আফ্ৰিকাৰ লোকসাধু: মিছা কথা নোকোৱা মানুহজন(-ডা: গীতাৰ্থ বৰদলৈ)

এসময়ত মামদ নামৰ এজন জ্ঞানী মানুহ আছিল। তেওঁ কেতিয়াও মিছা কথা নকৈছিল। নগৰখনৰ মানুহৰ বাহিৰে শ শ যোজন আঁতৰত থকা মানুহবোৰেও তেওঁৰ এই গুণটোৰ কথা জানিছিল। 

ৰজাই মামদৰ কথা শুনিছিল যদিও কেতিয়াও দুয়োৰে দেখা-সাক্ষাৎ‍ হোৱা নাছিল। গতিকে ৰজাই এদিন মামদক ৰাজসভালৈ মাতি আনিবলৈ চন্তৰীসকলক নিৰ্দেশ দিলে। মামদ আহি পালত ৰজাই তেওঁলৈ চাই সুধিলে:

“মামদ, এইটো সঁচানে যে আপুনি কেতিয়াও মিছা কথা কোৱা নাই?” 

“হয় মহাৰাজ, এইটো সঁচা।”

“আৰু আপুনি জীৱনত কেতিয়াও মিছা কথা নক’ব?”

“মই সেই বিষয়ে নিশ্চিত।”

“বাৰু, সঁচা কথাই ক’ব, কিন্তু সাৱধান! মিছা বৰ ধূৰ্ত আৰু সি আপোনাৰ জিভাত কেতিয়া পাক লগাই ঠিক নাই।”

বহুদিন পাৰ হৈ গ’ল। ৰজাই মামদক আকৌ মাতি পঠিয়ালে। তেতিয়া ৰাজসভাৰ বাহিৰত বহুত মানুহ গোট খাই আছিল। ৰজা চিকাৰলৈ যাবলৈ ওলাইছিল। অস্ত্ৰ-বৰ্মৰে সজ্জিত ৰজাই ঘোঁৰাৰ লেকাম ধৰি আছিল আৰু তেওঁ বাওঁ ভৰিখন ৰিকাপিত (ভৰি দিবলৈ জিনৰ পৰা দুয়োকাষে ওলোমাই লোৱা লোৰ যতন) থৈছিল। তেওঁ মামদক আদেশ কৰিলে: “মোৰ প্ৰসাদলৈ যাওক আৰু ৰাণীক কওক যে মই তেওঁৰ লগত দুপৰীয়াৰ আহাৰ কৰিম। তেওঁক ভোজৰ প্ৰস্তুতি কৰিবলৈ কওক। আপুনিও মোৰ লগতে আহাৰ গ্ৰহণ কৰিব।”

মামদে মূৰ দোঁৱালে আৰু ৰাণীৰ ওচৰলৈ গ’ল। তাকে দেখি ৰজাই হাঁহি মাৰি ক’লে: “মই এতিয়া চিকাৰলৈ যাম আৰু মামদে ৰাণীৰ আগত মিছা মাতিব লগা হ’ব। কাইলৈ আমি তেওঁৰ মূৰ্খতা উদঙাই দিম।”

কিন্তু মামদো কম নাছিল। তেওঁ প্ৰসাদলৈ গৈ ৰাণীক ক’লে: “আপুনি আজি দুপৰীয়াৰৰ বাবে ভোজৰ প্ৰস্তুতি কৰিবও পাৰে, নকৰিবও পাৰে। মহাৰাজ দুপৰীয়াৰ আগতে ঘূৰি আহিবও পাৰে, নাহিবও পাৰে!”
“ভালদৰে কওকচোন, তেওঁ বাৰু আহিবনে?”– ৰাণীয়ে সুধিলে।
“মই নাজানো তেওঁৰ সোঁ ভৰিখন ৰিকাপিত থোৱা আছিল নে নাই, বা মই গুছি অহাৰ পিছত তেওঁ বাওঁ ভৰিখন মাটিত থৈছিলনে নাই!”

সকলোৱে ৰজাৰ বাবে অপেক্ষা কৰিলে। ৰজা পিছদিনা ঘূৰি আহি ৰাণীক ক’লে: “কেতিয়াও মিছা মাতি নোপোৱা মামদে কালি তোমাক মিছা কথা ক’লে।”

তেতিয়া ৰাণীয়ে ৰজাক মামদে কোৱা কথাখিনি ক’লে। ৰজাই উপলব্ধি কৰিলে যে মামদৰ দৰে জ্ঞানী পুৰুষক পথভ্ৰষ্ট কৰিবলৈ তেওঁ আৰু প্ৰয়াস নকৰাই ভাল। ৰজাই মামদক ৰাজসভালৈ মাতি ধন-সোণেৰে পুৰষ্কৃত কৰিলে আৰু আজীৱন তেওঁৰ বন্ধু হৈ থাকিল।

(মূল:ইণ্টাৰনেট উৎ‍স)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments