আপোন সংস্কৃতিক আনৰ আগত উপস্থাপন কৰি পোৱা আনন্দ (নীলাম্বৰ বুঢ়াগোঁহাই)

Nilambar Buragohain 1

২০০৮ চনৰ নৱেম্বৰ মাহত দিল্লীৰ পৰা অসমলৈ বদলি হৈ গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিলো। অসমৰ বাহিৰত এঘাৰ-বাৰ বছৰ থকাৰ পিচত অসম পাই প্ৰথম মাঘবিহুটো হেপাহ পলুৱাই উদযাপন কৰিবলৈ মনটো উচপিচাই আছিল। থাকিবলৈ চৰকাৰী আৱাস পালো গেমচ্ ভিলেজত। প্ৰথম কেইমাহমানতে শ্ৰীমতীয়ে তেওঁৰ সহজাত স্বভাৱ অনুসৰি আমাৰ আৱাসিক ব্লকটোৰ পিছফালে চন পৰি থকা খালী ঠাইখিনিত লাই, লফা, বিলাহী আদিৰ খেতি আৰম্ভ কৰি দিলে আৰু জানুৱাৰী মাহত লাই, ধনীয়া পাত চিঙি আনি মাছৰ জোল খাব পৰা হ’ল।
শৰত কালৰ ৰ’দ কাঁচিয়লিত দুবৰিৰ আগত নিয়ৰ টোপালৰ জিলমিলনি দেখাৰ লগে লগেই আঘোণৰ পথাৰলৈ মনটো উৰা মাৰে। আঘোণৰ পথাৰত পেহী, খুৰীহঁতৰ লগত খোৱা কলপাতত বান্ধি নিয়া বৰা জলপান আৰু হুৰহুৰীয়া ৰবাবটেঙাৰ লগত কণজলকীয়া সানি খোৱা পাতখনলৈ মনত পৰে। লাই-মূলাৰ গোন্ধ পালেই ন’খোৱালৈ মনত পৰে। সেই অৱস্থা মোৰ সদায়েই হয় আৰু সেইবাৰো হৈছিল। মোৰ শ্ৰীমতীৰো হৈছিল। ন’খোৱালৈ যাব নোৱাৰিলোঁ। আঘোণৰ আমেজ লোৱাৰো সুবিধা নহ’ল। ভাবিলো মাঘবিহুকেই পাতোঁ।
সৰ্বভাৰতীয় চৰিত্ৰ বজাই ৰখাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্ম্মচাৰীৰ দায়িত্ব। সেয়ে আমি নতুন বছৰটো পালন কৰোঁ। নতুন বছৰ উদযাপনৰ দিনা ঘোষণা কৰিলোঁ, এই বাৰ সকলোৰে বাবে মাঘবিহু পাতিম। মোৰ ফালৰ পৰা সকলোলৈ নিমন্ত্ৰণ। তাৰিখ সেইমতে বুজাই দিলো। মাঘবিহুৰ উৰুকাৰ ভোজ বাদ দি মাত্ৰ মেজি জ্বলাবৰ বাবে সকলোকে আমন্ত্ৰণ জনালো, লগতে বিহু জলপান খাবলৈ।
উৰুকা বুলিলে মনটো কিয় ইচাট-বিচাট লাগে বুজি নেপাওঁ। মনত পৰে সৰু কালত ঘৰৰ ওচৰতে মেজিঘৰ সজাৰ কথা। পথাৰৰ পৰা ধানৰ নৰা আনি সৰুকৈ এটা মেজিঘৰ সাজিছিলোঁ। তাত আমি সৰু কেইটাই ৰাতি সাত/আঠ বজালৈকে থাকিব পাৰো ,কিন্তু ঘৰলৈ আহি ৯বজাত ভাত খাই শুব লাগে। অলপ ডাঙৰ হ’লত সমজুৱা মেজিঘৰলৈ যাবলৈ অনুমতি পালো। কি যে মজা ! প্ৰত্যেক ৰাতিয়েই এক প্ৰকাৰৰ ভোজভাত হয়। এটা নহয় এটা কুকুৰা বা হাঁহ ক’ৰবাৰ পৰা আহে। চুৰ কৰিয়েই হওক নাইবা কোনোবাই উপযাচি দিয়াই হওঁক, আহিবই। নতুনকৈ মেজিঘৰত প্ৰৱেশৰ অনুমতি পোৱা বয়ঃসন্ধিৰ দুৱাৰদলিত থকা চামৰ আনন্দ আকৌ এক নতুন পৃথিৱীত প্ৰৱেশ কৰাৰ, বহুতো নতুন কথা জনাৰ, যিখিনি কোনো পাঠ্যপুথিত পোৱা নেযায় আৰু পিতৃ মাতৃ বা শিক্ষকেও নিশিকায়। ইয়াৰ পিছত মাক বাপেকৰ সৰু ল’ৰাটো গহীন হয়, ডাঙৰ ডাঙৰ লগা হয়। আৰ্চীৰ আগত বহি ডাঢ়ি গজিলনে নাই বুলি বাৰে বাৰে চোৱা হয়। এয়া গ্ৰাম্যজীৱনৰ প্ৰভাৱ।
কলেজ শেষ কৰি বিশ্ববিদ্যালয়লৈ গলো। মাঘবিহুৰ বন্ধত ঘৰলৈ আহিলো। লগৰ সকলোকে লগ পোৱাৰ পিছত সিদ্ধান্ত হ’ল, মাঘ বিহুৰ ভোজ খাব লাগে। কথা মতে কাম। যিহেতু আমি সকলোৱে বিভিন্ন গাঁৱত থাকো, সেয়েহে সকলোৰে কেন্দ্ৰস্থল আমাৰ সৰু টাউনখনতে ভোজটো খাম। সেই ৰাতিটোৰ কথা মইতো নাপাহৰোৱেই, আমাৰ লগৰ কোনেও নাপাহৰে। সেই ৰাতি কিমান জেওৰা, আনকি চকী-টেবুল জ্বলিলে আৰু কিমান হাঁহ কুকুৰা পুৰি খোৱা হ’ল তাৰ হিচাপ আজিও কোনোৱে দিব নোৱাৰে। ওচৰতে থকা ক্লাবঘৰত ৰাতিপুৱাই জ্বলাবলৈ সজাই থোৱা অফিচাৰ্চ্ ক্লাবৰ মেজিটো কোনে ৰাতিয়েই জ্বলালে তাৰ সাক্ষী আজি আৰু নাই। হয়তো ইতিমধ্যে ঢুকাল। কোন দোকানৰ নামফলক কাৰ ঘৰত লাগিল, সেই হিচাপো কাৰো হাতত নাই কিজানি। মোৰ লগতো নাই। এইটো এক উদণ্ড মাঘবিহুৰ ৰূপ। এসময়ত এনে কাৰ্য ক্ষমাপ্ৰাৰ্থনীয় আছিল। আজি আৰু নাই। সেই উদণ্ডামি ভুল আছিল, এই কথা স্বীকাৰ কৰিবই লাগিব। কিন্তু সেই সমাজৰ সহনশীলতা আজি আৰু বিচাৰি লাভ নাই বা নাপায়।
মোৰ বিভাগটো সৰ্বভাৰতীয় হোৱা বাবে অসমত নিয়োজিত বেচি ভাগেই অনা-অসমীয়া। সেই সময়ত থকা বহুতৰে মাঘবিহুৰ বিষয়ে বিশেষ জ্ঞান নাছিল। এটা কথা জানিছিল যে ল’হৰি আৰু মাঘবিহু মকৰ সংক্ৰান্তিৰ দিনা পালন হয়। পহিলা মাঘত মেজি জ্বলোৱাৰ তাত্পৰ্য্য আৰু তাৰ লগত জা-জলপান খোৱাৰ অৰ্থ আৰু সেই জা-জলপানৰ বিশেষত্ব বিহুৰ দিনাহে বুজাব পাৰিছিলো।
বিভাগৰ বৰমূৰীয়া হোৱাৰ বাবে এক প্ৰকাৰৰ নিৰ্দেশ দিলো যে সকলোৱে যেন ৭ বজাৰ লগে লগে আবাসগৃহৰ কাষতে থকা মুকলি ঠাইখিনিত গা-পা ধুই একেলগ হয়। ইতিমধ্যে যৎকিঞ্চিৎ খৰি কাঠ গোটাই ৰাতিৰ ভিতৰত মোৰ সহকাৰী অসমীয়া জোৱান কেইজনৰ দ্বাৰা মেজিটো সজালোঁ। শ্ৰীমতীয়েও নিজ হাতে বিহুৰ পিঠাপনা, চিৰা-দৈ আদি সহকৰ্ম্মী সকলোলৈকে হোৱাকৈ তৈয়াৰ কৰি শেষ কৰিছিল। কোৱা মতেই কাম। আনদিনাতকৈ ৰাতিপুৱা সোনকালে উঠি শ্ৰীমতীয়ে গা-পা ধুই অনুষ্টুপীয়াকৈ সজা সৰু মেজিৰ সন্মুখত গৈ হাজিৰ। হাতত মৃতকৰ নামত আগবঢ়োৱা জা-জলপান লগতে মাহ-কড়াইৰ বাটি । ইতিমধ্যে সকলো গৈ পালেগৈ। মেজি জ্বলাবলৈ কিন্তু কোনো চেঙেলীয়া ডেকা নিবিচাৰিলো, কিয়নো কোনো নাছিল। সেয়েহে ময়ে জ্বলালো। মেজি জ্বলি উঠাৰ লগে লগে শ্ৰীমতীয়ে দুদিনমানৰ আগৰ পৰা তৈয়াৰ কৰা পিঠাপনা মৃতক আৰু অগ্নিদেৱতাক আহুতি দিয়াৰ পিছতে মাহ-কড়াই ছটিয়াই মাঙ্গলিক কাৰ্য্য সম্পন্ন কৰিলে। সকলোকে মাহ-কড়াই বিলাই দিয়া হ’ল অগ্নিদেৱতাক অৰ্পণ কৰিবলৈ। সকলোৱেই আন্তৰিকতাৰে সহযোগ কৰিলে। মাঙ্গলিক কামখিনি শেষ কৰি সকলোকে জা-জলপান গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। এই কাৰ্য দেখি সকলোৱে ক’লে; এয়া দেখোন তেওঁলোকৰ লহৰিৰে অন্য ৰূপ। সঁচা, ল’হৰি মাঘ বিহুৰ এদিন আগে পালন কৰে উত্তৰ ভাৰতত। বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, হিমাচল আদিত। অগ্নি পূজাৰ তাৎপৰ্য ঠাই বিশেষে বেলেগ।
মাঙ্গলিক কামখিনিতকৈ মাঘ বিহুৰ বিভিন্ন খাদ্য সামগ্ৰীৰ আনন্দ লৈ মোৰ সহকৰ্ম্মীসকলে কি আনন্দ ল’লে সেই বিষয়ে ক’ব খুজিছোঁ এই লিখনিত। শ্ৰীমতীয়ে নিজ হাতে প্রস্তুত কৰা তিলপিঠা, নাৰিকল পিঠা, বৰপিঠা, নাৰিকলৰ লাৰু, দৈ-চিৰা আৰু বিশেষকৈ চুঙা-চাউল খাই সকলোৱেই ভীষণ তৃপ্তি পালে। আগদিনাই প্রস্তুত কৰা বৰপিঠা ৰাতিপুৱালৈ অলপ লিকটিয়া হয়। কিন্তু সেই লিকটিয়া বৰপিঠা বা তেলদিয়া পিঠা খোৱাৰ আনন্দই বেলেগ। সহকৰ্ম্মীসকলে সেই আনন্দ উদৰ পূৰাই উপভোগ কৰিলে। চুঙা-চাউলৰ সোৱাদ বহুকেইজনে ল’লে জীৱনত প্ৰথমবাৰ। তিলপিঠা আৰু নাৰিকলৰ পিঠাৰ লগত প্ৰায় বহুতৰে চিনাকি হৈছিল। কিন্তু চুঙা-চাউল আৰু বৰপিঠা বা তেলদিয়া পিঠাৰ লগত প্ৰথম চিনাকি কৰাই দিলো। অসমীয়া সংস্কৃতিৰ ভোগালী বিহুৰ তাৎপৰ্য সকলোকে বুজাই দিলো। অসমীয়া কৃষিজীৱী সমাজখন সংস্কৃতিত যে ইমান চহকী এই কথা বুজাই দিব পাৰিলো অনুষ্টুপীয়াকৈ হ’লেও উদযাপন কৰা এই মাঘ বিহুৰ যোগেদি। সকলোৱে উদৰ পূৰাই দৈ-চিৰা, হুৰুম খালে। ভাল লাগিল নিজৰ সংস্কৃতিৰ বিষয়ে অৱগত কৰিব পাৰি।
অৱশ্যে পিছৰ বছৰৰ মাঘ বিহুৰ ৰাতিৰ ভোজটো সকলোকে খুৱালো। ভোজভাতৰ আনন্দ অলপ বেলেগ। কোনোৱে উপভোগ নকৰি নোৱাৰে। তাতে ভোজ ভাতত ফৌজি সংমিশ্ৰণ। কোনে বেয়া পাব?
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক