আবফা – ২ ( উজ্জ্বল ফুকন)

মলুৱা কাষে কাষে আহি আছে। যিমান পাৰে ইটো সিটো বুজাই গৈছে। বিভিন্ন বাতৰি কাকতৰ সংবাদদাতা পাতি-হাঁহ কেইজনী লচপচকৈ পিছে পিছে আগবাঢ়িছে। সিহঁতৰ অহৰহ প্ৰশ্ন নিক্ষেপ। উত্তৰ দিছে নে নাই তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। সেইকেইজনীৰ প্ৰতাপত ৰাজহাঁহ কেইটাই একো প্ৰশ্ন সুধিব পৰা নাই।

“প্লিজ, ধাক্কা নিদিব। মহিলাক সন্মান কৰিব শিকক প্ৰথমতে তাৰপিছত সংবাদদাতা হ’ব।” পাতিহাঁহ এজনীৰ ডাইল’গটো শুনি ৰাজহাঁহ কেইটা সেইখিনিৰ পৰা আঁতৰি আহিল।

“এই কেইজনী দেখাত এঙাৰলতা আৰু নিজকে আঙুৰলতা বুলি ভাবে। উত্তৰকেইটা শুনিবলৈও শান্তি নিদিয়ে, প্ৰশ্ন সুধিবলৈতো বাদেই দিলোঁ।” এটা ৰাজহাঁহে পাতিহাঁহ কেইজনীলৈ চাই ক’লে।

“বাদ দে উত্তৰ। প্ৰশ্নটো আমাৰ আছেই। উত্তৰো সিহঁততকৈ আগতেই জানো।” বহু বছৰৰপৰা সংবাদ পৰিৱেশন কৰি অহা অভিজ্ঞ ৰাজহাঁহ এটাই ক’লে।

“কিন্তু কেনেকৈ? দাদা, অলপ বুজাই দিয়ক।” নতুনকৈ সাংবাদিকৰ জগতখনত জঁপিয়াই পৰা কমবয়সীয়া ৰাজহাঁহ এটাই সুধিলে। তাৰ চকুত অপাৰ আশা। সি যেন বুঢ়াই ১০ বছৰত শিকা কথাবোৰ এদিনতে শিকিব!
চাধা এপালি ওখ ডিঙিটোৰ ওপৰত বহি থকা মুখখনলৈ দলিয়াই বুঢ়াই পেন্দুকণালৈ চালে। এনে লাগিল যেন গব্বৰে কালিয়ালৈ চাইছে। বুঢ়াই ক’লে, “প্ৰশ্ন কি হ’ব কচোন?”

“আপুনি কি ভাবে আমাৰ সমস্যাবোৰৰ বিষয়ে? বিদেশী প্ৰৱজন সমস্যা? বানপানী সমস্যা? বা স্বাস্থ্য, কৃষি আদিত থকা সমস্যা।” আৰু নক’লেও হ’ব তেওঁ কি উত্তৰ দিব।

“কি?” পেন্দুকণাই কাণখন আগবঢ়াই সুধিলে।

বুঢ়াই তালৈ চাই মিচিকিয়া হাঁহি মাৰি মনে মনে ভাবিলে, “তোক যদি সকলো কৈ দিও মই কি বাতৰি দিম।”
মুখৰ হাঁহিটো শেষেই নহ’ল হেডফ’নটোত মাত এটা ভাহি আহিল “নিশ্চিতভাৱে আমিয়েই প্ৰথম চেনেল যি আপোনালোকক দেখুৱাম লাইভ। আমাৰ সংবাদদাতা ইতিমধ্যে সেই ঠাইত উপস্থিত হৈছে। জিতেন বৰা আপুনি শুনিছেনে? মই ষ্টুডিঅ’ৰ পৰা জহামাল হুছেইনে কৈছোঁ। আপুনি সবিশেষ কওক বৰ্তমান কেনে পৰিস্থিতি তাত।”

জিতেন নামৰ ৰাজহাঁহটোৱে এইবাৰ ডিঙিটো আৰু অলপ দীঘলকৈ মেলি কেমেৰা ধৰি থকা কেৰ্কেটুৱাক আগে আগে গৈ থকা জুমটোৰ ফালে দেখুৱাবলৈ ক’লে। “হয় জহামাল, এয়া আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ গীৰ অভয়াৰণ্যৰ ৰজাই দ্ৰুতগতিৰে আগবাঢ়ি গৈ আছে আবফাৰ বাৰ্ষিক অধিৱেশনৰ ফালে। তেওঁ এইবাৰৰ অধিৱেশনৰ মুখ্য অতিথি। তেওঁৰ আগমণক লৈ সমূহ বন্যপ্ৰাণীৰ মাজত তুমুল উৎকণ্ঠা দেখা গৈছে। তেওঁৰ জনপ্ৰিয়তাৰ বিষয়ে আমাৰ নতুনকৈ ক’বলগীয়া একো নাই। জহামাল।” জিতেন বুঢ়াই শেষ কৰিলে।

“নিশ্চিতভাৱে, আমি তেওঁৰ প্ৰতিটো মুভ প্ৰতিটো খোজৰ নজৰ ৰাখিম। আপোনাৰ ওচৰলৈ পিছত আমি আকৌ ঘূৰি আহিম ।” জহামালে ষ্টুডিঅ’ৰ পৰা মাত দিলে।

পেন্দুকণাৰ চকুত শ্ৰদ্ধাৰ ভাৱ। জিতেনৰ মূৰটোৱে যেন এতিয়া আকাশ চুবগৈ।

“য়েচ কু-কে। হোৱেৰ আৰ ইউ? মলু হিয়েৰ।” মলুৱাই ইংৰাজীত কথা পাতি গীৰৰ লায়ন দাক ইম্প্ৰেচ কৰিব চেষ্টা চলালে। লায়ন দাই তালৈ কেৰাহিকৈ চালে।

“জাষ্ট হল্ড অন কু-কে। ৱি ক্ৰচ জখলাবন্ধা। আনাদাৰ ৩০ মিনিটচ টু বাগৰি চাৰ।” মলুৱাই লায়নদা লৈ চাই সম্ভ্ৰমেৰে ক’লে।

“মই তহঁতৰ এজনীৰো মাত শুনা নাই যে? কোনো নাই নেকি দিনৰ চিফটত? ” মলুৱাই ফুচফুচাই সুধিলে কু-কেক মানে কুলি কেতেকীক।

“আছে আছে। কিন্তু আমি আমনি, জখলাবন্ধা এইবোৰত গান নাগাওঁ আজিকালি। তাত এনেও কেছেট ৰাতিয়ে দিনে বাজি থাকে। বিহু প্ৰায় ছমাহ মান চলে। আমাৰ কাম নাই । জখলাবন্ধা পাৰ হ’ল যেতিয়া আপুনি শুনিব আমাৰ মাত। ‘কু-উ-উ-উ-উ কু-উ-উ-উ…..মই কেতেকী” দুয়োজনীয়ে একেলগে ফ’নতে চিঞৰিব ধৰিলে। মলুৱাৰ কণামাকৰিয়ে ভিতৰত আন্দোলন কৰি পৰ্দা ফালোঁ ফালোঁ কৰিলে। “অই হ’ব।” আৰু বাকী উজনি নামনিত কেনে চলিছে? ক’ভাৰ কৰিব পাৰিছ নে?” মলুৱাই সুধিলে।

“এইখন চৰকাৰৰ দিনত আমাৰ একো টেনশ্যন নাই। বিশ্ব হিন্দু পৰিষদে কৈছে শুনা নাই জানো ‘যিমান পাৰে সিমান সন্তান জনম দিয়ক”। আমি সেইটো কামত সহায় কৰিছোঁ চৰকাৰক। আমি আশাবাদী আৰু ২-৩ বছৰৰ পিছত আমাৰ সংখ্যা পঁইতা-চোৰাৰ দৰে হ’ব” কুলিয়ে ক’লে। “পঁইতা নহয় কুলি বাংলাদেশীৰ দৰে হ’ব” কেতেকীয়ে মাত দিলে।

“কিন্তু তহঁত দুজনীনো কোন ফালৰ পৰা হিন্দু? মানে বৰ্ণ হিন্দু নে অ-বৰ্ণ হিন্দু?” মলুৱাই চানগ্লাচযোৰ ভালকৈ পিন্ধি সুধিলে।

“আমি কৰ্ণ – হিন্দু। কাৰণ আমি কাণত আক্ৰমণ কৰোঁ।” কেতেকীৰ উত্তৰ। উত্তৰ শুনি কুলিয়ে হাঁহিত ৰ’ব নোৱাৰা হ’ল।

হঠাৎ দ্ৰুতগতিৰে গৈ থকা লায়ন দা ৰৈ দিলে। মলুৱাইও আগঠেংদুটা ডিস্ক ব্ৰেকৰ দৰে ব্যৱহাৰ কৰি যেনেতেনে ৰ’ল।

“হোৱাট হেপেনড চাৰ। ক্যা হুৱা?” মলুৱাই লায়ন দাক সুধিলে।

“ৱৌ লৌগ ক্যা কৰ ৰহা হে।” লায়ন দাই হাতখনেৰে জুৰিটোৰ পিনে দেখুৱালে।
দূৰত এজনী ডাঙৰ বগলী আৰু এজাক মান পোৱালি বগলী নিজৰাটোৰ মাজত মাছ ধৰি আছে। কাষত এজাক মাছৰোকাই সিহঁতৰ পিনে তধা লাগি চাই আছে। বগলীজাকৰ সকলোৰে চকুত কাপোৰ বন্ধা আছে কিন্তু তথাপিও সিহঁতে আৰামত মাছ ধৰি আছে।

“ৱৌ লৌগ ট্ৰেইনিং লে ৰহা হে চাৰ। আজ কাল ২-৩ দিন কা ট্ৰেইনিং হৌ ৰহা হে। ৱৌ বড়া বগুলা হে না… বগুলা ঠিক বৌলা না?” শেষৰ শাৰীটো মলুৱাই কেমেৰা ধৰি থকা কেৰ্কেটুৱাক সুধিলে।

“ঠিক আছে। ন’হলে বড়া চফেদ চিড়িয়া বুলি কওক।” কেৰ্কেটুৱাই ক’লে।

লায়ন দাই সিহঁতে ফুচফুচাই থকা দেখি আকৌ সুধিলে “কৌন চা ট্ৰেইনিং?”

“হামাৰা জহামাল দা নে টিভি মে ইণ্টাৰভিউ লিয়া থা। ছৌটা ছৌটা বচ্ছা চিড়িয়া আখৌ মে পট্টি বান্ধ কে ক্যা মচ্ছলী পকড়তা হে। হাম লৌগ ভি তধা লগ গয়া থা” মলুৱাই ক’লে।

“ক্যা লগ গয়া থা?” লায়ন দাই সুধিলে।

মলুৱাই কেৰ্কেটুৱালৈ আশাৰে চালে।

“ৰ’ লগ গয়া হ’ব নেকি?” কেৰ্কেটুৱাৰ মুখতো সন্দেহ।

গুবৰুৱা এটা উৰি আহি মলুৱাৰ কানত কৈ গ’ল,  “হেৰাণ হৌ গয়া থা বুলি কওক।”

মলুৱাৰ মুখত যেন এইবাৰ হে পানী আহিল । “পেহলি বাৰ দেখকে হাম ভি হেৰাণ হৌ গয়ে থে।”
লায়ন দাই মাফলাৰখনৰ আঁৰত মিচিকিয়া হাঁহি এটা মাৰিলে।

এইবাৰ শহাপহু কেইটামান সিহঁতৰ আগেদি পাৰ হৈ গ’ল। সিহঁতৰ মূৰৰ পিছপিনে নিগনিৰ নেজৰ দৰে কিবা এডাল থকা যেন লাগিল।

লায়ন দাই আকৌ সুধিলে “য়ে তৌ খৰগৌছ জেইচা হে। লেকিন মাথে পে ক্যা হে? য়ে কুছ অলগ টাইপ কা খৰগৌছ হে ক্যা? চিৰ্ফ আচাম মে মিলতা হৌগা চায়দ।”

মলুৱাই এইবাৰ হাঁহি হাঁহি ক’লে “নহি চাৰ জী, য়ে ‘তিল পণ্ডিত’ কা ফৌলৌৱাৰ হে। ‘তিল পণ্ডিত’ কৌ পিৰামিড টেবুল ভি য়াদ হে। “

“পিৰামিড নেহি ‘পিৰিয়ডিক টেবুল'” এটা শহাপহুৱে মলুৱালৈ চাই কৈ গ’ল।

তাৰ কথাত ইমান মন নিদি মলুৱাই কৈ গ’ল “য়ে খৰগৌছ লৌগ ভি ওচে ফৌলৌ কৰতা হে চায়দ। চুহে লৌগ আপনা পুছ কা থৌড়া বেচ কে বিজনেছ কৰ ৰহা হে। অঔৰ য়ে লৌগ ওচিকৌ মাথে পে লগাকে ‘তিল’ পণ্ডিত’ কা ভাই চমঝতা হে। বুৰ্বক খৰগৌছ। য়ে ভি হামাৰা জহামাল দা কা প্ৰ’গ্ৰাম কা কামাল হে।”

তিল’ শব্দটো শুনাৰ লগে লগে বুঢ়া হলৌ বান্দৰ এটাই বিহু আৰম্ভ কৰিয়েই দিলে “তিল’ – লটি – তিল’ – লটি – তিল–” তাৰ লগত অহা বাকি কেইটা হলৌৱে পিছপিনটো ঘূৰাই ঘূৰাই নচাত লাগি গ’ল। এই বুঢ়াটো কুম্ভকৰ্ণৰ দৰে । কুম্ভকৰ্ণই যেনেকৈ ছমাহ সাৰে থাকে ই তেনেকৈ ছমাহ বিহু গায়।

পুহত আৰম্ভ কৰে আৰু আহাৰৰ বিহু উটুৱনি উৎসৱলৈ বিহু গাই থাকে। বছৰৰ বাকি কেইমাহ ই কি কৰে বা ক’ত থাকে কোনেও নাজানে। বিহুৰ চিজনত এই হলৌ বুঢ়া জহামালৰো ফেভাৰিট। মলুৱাই তালৈ ইঙ্গিতেৰে মনে মনে থাকিবলৈ ক’লে। হলৌ দলটোৱে বৰ ভাল নাপালে যদিও মনে মনে থাকিল।

“পতা নেহি। আচাম তৌ পেহলে চে হি ভূত প্ৰেত কা দেচ হে। মাইবং বৌলকে এক জগহ ভি হে না। চুনা হু ৱহা লৌগ ভূত পালতে হে। চছ হে ক্যা? ” লায়ন দাই হলৌ দলটোক ইমান পাট্টা নি দি সুধিলে।

“মায়বং নহি মায়ং। আজ কল চিৰ্ফ নাম কা জগহ হে। লেকিন ভূত প্ৰেত , ডাইনী, জ্যোতিষ য়ে সব মায়ং মে নহি জহামাল দা কে নিউজ চেনেল মে মিলতা হে। চভিন ভূত ওচকৌ মিছ কল দেকে আপনা প্ৰ’গ্ৰেম ষ্টাৰ্ট কৰতা হে। অঔৰ জহামাল দা ওচকৌ লাইভ দিখাতা হে।” মলুৱাই ক’লে।

“য়ে জহামাল তৌ বহত উচি খিলাড়ী লগতা হে।” লায়ন দাই ক’লে।

“য়ে দিল্লী কা লাড্ডু হে । ইচকা প্ৰগ্ৰাম নহি দেখৌগে তৌ লৌগ ব’লেগা ‘ক্যা দিখায়া থা আজ!! তুঝে ভি দেখনা চাহিয়ে থা। অঔৰ খুদ দেখ লিয়া তৌ আপ বোলেঙ্গে দৌষ্টৌ কৌ ‘ক্যা দিখায়া থা আজ!”

হঠাৎ নল গাহৰি দুটামানে দাং পেলাই আগ ভেটি ধৰিলেহি গোটেইজাকক। “চান্দা দিয়ক অধিৱেশনৰ বাবে ন’হলে বাট এৰি নিদিওঁ।” এটা গাহৰিয়ে দাত কেইটা চাফা কৰি কৰি ক’লে।

“অই মূৰখোৱাহত, অধিৱেশনৰ মুখ্য অতিথিক চিনি নাপাৱ?” দঁতাল গজই শুৰেৰে কাণতলীয়া চৰ দি গাহৰিটোক ক’লে।

খকমক কৰি গোটেই কেইটাই বাট এৰি দিলে।

দূৰৰ পৰা মঞ্চত গঁড়কাই আৰু নাহৰ বহি থকা দেখা গ’ল। ম’ৰা চৰাই দুটামানে দুয়োকে বিচি আছে। মাজে মাজে ধনেশ চৰাই দুটাই ঠোঁটত পানী আনি সিহঁতৰ মুখত বাকি দিছে।

“গঁড়কাই , এই বেলেগ ৰাজ্যৰ বনৰজাক কিয় মাতিলেনো এইবাৰ?” নাহৰে সুধিলে। সি পেটে পেটে লায়নক বৰ ভাল নাপায়।

“দেখা নাই দিল্লীত এখন মাফলাৰে কিমান কি কৰি দেখুৱালে। আমাৰ লায়নৰ বাহিৰে কাৰ মাফলাৰ আছে। আৰু সি কথা ক’লে বোলে মাজে মাজে কাহ এটাও মাৰে। ৰাইজৰ সহানুভূতি কেনেকৈ আদায় কৰিব পাৰি এইবোৰ টিপচ শিকিবলৈ তাক মাতিছোঁ।” গঁড়কায়ে ক’লে।

“পিছে ৰাইজৰ সহানুভূতি পাবলৈ আমি থাকিম জানো। মাহেকত আপোনালোকৰ দুটাকৈ মৰি আছে। তথাপিও সহানুভূতি নাই ৰাইজৰ। আমাৰ থাকিবলৈ ঠাই নাই। বাটে – ঘাটে দৌৰি ফুৰিছোঁ।” নাহৰে ক’লে।

গঁড়কায়ে তাৰ কথা শুনি মাথো খৰ্গ উঠা নমা কৰি সন্মতি জনালে। কিন্তু তেওঁৰ মনত তেতিয়া বেলেগ কিছুমান চিন্তা হে ভ্ৰমি ফুৰিছিল। অধিৱেশনলৈ অহা বিভিন্ন অৰণ্যৰ বিভিন্নজন হামিয়াই হিকটিয়াই বহি আছে। ওৰাং, পবিতৰাৰ বন গাহৰি আৰু বনৰীয়া ম’হ কেইটাই কেইবাবাৰো আহি গড়কাইক আপত্তি কৰি গৈছেহি। সিহঁতক বোলে মানাহৰ ঢেকিয়াপতিয়া কেইটাই বৰ লুভীয়া দৃষ্টিৰে চাই আছে। হৰিণাবোৰৰো একে দশা। সিহঁতৰ আকৌ মুখ্য অতিথিলৈহে বেছি ভয়। ডিব্ৰু-চৈখোৱাৰ গঙা চিলনীকে আদি কৰি কেইবাজনী চৰাইৰ দাবী ‘সোনকালে অধিৱেশন শেষ কৰিব লাগে। ৰাতিপুৱাৰ আগতেই সিহঁত গৈ ঘৰ পালে ভাল হয়। মাকে হেনো দঢ়াই দঢ়াই কৈ পঠিয়াইছে সাংস্কৃতিক সন্ধিয়া, অধিৱেশন আদিত ১২ বজাৰ পিছলৈ থাকিব নালাগে। দিনৰ শিয়াল ৰাতি সিংহ হয়’।

উদ্যোক্তা হিচাপে গঁড়কায়েও জহামালৰ নিউজ চেনেলত প্ৰতিশ্ৰুতি দি থৈছে যে ১২ বজাৰ আগতে সকলো সভা ভঙ্গ হব। কিন্তু এতিয়া দেখোন চাৰে এঘাৰ হ’ল।

কথাবোৰ চিন্তা কৰি থাকোতে দূৰত লায়নক আহি থকা দেখি গড়কাইৰ মুখলৈ পানী আহিল।

খৰ্গত গামোচা এখন লৈ লায়নক আদৰিবলৈ গঁড়কাই আগবাঢ়ি গ’ল।

“আদৰণি জনাইছোঁ আমাৰ অধিৱেশনলৈ।” গঁড়কায়ে লায়নৰ ডিঙিত গামোচা খান আৰি ক’লে। ইতিমধ্যে একেলগে ২০ জনীমান কুলিয়ে একেলগে উৰুলি দি টোপনিয়াই থকা সকলোকে মুখ্য অতিথি অহাৰ বতৰা দিলে।
সময় নষ্ট নকৰি গঁড়কায়ে লায়নক সমূহ জীৱ কূলৰ সমস্যা আৰু তাৰ প্ৰতিকাৰৰ বাবে দুআষাৰ ক’বলৈ আহ্বান জনালে।

লায়ন দাই মঞ্চৰ পিছপিনে আৰি থোৱা বেনাৰখনলৈ চালে ‘ইউনাইটেড বন্যপ্ৰাণী ফ্রন্ট অব আচাম (UBFA) তৃতীয় বাৰ্ষিক অধিৱেশন’। এইবাৰ লায়ন দাই সন্মুখত বহি থকা ৰাইজলৈ চাই সুধিলে “আমি কোন?”

“প্ৰশ্নটো শুনি আচৰিত হৈছে নিশ্চয়। আৰু তাতোকৈ আচৰিত হৈছে চাগৈ মই অসমীয়াত কথা কোৱাৰ বাবে”।

সকলোৰে টোপনি ইতিমধ্যে ভাঙি গৈছিল। সকলোতকৈ আচৰিত হৈছিল গোটেই পথচোৱা ইংৰাজী আৰু হিন্দীত কথা পাতি অহা মলুৱা। মাইকী নাহৰফুটুকী কেইজনীমান লায়ন দাৰ ৰূপত ইতিমধ্যে বলিয়া হৈছিল।
সকলোৰে অবাক লাগি থকা মুখমণ্ডললৈ চাই লায়ন দাই ক’লে “অসমৰ চিৰিয়াখানাতে মোৰ জন্ম। সেয়েহে মাতৃভাষা অসমীয়াই হয়। কিন্তু মোক যদি কোনোবাই সোধে ‘মই কোন?’, তেন্তে মোৰ এটাই উত্তৰ ‘মই সিংহ’।”
মই আপোনাক সুধিছোঁ গঁড়কাই “আপুনি কোন?” লায়ন দাই গঁড়কাইক সুধিলে।

গঁড়কায়ে কি ক’ম ভাবি থাকোঁতেই লায়ন দাই আকৌ ক’লে “আপুনি চাগৈ ভাবিছে মই গঁড় প্ৰথমতে নে অসমীয়া প্ৰথমতে। আপোনাৰ কথা অলপ বেলেগ। আপুনি ক’ব পাৰে অসমীয়া বুলি। কাৰণ অসমৰ বাহিৰত আপোনাৰ অস্তিত্ব মাথোঁ চিৰিয়াখানাতহে। অসম মানে কাজিৰঙা, মানাহ , পবিতৰা আদি থকালৈ আপুনিও থাকিব। কিন্তু তথাপি মই কওঁ নিজকে গঁড় বুলি পৰিচয় দিবলৈ শিকক। সেই ধুনীয়া ঢেঁকিয়াপতিয়া কেইজনীলৈ চাওকচোন।” লায়ন দাই আঙুলিয়াই দেখুৱালে।

ঢেঁকিয়াপতিয়া কেইজনী ইতিমধ্যে লাজত মৰি যোৱা যেন হ’ল। মাফলাৰৰ ফাঁকেৰে মিচিকিয়া হাঁহি এটা মাৰি লায়ন দাই আকৌ আৰম্ভ কৰিলে “এওঁলোকৰ কথা আপুনি কি ক’ব? অসম, পশ্চিমবঙ্গ, বাংলাদেশ, ভূটান সকলোতে পোৱা যাই এওঁলোকক।”

গঁড়কাইৰ ফালৰ পৰা একো উত্তৰ নাহিল। মলুৱাই লাহেকৈ ক’লে “আমিও NRCত নাম ভৰাই থওঁ নেকি?”
লায়ন দাই তাৰ কথাত বিশেষ সঁহাৰি নিদি আকৌ ক’ব ধৰিলে “আমি অসমীয়া নহয়। আমি ভাৰতীয়ও নহয়। আমি বাংলাদেশী বা ভূটীয়াও নহয়। মই এটা সিংহ আৰু আপুনি এটা গঁড়। মানুহে এইবোৰ সীমা বান্ধি দিছে। আমি বন্ধা নাই। ভূটানৰ ঢেঁকিয়াপতিয়াটো আৰু অসমৰটোৰ মাজত মই একো পাৰ্থক্য দেখা নাপাওঁ। আমি মানুহৰ পথ অনুসৰণ কৰাৰ প্ৰয়োজন নাই। আমি সিহঁতৰ বাবে হিংস্ৰ বন্য পশু আৰু আমাৰ সিহঁতৰ প্ৰতি ব্যৱহাৰো ঠিক তেনেকুৱাই হব লাগে। মই মাংসাহাৰী জীৱ। মই যদি হৰিণা এজনী ভক্ষণ কৰো সেয়া মোৰ অধিকাৰ” লায়ন দাই হৰিণা কেইজনীলৈ চাই ক’লে।

হৰিণা কেইজনীয়ে অসহায় দৃষ্টিৰে গঁড়কাইলৈ চালে। গঁড়কায়ে চকু দুটা পিৰিকিয়াই ভয় নাখাবলৈ আশ্বাস দিলে।

লায়ন দাই হাঁহি হাঁহি ক’লে “আমি খোৱাত আপত্তি হ’ব নালাগে। সেয়া অৰণ্যৰ নিয়ম। বছৰ বছৰ ধৰি চলি আহিছে। কিন্তু কোনোবা মানুহে যদি হৰিণা কেইজনীক আক্ৰমণ কৰে আমি সকলোৱে মিলি হৰিণাকেইজনীক বচাব লাগে। আমি একগোট হ’লে এতিয়া চলি থকা গঁড়হত্যাটো বাদেই এটা পৰুৱাও মাৰিব নোৱাৰে কোনেও।”
এইবাৰ সকলোৱে হাত চাপৰি আৰু প্ৰচণ্ড গৰ্জনেৰে লায়ন দাৰ কথা সমৰ্থন কৰিলে।

“মই আকৌ কওঁ ‘ নিজক চিনি পাবলৈ শিকক। এটা পশু হবলৈ শিকক । সিহঁত যদি হিংস্ৰ তেন্তে সিহঁততকৈও হিংস্ৰ হ’বলৈ শিকক। ‘মই এটা বাঘ’, ‘মই হাতী’, ‘মই বনৰীয়া মহ” বুলি গৰ্বৰে ক’বলৈ শিকক। যিদিনালৈ আমি নিজক লৈ গৌৰৱ কৰিম সিদিনালৈ আমাৰ অস্তিত্বৰ সংকট নহয়। তথাপি মই মনে প্ৰাণে বিচাৰোঁ পৃথিৱীৰ সকলোতকৈ হিংস্ৰ প্ৰাণীটোৱেও নিজক বুজি পাবলৈ শিকক। নিজে জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক। হিন্দু মুছলমান ভাৰতীয় অসমীয়া বাংলাদেশী ভূটীয়া নেপালী সকলো পাহৰি এবাৰ মানুহ হ’বলৈ শিকক। তেতিয়া হয়তো আমাৰ এই অস্তিত্ব ৰক্ষাৰ বাবে অধিৱেশনৰ প্ৰয়োজন নহ’ব।” লায়ন দাই ভাষণৰ সামৰণিত ক’লে।

ৰ্গঁড়কাই আৰু দঁতাল গজৰ আনন্দত চকুপানী ওলাই আহিল। দুয়োটাও চকুপানী খিনি লায়ন দাই নিজৰ মাফলাৰখনেৰে মুছি দিলে। সেই চকুপানীৰ মাজত গোটেই অৰণ্যখনে একতাৰ শক্তিক নতুনকৈ বুজি পাল।
অৰণ্যৰ হাৰ্টথ্ৰ্ৱ হলৌটোৱে ৰাইজৰ মনৰ আনন্দ বুজি পাই মঞ্চৰ খুটাৰ ওপৰলৈ উঠি অৰণ্যৰ সেই বিখ্যাত গানটো গাব ধৰিলে “অ অ অ অ…..জিলেলে জিলেলে আইঔ আইঔ জিলেলে…..”

ইফালে ষ্টুডিঅ’ত লাইভ চাই থকা জহামালে বাৰে বাৰে জিতেনক শুধি আছে “হোলৌৰ ককালত সেইটো কি? পিষ্টল , কটাৰী নে বাঁহী। কেমেৰামেন কেৰ্কেটুৱাক অলপ ঝুম কৰিব দিয়ক জিতেন। আৰু গান গাওঁতে তেওঁৰ জিভা পাক খাইছে নেকি? জিভাখনো ঝুম কৰি দেখুৱাব দিয়ক।”

“হেল্ল’ হেল্ল’ ” জিতেনে জানি বুজি একো নুশুনাৰ ভাৱ ধৰিলে। কেৰ্কেটুৱাইও কেমেৰা বন্ধ কৰি জিতেন আৰু সকলোৰে সৈতে নচাত লাগি গ’ল।

দৰ্শকে কিবা বুজি পোৱাৰ আগতেই জহামালে নতুন হলৌ এটাই গোৱা নকল জিলেলেটো প্ৰচাৰ কৰি দিলে

“জিলেলে জিলেলে… অ’ জিলেলে জিলেলে….”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক