আপোনাৰো ভাগৰ লাগিছে নেকি? (পন্নবী মেধি)

জীৱনটো কি ?
এখন চহৰ, এটা schedule, উইকেন্দ্‌চ, এটা ঘড়ী টু ৰান ফৰ হ’ম , নিত্য প্ৰয়োজন নতুন বস্তুৰ এখন নতুন ঘৰত, শ্ৱপিং, এটা ফ’ন, এটা টিভি, ক্লাৱ, সেই একেই বনকৰা মানুহৰ কথা, ফেয়াৰৱেল, বাৰ্থদে, গেট টুগেদাৰ, ডিনাৰ, বজাৰত পোৱা পিঠাৰে বিহু, ক্লাৱমিট, বেচেলৰমিট, ধোঁৱাৰে আকাশচানি ধৰা দীপাৱলী, বেলকনীৰ তিৰবিৰ লাইটৰ তৰা, চিজনৰ পেন্‌চি, দেচম’দিয়াম, ফ্লেমিংগ’, জাৰবেৰা, বুগেনভেলীয়া, হায় বহুদিন দেখা নাই সোণাৰু, এজাৰ, তগৰ! আৰু মোৰ এতিয়াৰ শুকান বালিৰ চহৰ, জোধপুৰ! চাকৰিকালত চিজনত বহু চেলিব্ৰেটি সুধিলোঁ, আমাৰ ফ্লাইটত ভৰি ভৰি ফিৰঙ্গী আহে, চুটিঙৰ মানুহ আহে; আমাৰ কাম বাঢ়ে ।‌ মনতে ভোৰভোৰাই ভোৰভোৰাই হাঁহি এমোকোৰা চোবাই থাকোঁ ! কি পায়হে শুকান বালিত ! আমি ক’তো যোৱা নাই, বাৰমেৰ, জেছলমেৰ,ৱমেহৰানগৰ! আনকি ঘৰৰ কাষৰ উমেদ ভৱনটো ডেৰবছৰৰ মূৰত দেখিছোঁ! গৰমত দুয়োটাই মুখ শুকুৱাই মায়ে কোৱাৰদৰে টেমী কৰি আনো; সেইদেখি খুউব কম ফুৰোঁ।‌

খুউব বেয়া বুলি নকও।‌ কিন্তু কিবা এটা বিচাৰি পোৱা নাই ! ল’ৰালিতো এবোজা কিতাপৰ মাজত গল, তাৰপিছত হোষ্টেল ,চাকৰি, এয়াৰপ’ৰ্ট ,উৰাজাহাজ, এনাউন্সমেন্ট, বৰ্ডিং পাছ, আৰু শেষত একে আজোৰত, শুকান মৰুত! হাঁয় থ্ৰিলাৰ ! সৰুতে পদূলিমুখত এটি শেৱালিৰ পুলি ৰুইছিলোঁ , এতিয়া এজোপা গছ হল, কিন্তু কোঁচ ভৰাই বুটলাৰ হেঁপাহটো মোৰ এতিয়াও পূৰ হোৱা নাই।‌ মায়ে কয়, সৰুজনীয়ে ঘৰখনত একেবাৰে থাকিবলৈ নাপালে! মোৰ গিলি থোৱা কিবা এটা সজোৰে ডিঙিলৈকে পায় ! মনতে কওঁ, সেইদেখি কিমানযে শিকিব আছে তোমাৰপৰা!

বেছিকৈ শোকটোৱে কামুৰি ধৰে, যেতিয়া বিহুৱে সংক্ৰান্তিয়ে এটা দীঘলীয়া স্কাইপ বাৰ্তালাপ হয়, দেউতাই আমৰলিৰ টোপ পাৰি থাকে, বা, দাদা সকলো লগ হয়, দাদাই খৰিকাত লগা পোৰা মাংস দেখুৱায়; চিঞৰি চিঞৰি গায়, “বিড়ি জ্ৱলাইকে জিগৰপে পিয়া”। আমি ফূৰ্তি কৰিছোঁ! মোৰ ক’বলগীয়া একো নাথাকে, প্ৰকাৰন্তেৰে কওঁ, মই নচাৰ লগতে এংকৰিঙো কৰিছোঁ আমাৰ প্ৰগ্ৰেমত !
হাঁয় ! জীৱনত আমি কি বিচাৰোঁ বাৰু? টকা পইচা, ঘৰ, গাড়ী? শহাৰ দৌৰ ! নহয়, আমি আটাইতকৈ বেছি সুখী হ’ব বিচাৰোঁ ! কিন্তু সেই কথাটোৱেই পাহৰি থাকোঁ; নতুবা সুখৰ সমীকৰণ বেলেগ বেলেগকৈ বুজোঁ ! এটা হাঁহি কিনিব পাৰি নেকি বজাৰত? আৰু তাতোতকৈ বেছি আজৰিসময় ?
চকুমুদি বেলকনিত বহি থাকোঁ। ভাবো, জোঙাল দুবৰিত বহি আছোঁ মই, সন্মুখত কিবা এডৰা সেউজীয়া! বতাহে কোবাইছে চুলি, টোকোৰা চৰাইৰ বাহবোৰ ওলমি আছে, দেউতাৰ লগত কবিৰ বাৰীত পানী দিছোঁ, মহুৰা বাটিছোঁ, মাৰ শালৰ ৰাচ টানিছোঁ, বগা চেমিজ এটা পিন্ধি বৰশী টোপাইছঁ ! আৰু কিবা-কিবি! বহুত প্ৰতিযোগিতা হ’ল ! লগৰজনীয়ে সৰুতে মোৰ ৰিদিং ৰুমৰ লাইট জ্বলি থাকিলে পঢ়ি থাকে, মই বাপেকে মম জ্বলাই লওঁ ; ভয় হয়, জানোচা মোৰ পজিছনতো কাঢ়ি থয় ! সচাঁই বহুত হ’ল ! শান্তি নহ’ল ! এতিয়া থৰ হৈ চকুমুদি ভাবোঁ, ক’ৰবাত অলপ ৰৈ লওঁ; হয় ছিগনেল ! নতুবা ৰাতিবোৰ দীঘল হওক, দিনবোৰ চুটি ! নহ’লে থাকক উশাহ নলওঁ আজি, জানোচা ৰৈয়েই যায় ভেজাল সময়! হুৰহুৰাই সোমাই আহক ল’ৰালি।‌ অলপ ভাগৰ পলুৱাই লওঁ!

মোৰ শাহুআইৰ ঘৰ এটা হিয়া জুৰোৱা শুৱনি কবিতা! এটা দীঘল ওৰণি, এটা দীঘল পদূলি, সৰিয়হ মাটি মাহৰ পথাৰ, এটা পাঁচ বজাৰ এলাৰ্ম, ঢেঁকীয়াৰ বাৰী, ৰবাব টেঙা, কপৌ ফুল,খুদু জলকীয়া, কণ বিলাহী, আইৰ হাতৰ পোৰা আলু, জলফাই, এখন জাল, ভাতৰ পিছৰ নাৰিকল যেন তামোল, আৰু যে সেই পুৱাতেই উঠি ভাত-শাক ৰন্ধা, চৰক চৰককৈ দীঘল পদূলি সৰা, টেপৰ পানী চেঁচা, টিউবেলৰ পানীৰে গা ধোৱা, পাচবেলাৰ আইৰ হাতৰ এবাতি ৰঙাচাহ, বাবাৰ দুপৰীয়াৰ ৰেডিঅ’, কিলিপে ধৰি ৰখা ওৰণি, পেটিকোট পিন্ধি ঢেঁকীয়াৰ বাৰীত ধপলিয়াই ফুৰা, ঔটেঙা পৰা, আৰু গধূলিৰ মেল, আইৰ সেই ভাৱ তই কৈ থাক.. হাঁহি থাক.. মই শুনি থাকোঁ, অহাৰদিনাৰ দুফুট চকুলো আৰু এবুকু চিন্তা …….আৰু আইৰ আত্মাযেন মইজনী !
আহ! বুকুতে ধপককৈ পৰি বিনায় এখন নদীয়ে;
ঘৰঘৰাই এখন ফেৰীয়ে,
তিয়াই যায় এবাৰ সোণাৰীয়ে
আকৌ এবাৰ মাজুলীয়ে !
আপোনাৰো ভাগৰ লাগিছে নেকি ? চুই চাইছে নেকি, সময়ৰ সুৱদি লাৱনি হাত !
বুকুতে ৰৈ ৰৈ বাজে নেকি আপোনাৰো; এটা মিঠা সুহুৰি !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments