰ ৰচনাসমূহ আমি অসমীয়াই ধৰ্মৰ নামত অসমৰ ঠেক গণ্ডীতে আৰু কিমানদিন আৱদ্ধ কৰি ৰাখিম? সমগ্ৰ পৃথিৱীতে কেইবাটাও ভাষাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ “গীতাঞ্জলী”খন পঢ়িবলৈ পোৱা যায়, কিন্তু ৰঘূনাথ চৌধুৰী বা লক্ষ্মীনাথ বেজবৰুৱা বা হিৰুদাৰ কিতাপ ভাৰতৰ আন কেইটা ভাষাত পোৱা যায়? ৱিকিপিডিয়াৰ তথ্য মতে ৰবীন্দ্ৰনাথ ঠাকুৰে মূলত ইংৰাজীলৈ অনূদিত হোৱা “গীতাঞ্জলী”খনৰ বাবেহে সাহিত্যৰ নোবেল বটা পাইছিল আৰু সাহিত্যত নোবেল বটা পোৱা তেওঁ প্ৰথমজন অ-ইউৰোপীয়ান আছিল।
ব্যৱহাৰিক প্ৰয়োজনতে সকলো হয়। জাতি হিচাপে অসমীয়াই মূৰ দাঙি থাকিবলৈ হ’লে আৰু সৰ্বভাৰতীয় তথা আন্তৰ্জাতিক প্ৰেক্ষাপতত নিজৰ চিনাকী দিবলৈ হ’লে আমাক ইংৰাজী ভাষা লাগিবই। আৰু ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তাৰ কথা কওঁতে আমি যে মাতৃভাষাক তিলমানো হেয় কৰা নাই অথবা মাতৃভাষাৰ প্ৰয়োজনীয়তাক যে আমি তিলমানো অস্বীকাৰ কৰা নাই সেয়া দোহাৰিবৰ প্ৰয়োজন নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments