আপোনজনক যেতিয়া ৰোগী হিচাবে পাওঁ ! ( ৰুমঝুম শইকীয়া)

আমাৰ জন্মৰ আগৰ কথা ৷ দেউতাই পশু চিকিৎসক হিচাবে প্ৰথমে ডুমডুমাৰ ৰূপাইচাইডিং নামৰ ঠাই ডোখৰত কৰ্মজীৱন আৰম্ভ কৰিবলৈ লয় ৷ সেই সময়ত দেউতা খুব অসুখীয়া আছিল ৷ প্ৰায়ে বুকুৰ ধপ্ ধপনি হৈছিল আৰুউশাহ-নিশাহ লোৱাটো যথেষ্ট কষ্ট অনুভৱ কৰিছিল ৷ দেউতাৰ অসুখকলৈ মা সকলো সময়তে চিন্তিত হৈ পৰিছিল ৷ দৰৱপাতি খাইছিল যদিও সাময়িকভাৱেহে সুস্থ হৈ উঠিছিল ৷ হঠাতে ঠাণ্ডা হৈ পৰা হাত-ভৰি মালিচ কৰিবলৈ মায়েসদায় গৰম কৰা নহৰু-তেলৰ ব্যৱস্হা কৰি ৰাখিছিল ৷ দেউতাৰ কাৰণে এয়াই মাৰ একমাত্ৰ ঔষধ আছিল ৷ এই সূত্ৰেই ডুমডুমাৰ বিচাকপি বাগানৰ চিকিৎসক ডা:থানেশ্বৰ সোনোৱালৰ লগত দেউতাৰ পৰিচয় হ’ল ৷ ডা০ সোণোৱালেকেৱল এটা হাঁহিৰেই ক্ষন্তেকতে ৰোগীক আৰোগ্য কৰি তুলিব পাৰিছিল ৷ আমাৰ মাজলৈয়ো তেখেত যেন ভগৱানহৈহে আহিল ৷ তেখেতৰ শুশ্ৰূষাত অতি সোনকালেই দেউতা সম্পূৰ্ণ সুস্থ হৈ উঠিল ৷ ইয়াৰ লগে লগেই দুয়োখন ঘৰক বন্ধুত্বৰএনাজৰীডালে যেন চিৰদিনলৈ কটকটীয়াকৈ বান্ধি পেলালে ৷ ইজনে সিজনক‘ব্ৰাডাৰ’ বুলি মাতিবলৈ ললে ৷ কিছুদিন পিচত মোৰ বাইদেউ আৰু তাৰ দুবছৰৰ পিচত মোৰ জন্মও সুকলমে তেখেতৰ হাততেই হৈছিল ৷ মোৰ তিনি বছৰবয়সলৈকে আমি দুয়ো ঘৰে নানান ফূৰ্তি-ফাৰ্তা কৰি বহু ঠায়ো একেলগে ফুৰা-মেলা কৰিলোঁ ৷

এইদৰে থাকোতেই দেউতাৰ গুৱাহাটীৰ খানাপাৰালৈ বদলি হোৱাৰ খবৰ আহিল ৷ বন্ধুত্বৰ এনাজৰীডাল কেতিয়াও যাতে শিথিল নহয় তাৰেই প্ৰতিশ্ৰুতি বুকুত বান্ধি দেউতাহঁত গুৱাহাটী পালেহি ৷ এইবোৰ কথা আমি তেতিয়া মাহঁতৰ পৰাশুনিছিলোঁ ৷ ডাঙৰহৈ দেউতাহঁতৰ বন্ধুত্ব দেখি অভিভূত হৈছিলোঁ ৷ ১৯৭৬চনত দেউতাই চৰকাৰী জলপানীলৈ এবছৰৰ কাৰণে অধ্যয়ণৰ বাবে অষ্ট্ৰেলিয়ালৈ যাবলৈ সুবিধা পালে ৷ এবছৰৰ মূৰত যেতিয়া ঘূৰি আহিল, দেউতাৰ স্বাস্থ্যৰকিছু অৱনতি আমাৰ চকুত ধৰা পৰিল ৷ সেই সময়ত গুৱাহাটীত আমাৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় হৈছিল আমাৰ মামা ডাউন-টাউন হস্পিতালৰ বক্ষ চিকিৎসক ডা০ বলীন গগৈ ৷ তেখেতৰ পৰামৰ্শ অনুযায়ী তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষাকৰাত দেউতাৰ হাই ব্লাড চুগাৰ পোৱা গ’ল ৷ এইবাৰ চলিল বলীন মামাৰ চিকিৎসা ৷ দেউতা প্ৰথমে কিছু হতাশ হৈছিল যদিও মামাৰ লগতে আমাৰ সকলোৰে আশ্বাসত দেউতাই মনত কিছু বল পালে ৷ নিজৰ খাদ্য তালিকা নিজেই প্ৰস্তুতকৰি ললে আৰু নিয়মিত যথেষ্ট পৰিশ্ৰমো কৰিবলৈ ললে ৷ ইয়াৰ ফলত দেউতাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হব ধৰিলে ৷ দেউতাই আগৰ দৰেই সকলোৰে লগত হাঁহি-ফূৰ্তি কৰিবলৈ আৰম্ভ কৰা দেখি আমাৰ মনবোৰো লাহে লাহে ফৰকাল হবলৈধৰিলে ৷ এইদৰে দিনবোৰ পাৰ হৈ গৈ থাকোতেই দেউতাই এজন চিকিৎসকক নিজৰ দ্বিতীয়জন জোঁৱায়েক হিচাবে পৰিয়ালত অন্তৰ্ভূক্ত কৰিবলৈ পাই যথেষ্ট সুখী হোৱা দেখিবলৈ পোৱা গ’ল ৷ শহুৰ দেউতাই দেউতাক কৈছিল ‘মোৰল’ৰাটোৰ হাতখন ভাল বুলিয়েই মোৰ বিশ্বাস – সি গুৱাহাটীত থাকিলে আপোনালোকৰ নিশ্চয় সুবিধা হ’ব’ ৷ সেইষাৰ কথাই যেন দেউতাৰ মনত সেইদিনাৰ পৰাই জোঁৱায়েকৰ প্ৰতি গভীৰ বিশ্বাস আনি দিলে ৷ মোৰ ভিনদেউৰ দুটা খুব টানঅসুখ সেই জোঁৱায়েকৰ চিকিৎসাতে সম্পূৰ্ণ নিৰাময় হোৱাৰ পিচত জোঁৱায়েকৰ চিকিৎসা পদ্ধতিত দেউতাই মনে মনে যথেষ্ট গৌৰৱ অনুভৱ কৰিছিল ৷ অৱশ্যে প্ৰয়োজন অনুযায়ী বলীন মামাৰ সৈতেও যোগাযোগ ৰখা হৈছিল ৷ বয়স হৈঅহাৰ লগে লগে দেউতাৰ অসুখ -বিসুখো বাঢ়ি আহবলৈ ধৰিলে ৷

১৯৯৮চনৰ ২৫মাৰ্চৰ দিনা দেউতা বাথৰুমত পৰি বহু সময় মূৰ্চা গৈ আছিল ৷ জ্ঞান অহাৰ পিচত দুৰ্বল আৰু অস্ফূত মাতেৰে দেউতাই কেৱল ‘ভূপেন ভূপেন’ বুলিয়েই মাতিবলৈ আৰম্ভ কৰিলে ৷ দেউতাক লগে লগে আমাৰ সৰু নাৰ্চিংহোমখনতভৰ্তি কৰোৱা হ’ল ৷ দেউতাক হেৰুৱাৰ ভয়ে আমাৰ মনবোৰ হাঁহাকাৰ কৰি তুলিলে ৷ নাৰ্চিংহোমৰ সকলো কৰ্মচাৰীয়ে ৰাতিক দিন কৰি দেউতাৰ প্ৰতি যি সেৱা আগবঢ়ালে মনত পৰিলে আজিও কৃতজ্ঞতাৰে মন ভৰি উঠে ৷ সকলোৰে প্ৰচেষ্টাতদেউতা সুস্থ হৈ উঠিল ৷ ভাৱিলোঁ দেউতাক আমি পুনৰ ঘূৰাই পালোঁ ৷ প্ৰায় এসপ্তাহ কিছু ভালে থাকিল ৷ যেন সকলোৰে কষ্টক অথলে যাবলৈ নিদিবলৈহে দেউতাই ভালহৈ দেখুৱালে ৷ এইখিনি সময়তে দেউতাৰ শেষ অৱস্থাত এবাৰ চাবলৈডুমডুমাৰপৰা দেউতাৰ অন্তৰঙ্গ ব্ৰাডাৰজন অসুখীয়া গাৰেই দৌৰ মাৰি আহিল ৷ ইজনে সিজনক বহু সময় সাৱটি থাকি ধৰি শেষবাৰৰ কাৰণে যেন বিদায় ললে ৷ কাৰো চকুলোক কোনেও সান্ত্বনা দি বাধা দিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টিহ’ল ৷

৭এপ্ৰিলৰ দিনা দেউতা পুনৰ গুৰুতৰভাবে অসুস্থ হৈ পৰিল ৷ এইবাৰ কিন্তু দেউতাই বিশেষ কোনো তদাৰক কৰাৰ সুবিধা নিদি আচম্বিতে এই সংসাৰৰ পৰা মেলানি মাগিলে ৷ হয়তু তেওঁ নিজৰ প্ৰিয় আৰু বিশ্বাসী চিকিৎসকসকলে নিয়তিৰওচৰত পৰাজিত হোৱাটো বিচৰা নাছিল ৷ এই প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা ভাৱিবলৈ বাধ্য হলোঁ যে চিকিৎসা সেৱাৰো এক সীমাবদ্ধতা আছে ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
6 years ago

আপোনজনক ৰোগী হিচাপে পোৱাৰ যন্ত্ৰণা কিমান হ’ব পাৰে সেইখিনি অভিজ্ঞতা বাস্তৱত পোৱা নাই যদিও এই লেখাটো পঢ়াৰ পিছত চকুলো নুটুকি নোৱাৰিলো । আমাৰ দেউতা বৰ সহজ সৰল লোক । এদিন দেউতাক হেৰুৱাব লাগিব সেই কথা ভাবি কেতিয়াবা চকুযুৰি সেমেকি উঠে । দেউতাক কেতিয়াও হেৰুৱাব নোখোজো । ৰুমঝুম বা, আপোনালৈ অশেষ ধন্যবাদ থাকিল এনেকুৱা এটা লেখা উপহাৰ দিয়া বাবে ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক