আন এটি প্ৰশ্ন: খগেশ সেন ডেকা

মহাপুৰুষজনাই “কীৰ্তন”-ৰ ‘চতুৰ্ৱিংশতি অৱতাৰ’ অধ্যায়ত লিখি থৈ গৈছে—
“বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন৷
বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন৷ ৷”
অৰ্থাৎ, ভগৱানে বুদ্ধৰ ৰূপ ধৰি বেদৰ দ্বাৰা নিৰ্ধাৰিত পথ নস্যাৎ কৰি সৰ্ব সাধাৰণক ‘বামানয়’ শাস্ত্ৰেৰে মোহিত কৰিছিল৷ এতিয়া প্ৰশ্নটো হ’ল ‘বামানয়’ কেনে ধৰণৰ শাস্ত্ৰ?
মন কৰিবলগীয়া যে, একেখন পুথিৰ ‘প্ৰহ্লাদ চৰিত’ খণ্ডত দৈত্যৰাজ হিৰণ্যকশিপুৱে নিজ পুত্ৰ প্ৰহ্লাদক দৈত্যশাস্ত্ৰ ‘বামানয়’-ৰ শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ ষণ্ড আৰু অমৰ্ক (একেলগে ষণ্ডামৰ্ক) নামৰ দৈত্যকুলৰ দুগৰাকী শিক্ষাগুৰুক দায়িত্ব দিয়াৰ উল্লেখ আছে৷ প্ৰহ্লাদে যেনিবা সেই শাস্ত্ৰত মনযোগ নিদি লগৰীয়াসকলক লৈ হৰিভক্তিত মনোনিৱেশ কৰিছিল৷ তাৰ বাবে তেওঁ পিতৃৰ অকথ্য শাৰীৰিক নিৰ্যাতনৰো সমুখীন হ’বলগীয়া হৈছিল; পৰ্বতৰ ওপৰৰ পেলাই দিছিল, জুইত জাপি দিছিল ইত্যাদি ইত্যাদি৷ এতিয়া প্ৰশ্ন হয়—বুদ্ধ প্ৰৱৰ্তিত ‘বামানয়’ আৰু দৈত্যকুলৰ ‘বামানয়’ একেখন শাস্ত্ৰ নেকি?
সকলোৱে জনা কথা বুদ্ধই বৈদিক পৰম্পৰাৰ বিৰুদ্ধে গৈ ইহ জীৱনতে সজ আচৰণ আৰু পৰিশীলিত জীৱন-চৰ্যাৰে নিৰ্বাণ লাভ কৰিব পাৰি বুলি সিদ্ধান্ত দিছিল৷ তেওঁ ঈশ্বৰৰ অস্তিত্বৰ প্ৰশ্নটোক অৱান্তৰ জ্ঞান কৰিছিল৷ পাৰলৌকিক ধ্যান-ধাৰণাৰ সলনি ইহ জীৱনতে ক্ষমা, দয়া, সত্য, অহিংসা আদি সজ গুণেৰে মানুহৰ মুক্তি সম্ভৱ বুলি তেওঁ কৰা ঘোষণাই তৎকালীনভাৱে এই মতবাদক যে অতিশয় জনপ্ৰিয় কৰি তুলিছিল তাত সন্দেহৰ অৱকাশ নাই৷ এই বৌদ্ধমতবাদেই ‘বামানয় শাস্ত্ৰ’ নেকি?
কীৰ্তনত উল্লেখ থকা মতে হিৰণ্যকশিপুক ভগৱানে নৰসিংহৰ ৰূপ ধৰি বুকু চিৰি সংহাৰ কৰিছিল—
“আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ৷
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ৷ ৷”
পুথিখনৰ মতে নৰসিংহ বিষ্ণুৰ তৃতীয় অৱতাৰ৷ আনহাতে দশাৱতাৰৰ প্ৰসংগত বুদ্ধৰ স্থান নৱমত৷ তৃতীয়ৰ পৰা নৱমলৈ বহু দূৰ বাট, এক বিস্তৃত সময়ৰ ব্যৱধান৷ বামানয় শাস্ত্ৰ হিৰণ্যকশিপুৰ সময়ৰে পৰা বুদ্ধ পৰ্যন্ত মানুহৰ মাজত চলি আহিছিল নেকি? কাৰণ শাস্ত্ৰ এখন প্ৰৱৰ্তি থাকিবলৈ মানুহৰ প্ৰয়োজন৷ নহ’লে কিহৰ মাধ্যমেৰে সি কাল গৰকি নিজৰ অস্তিত্ব বজাই ৰাখিব৷
এইখিনিতে মনত উদয় হোৱা প্ৰশ্নবোৰৰ আন কেতবোৰ দিশ পৰীক্ষা কৰি চোৱা উচিত হ’ব৷ ভাৰতীয় দৰ্শন-পৰম্পৰাৰ মুঠ নটা ভাগ পোৱা যায়৷ সেইবোৰ এনে ধৰণৰ: (১) সাংখ্য, (২) যোগ, (৩) পূৰ্ব মিমাংসা (৪) উত্তৰ মিমাংসা বা বেদান্ত, (৫) ন্যায় (৬) বৈশেষিক, (৭) বৌদ্ধ (৮) জৈন আৰু (৯) চাৰ্বাক৷ ইয়াৰে প্ৰথম ছয়খনক (ষড় দৰ্শন) আস্তিক (বেদৰ সমৰ্থক) আৰু শেষৰ তিনিখনক নাস্তিক (বেদ বিৰোধী) আখ্যা দিয়া হৈছে৷ নাস্তিক দৰ্শনকেইখনৰ ভিতৰত জৈন মতবাদে বৈদিক পৰম্পৰাৰ সৈতে কিছু আপোচ কৰি চলিছিল৷ আনহাতে বৌদ্ধমত আছিল এই ক্ষেত্ৰত অতিকে কঠোৰ৷ এনে কঠোৰতা বা আপোচহীনতাৰ বাবে আৰু সমসাময়িক কালছোৱাত এই মতবাদে গণভিত্তি লাভ কৰা বাবেই বুদ্ধক নৱম অৱতাৰৰূপে স্বীকৃতি দি তেওঁৰ ধ্যান-ধাৰণাক মষিমূৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হ’ল নেকি? কাৰণ অতীতৰে পৰা বৰ্তমান পৰ্যন্ত ভাৰতবৰ্ষত মানুহক ঈশ্বৰৰ ৰূপ দিয়া বৰ উজুৰূপে পৰিগণিত হৈ আহিছে৷ (OMG-লৈ মনত পৰে)৷
এই প্ৰসংগতে জড়বাদী চাৰ্বাক দৰ্শনৰ কথাও বিবেচনালৈ আনিব পাৰি৷ সম্পূৰ্ণ ব্যক্তিকেন্দ্ৰিক এই দৰ্শন-চিন্তা বেদৰ উদ্ভৱৰ সময়ৰে পৰা সমান্তৰালভাৱে চলি অহা বুলি জনা যায়৷ চাৰ্বাকসকলৰ চিন্তাত ঈশ্বৰৰ অস্তিত্ব দূৰৰে কথা ন্যূনতম ত্যাগৰ মনোভাৱো পাবলৈ নাই৷ “যাৱৎ জীৱেৎ সুখং জীৱেৎ ঋণং কৃত্বা ঘৃতং পিৱেৎ” নীতিয়েই এই দৰ্শনৰ মূল ভেঁটি৷ ইহলোকত থকা দিনকেইটা সুখেৰে কটোৱাৰ চিন্তাৰ বাহিৰে সামাজিক দিশত এই দৰ্শনৰ বৰঙনি শূন্যপ্ৰায়৷ অৱশ্যে এই দৰ্শন আছিল বৈদিক পৰম্পৰাৰ সম্পূৰ্ণ বিৰোধী৷ ইয়াৰ প্ৰৱক্তাসকলে যজ্ঞাদিত পশু আহুতি দিয়াৰ প্ৰচণ্ড বিৰোধিতা কৰি কৈছিল, যিসকলে পুণ্য অৰ্জনৰ বাবে নিৰীহ জীৱ বলি দিয়ে, তেওঁলোকে নিজৰ সন্তানক আহুতি নিদিয়ে কিয়? তেতিয়া অধিক পুণ্য অৰ্জন কৰিব পাৰিব! মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ শেষত যুধিষ্ঠিৰে হস্তিনাপুৰৰ সিংহাসনত আৰোহণ কৰাৰ আগমুহূৰ্তত চাৰ্বাক দৈত্যক বধ কৰাৰ এটা কাহিনী আছে৷ প্ৰশ্ন হয়, পাণ্ডৱগণে হত্যা কৰা সেই চাৰ্বাকজন জড়বাদীসকলৰে এজন নেকি? সি যি কি নহওক, ঐহিক সুখভোগকে একমাত্ৰ বুলি ঘোষণা কৰা জড়বাদী চাৰ্বাকসকলেও বহু পলমকৈ হ’লেও এটা সময়ত ভাৰতবৰ্ষত নিজৰ অস্তিত্ব সদম্ভে ঘোষণা কৰিব পাৰিছিল৷ অৰ্থাৎ, এই দৰ্শনেও এটা সময়ত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ সেয়া আনুমাণিক খ্ৰীঃ একাদশ—ত্ৰয়োদশ শতিকাৰ কথা৷ বাৎসায়ন, বৃহস্পতি, অজিত কেশকম্বলীয়ে এই দৰ্শনক জনপ্ৰিয় কৰি তোলাত বিশেষ ভূমিকা লৈছিল৷ সকলোৱে আদৰি লোৱা বাৎসায়নৰ “কামসূত্ৰ” তাৰ উল্লেখযোগ্য উদাহৰণ৷ সেই কালৰ খাজুৰাহো, অজন্তা-ইলোৰা, কোণাৰ্কৰ সূৰ্য মন্দিৰ, মদন কামদেৱ আদিত খোদিত কাম-কলাকে ধৰি ঐহিক জীৱনৰ সৈতে সম্পৰ্কিত বিভিন্ন ভাস্কৰ্য শিল্পয়ো তাৰ প্ৰমাণ দাঙি ধৰে৷
হিৰণ্যকশিপুকে ধৰি তথাকথিত দৈত্যকুলে পৃষ্ঠপোষকতা কৰা বামানয় শাস্ত্ৰ তেনেহ’লে চাৰ্বাক দৰ্শন নেকি? বুদ্ধই চাৰ্বাকসকলৰ ভোগবাদী চিন্তাৰ বিপৰীতে ত্যাগ আৰু অহিংসাৰ আদৰ্শ দাঙি ধৰিছিল৷ সেয়ে হ’লেও, এই দুই চিন্তাধাৰাৰ এটা কথাত সাদৃশ্য লক্ষ্য কৰা যায়, সেয়া হ’ল দুয়োটা ধাৰা ইহলোকমুখী আৰু নিৰীশ্বৰবাদী৷ সেইবাবে বুদ্ধকো “বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন” বুলি মাৰ্কা মৰা হ’ল নেকি?
মুঠতে সকলো খেলি-মেলি৷ আশাকৰোঁ বিদ্বৎজনে আমি কৰা প্ৰশ্নবোৰৰ সঠিক উত্তৰ দি আমাৰ সন্দেহ নিৰসনত সহায় কৰিব৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
গৌতম
1 year ago

পঢ়ি ভাল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক