আপোনজনৰ মৰম (অনুপমা বৰগোহাঁই)

মনোজ এটা বনকৰা ল’ৰা !
বয়স: ৯বছৰ
জন্মস্থান: নংপো
ভাষা:ভোজপুৰী
ঘটনা : ৰামলালৰ সদায় ঘৈণীয়েক চম্পাকলীৰ ওপৰত খং ! উপাৰ্জন বঢ়াব নোৱাৰে কিন্তু খাওঁতা বঢ়াই থাকে !! বছৰে বছৰে এটা এটা ল’ৰা পোৱালি জগাই থাকে ! এইবাৰ ডাক্তৰ চাহাবক কৈ পেট চাফা কৰি পেলাব লাগিব। ওচৰতে থকা ডেকা ডাক্তৰটো মৰমীয়াল বুলিহে ইমান দিনে সিহঁত বাচি আছ ! যোৱাবাৰ চাৰি নম্বৰ ল’ৰাটোৰ যোৱা থোৱা নৰিয়া হওঁতে প্রায় বিনা পইচাতে ডাক্তৰচাহাবে ল’ৰাটোক বচালে। তাৰপিছৰপৰা তাৰ সেই চাৰি নম্বৰ ল’ৰা মুন্নায়ো ডাক্তৰচাহাবৰ বৰ প্রিয় হৈ পৰিছে ! এতিয়া সেই ডাক্তৰচাহাবে তাৰ মুন্নাক তেখেতৰ নিজৰ জন্মভূমিৰ পিতৃ মাতৃৰ ঘৰখনলৈ বন কৰা ল’ৰা হিচাবে লৈ যাব বিচাৰিছে, তাতেই ঘৈণীয়েক চম্পাকলীৰ কন্দা কটা, খেচ খেচ।.. ৰাতিপুৱা ঘৈণীয়েকৰ পিঠিত দিয়া মাধমাৰ কেইটাৰ সমানেই জোৰেৰে ধাচ্ ধাচ‌্ কৈ কাপোৰ কেইটা আচাৰি ৰামলালে মুখৰ ভিতৰত কৈ উঠিল –নিজৰ ল’ৰা-ছোৱালী, মাইকীজনীক ভালকৈ খোৱাব পিন্ধাব নোৱাৰিলে মতা-মৰদৰ কি কষ্ট হয় কি বুজিবি তহঁত মাইকীবোৰে! তোক দুইটামান মাৰ দিলেহে মোৰ ভিতৰৰ মতা মানুহটোৰ অস্তিত্ব মই বিচাৰি পাওঁ! ৰাতি ৰাতি তোৰ শৰীৰটো বখলিয়াই মই মতা মানুহ হোৱাৰ তৃপ্তি লওঁ! তথাপিও জানো শান্তি আছে! তোৰ পেট নে বাচ্চা কঢ়িওৱা মঙহৰ টোপোলাটোৱে বছৰি খাওঁতা মুখ এখন বঢ়াই থাকে!!

**************
চম্পাকলীৰ কন্দা-কটা, বাধা-বিপত্তি সত্বেও মুন্না ডাক্তৰচাহাবৰ পিতৃ-মাতৃৰ ডিব্রুগড়ৰ ঘৰখনলৈ বন কৰা ল’ৰা হিচাবে আহিল। ডাক্তৰচাহাবে তাক এৰি নংপোলৈ ঘুৰি যোৱাৰ দিনা ৰাতি বিচনাত পৰি ফেঁকুৰি ফেঁকুৰি কন্দা মুন্নাক মন ভাল লগাই সাধু কবলৈ ডাক্তৰচাহাবৰ ঘৰৰ তাৰ সমানেই সৰু ছোৱালীজনীয়ে যেতিয়া ফট’ থকা ধুনীয়া কিতাপখন লৈ আহিছিল তাৰ মনটো অজানিতে ভাল লাগি গৈছিল!! তাৰ পঢ়াশুনাৰ প্রতি ধাউতি দেখি ডাক্তৰচাহাবৰ মাষ্টৰণী মাকে তেওঁৰ সৰু ছোৱালীজনীৰ লগতে তাকো স্কুলত নাম লগাই দিলে। স্কুলত তাৰ ভাল নাম তেওঁলোকে ৰাখিলে “মনোজ”! প্রথমতে ভাষাৰ অসুবিধা হৈছিল যদিও অতি কম সময়ৰ ভিতৰতে সি ভাষাটো আয়ত্ব কৰি পেলালে।
২য় ভাগ ঘটনা:
মুন্নাৰ দৰমহাৰ পইচাটো ডাক্তৰে অলপো হীনদেড়ি নোহোৱাকৈ বৰঞ্চ কেতিয়াবা বেচিকৈহে ৰামলালক দি আছে। তাৰ সংসাৰ চলোৱাত আৰ্থিক শান্তি হৈছে হয়, কিন্তু মানসিক শান্তি হোৱা নাই । ঘৈণীয়েক চম্পাকলিয়ে কাজিয়া লাগিলেই সদায় তাৰ ভিতৰৰ ‘মতা মানুহ’টোক ধৰাশায়ী কৰি এটাই কথা কয় –“নিজৰ ল’ৰা বেচি খাই থকা মৰদহে তই” !! নাই আৰু সহ্য কৰি থাকিব নোৱাৰি; যি হয় হ’ব। সি নিজেই গৈ মুন্নাক ডাক্তৰচাহাবৰ মাকৰ ঘৰৰ পৰা লৈ আহিব। দুখীয়া হলেও সিহঁত মানুহ। নিজৰ তেজ মঙহৰ কলিজাৰ পো লৈ সিহঁতৰো মৰম আছে!!
ডাক্তৰচাহাবক কুটুৰি কুটুৰি সি আজি অসমৰ ডিব্রুগড় নামৰ ঠাইলৈ যোৱাৰ টিকেট এটা কটাই লৈছে। ডাক্তৰে কৈছিল আৰু দুমাহমান পিছত বিহুত তেওঁৰ লগতে তাক লৈ যাব বুলি। কিন্তু সি আৰু দুটা দিনো ৰৈ থাকিবৰ মন নকৰা হ’ল! দুটাকৈ বছৰ মুন্নাক দেখা নাই। চাৰিমাহৰ আগতে সিহঁতৰ সৰু বাচ্চাটো ঢুকোৱাৰ পিছৰ পৰা মাইকীজনীৰ মুন্নালৈ বেছি মনত পৰা হৈছে!

********************
ডাক্তৰচাহাবে বুজাই দিয়া মতেই সি গৈ ডাক্তৰচাহাবৰ ঘৰ ওলালগৈ । প্রকাণ্ড ঘৰটোৰ প্রকাণ্ড গেটখন খুলি সি চুচুক চামাককৈ ইফালে সিফালে চাব ধৰোতেই ধুনীয়া মৰম লগা সৰু ল’ৰা এটা ভিতৰৰ পৰা ওলাই আহিল। ল’ৰাটোৰ পিঠিত স্কুল বেগ । অলপ সময় ল’ৰাটোৱে ৰামলালৰ মুখলৈ অবাক দৃষ্টিৰে চাই থাকি “ আৰে, মোৰ বাবা ” — বুলি চিঞৰ মাৰি ভিতৰলৈ সোমাই গ’ল ।ৰামলাল হতভম্ব হৈ ৰৈ থাকিল বাহিৰতে! অলপ পিছত সেই সৰু ল’ৰাটো অৰ্থাৎ ৰামলালৰ ‘মুন্না’ই হাতত ধৰি মধ্যবয়সীয়া মহিলা এগৰাকীক প্রায় টানি অনাৰ দৰে আনি তালৈ আঙুলি টোৱাই কলে, “মা-জী, এয়া চাওকচোন , মোৰ বাবা আহিছে!!” – “ এ ৰামলাল নেকি!! তই, হঠাৎ, ইয়াত কেনেকৈ ওলালি ? কতা, ল’ৰাটোৱে চোন একো খবৰ পঠিওৱা নাই? আহিছে নেকি তোৰ ডাক্তৰচাহাব?”– বুলি কৈ মানুহগৰাকীয়ে ইফালে সিফালে পুতেক আহি ধেমালি কৰিবলৈ লুকাই আছে নেকি বিচাৰি চাবলৈ ধৰিলে!! ৰামলালে দেখিলে, ডাক্তৰচাহাবৰ দৰে ইমান ডাঙৰ পুতেক এটাৰ বাবেও মাক এজনীৰ দৃষ্টি কিমান ব্যাকুল হব পাৰে!! নিজৰ ওপৰত তাৰ বিতৃষ্ণা জাগিল! ছিঃ ইমান দিনে সি তাৰ চম্পাকলীৰ মমতাক কিমান যে আঘাট দি আছিল!! সব চিন্তা বাদ দি সি কঁপা কঁপা হাতেৰে ডাক্তৰচাহাবৰ চিঠিখন আগবঢ়াই দিলে। মানুহগৰাকীয়ে লৰালৰিকৈ খপজপ কৰি চিঠিখন পঢ়িলে আৰু মুন্নাক কলে , “মনোজ, তোৰ বাবাক ভিতৰৰ তোৰ ৰূমলৈ লৈ যা আৰু গা-পা ধুই খাই বৈ জিৰণি লবলৈ দে। মোৰ স্কুললৈ দেৰি হৈছে – মই যাওঁ – তই আজি স্কুললৈ যাব নালাগে!” এইবুলি কৈ ডাক্তৰচাহাবৰ মাক অৰ্থাৎ মধ্যবয়সীয়া মহিলাগৰাকী খৰধৰকৈ গেটখন খুলি ওলাই গ’ল। ৰামলালে কথাবোৰ একো বুজি নাপালে। যি নহওক মানুহগৰাকী ওলাই যোৱা দেখি সি কিছু মুকলি মুৰিয়া অনুভৱ কৰিলে । ঘৰখনত আৰু কোনো মানুহ নথকা যেন অনুভৱ কৰি সি বাহিৰৰ বাৰান্ডাখনতে থপকৈ বহি লৈ ধূতিখন কোচাই লৈ পুতেকক মাতিলে , “ বাবুয়া ,মোৰা মুনুৱা, কেইস ৰহত হ’!!” বুলি মৰমৰ বিননি সুৰেৰে পুতেকক ওচৰ চপাই আনিব খুজিলে। পুতেকে কিছু লাজ লাজ কৈ তাৰ পৰা আঁতৰিহে গ’ল। সি আক’ তাৰ ওচৰ চাপিব খুজিলত পুতেকেও ধৰা দিলে। আচলতে ঘৰত থাকোতে কোনো দিন মনোজক বাপেকে মৰমেৰে মাতি পোৱাই নাই! এতিয়া মৰমৰ মাত আৰু তাতোতকৈ অধিক সিহঁতৰ ঘৰৰ ঘৰুৱা ভাষাৰ মাত শুনি সি লাজত পমি গ’ল! সি আধা ভোজপুৰি , আধা অসমীয়া মাতেৰে কলে “ বহুত বঢ়িয়া আছো বাবা। তোমলোগ কৈসত হ’!”—পুতেকৰ ভাষা শুনি ৰামলালৰ কপাল কোচ খাই গ’ল। অ’ এইটো চোন চম্পাকলি আৰু তাৰ মেমেৰা -তেতেৰা বিহাৰী পোৱালীটো নহয় – কৰবাৰ অসমীয়া পোৱালী এটাহে!! মৰম লগা থোপোকা হৈ যোৱা ল’ৰাটোতকৈ যেন সেই মেমেৰা- তেতেৰা বিহাৰী ল’ৰাটোক পোৱা হলেহে সি বেচি ভাল পালে হেঁতেন!! মুন্নাই দেখুৱাই দিয়াৰ দৰেই সি গা পা ধুই ভাত পানী খালে আৰু মুন্নাক তাৰ লগতে শুৱাই লৈ তাৰ অহাৰ উদ্দেশ্য কলে। আচলতে সি মুন্নাক দুদিন মানৰ বাবে মাকক দেখুৱাবলৈ নিম বুলিয়েই ভাবিছিল, কিন্তু এতিয়া ল’ৰাটো জাতিভ্রষ্ট হবলৈ ওলোৱা যেন দেখি চিৰদিনৰ বাবেই লৈ যাম বুলি ভাবিলে! সি কথাটো লাহে ধীৰে পুতেকক বুজালে। কিন্তু পুতেকে তাৰ কথা শুনি স্ফূৰ্তি পোৱাৰ সলনি ওলোটাই ‘নাযাওঁ’ বুলিহে কলে। সি দুদিন মানৰ বাবেহে যাব — তাকো বছৰেকীয়া পৰীক্ষা শেষ হলে – কিন্তু একেবাৰে নাযায়। বাপেক ৰামলালে তাক বহুত বুজালে, ফুচুলালে – কিন্তু পুতেক মুন্না নাচোৰ বান্দা। সি বাপেকক তাৰ যোৱাবছৰৰ পৰীক্ষাৰ মাৰ্কশ্বিটখন দেখালে –ইমান কাম বন কৰি পঢ়িও সি পৰীক্ষাত ২য় হৈছে। এইবাৰ মা-জীয়ে তাক ১ম হবৰ কাৰণে পঢ়িবলৈ কামো কমকৈ কৰিব দিছে – পৰীক্ষা শেষ নোহোৱা লৈকে সি ঘৰলৈ নাযায়। ৰামলালে নিজৰ কপালতে চপৰিয়াই চিঞৰি চিঞৰি মনোজক গালি পাৰিবলৈ ললে –আগতে ঘৰত যেনেকৈ পাৰিছিল –তেনেকৈয়ে। ৰামলালৰ গালিবোৰৰ অৰ্থ হ’ল –অসমীয়া পঢ়ি তই কি কৰিবি? তই বিহাৰী পোৱালী। চাহাবৰ চাকৰি পাবি নেকি তই?? আৰু দুই তিনিবছৰৰ পিছত বিয়া পাতিব লাগিব। কত ছোৱালী পাব অসমীয়া কৈ থাকিলে !! কোন ছোৱালীৰ বাপেকে ভাল দহেজ দিব -বিজতৰীয়া হোৱা ল’ৰা এটাক!! ভগবানে একো নিদিলেওঁ তাক ৬টা ল’ৰা দিছে। ৬টা ল’ৰাৰ ৬খন বিয়াৰে অলপ ধন দেখাৰ যি আশা আছে, তাৰো এটা পথ বন্ধ হোৱাৰ উপক্রম হৈছে!! এই ডাক্তৰটোৱে তাক খালে!! আৰু ঢেৰ কিবা কিবি বকি সি ঘড়ীটোলৈ চালে ।… হঠাৎ সি এটা সিধান্ত লৈ পেলালে। একেচাটে মুন্নাক কোচত ডাঙি ললে আৰু তাৰ সৰু বেগটো এহাতত লৈ ঘৰৰ বাহিৰলৈ দৌৰ মাৰিলে । মুন্নাই একো তলকিবই নোৱাৰিলে। গেট খুলি ৰাস্তাত ভৰি দিওতেই সিহঁতি দেখিলে ডাক্তৰৰ মাক আহি আছে ঘৰলৈ বুলি । ডাক্তৰৰ মাকক দেখি মনোজ ওৰফে মুন্নাই প্রকান্ড চিঞৰ মাৰিলে : “মা-জী ,দেখকচোন মোক বাবাই জোৰ কৰি ঘৰলৈ লৈ যাব লৈছে ! বাবা এৰি দে মোক ! মা-জী ! সৰু দাদা! সৰু বাইদেউ ! মোক বচাওক !!” মনোজৰ মাত শুনি ডাক্তৰৰ মাক মাষ্টৰণী চন্দ্রলতা ক্ষন্তেক সময়ৰ বাবে কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। মূহূৰ্ততে নিজক স্বম্ভালি লৈ ৰামলালক ভঙা ভঙা হিন্দিৰে সুধিলে “ক্যা হোৱা? লড়কাটোক কি কৰিব লৈছা?” ৰামলালৰ কাৰো কথাৰ উত্তৰ দিবলৈ মন নাছিল। সি মাত্র সোনকালে ল’ৰাটো লৈ সেই ঠাইৰ পৰা পলাব বিচাৰিছিল। কোনোমতে ট্রেইন খনত উঠি দিব পাৰিলেই হ’ল। বাকী চিন্তা পিছত কৰিব । ডাক্তৰৰ মাকক একপ্রকাৰ গতা মাৰি থৈ সি মুখ্য ৰাস্তালৈ গতি কৰিলে। দুৰ্বল ডাক্তৰৰ মাকে কত তাক ধৰিব পাৰিব! মনোজৰ চিঞৰ বাখৰ শুনি গলিটোৰ কেইবাটাও মানুহ বাহিৰলৈ ওলাই আহিল , কিনো হৈছে জানিবলৈ। ডাক্তৰৰ মাকে নিজৰে প্রাক্তন ছাত্র নিবনুৱা সংস্থাৰ সভাপতি যোগেনক কলে, ‘ অই যোগেন, চাচোন, এই মানুহটোৱে নিজৰ পুতেক হল বুলিনো ল’ৰাটোক এনেকৈ লৈ যাব লাগেনে ?” যোগেনে একো বুজি নাপায় সুধিলে , “বাইদেউ, মনোজক আপোনালোকে ঘৰলৈ নপঠিয়াও কৈছিলে নেকি ?” ‘নাই কোৱা অ’ বাপেকটোৰ লগত মই কথাই পতা নাই । এই উদ্দেশ্যতে যে সি হঠাৎ আহি ওলাল , মই এতিয়াহে ভাবি পাইছো !” ডাক্তৰৰ মাকে আকৌ ব্যতিব্যস্ত হৈ কলে , ‘ অই যোগেন, সোধাপোচা পিছত কৰি থাকিবি। সেই বিহাৰীটোৱে অকনমাণি ল’ৰাটো লৈ ইতিমধ্যে কোনোবাখিনি পালেগৈ চাগে’! যা জলদি! ভিতৰতে নিপেনদাদাৰ চাইকেল খন আছে- লৈ যা ”। যোগেনেও আৰু এটাও শব্দ বিনিময় নকৰি চাইকেলখন লৈ জোৰেৰে পেডেল কোবাই মনোজক ‘উদ্ধাৰ’ কৰিবলৈ উৰা মাৰিলে ।
৩য় ভাগ ঘটনা?
ঘৰখনত গধুলি ৭ বজাতে মাজৰাতিৰ দৰে নিস্তব্ধতাই বিৰাজ কৰিছে। সৰু ছোৱালীজনীয়ে মাজে মাজে উচুপি উচুপি কান্দি আছে। মাষ্টৰণি অৰ্থাৎ ডাক্তৰৰ মাকৰো চকু ঢুলঢুলিয়া হৈ আছে। ঘৰৰ বাকী ল’ৰা-ছোৱালী কেইটা নিজৰ নিজৰ কামত ব্যস্ত। সাধাৰণ কাম কৰা ল’ৰা এটাৰ কাৰণে ইমান দুখ কৰি থকাতো সিহঁতৰ কাৰণে বুৰ্বকামি মাত্র। এনেও মনোজটোৱে কাম বন নকৰি সৰু ছোৱালীজনীৰ লগত খেলিহে থাকে। “মায়ে চল দি দি নষ্ট কৰিছে দুয়োটাকে’ – ডাক্তৰৰ বাকী ভায়েক –ভনীয়েক কেইটাই নিজৰ মাজতে কথা পাতে। ‘আজি ৰামলালে পুতেকক লৈ গ’ল –ভালেই হ’ল। আমাৰ নিজৰেই ইমানবোৰ ল’ৰা ছোৱালী আৰু এটা ল’ৰা তুলনীয়া পো কৰি ৰখাৰ কোনো যুক্তি নাই!”

***************

খিটলিং খট্ কৈ গেটত শব্দ এটা শুনি সৰু ছোৱালীজনী জাপ মাৰি উঠি বাহিৰলৈ ওলাই গ’ল। ডাঙৰ বেগৰ টোপোলাটো লৈ যোগেন আৰু তাৰ লগৰীয়াটো সোমাই অহা দেখিয়েই তাই বুজি পালে সিহঁতি মনোজক ঘূৰাই আনিব নোৱাৰিলে! নৱেম্বৰ মাহৰ গধূলি। শীতে ভালদৰেই মেৰিয়াই ধৰিছে চহৰখনক। ডাক্তৰৰ মাকে যোগেনক সুধিলে, ‘অই তহঁতি বাচ ষ্টেচন, ৰেল ষ্টেচন সকলোতে ভালদৰে চালিনে ? ক’তনো যাব বাৰু সিহঁত ??” যোগেনে কলে, “ বাইদেউ, সকলোতেই চালো। শেষত তাক বিচাৰিও পালো ৰেলৱে ষ্টেচনত !” ‘সঁচা’? – সৰু ছোৱালীজনী আৰু ডাক্তৰৰ মাকে একেলগে চিঞৰ মাৰি সুধিলে। “তেনেহলে তাক কাপোৰখিনি নিদিলি কিয়? ঠান্ডাত বেচেৰাটোৱে কিমান কষ্ট পাইছে ছাগে’!!” ডাক্তৰৰ মাকে চকুপানীখিনিক বাধা দি ৰাখিব নোৱাৰিলে! যোগেনে কলে, “বাইদেউ, তাক ছাগে দেউতাকে নতুন চুয়েটাৰ এটা কিনি দিলে। সি নতুন চুৱেটাৰ পিন্ধি খুউব স্ফূৰ্তি কৰি দেউতাকৰ লগত কথা পাতি আছিল। আমাক সিয়ে প্রথমে দেখিলে আৰু তাৰ দেউতাককো সিয়ে আমাক দেখুৱাই দি কিবা কৈ ঘপহকৈ কৰবাত লুকাই দিলে! আমি ইমান বিচাৰিলো ; কিন্তু সিহঁতক নেদেখিলো।” – যোগেনৰ কথাত ডাক্তৰৰ মাকে হাঁহিব নে কান্দিব নে অবিশ্বাস কৰিব –একো ভাবি নাপালে! চকুৰ পানীখিনি তেওঁৰ গালতে শুকাই কৰ্কৰিয়া হ’ল। অলপ দেৰি তেনেকৈয়ে ৰৈ তেওঁ জীৱনৰ অভিজ্ঞতাৰ পৰা কিবা এটা জ্ঞান লৈ মিচিকিয়া হাঁহি এটা মাৰি সৰু জীয়েকক ক’লে , “ বলা , ভিতৰলৈ – আজিৰ পৰা ভাত বনাওতে তুমিয়েই মোক সহায় কৰিবা। মোহ ,মৰম এইবোৰ বৰ আচৰিত বস্তু। ডাঙৰ হলে নিজেই বুজিবা –এতিয়া দুখ নকৰিবা । সদায় মানুহক নিঃস্বাৰ্থপৰ মৰম দিবলৈ চেষ্টা কৰিবা ।বিনিময়ত একো নিবিচাৰিবা ,নহলে মাথো দুখ আৰু দুখহে পাবা”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক