আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় (-মাধুৰ্য্য গগৈ)

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়

মাধুৰ্য্য গগৈ

 

 

 

আজি আকৌ এবাৰ উভতিবলৈ বাধ্য হ’লো, মোৰ অতীতলৈ । অসমৰ বাকী ঠাইবোৰৰ কথা নাজানোঁ,  কিন্তু লক্ষীমপুৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত চলা বাচবোৰত সততে দেখিবলৈ পোৱা গৈছিল, উক্ত বাক্যশাৰী ।

আজি প্ৰথমবাৰৰ বাবে তামিলনাডুৰ চৰকাৰী বাচত উঠাৰ সৌভাগ্য হ’ল । বহুবছৰ ধৰি বাচত উঠিবলৈ সুবিধা নোপোৱাৰ বাবে আজি অভিজ্ঞতা আহৰণৰ সুযোগকণ হেৰুৱাবলৈ ভাল নাপালো । দুপৰীয়া সময়ত যাত্ৰা আৰম্ভ কৰিলো, মোৰ কৰ্মস্থান চ্চেয়ুৰ(Cheyyur)ৰ পৰা, চেন্নাই(Chennai) অভিমুখী বাচখনত। উঠিয়েই ভাবিলো, কিয় আহিছিলো । প্ৰচণ্ড ভীৰ, তাতে তামিলনাডুৰ সৰ্বজনবিদিত প্ৰচণ্ড গৰম। ঘামৰ নৈখন যেতিয়া পিঠিৰ ভাঁজে ভাঁজে নামনিলৈ গতি কৰিলে, বুজিলো অভিজ্ঞতা লোৱা ইমান সহজ নহয়। তথাপিও যেনে তেনে খুটা এটাতে ভেঁজা দি থিয় দি থাকিলো । তেনেতে আহিল নহয়, ষাঁড় গৰুটো অহাৰ দৰে মানুহ ফালি শকত-আৱত কন্ডাক্টৰ্‌টো। কিবা-কিবি কৈ আছিল, কিন্তু একো নুবুজিলো। অগত্যা, জানি-বুজিয়েই পাঁচশ টকীয়া এখন আগবঢ়াই দি কলো “চেন্নাই”। তেওঁ কিবা কৈছিল,  সম্ভৱত খুচুৰা সম্পৰ্কত । মই আন্দাজতে মূৰ জোকাৰিলো, বিয়োগাত্মক ভাৱে। অৱশেষত টিকটটো পালো। আকৌ এইবাৰ কন্ডাক্টৰ্‌জনে মোৰ কাষেদিয়েই বাট ল’লে। মই যি ধৰণে বেঁকা হ’লো, কাষত থিয় দি থকা মহিলা কেইগৰাকীয়ে পোন্দোৱাঁকৈ চালে মোৰ ফালে। বাচ চলি আছে জোৰকৈ, সাগৰীয় উপকূল অঞ্চলৰ বতাহো যেন গৰম হৈ উঠিছে। তথাপি ঘামৰ নৈখন অলপ শুকাই যোৱা যেন অনুভৱ হ’ল (ফিলিং ৰিলেক্স ৰিলেক্স)|
তেনেতে আহিল নহয় বাচষ্টপ্‌ এটা। বাহিৰত ৰৈ থকা মানুহৰ ভিৰটোৱে মোক বাৰুকৈয়ে ভীতিগ্ৰস্থ কৰিলে। মানুহৰ ঠেলা-হেঁচাই মোক নি কোনোবাখিনি পোৱালেগৈ। মনতে ভোঁৰ-ভোঁৰাই অসমীয়াতে গালি এটা পাৰি দিলো বাপ্পেকে। বাচখনৰ সকলো যাত্ৰীকেই মোৰ শত্ৰু যেন বোধ হ’ল। উত্‌কট্‌ গৰম, তাতে আকৌ সহযাত্ৰীৰ ঠেলা-হেঁচা। মুঠতে আজিৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ অভিজ্ঞতা ভালকৈয়ে লাভ কৰিবলৈ আগবাঢ়িলো । অ’ এটা কথা, সেই যে দক্ষিনাত্যৰ মহিলাসকলে মূৰত গুঁজি লোৱা ফুলৰ থোপাটো,  মোৰ নসিকা গ্ৰন্থিক বৰ কষ্ট দিয়ে প্ৰায়েই। আজিও তাৰ ব্যতিক্ৰম নহ’ল। মনটো যে বৰ বিকৃত হৈ আহিছিল, সেইকথা হয়তো মোৰ মুখৰ প্ৰকাশভংগীতেই ফুটি উঠিছিল। ভাৱিলো, ছিটত বহি থকা মানুহবোৰৰ সমান যেন সৌভাগ্যৱান কোনো নাই, এই সময়ত। মনে মনে সদ্যজাত হিংসাৰ ভাৱ এটা মোৰ মুখমণ্ডলত বাৰুকৈয়ে ফুটি উঠিছিল ছাগৈ।  তেনেতে কাষৰ ছিটত বহি থকা মানুহ এজনে মোৰ মুখলৈ চাই তামিল-তামিল হাঁহি এটা মাৰিলে।  মানুহজনক ভালকৈ মন কৰিলো, বয়স চল্লিশোৰ্ধ, পিন্ধনত শুভ্ৰ-বসন। এইবাৰ মোৰ লক্ষীমপুৰীয়া অঁকৰা খং এটা উঠিল। চকু ঘোপা কৰি মানুহজনলৈ চাই পঠিয়ালো । তেখেতে হাঁহি হাঁহিয়েই মোক উদ্দেশ্যি প্ৰশ্ন কৰিলে।
—“আৰ্‌ ইউ নেপালী ?”
মূৰ বেয়া হৈ যোৱা প্ৰশ্ন। প্ৰায়েই এই প্ৰশ্নটোৰ সন্মুখীন হওঁ আৰু যেতিয়াই শুনো, তাঁৰ ছিগি যোৱা যেন অনুভৱ কৰোঁ। খঙেৰেই প্ৰত্যুত্তৰ দিলো ।
—“ন’, এম ফ্ৰ’ম ভূটান। ডু য়ু হেভ্‌ এনী প্ৰ’ৱলেম্‌ ?”
এইবাৰ মানুহজনে কিবা এটা চিন্তা কৰি হাঁহি হাঁহিয়েই ক’লে।
—“অ’হ্‌, ইট্‌ছ্‌ ছ’ নাইচ্‌ টু মিট্‌ য়ু। য়ু আৰ্‌ আৱাৰ্ গ্যেষ্ট্‌,  প্লিজ্‌ টেক্‌ দি ছিট্‌ ।”
এইবুলি মোক যথেষ্ট সন্মান সহকাৰে তেওঁ বহি থকাৰ পৰা থিয় হ’ল। ঘটনাটো কিবা সপোন সপোন যেন লাগি গ’ল হঠাতে। অগত্যা এটি মিঠা হাঁহিৰে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলো ।
—“ইট্‌ছ্‌ অ’কে। আই কেন্‌ মেনেজ্‌ । এনিৱে,  থেংক‍চ ফ’ৰ য়’ৰ হ’স্পিটেলিটি ।”
এইবুলি কাষৰে বেলেগ এটা চিটলৈ দৃষ্টি গ’ল । কনমানি এটাই মাকৰ কোলাৰ পৰাই সন্মুখৰফালে আঙুলী টোঁৱাই কিবা এটা সুধিছিল। মইও অনুসৰণ কৰিলো । দেখিলো তামিল ভাষাত কিবা লিখি থোৱা আছে। পুনৰ এবাৰ শৈশৱৰ বাচখনত লিখি থোৱা বাক্যশাৰীলৈ মনত পৰি গ’ল।
“আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ।”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments