আপোনাকো লাগিব পাৰে “আমাৰ জুতি-বুধি“—-অনামিকা বড়া

গ্ৰন্থৰ নামঃ আমাৰ জুতি-বুধি
লেখকঃ বুলন কুমাৰ শইকীয়া
প্ৰকাশনঃ সঞ্জীৱন
প্ৰথম প্ৰকাশঃ নৱেম্বৰ,২০১৭
মূল্যঃ ১৫০ টকা
মুঠ পৃষ্ঠাঃ ২০৯

বিধে বিধে ব্যঞ্জন ৰান্ধি আৰু খাই আপুনি ভাল পায় নেকি? তাতে যদি সেই ব্যঞ্জনসমূহ থলুৱা হয়,আমিষ-নিৰামিষ ব্যতিৰেকে কিমানবিধ ব্যঞ্জন আপুনি ৰান্ধিব জানে বা ৰান্ধি পাইছে? কেতিয়াবা হিচাপ কৰি চাইছেনে? যি কি নহওঁক লেখাটো পঢ়াৰ আগতে মনতে এবাৰ অনুমান এটা কৰি চাওক,তাৰ পিছত এই তালিকাখনলৈ চকু দিয়ক। ২৫ বিধ নিৰামিষ ব্যঞ্জনৰ দিহা, মাছৰ ২৪ বিধ ব্যঞ্জন, কুকুৰাৰ মাংসৰ ২১ বিধ ব্যঞ্জন,হাঁহৰ ২২ বিধ ব্যঞ্জন,পাৰৰ মাংসৰ ৮ বিধ জুতি, ছাগলীৰ মাংসৰ ১০ বিধ ব্যঞ্জন, গাহৰিৰ মাংসৰ ২১ বিধ ব্যঞ্জন, কণীৰ ৮ বিধ ব্যঞ্জন,২৩ বিধ ভিন্ন পিটিকা,১০ বিধ চাটনি,৫ প্ৰকাৰৰ বিশেষ ভাত,৩ বিধ সাঁজপানী আৰু ১০ বিধ জনগোষ্ঠীয় খাদ্যসম্ভাৰ। মুঠ ২৮০ বিধ খাদ্যৰ প্ৰস্তুত প্ৰণালী, মূলতঃ থলুৱা আৰু পৰম্পৰাগত। এই বৃহৎ খাদ্যসম্ভাৰৰ বৰ্ণনা উপলব্ধ কিতাপখন হৈছে “আমাৰ জুতি-বুধি”।

কিতাপখনৰ লেখক বুলন কুমাৰ শইকীয়া নিজেও এজন খাদ্যৰসিক আৰু ৰান্ধি ভাল পোৱা ব্যক্তি। প্ৰণিধানযোগ্য যে কিতাপখনৰ একেবাৰে শেষত লেখকে নিজৰ যোগাযোগৰ নম্বৰ,মেইল, সামাজিক প্ৰচাৰ মাধ্যমত যোগাযোগৰ লিংক আদি উল্লেখ কৰিছে। যিহেতু কিতাপখন জুতি-বুধিক লৈ, গতিকে, যিকোনো পঢ়ুৱৈয়েই কোনো ব্যঞ্জনৰ প্ৰস্তুতিত অসুবিধাৰ সন্মুখীন হʼলেই পোনে পোনে লেখকক যোগাযোগ কৰিব পাৰিব। লেখকৰ এই দূৰদৰ্শিতাৰ শলাগ ল’ব লাগিব।
কিতাপখনৰ বিষয়ে লিখিবলগীয়া বিশেষ নাই কিয়নো কিতাপখন খাদ্যৰ আৰু ব্যক্তিগত ভাৱে মোৰ ৰন্ধন প্ৰণালীত বিশেষ নিচা নাই। কিন্তু কিতাপখনৰ কেইটামান গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী দিশৰ বিষয়ে উনুকিয়াই থ’লে পাঠক আৰু খাদ্যৰসিক সকলোৱে উপকৃত হ’ব বুলি অনুধাৱন কৰিছোঁ।

কিতাপ এখনৰ আৰম্ভণিতে সাধাৰণতে লেখকৰ একাষাৰ একোটা মুখবন্ধ হিচাপে থাকে। এইখন কিতাপত সেই ঠাই পাইছে লেখকৰ ‘ভোকেই ভাতৰ আঞ্জা’ শীৰ্ষক এখন লোভনীয় ৰচনা য’ত কেইবাটাও বাস্তৱ অভিজ্ঞতাৰ প্ৰাঞ্জল বৰ্ণনা আছে। বিবিধ ব্যঞ্জনৰ প্ৰস্তুত প্ৰণালীৰ বৰ্ণনাৰ আগত কিতাপখনত আছে লেখকৰ কাপেৰে নিগৰিত খাদ্যবিষয়ক পাঁচটি প্ৰাসংগিক প্ৰবন্ধ যিয়ে কিতাপখনৰ গুৰুত্ব বৃদ্ধি কৰিছে। প্ৰবন্ধকেইটা হৈছে- ‘আমাৰ অনন্য খাদ্য সংস্কৃতি’,’অসমৰ আহাৰৰ মূল বৈশিষ্ট্য’, ‘আখলৰ সম্ভাৰ’, ‘আখলৰ সজুলি- কেইটামান কিটিপ’ আৰু ‘অতদিনে কৰি অহা ভুলবোৰ পুনৰ নকৰিব’।প্ৰবন্ধকেইটাৰ বিষয়বস্তু এইবোৰৰ শিৰোনামতে বুজিব পাৰি। উল্লেখযোগ্য যে ইয়াৰে প্ৰথম প্ৰবন্ধটোতে লেখকে কিতাপখনৰ মূল উদ্দেশ্য সম্বন্ধে এনেদৰে লিখিছে, “আমাৰ পাকঘৰলৈ অলেখ নতুন সা-সৰঞ্জাম আহিল। বহুতৰ আকৌ সেই তাহানিৰ জুইশালখনো নাই।এনে অৱস্থাত সম্পূৰ্ণ পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰাটো মুখৰ কথাও নহয়। তাতে আমি সততে ব্যৱহাৰ কৰা যিবিলাক ‘গাঁৱলীয়া-শাক-পাচলি’ বুলিয়ে পৰিচিত, সেইবোৰো সকলো ঠাইতে সহজে উপলব্ধ নহয়। এতেকে আমাৰ দৈনন্দিন জীৱনত উজুতে পাই থকা উপকৰণৰ আধাৰত আৰু পাকঘৰত ইতিমধ্যে সোমাই পৰা ‘এতিয়া’ৰ আধুনিক সা-সৰঞ্জামৰ সহায়ত কেনেকৈনো আমাৰ তাহানিৰ সোৱাদসমূহ ওভোতাই আনিব পাৰি তাকেই এই গ্ৰন্থখনত বিনয়েৰে প্ৰয়াস-প্ৰযত্ন চলাইছোঁ।” গতিকে থলুৱা আৰু পৰম্পৰাগত খাদ্যৰ জুতি-বুধিক বৰ্তমান সময়তো সহজে প্ৰস্তুত কৰিবলৈ “আমাৰ জুতি-বুধি” এখন নিৰ্ভৰযোগ্য হাতপুথি বুলিলেও অত্যুক্তি কৰা নহ’ব।

অনামিকা বড়া

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments