আপদীয়া পদ্য (সত্যকাম দত্ত)

আপদীয়া পদ্য – সঃ দঃ (১)

মৰম নদীৰ গাভৰু ঘাটত মাছ মাৰিবলৈ গৈ,
কোমল মাটিত পিচলি পৰি ৰতনৰ বিলৈ,
না জোনবাই না জানমনি,
ভাগত সদায় গেলা কণি,
দাং-বৰলা ভালৰ ফল ভাগ্যৰ বেদীত থৈ |

আপদীয়া পদ্য – সঃ দঃ (২)

নাপায় কৰিব ইমান মৰম হিয়াত নাই ঠাই,
যিমান এক্সত্ৰা মৰম দিছা বাগৰি ওলাই যায়,
চেফটি ভাল্ভ ফিউজ হ’ল,
বেন্দেজ মাৰিও নৰ’ল,
লিক কৰা মৰমেৰে চাৰিটামান ল’লাই গোটাই |

আপদীয়া পদ্য – সঃ দঃ (৩)

অসম দেশৰ বিষম কথা গঁড়ৰ খড়গ এটা,
কাটি কুটি কৰিলে খাস্তাং হাবি-বন-লতা,
লুকাবলৈ নাই ঠাই,
চিকাৰীয়ে কৰে হায়,
অখিলে কাজিৰঙাত বিচাৰে গঁড়ৰ বাবে পট্টা |

আপদীয়া পদ্য – সঃ দঃ (৪)

নাম এওঁৰ হিমজ্যোতি চেনেহৰ এনাজৰী গাঁঠে,
জ্যোতি-বিষ্ণু-ভুপেনদাৰ স্মৃতিৰ উত্সৱ পাতে,
কলমৰ চোকা ধাৰ,
আমঠু ৰমণীৰ হিয়াৰ,
ম’ষ্ট এলিজিবল বেচেলৰৰ আসন দিয়ে আথে বেথে |

আপদীয়া পদ্য – সঃ দঃ (৫)

গজগজীয়া চফল ডেকা ইবু সঞ্জীৱ গাৰ্গ,
আঞ্চলিকতাবাদেৰে লয় গুৱেভাৰিয় মাৰ্গ,
কথাই পতি জয় আই অসম,
নিদিলে যেন বলে কাঢ়ি লম,
তাৰ প’ষ্ট দেখিলে হয় দিল বাগ বাগ |

আপদীয়া পদ্য – সঃ দঃ (৬)

মাকে মাতে পাপুকন বুলি ভাস্কৰ আচল নাম,
হাই-উৰুমি কৰি ভাৱে ৰমণীৰ মৰম পাম,
হাই কামাণ্ড শিলৰ ৰেখা,
পোষ্টবোৰ সদায় বেকা,
তীৰ্থযাত্ৰাৰ গন্তব্যস্থান প্ৰায়ে গান্ধীধাম |

আপদীয়া পদ্য – সঃ দঃ (৭)

ব’হাগৰ বিহুতকৈয়ো চেনেহৰ আমাৰ বুলজিত দা,
ইমেজ বনাই প’ষ্ট কৰি কৰে সকলোৰে সুবিধা,
অসমৰ খবৰ বেদৰ বাণী,
ইমেইল কৰে কেবা লানি,
বিদেশতো জনাজাত তেওঁৰ অসমপ্ৰীতিৰ গাঁথা |

সংশ্লিষ্ট ৰাইজলৈ ক্ষমা প্ৰাৰ্থনাৰে –

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments