আপুনি পানীপুৰি খায় নে? ………….(-অঞ্জল বৰা )

নিজে শেষবাৰ কেতিয়া পানীপুৰি খাইছিলোঁ মনত নাই৷ হয়তো জীৱনত দুবাৰ নে এবাৰ খোৱা মনত আছে৷ বস্তুবিধৰ সোৱাদটো বৰ এটা বেয়া নহয়৷ গৰমত ডিঙিত পৰিলে গোটেই গাটো সাঁত পৰি যোৱাৰ দৰে লাগে৷ কিন্তু কিয় জানো তাৰ প্ৰতি মই কেতিয়াও কোনো আকৰ্ষণ অনুভৱ কৰা নাই৷ ইয়াৰ অন্তৰালত বহু কথাই মোৰ মনটোক সদায় বাধা দি আহিছে৷ চিটী বাছত অহাযোৱা কৰোঁতে বা বাছস্থানসমূহত ৰৈ থাকোঁতে মই প্ৰায়ে অস্থায়ী ‘পানীপুৰিৱালা’বিলাকৰ কাৰ্যবিলাক লক্ষ্য কৰোঁ৷ বহু ঠাইত স্থায়ী পানীপুৰিৰ দোকান আছে যদিও অস্থায়ী পানীপুৰিৰ দোকানৰ সংখ্যাই সকলো ঠাইতে বেছি৷ সেইয়া লাগিলে আমাৰ গুৱাহাটীৰ পাণবজাৰৰ এটা কোণত থকা পানীপুৰিৰ দোকানেই হওক বা ইন্দোৰৰ দোকানেই হওক সকলোতে একেই৷ বহুদিন বহু ঠাইত লক্ষ্য কৰাৰ পিছত দেখা পোৱা কেইটামান দৃশ্য হ’ল-

(১) পানীপুৰি প্ৰস্তুত কৰা পানীপুৰিৱালাজনে অতি লেতেৰা আৰু অপৰিষ্কাৰ হাতেৰে পানীপুৰি প্ৰস্তুত কৰে৷ যেনে-
(ক) এদিন দেখিলোঁ পানীপুৰিৱালাই তেওঁৰ সোঁহাতৰ এটা আঙুলি নাকত সুমুৱাই ভিতৰৰ পদাৰ্থবিলাক হাতলৈ লৈ ঠেলাখনৰ তলৰ খুটা এটাতে সানি দিছে আৰু অকণমান পানীলৈ মাথো হাতখন তিয়াইছে৷ (বহু সময়ত এনেদৰেই থাকে)৷ আৰু সেইখন হাতেৰেই পুৰিৰ পানীত হাত জুবুৰিয়াই জুবুৰিয়াই গ্ৰাহকক পানীপুৰি দিছে৷

(খ) আন এদিন দেখিলোঁ পানীপুৰিৱালাই লগৰ এজনক দোকানখন চাবলৈ দি অলপ দূৰত সৰুপানী চুবলৈ গৈছে৷ ঘুৰি আহি গ্ৰাহকক খাবলৈ দিয়া পানীৰেই হাতখন তিয়াই নিজৰ মলিয়ন কাপোৰখনতে হাতখন মুচিছে৷ তাৰপিছত সেইখন হাতেৰেই পুৰিৰ পানীত হাত জুবুৰিয়াই জুবুৰিয়াই গ্ৰাহকক পানীপুৰি দিছে৷

(গ) কেতিয়াবা দেখা যায়, মহ-ডাহৰ দিনত হাতেৰে দিনটো মহ-ডাহ মাৰি থাকে৷ কিন্তু কিমানবাৰ হাত তিয়াই সেইয়া মই দেখা নাই৷ কিন্তু হাতৰ সেই লেতেৰা পদাৰ্থযে পুৰিৰ পানীত মিলি আমাৰ মুখেৰে পেটত পৰিছেগৈ সেইটো নিশ্চিত৷

(২) পানী পুৰিৰ বাবে প্ৰস্তুত কৰা আলু-মছলাৰ পিটিকাখিনিৰ নিৰ্মান কাৰ্য দেখিলে চকু কপালত উঠে৷ সেইখন হাতেৰেই দিনটো তাক ফেনেকি থাকে৷ ডাঠ হ’লে আকৌ অকণ পানী দি ফেনেকি ফেনেকি কোমল কৰে৷ তাৰে অকণ হাতেৰেই লৈ পুৰীটোৰ ভিতৰত ভৰাই পানীৰ পাত্ৰটোত জুবুৰিয়াই গ্ৰাহকক দিয়ে৷

(৩) পানীপুৰিৰ বাবে প্ৰয়োজন হোৱা পুৰিবিলাকো অতি লেতেৰা ঠাইত ৰখা হয়৷ এনে পানীপুৰিৱালাবিলাক সততে বাস কৰে কিছুমান অপৰিষ্কাৰ গলিৰ দৰে ঠাইত৷ (কাৰণ ব্যৱসায়টো কম খৰচত কৰিব পাৰি)৷ কেতিয়াবা এনে কিছুমান গলিত কিবা কাৰণত যাব লগা হ’লেই পুৰিবিলাকক পলিথিন এটা ভৰাই বান্ধি থোৱা দেখা পাওঁ৷ নিৰ্মাণ কাৰ্যটো কেনেদৰে ক’ত হয় দেখা নাই৷ কিন্তু অনুমান কৰিব পাৰিছোঁ৷

ওপৰৰ নিৰীক্ষণৰ পিছত মই পানীপুৰিৰ পিনে কোনো দিনেই মন কৰা নাই৷ কিন্তু দেখা পাওঁ বহু ধুনীয়া ধুনীয়া সাজ-সজ্জা কৰা ল’ৰা-ছোৱালীয়েও (কিন্তু বস্তুবিধ ছোৱালীৰ বেছি পছন্দৰ যেন লাগে) হাতত এটা পাত্ৰ লৈ এনে পানীপুৰিৰ দোকানত শাৰী পাতে৷ পানীপুৰিৱালাজনে আলুৰ পিটিকাকন পুৰিৰ ভিতৰত ৰাখি পানীৰ পাত্ৰটোত পুৰিটোৰ সৈতে হাতখন ভৰাই যেতিয়া গ্ৰাহকৰ পাত্ৰটোত তুলি দিয়ে আৰু গ্ৰাহকে গোটে গোটে মুখত ভৰাই মহা তৃপ্তিৰে পৰিৱেশন কৰে তেতিয়া মোৰ মনলৈ আহে – অলপ আগতে সেইখন হাতেৰেই নাকৰ ভিতৰৰ পদাৰ্থকন বাহিৰ কৰা, সৰুপানী চুই অহা বা তেজখাই ৰঙা হোৱা মহটোক একে টেপাতে বধ কৰাৰ দৰে কিছুমান দৃশ্য৷ লগে লগে পানীপুৰিৰ টেঙা টেঙা সোৱাদটো যেন মোৰ মনত আৰু বেছি টেঙা হৈ পৰে৷
(বহু ঠাইত পৰিষ্কাৰভাৱেও গ্ৰাহকক দিয়া দেখা যায়৷ এই লেখাৰ দ্বাৰা সকলো পানীপুৰিৱালাকে একেকীকৰণ কৰা হোৱা নাই৷)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক