আনৰ প্ৰেম জনমে জনমে, আৰু আমাৰ প্ৰেম একা? (ললিত চন্দ্ৰ বৰা)

চকু টানি নিয়া কলাফুল
জানো জানো, এইয়া যৌৱনৰে ভুল”

এই ফাগুনৰ যৌৱনৰ বতৰত অকবকে ধৰি গোটেই ভূ-মণ্ডল প্ৰেমত ঘুৰি আছে। কোনোবা যদি নাৰীৰ প্ৰেমত, কোনোবা আকৌ বাৰীৰ প্ৰেমত। কোনোবাই এইমাহৰ সাহিত্য.অৰ্গৰ আলোচনীৰ বাবে সম্পাদকে দিয়া বিষয়বস্তুৰ ওপৰত কবিতা, গল্প ৰচনা কৰিবলৈ প্ৰকৃতিৰ প্ৰেমত পৰিবলৈ নতুন কৈ আৰম্ভ কৰিছে। প্ৰেমৰ বাবে হেনো প্ৰকৃতিত বহুত কিবা কিবি পোৱা যায়। কোনোৱে আকৌ নদীৰ পাৰত বহি নদীৰ প্ৰেমত পৰি ৰচনা কৰিছে…

““তেৰি-মেৰি বৈ যোৱা তুমি মোৰ বুকুৰ মাজেৰে
তোমাৰ স’তে পাৰ কৰা মধুৰ মুহূৰ্ত সাঁচি ৰাখিম
(কবিতা লেখি থাকোঁতে পাৰ কৰা সময়)
প্ৰকৃত প্ৰেমিকৰ দৰে
হেৰুৱায়ো তোমাক, কামনা কৰিম
থাকা তুমি কুশলে…”

শব্দ-অভিধানৰ পিয়্নাৰ পৰা খীৰাই খীৰাই সৃষ্টি কৰিছে এটি প্ৰেমৰ কবিতা, এটা প্ৰেমৰ গল্প, প্ৰবন্ধ আৰু ক’ত যে কি…
প্ৰেমত নপৰাকৈ কোনোবা জানো আছে? হয় প্ৰেম কৰা নাযায়, পৰা যায়, সেয়ে পানীৰাম দাইটিয়ে এটুপি ধৰি আমাক সতৰ্ক কৰি দিছিল
“খালত পৰিলেও প্ৰেমত নপৰিবি বোপাই
এইটো বৰ বেয়া বস্তু কিন্তু…উঠি আহিবলৈ বৰ কষ্ট।

পিছে পানীৰাম দাইটিয়ে এটুপি ধৰি দিয়া ভাষণ শুনেহে কোনে? পৰিলো প্ৰেমত বাৰে বাৰে…

ক) তেতিয়া মধ্য-ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ। এজনী ফুটুকী-পখিলা আৰু মই। শান্তিৰ আগে পাছে ওম থাকি প্ৰেম কৰি সৃষ্টি কৰিলে “ওম শান্তি ওম” ।ইফালে আমাৰ নামৰ প্ৰথম বৰ্ণ লগ লগাই বন্ধু-বৰ্গই সৃষ্টি কৰিলে এল.এম.এল। এমৰ চাৰিও ফালে থাকিলোঁ এটা দুটা কৈ ডেৰ-এৱা বসন্ত, পিছে এল.এম.এলৰ প্ৰেম কাহিনী সৃষ্টিহে নহ’ল। মা-দেউতা, শিক্ষা-গুৰুৱে কান্ধত তুলি দিছিল সন্মান ৰক্ষা কৰাৰ গধুৰ ভাৰ। ভাৱিলোঁ প্ৰেমৰ ভাৰ ব’ব লাগিলে, সন্মান ৰক্ষাৰ ভাৰখন বব নোৱাৰিম। গতিকে মন থকা স্বত্বেও, দি দিলো পিঠি। বন্ধুৱে জোৰা দি কৰা ধেমালি বিলাক ধেমালি ভাৱে থাকি গ’ল। প্ৰৱেশিকা পৰীক্ষাৰ শেষৰ দিনটোৰ শেষ ক্ষণটিত কথাটি কওঁ বুলি মুখ মেলোঁতেই এটা মিচিকি হাঁহি মাৰি আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি পখিলা জনী উৰি গুচি গ’ল।

খ) নিৰস বিজ্ঞানৰ পৰা ৰস উলিয়াওঁতে উলিয়াওঁতে বিদ্যালয়ৰ ডেওনা পাৰ হৈ মহাবিদ্যালয়ৰ দুৱাৰত কেতিয়া টোকৰ মাৰিলো গমকে নাপালোঁ। পিছে ইয়াতো একে অৱস্থা, হোষ্টেল প্ৰেমত মৰ্জি থাকোঁতে নাৰীৰ প্ৰেমে হিয়াত জুই জ্বলাবই পৰা নাছিল। “মানুহে ভাঙে, ঈশ্বৰে গঢ়ে” বুলি ইংৰাজীত এষাৰ কথা আছে। “মায়াবিনী ৰাতিৰ বুকুত/দেখা পালো তোমাৰ ছবি/ধৰা দিলা গোপনে আহি হিয়াৰ কোণত |” – উচ্চতৰ মাধ্যমিকতে এৰি থৈ অহা প্ৰেমে উক দিলে বহুত দেৰিকৈ। ৰাতিৰ আকাশখন দেখিবলৈ শুৱনি হৈ পৰিল, জোন-তৰাই মোৰ সৈতে কথা পতা হ’ল। হাঁহি হাঁহি হেৰাই গ’লো হাজাৰ হাজাৰ তৰাৰ মাজত। অভিধানৰ পৰা ধাৰলৈ লৈ দুই এটা কবিতাৰ সৃষ্টি হ’ল। মোবাইলত ৰেট-কাটাৰ ভৰাই গজ-গজীয়া হওঁ নহওঁতেই আউল লাগিল। প্ৰেম নিবেদন কৰিব নৌ-পাওতেই ইতি পৰিল।

গ) কম্পিউটাৰৰ স্ক্ৰীণত বোলে একে থিৰে বহু সময় ধৰি চায় থাকিব নালাগে। পোন্ধৰ-বিশমিনিটৰ মূৰে মূৰে অলপ সময়ৰ কাৰণে দূৰলৈ চাই পঠিয়াব লাগে। সেয়ে কম্পিউটাৰৰ পৰা চকুযুৰিক অলপ ৰেহাই দিও বুলি মুৰ তুলি ইফালে-সিফালে চাও পাকে পাকে। কিন্তু নাকটোৰ পোনে পোনে চালে দেখোন চকুযুৰিৰ লগতে মনটোও ভাল লাগে। নীলাভ দুনয়ন পদুমৰ কলিৰ যেন, ঢৌ-খেলোৱা কেশ – যেন অহৰহ ফাগুণৰ মলয়া বৈ থাকে। চকুৱে ওঁঠে তাইৰ বিৰিঙি থাকে এটি ভুৱন ভুলোৱা হাঁহি। প্ৰয়োজনতকৈ লাহে লাহে চকু কেইটাক বেছিকৈ আৰাম দিয়া অভ্যাস এটা হৈ গ’ল। কেতিয়াবা কেতিয়াবা চাৰি চকুৰ মিলন হয়, কিন্তু এইয়া কি মনত দেখোন লাজ লাজ ভাৱে ভুমুকি মাৰেহি। কামত আউল লাগি যায়, দিনতে সপোন দেখিবলৈ আৰম্ভ কৰি দিও। যেন বাৰীৰ পাছফালে লুইতখন বোৱাই দিম, তাৰ পাৰতে তাজমহল সাজি আমি দুয়ো মিলি যাম নদীৰ ঢৌৰ লহৰে লহৰে। কৰ্মস্থলীখনৰ পৰিৱেশ আগতকৈ শুৱনি শুৱনি যেন লগা হ’ল। প্ৰেম হৈ গ’ল।
সোমবাৰ। অফিচৰ এটা মূৰে মই, প্ৰকৃতিৰ সুৰীয়া সুবাস লৈ আছো। আনটো মূৰে মৰুভূমিতো বসন্তৰ পলস পেলায় এখুজি-দুখুজি কৈ কোনোবা এগৰাকী আগবাঢ়ি আহি আছে লয়লাসে। হিন্দী চিনেমাৰ নায়কৰ দৰে মই ভাৱনাত বিভুৰ হৈ পৰিলো। তাই যেন মোৰ ফালেই মন্থৰ গতিৰে আগবাঢ়ি আহি আছে, মুখত এমোকোৰা মিচিকি হাঁহি, চকুযোৰে লৈ আহিছে পৃথিৱীৰ প্ৰেম। আকাশ-নীলা শাৰী, গোটেই দেহত ৰঙা-বগা পখিলা যেন সাইলাখ লখিমী। যেন এতিয়া আহি মোৰ দুবাহুত সোমাই পৰিব। ভালপোৱা নদীৰে আমি দুয়ো বৈ যাম। “টিঃইট” কৰি হঠাতে শব্দ হ’ল। হয় মোৰে কল্পনাৰ লখিমীজনীয়ে অফিচৰ ভিতৰলৈ সোমোৱাৰ বাবে দৰ্জাখন খুলিব ধৰিছে। কিন্তু ই কি…আজি দেখোন শিৰত সেন্দুৰ!!!

ঘ) তাই বৰ লাৱনী। লাহি-পাহি দেহৰ গঠন, গৌৰ-বৰ্ণ, পাঁচ-ফুট ছয়-ইঞ্চি ওখ। দীঘল চুলি-টাৰিৰে মাৰ্জিত পিন্ধন-উৰণ। প্ৰাণ-খুলি নাহাঁহিলেও মুখত এটা মিচিকিয়া হাঁহি ওলমি থাকে অনবৰতে। চকুযুৰিয়ে অহৰহ বৈ আহে প্ৰেমৰ নিজৰা, মোৰ তাতে ডুবি মৰিব মন যায়। তাই অহা বাটে দুবৰিয়ে দলিচা পাৰি দিয়ে, শেৱালি সৰে। এহাত দীঘল, মিহি পোন চুলি-টাৰি, কপালৰ সোঁফালে একোচাই চকুটো অলপ ঢাকি ৰাখে, প্ৰতিটো খোজতে কঁহুৱাৰ দৰে ৰিৱ-ৰিৱকৈ হালে-জালে। বাওঁফালে চুলিখিনি টানি নি কানৰ কাষেৰে বোৱাই দিছে, সেইফালৰ পৰা মুখখন ধুনীয়াকৈ দেখা পোৱা যায়, লগতে কাজল সনা চকুযুৰি। মোৰ আবেলি পাঁচ-বজাৰ কেন্টিন চাহৰ তাই বিশেষ আকৰ্ষণ। কাম-বন এৰি এপলক চোৱাৰ বাবে দৌৰি যাওঁ কেন্টিনলৈ। তাই বহা চাহৰ টেবুলৰ বিশেষ কোণত থকা টেবুলৰ পৰা আমাৰ দু-চকুৰ মিলন হয় হঠাৎ কেতিয়াবা। কেতিয়াবা লগ পাওঁ অহা-যোৱা বাটত, এপলকৰ বাবে মোৰ বুকুৱেদি বৈ যায় প্ৰেমৰ মিচিচিপি।
সিদিনা লিফ্টেৰে নামি যাওঁতে মনি-কাঞ্চনৰ মিলন ঘটিল। মই যেন হাততে সৰগ ঢুকি পালো, সুবিধা বুজি আলেঙে-আলেঙে মোৰ সৈতে তাইৰ উচ্চতাৰ জোখ লৈ পেলালোঁ। সকলো ঠিকেই আছে, পিছে উত্তৰ-পূৱৰ লগত দক্ষিণ ভাৰতৰ যোৰাহে পাভৰ যোৰা হয়নে নহয়? তাকে ভাৱি ভাৱি লিফ্টৰ পৰা নামিবৰ হ’ল। লগৰটোৱে মুখ টিপি হাঁহিলে। তাৰ পিছত তাই পাছে পাছে আমিও চাহখাবলৈ পোনালোঁ। হঠাতে লগৰটো আচৰিত হৈ মোক খোঁচ মাৰি দিলে। মই সপোনৰ পৰা সাৰ পাই সুধিলোঁ-
– কি হ’ল?
– ভৰিৰ আঙুলিলৈ চা।
মই বোলো তাই সৰগৰ পৰী | হাত-ভৰি কি কথা আছে, জোনবাইৰ দৰে মুখখন থাকোঁতে, লাহি-পাহি দেহটো থাকোঁতে তোৰ শেষত গৈ ভৰিতহে চকু পৰিল নে?
– আৰে, ভৰিৰ নখত আঙুঠি দেখিছনে নাই ?
– ভৰিৰ নখত আঙুঠি !!! হে প্ৰভু ক’তে পৰি মৰো মই। তাৰ মানে ইতিমধ্যে কোনোবাই…???
মোৰ মুখৰ ৰঙ সলনি হৈ গ’ল। হামখুৰি খাই পৰা মানুহৰ দৰে অৱস্থা, বিনা মেঘে যেন বজ্ৰপাত পৰিল। হিয়াৰ কোনোবা এটা চুকত যেন কোনোবাই কোঠাৰে আঘাতহে হানিলে, কলিজাখন থান-বান হৈ গ’ল মোৰ। হ’ল বুলিয়ে নো কিমান এনেকুৱা ইমচনেল অত্যাচাৰ সহ্য কৰিব। এবাৰ নহয়, দুবাৰ নহয়…বাৰে বাৰে…লগৰটোৱে মোৰ মানসিক অৱস্থা বুজিব পাৰি লাহেকৈ মাত লগালে…
– কিন্তু তাই ফেশ্বনৰ বাবেও পিন্ধিব পাৰে…
– সঁচা ?????

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments