আন্ধাৰ আৰম্ভ হৈছেহে ( দেৱব্ৰত গগৈ )

Andhaar_Debabrot Gogoi

 

 

পৰীক্ষা চলি থকাৰ বাবে মণিমালা মোমায়েকৰ বিয়ালৈ নগ’ল৷ মাকে ৰাতি থাকিবলৈ কাষৰে বসুমতাৰীৰ ঘৰৰ ৰূপাক আনি ল’বলৈ ক’লে৷ দিনবোৰ তেতিয়া তেনেকুৱাই আছিল, আজিকালিৰ দৰে একেটা গলিৰে কাষৰ ঘৰৰ মানুহৰ উপাধিটো নজনা দিন নাছিল৷ ওচৰ-চুবুৰীয়া ল’ৰা-ছোৱালীবোৰে আবেলি পৰত একেলগে খেলিছিল, খাইছিল, মাকহঁতে মেল মাৰিছিল আৰু দেউতাকহঁতে সন্ধিয়া কাৰোবাৰ ঘৰত আড্ডা দিছিল৷ নিজৰ ছোৱালীজনী যিমান মৰমৰ, কাষৰ ঘৰৰ ছোৱালীজনীও সিমানেই আপোন আছিল৷ ৰূপা মণিমালাৰ লগত ৰাতিটো তাহাঁতৰ ঘৰতে থাকিব, মণিমালাই পঢ়িব আৰু ৰূপাই টিভিত বোমকেচ বস্কি চাব৷ পিছে আবেলি হোৱালৈকে কথাবোৰ সলনি হ’ল৷ ৰূপা মণিমালাৰ লগত থাকিব নালাগে, কাৰণ মণিমালাৰ পেহীয়েকৰ বৰজনাকৰ ল’ৰাটো হঠাত ওলালহি, ৰাতিটো হেনো তাহাঁতৰ ঘৰতে থাকিব৷ ল’ৰাটো মণিমালাতকৈ দুবছৰমান ডাঙৰ৷ এনেই ঘৰ যদিও উজনিৰ ফালে পিছে প্ৰায়ভাগ সময় গুৱাহাটীতে থাকে৷ কোনোবা এটা সংগঠনৰ হেনো ডাঙৰ লিডাৰ দীপক৷ মণিমালাহঁতৰ ঘৰখনলৈ প্ৰায়ে আহ-যাহ চলে৷ কেতিয়াবা মণি, তাইৰ ভনীয়েক, ওচৰৰ ৰূপাহঁতৰ লগত চিনেমা চাবলৈও যায়৷ তাহাঁতৰ চুবুৰীয়াটোৰ আটাইৰে চিনাকি দীপক৷ পেপাৰত কেতিয়াবা কেতিয়াবা দীপকহঁতৰ সংগঠনৰ শোভাযাত্ৰা ওলোৱা ফটো ওলায়৷ ৰূপাৰ মাকে চিঞৰি চিঞৰি দীপকৰ গুণ বখানি হাতত পেপাৰখন লৈ মণিহঁতৰ ঘৰ পায়হি৷ মাজে মাজে আৰ্মি অপাৰেশ্যনৰ সময়ত দীপক আৰু তাৰ লগৰ দুটামান মণিহঁতৰ চুবুৰীটোৰ ঘৰবোৰতে লুকাই আছিলহি৷ সেইটো দীপক আজি ৰাতি মণিমালাৰ ৰখীয়া হব যেতিয়া চিন্তা নাই৷ ৰূপাৰ মাকে ৰূপাক আহি লৈ গ’লহি — “ ব’ল ঘৰলৈ, ইয়াত থাকিলে তই টিভিহে চাই থাকিবি, মণিৰ পঢ়াত অশান্তি হব, অলপ দেৰিৰ পাছত তোমালোকে আমাৰ ঘৰত ভাত খাই যাবাহি” মাকে দীপকক আৰু মণিক মাতি গ’ল৷

“উঃ, পঢ়ি পঢ়ি আমনি লাগিছে, কিহে যে পাইছিল মেডিকেল পঢ়িবলৈ” বিৰক্তিত মণিয়ে ঘড়ীটোলৈ চালে, এক বাজিছে৷ টোপনিটোয়ে তাইৰ চকুৰ পটাতে বহি আছে৷

“ আধাঘণ্টা শুই লওঁ”৷ মণিয়ে লৈ থকা কম্বলখন ভালদৰে মেৰিয়াই বিছনাত বাগৰ দিলে৷ ………..

(2)

শীতৰ ৰাতিবোৰ যিমানেই গভীৰ হয়, মণিমালা সিমানেই শিঁয়ৰি উঠে৷ সদায়েই, আজিও৷ আই চি ইউত বেছি পেচেণ্ট নাই৷ থকাকেইজন নীৰৱে শুই আছে৷ নাৰ্চ দুগৰাকী ভাগৰতে কলমটিয়াইছে৷ ওৰ্ৱাড বয় দুটাই আঁতৰত আড্ডাত মছগুল৷ সহকৰ্মী ডাঃ ৰংপি অলপ ওলাই গৈছে৷ হয়তো বাহিৰত চিগাৰেট খাবগৈ৷ মণিও ওলাই গ’ল৷ পাঁচমহলীয়া চাদখনৰ বাহিৰত ভৰি দিয়া মাত্ৰকে মণিৰ গাটো এজাক চেঁচা বতাহে চুই গ’ল৷ কিয় জানো মণিৰ এই চেঁচাবোৰ ভাল নালাগে৷ সেই সিদিনাখনৰ পৰাই ভাল নালাগে৷ যিদিনাখন তাইৰ পঢ়ি পঢ়ি ভাগৰি যোৱা দেহাটোক এডাল বিষাক্ত সাপে হেঁচি ধৰিছিল৷ যিডাল বিষাক্ত সাপৰ নাম আছিল দীপক৷ শিল যেন চেঁচা দুখন হাতে তাইক হেঁচি ধৰিছিল৷ এটা বিকট চিঞৰ তাই মুখেৰে ওলাই গৈছিল —“ বসুমতাৰী খুৰী……………….”৷

  তাই বহুদেৰিলৈকে ৰূপাৰ মাকৰ বুকুত সোমাই কঁপি আছিল৷ বয়সীয়াল বসুমতাৰী খুৰীয়ে একো নুশুনাকৈয়ে, একো নুসুধাকৈয়ে সকলো বুজি পাইছিল৷ “ মা, কি হ’ল, কি হ’ল” বুলি দৌৰি অহা ৰূপাক কাষৰ পৰা আঁতৰাই পঠাইছিল৷ ই কুকুৰটো ক’ত আছে বুলি বান্দৰ খেদোৱা টাঙোনডাল লৈ তেওঁ ৰাতিখন ওলাই গৈছিল৷ কাষৰ দুঘৰমান মানুহো সাৰ পাইছিল ইতিমধ্যে৷

“চাল্লা পলাল, নেতা হ’বলৈ ওলাইছে, ঘৰৰ ছোৱালীজনীকো বাদ দিব পৰা নাই, ব’ল আমাৰ ঘৰত থাকিবি তই”৷ বসুমতাৰী খুৰীয়ে কথাবোৰ বাঢ়িবলৈ নিদিলে, চুবুৰীয়া আন কোনেও নিদিলে বঢ়াবলৈ৷ আমাৰ ছোৱালী, আমি ভালকৈ ৰখাম৷ কেৱল মণিমালাৰ মাকে ঘটনাটো গম পালে৷ কেনেকৈ ঘৰৰ মানুহেই ছোৱালীজনীক সৰ্বনাশ কৰিবলৈ ওলাইছিল৷ মাকে ইষ্ট দেৱতাক আকুলভাৱে প্ৰাৰ্থনা কৰে, ছোৱালীজনী বাচি যোৱাৰ বাবে৷

“ই দেখোন দীপক আজিকালি নহা হ’ল, আমাৰ ঘৰলৈ”৷ মণিৰ দেউতাকে মাজে মাজে কয়৷ ইয়াতকৈ বিশেষ একো নোলায় দীপকৰ কথা৷

  “……………..আৰু ই ইলেকচনত উঠিব, নেতা হ’ব, মিনিষ্টাৰ হ’ব, চীফ মিনিষ্টাৰ হ’ব চাল্লা …..” আজিকালি বসুমতাৰী খুৰীয়ে ব্যস্ত ৰাজনৈতিক নেতা দীপক হাজৰিকাৰ মুখখন টিভিত দেখিলেই, নিজৰ মুখখন থুৱাই দিয়াৰ দৰে ভংগী লয়৷

  আৰু মণিমালা? তাই চিকিত্সা সেৱাত ব্যস্ত, তথাপিও তাই চেঁচা হাত, চেঁচা বতাহবোৰ আজিও বেয়া পায়৷ গিৰীয়েক অভয়ে যেতিয়া কয় “ এই দীপক হাজৰিকাটো মিনিষ্টাৰ হ’লে খুব ভাল হ’ব, বৰ ডায়েনেমিক লীডাৰ বুজিছা, আচ্ছা এওঁ তোমালোকৰ কোনোবা ৰিলেটিভ বুলি শুনিছিলো, হয় নেকি? “

মণিমালাৰ নিৰুদ্বিগ্ন উত্তৰ, “ নহয়, আমাৰ দীপকটো কেতিয়াবাই মৰিল”৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments