আবফা (উজ্জ্বল ফুকন)

আবফা
উজ্জ্বল ফুকন

“দাদা ভালনে? ক’ত আছে আজিকালি?” নাহৰে সুধিলে।

“হেৰৌ কোনে ফ’নাইছ কিবা খাই থকাৰ সময়ত কিয় ফ’ন কৰ?” গড়দেউ গৰগৰাই উঠিল।

“দাদা মই নাহৰ মানে নাহৰফুটুকি। আমি যে যোৱাবছৰ বানপানীৰ সময়ত বাগৰিত লগ পাইছিলোঁ মনত পৰিছেনে?” নাহৰে লাহেকৈ ক’লে।

“অ’ নাহৰ। মনত পৰিছে। তোক বানপানীত হৰিণা চুৰ কৰাৰ বাবে দঁতাল গজই কাণত ধৰাই থৈছিল যে!” গড়দেউে নাহৰৰ পুৰণা ঘাঁত হাত দিলে।

“এহ দাদা কিয়নো পুৰণা বেয়া দিনবোৰ মনত পেলাই দিয়ে। ভোকত থকাৰ বাবেই ভুল হৈছিল সেইদিনা। নহ’লেনো আপোনাৰ ৰাজ্যত সেইবোৰ কৰিব যাওঁনে?” নাহৰে লাজ লাজকৈ ক’লে।

“হেৰৌ কচুৱনিৰ মাজৰ পৰা ওলাই আহ। নেটৱৰ্ক প্রব্লেম তোৰ। কি নেটৱৰ্ক ব্যৱহাৰ কৰিছ। একো শুনা নাপায়। খেৰখেৰাই আছে।” গড়দেৱে চিঞৰি উঠিল।

“দাদা একেবাৰে সঁচা কথা কৈছে। মই মুকলিলৈ আহিছোঁ ৰ’ব। আগতে বাগৰিত থাকোঁতে ফেয়াৰটেইল ব্যৱহাৰ কৰিছিলোঁ। কিন্তু বানপানীত ম’বাইলটো উটি যোৱাৰ পিছত চৰকাৰৰ পৰাও একো সাহাৰ্য্য নাপালোঁ। উজনিৰ পৰা অহা নাইটচুপাৰ এখনৰ ওপৰত উঠি যেনে তেনে কামাখ্যা পালোঁহি। ইয়াত পিছে ফেয়াৰটেইলৰ নেটৱৰ্ক ভাল নহয়।” নাহৰে মুকলিলৈ ওলাই আহি ক’লে।

“অ, ময়ো বহুদিনৰ আগতেই গুৱাহাটিলৈ যোৱা। তেতিয়া মোক চিৰিয়াখানাত ৰাখিছিল। পিছে এদিন মোক আকৌ বাগৰিৰ নিজৰ ৰাজ্যত মেলি দিলে। মা এতিয়াও তাতে আছে। মাজে মাজে মিছ কল দিয়ে। মই কল কৰিব লাগে।” গড়দেৱে ‘মাক আৰু মৰম’ চিনেমাখন মনত পেলাই দূৰৰ পাহাৰটোৰ ফালে চাই পঠিয়ালে।

“অ, বৰমাক মই এবাৰ দেখিছিলোঁ তাত। মোকো ৰাখিছিল নহয় চিৰিয়াখানাত। কিন্তু সুযোগ বুজি এদিন পলাই আহিলোঁ বুজিছে দাদা। আৰু গজ দাৰ ভাল নে? বিয়া হোৱা খবৰটো পালোঁ।
বৌ নামবৰৰ বুলি শুনিলোঁ। কথাটো হয়নে?” নাহৰে গড়দেউক সুধিলে।

“অ, তই সেইটো খবৰ কেনেকৈ গম পালি।” গড়দেউৰ মাতত কৌতুহ’ল।

“আমাৰ খৰাক চিনি পায়নে? খৰা মানে আমাৰ খৰা শিয়াল। তাৰ পৰাই খবৰটো পালোঁ। সি নতুন নিউজ ছেনেল এটা খুলিছে ৰাইজৰ বাবে। গছৰ বাতৰিৰ বাবে মুখ্য বাতৰি পৰিবেশকৰ দায়িত্ব
হলৌ আৰু মলুৱাক দিয়া হৈছে। পানীৰ খবৰ ঘৰিয়াল দাই দি আছে। আকাশত চিলনী বাই আৰু শগুন দাই অহৰহ চকু ৰাখিছে। মাটিৰ খবৰৰ দায়িত্ব আমাৰ ভলুকাক দিছে। তামাম হিট মাৰিছে ছেনেলটো।
আৰু দাদা ২৪/৭ নিউজ। ৰাতিৰ বাতৰিৰ দায়িত্বত থকা ফেঁচাকাই বিকট ব্যস্ত আজিকালি।” নাহৰে উশাহ নসলোৱাকৈ কৈ গ’ল।

“বাহ!! বঢ়িয়া খবৰ। ছেনেল নম্বৰটো এছএমএছ কৰি দিবিছোন। খৰাই কিনো দেখুৱাই চাম।” গড়দেৱে গছত থকা কাউৰীকেইজনীক পিঠি খজুৱাবলৈ ইঙ্গিত দি কৈ গ’ল।

“ঠিক আছে দাদা মই ছেনেল নম্বৰটো এছএমএছ কৰি পঠিয়াই দিম দিয়ক। কালি মলুৱাই বিহু উপলক্ষে কুলি আৰু কেতেকীৰ সাক্ষাৎকাৰ লৈছিল। আপুনি মিছ কৰিলে। মই বাৰু খৰাক কৈ এটা ৰিপিট টেলিকাষ্ট কৰিব দিম।” নাহৰে ক’লে।

“অ হয় দে সিহঁত দুজনীক একেলগে বহুদিন দেখাই নাই। কবিছোন খৰাক আকৌ এবাৰ টেলিকাষ্ট কৰিবলৈ। আৰু ছেনেলটোৰ নাম কি থৈছে পিছে।” গড়দেউে সুধিলে।

“’অৰণ্য লাইভ’। শুনামতে বনমন্ত্রী হুছেইন ডাঙৰীয়াই পৰোক্ষভাবে খৰাক অৰ্থ সাহাৰ্য্য দি থাকে। আপুনি নক’ব কাকো মই কোৱা বুলি।” নাহৰৰ জিভা পিছল খোৱাটো সি নিজেই বুজি পালে।

“হব দে মই কাকো নকওঁ। মোৰ আৰু এতিয়া সেইটো কাম হে বাকী আছে মাইক লৈ চিঞৰি ফুৰিম খৰাই মন্ত্রী ডাঙৰীয়াৰ পৰা পইচা লৈছে বুলি। এইটো শুনিবলৈহে মই ইমানদিন কাজিৰঙাৰ
ৰজা হৈ আছিলোঁ।” গড়দেৱে খঙতে গৰগৰাই উঠিল।

“এহ নহয় দাদা মই কথাৰ কথাটোহে কৈছোঁ। কিন্তু কালি কুলি-কেতেকীৰ সাক্ষাৎকাৰত বৰ নতুন খবৰ এটা পালোঁ বুজিছেনে?” নাহৰে কথা সলনি কৰি ক’লে।

“কি খবৰ?” গড়দেৱে সুধিলে।

“আজিকালি দুয়োজনীৰ হেনো কামৰ অন্ত নাই। দুয়োজনীৰ বংশত সংখ্যা যিমানে কমি আহিছে সিহঁতৰ কামো সিমানে বাঢ়ি আহিছে। উজনিত ৰাতিয়ে দিনে পঞ্চাশজনী কুলি-কেতেকী লাগে। একেদৰে নামনি-মধ্য অসম আৰু পাৰ্বত্য জিলা কেইখনটো দুয়োজনীৰ চাহিদা বাঢ়ি গৈছে। সিহঁত ইমানেই ব্যস্ত বোলে কিছুমান নগৰৰ বিভিন্ন স্থানত একেজনী কুলিয়ে গান গাই ঘূৰি ফুৰে। মূৰ্খ মানুহবোৰে ভাবে বহাগ বুলি বহুত কুলি-কেতেকী ওলাইছে। হিঃ হিঃ হিঃ। পঞ্চাশজনী মানৰ আকৌ থ্রট ইনফেকছন হৈ পৰি আছে। বিহুৰ বতৰত সেইকেইটাৰ ইনকাম একেবাৰে শূন্য। কাফ চিৰাপ খাই আৰাম কৰিছে। আৰু আমাৰ অসম মুলুকৰ বাহিৰলৈও পঠোৱা হৈছে প্রায় পঞ্চাশজনী মান।
কিন্তু অনচাইট পাবলৈও ভাগ্য লাগে বোলে। ভিচা সহজতে পোৱা নাযায়।” নাহৰে নতুন খবৰ এটা দিলে গড়দেউক।

“বাহ!! কি ভাগ্য সিহঁতৰ। নতুন নতুন ঠাই চাবলৈ পায়। আমাৰ আৰু এইবোৰতেই জীৱন।” বাগৰিৰ বোকা পথাৰখন খচি খচি গড়দেৱে ভোৰভোৰালে।

“আৰু জানে দাদা সিহঁতৰ দুজনীমানে দিল্লী-বাঙ্গালোৰলৈ গান গাবলৈ গৈ ঘূৰিয়েই নাহিল। তাত বোলে বহুত সুবিধা। ইয়াৰদৰে প্রতিযোগিতা নাই আৰু নতুন কণ্ঠৰ মূল্য বুজি পায়। দুজনীমানে ধৰ্ম-জাত-কূল পাহৰি লোকেল হিৰ’ টাইপ চৰাইৰ লগত সংসাৰ তৰিছে।” নাহৰে অলপ খঙতেই ক’লে।

“জাতি-কুল-ধৰ্ম বাদ দিলে। সিহঁত বহু আগুৱাই গ’ল দেখোন। ভাল ভাল। মিলিব লাগে মিলাব লাগে বুলি বহুদিনৰ আগতে সুন্দৰবনৰ ঢেকিয়াপতীয়া এটাই নামবৰত হোৱা অখিল ভাৰতীয় বন্য প্রানী সন্মিলনত কৈছিল। পিছত গম পালোঁ সি নামবৰৰে অসমীয়া ঢেকিয়াপতীয়া এজনী বিয়া কৰাই লৈ গল। হিঃ হিঃ হিঃ।” গড়দেৱে কথাটো মনত পেলাই হাঁহি ৰখাব নোৱাৰা হ’ল।

“এহ ঢেকিয়াপতীয়াৰ কথা নক’ব দাদা। তাৰ কাৰণে মোৰ চকুত টোপনি নোহোৱা হৈছে। মোৰ ডাঙৰ ল’ৰাটোৱে মানাহৰ ঢেকিয়াপতীয়া এটাৰ ছোৱালীজনীৰ লগত অলপ দিনৰ পৰা পীৰিতি পীৰিতি খেলি আছে। কেতিয়া পলুৱাই আনে ঠিক নাই। মোৰ তাকে চিন্তা কৰি বৰ ভয় লাগিছে। ঢেকিয়াপতীয়া আমাৰ সকলোতকৈ শক্তিশালী। তাতে কাষ্টৰ প্রব্লেম। আপুনিটো জানেই নাহৰফুটুকি, লতামেকুৰী, ঢেকিয়াপতীয়া এই সকলোবোৰৰে কাষ্ট বেলেগ বেলেগ। পিছলৈ বৰ অথন্তৰ হব বুলি ভয় লাগিছে। ল’ৰা পোৱালীটোকো বুজালে নুবুজে। তাৰ যৌৱনৰ জুই বোলে ঢেকিৰ জীয়েকেহে নুমুৱাব পাৰিব।” নাহৰে নিজৰ দুখ বখানি ক’লে।

“সমাজৰ নিয়ম। সমাজখন লৈ সমাজৰ মাজতে আমি জীয়াই থাকিব লাগিব। কিন্তু তহঁতৰ মাজত যে ইমান ভেদ ভাব আছে মই জনাই নাছিলোঁ। তয়ো জানো কণামাকৰি এজনী পলুৱাই অনা নাছিলি।” গড়দেৱে সুধিলে।

“কণামাকৰি নহয় দাদা লতামেকুৰী।” নাহৰে শুধৰাই দিলে।

“অ লতামেকুৰি! পলুৱাই অনাটো তোৰ তেজতে আছে। সকলো ঠিক হৈ যাব দে। চিন্তা নাই। ঢেকিয়ে কিবা গণ্ডগোল কৰিলে ক’বি মই আৰু গজই তাৰ লগত কথা পাতিম। আমাৰহে ভাল দেউ একো জাত পাত নাই।” গড়দেৱে ক’লে।

“অশেষ ধন্যবাদ গড়দেউ। ঠিক কথা কৈছে। আপোনালোকে ইমান মিলা-প্রীতিকে থাকে কাৰণেই অসম চৰকাৰে আপোনালোকক জাতীয় পশু হিচাপে স্বীকৃতি দিছে।” ভক্তিত গদগদ হৈ নাহৰে ক’লে।

“আৰু এটা অনুৰোধ গড়দেউ, আপোনাৰ এটা সাক্ষাৎকাৰ ল’ব বিচাৰিছে আমাৰ ভলুকাই। কিন্তু আপোনাক সুধিবলৈ বৰ ভয় কৰে বাবে মোকে সুধিব কৈছিল।” নাহৰে গড়দেউক ক’লে।

“হব দে। আহিবলৈ ক’বি তাক। কিন্তু মাটিৰ সংবাদদাতা দেখোন তয়েই হ’ব পাৰিলিহেঁতেন।” গড়দেৱে কৌতুহ’লেৰে নাহৰক সুধিলে।

“এহ নক’ব দাদা মোৰ আজিকালি স্থায়ী ঠিকনা নোহোৱা হৈছে। আজি যদি কামাখ্যা, কাইলৈ মালিগাঁও আৰু পৰহিলৈ দেখিব গীতানগৰ পাহাৰত দৌৰি ফুৰিছোঁ। এক মিনিট শান্তিৰে শুব নোৱাৰোঁ বুজিছে। খোৱাবোৱাৰো কোনো সময় নাইকিয়া হৈছে। আমাৰ মাটিত এই মানুহমখাই অবৈধভাবে বহি এতিয়া আমাকে খেদি হানি-খুচি মাৰিব ধৰিছে। আমাৰে দুটামানে মৰসাহ কৰি মানুহে দপদপাই থকা গুৱাহাটীৰ শিলপুখুৰী অঞ্চল দখল কৰিবলৈ গৈছিল। কিন্তু যিদৰে হানি-খুচি পিঞ্জৰাত ভৰাই লৈ গ’ল মনত পৰিলেই সিহঁতক খাই শেষ কৰিব মন যায়। আমি সিহঁতৰ ভাষাত বুজাব নোৱাৰো বাবে আমাক খেদি খেদি মাৰে কিন্তু বাংলাদেশৰপৰা অহা বিদেশীবোৰক তেনেকৈ খেদিব পাৰিবনে? আৰু আজিকালি বোন্দা মেকুৰী, জহামাল আদিকো বাঘ বুলি মাৰিবলৈ আৰম্ভ কৰিছে। কালি দুজন বয়সিয়াল বোন্দা আৰু জহামালে বাটত লগ পাই দুখ প্রকাশ কৰিছে আৰু পৰোক্ষভাবে আমাকে জগৰীয়া কৰিছে। ইজ্জত শেষ কৰি পেলালে বুজিছে এই মানুহমখাই। মোৰ ককাদেউতাই কৈছিল একালত কোনোবা বিদেশী কবিয়ে আমাক লৈ কবিতা লিখিছিল আৰু আজি আমাৰ অৱস্থা চাওক। অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ কৰিব লগা হৈছে।” নাহৰ খঙত ফোপাই উঠিল।

“শান্ত হ নাহৰ। মই আৰু গজই গোটেই জীৱনজুৰি চোৰাং চিকাৰীবোৰৰ লগত যুঁজি আহিছোঁ। মোৰ খৰ্গ বা গজৰ দাঁত কাটি আধামৰা কৰি পেলাই থৈ যায়। সেইবুলি আমি ভয় কৰিছোঁ নেকি সিহঁতক।
আমি ভূমিপুত্র এইখন অসমৰ” গড়দেৱে হুঙ্কাৰ দি ক’লে।

“হয় গড়দেউ, আমাক শান্তি লাগে। আমাক নিৰাপত্তা লাগে আৰু পৃথক ৰাজ্য লাগে। আৰু সকলোতকৈ ডাঙৰ কথা আমাক ভূমি পট্টা লাগে। সকলোকে পৰিচয় পত্র লাগে। আপোনাৰ নেতৃত্বত এটা চৰম আন্দোলন লাগে আমাক।” নাহৰে উৎসাহত ফোনতে চিঞৰি উঠিল।

“তই মোৰ ইয়ালৈ আহিব পাৰিবি নেকি অলপদিনৰ কাৰণে” গড়দেৱে সুধিলে নাহৰক।

“দুটা হৰিণা খোৱাৰ বাট গড়দেউ। মোক দুদিনমান লাগিব। আহিম বাৰু।” নাহৰে ক’লে।

“ময়ো এটা কথা ভাবি আছোঁ। এইবাৰ কাজিৰঙাত হ’বলগীয়া সদৌ অসম বন্যপ্রাণী সন্মিলনৰ গ্রীষ্মকালীন অধিবেশনত মই প্রস্তাৱ ৰাখিম। চাওঁচোন কিমানে সমৰ্থন কৰে। এখন প্রীতি ফুটবলৰো আয়োজন কৰিম যাতে বিভিন্ন অৰণ্যৰ বন্যপ্রানীৰ মাজত একতা অটুঁত থাকে।” গড়দেৱে দৃঢ় কণ্ঠেৰে ক’লে।

“বঢ়িয়া। কিন্তু ফুটবলত খেলত মিড-ফিল্ডাৰ কেৰেলুৱাক নল’ব। যোৱাবাৰ সি খেলৰ আগতে জোতা পিন্ধিবলৈ গৈ আধাবেলা পাৰ হৈ গ’ল। আমি সকলো আপোনাৰ লগত আছোঁ। তেজ দিম কিন্তু মাটি নিদিওঁ। মই আজিয়েই প্রচাৰপত্র তৈয়াৰ কৰি বিভিন্ন বন অৰণ্যলৈ পাৰ চৰাইক পঠিয়াই দিম।” নাহৰে ক’লে।

“বঢ়িয়া পিছে দলৰ নামটো কি দিয়া হব?” গড়দেৱে সুধিলে।

“ইউনাইটেড বন্যপ্রানী ফ্রণ্ট অব আচাম (UBFA)। মই ফেচবুকত গ্রুপ এটা বনাই সকলোকে এড কৰি আছোঁ। আপুনি উদেশ্য বাখ্যা কৰি এটা পষ্ট কৰি দিব।” নাহৰে ক’লে।

“ঠিক আছে। পিছত কথা হ’ম ভালকৈ। বাই।” মুখৰ ভিতৰতে দলৰ নামটো উচ্চাৰণ কৰি গড়দেউৰ চকুদুটা জিলিকি উঠিল।

“বাই গড়দেউ। টেক কেয়াৰ।” নাহৰে ক’লে।

পাঁচ মিনিটৰ পিছতে খৰাই ‘অৰণ্য লাইভত চিঞৰি তাল ফাল লগাবলৈ ধৰিলে।
“আকৌ এটা নতুন আঞ্চলিক দলৰ জন্ম। ইউনাইটেড বন্যপ্রানী ফ্রণ্ট অব আচাম (UBFA)। সম্পূৰ্ণ বাতৰিৰ বাবে অপেক্ষা কৰক ৭ বজাৰ বাতৰিলৈ।”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক