"আপেক্ষিক" (বৈকুণ্ঠ এম.জে.শইকীয়া)

(আইনষ্টাইৰ আপেক্ষিকতাবাদৰ সূত্ৰক আধাৰ কৰি লিখা এটি মনোবৈজ্ঞানিক কবিতা৷)

সকলো আপেক্ষিক।

মোৰ সাপেক্ষে

তুমি আপেক্ষিক

তোমাৰ সাপেক্ষে মই।

তোমাৰ চিন্তা

তোমাৰ বিচাৰ

তোমাৰ সুখ

তোমাৰ দুখ

আপেক্ষিক৷

সেয়ে যেতিয়া মিলিত হওঁ………

ভাৱনাৰ

আদান প্ৰদান কৰোঁ,

কেতিয়াবা…

একে ধৰ্মী চিন্তাই

মনৰ লব্ধ গতি

মন্থৰ কৰে,

আৰু যেতিয়া

চিন্তাবোৰ বিপৰীত

ধৰ্মী হৈ

অকস্মাৎ পাৰ হৈ

যায় মস্তিষ্কৰ

কৌটি কৌটি স্নায়ুৰ

মাজেৰে বিজুলী বেগেৰে,

তেতিয়া সৃষ্টি হয়

ভাৱনাৰ

প্ৰবল ধুমুহা।

যিয়ে কেতিয়াবা

ধ্বংস আৰু

কেতিয়াবা

সৃষ্টি নমায়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments