আবফা ৩ ( হেপ্পী বিহু ) (উজ্জল ফুকন)

নদীৰ পানী বঢ়া নাই
কুলিৰ মাতো শুনা নাই ঐ..
ঐ শুনা নাই ঐ কেতেকীৰ …
মাতে হেৰা অৰ্চনা
ক’লে জানো বুজিবা
হাঁহিবা নে কান্দিবা
মোৰে দুখৰ বেদনা শুনি

“হেৰৌ তাক মাঘতে কুলি কেতেকীৰ মাত শুনিবলৈ লাগে। দে অ’ তাক বোন্দা চৰ এটা” গঁড়কায়ে গৰগৰাই উঠিল।
“কাক মাৰিব লাগে চাৰ।” বোন্দাই বুকু ফিন্দাই গঁড়কাইক সুধিলে। নাহৰৰ ফালে চাই মোছত তাও দিবলৈ নাপাহৰিলে বোন্দাই। চাৱনিৰে যেন সি কৈ গ’ল নাহৰক “মেকুৰী যদি তোৰ মাহী মই তোৰ মহা”
তাৰ চাৱনি দেখি নাহৰৰ কাণ মূৰ গৰম হৈ গ’ল।
“চাৰ আপুনি মই থাকোঁতে এই মাছ খোৱা বোন্দাক মাতিছে কাৰোবাক মাৰিবলৈ। মোৰ কিবা ভুল হ’ল নেকি চাৰ?” নাহৰে সুধিলে গঁড়কাইক।
“হেৰৌ তহঁত দুটা মনে মনে থাক। বোন্দা চৰ, কাঠ চৰ, কাণতলীয়া চৰ এইবোৰ বিভিন্ন চৰৰ নাম। যেনেকৈ নাহৰ-ফুটুকী, ঢেঁকিয়াপতীয়া আদি তহঁতৰ বেলেগ বেলেগ প্ৰজাতি আছে ঠিক সেইদৰে সেইবোৰ বেলেগ বেলেগ চৰৰ নাম।” গঁড়কায়ে বুজাই দিলে।
নাহৰৰ মহাকে গঁড়কাইৰ কথা শুনি ততালিকে পিচপিনে নোহোৱা হ’ল।

অৰণ্যৰ এন্ধাৰ ফালি বিহুগীতটো আকৌ দূৰৰ পৰা ভাহি আহিল। মাফলাৰখন ডিঙিত মেৰিয়াই কুলিয়ে কেতেকীক ক’লে ” ইমান সুধি আছে আমাৰ কথা। মই মাত এষাৰ মাতি আহোঁগৈ ৰ'”
“মৰতীৰ বৰ তৎ নাইকিয়া হৈছে। ঠাণ্ডাত ইফালে টনচিল বাঢ়ি ডিঙিটো দেখাত তামোল সোমাই থকাৰ দৰে হৈছে। ” কেতেকীয়ে হটৱাটাৰ বেগটোত ভৰি দুটা থৈ কুলি যোৱাৰ ফালে চাই ক’লে।
“কুহুহুহুহু …. কুহুহুহুহুহু হুহুহু….” টনচিলৰ মাজেৰে মাতটো বেলেগকৈ ওলাল কুলিৰ।
“এইজনী কুলি নহয়নে? তাইৰ খজুৱতি দেখিছ’। সেইজাকে তাইৰ কথা কোৱাৰ লগে লগে তাই নৰিয়া পাটীৰ পৰা উঠি আহি মাত দিছে। কেতেকী কিন্তু এইক্ষেত্ৰত ভাল। ব্যক্তিত্ব বজাই ৰাখে।” গঁড়কায়ে নাহৰৰ ফালে চাই ক’লে।
কাষতে থকা খৰাই নাহৰে শুনাকৈ লাহেকৈ ক’লে “কেতেকী অলপ হিচাপতকৈ বেছি এলেহুৱা। মাৰ্কেট ভেলু আৰু প্ৰ’গ্ৰাম টিআৰপি কিন্তু কুলিৰ বহুত বেছি কেতেকীতকৈ।”
নাহৰে গঁড়কায়ে নেদেখাকৈ লাহেকৈ মূৰ দুপিয়াই খৰাক সমৰ্থন কৰিলে।
অলপ আঁতৰত সভা আৰম্ভ হোৱালৈ ৰৈ থকা শৰালি হাঁহ এজনীয়ে খৰাৰ কথা শুনি কাষতে থকা কুকুৰাজনীক ক’লে ” খৰাৰ কথা শুন। বজাৰ মূল্যৰ কথা কয়। আমি থাকোঁতে কোনে বাৰু কুলিক কিনিবলৈ যাব। তাকো এই মাঘৰ বিহুৰ বতৰত। মূৰ্খ গছত নালাগে।”
কুকুৰাজনীয়ে হয়ভৰ দি শৰালিক এটা হাই-ফাইভ দিলে।
ইফালে কুলিৰ মাত শুনি মলুৱাৰ মাতটো আৰু বাঢ়ি আহিল “মই আগতেই জানিছিলোঁ আপোনাৰ উপস্থিতিৰ কথা গম পালে কুলিয়েও মাত মাতিব। আমি আপোনাৰ সেই বিখ্যাত গানটো আকৌ এবাৰ শুনিব বিচাৰিম আৰু লগতে কেমেৰা পাৰ্চন মনুক আমি দৰ্শকক দেখুৱাবলৈ অনুৰোধ কৰিম কেনেকৈ এইফালে পোৰা গাহৰি, ছাগলী ,মাছ , কুকুৰা সকলো খাদ্য সাজু হৈ আছে।”
গায়কজনে গান আৰম্ভ কৰিলে ” কুহু কুহু কুলিৰ মাতে… ৰুণজুন নূপুৰে মাতে…” গানটো শুনি কুলিয়ে জানি বুজি অলপ কাহ মাৰি দেখুৱালে “কুহু কুহু ” টিআৰপিৰ কথা আছে।
“লেৰিঞ্জাইটিছ হৈছে নেকি অ’ তোৰ?” নাহৰে তাৰ বংশৰ মোহন মেন-ইটাৰক সুঁৱৰি কুলিক সুধিলে।
“চাৰ সভাখন আৰম্ভ কৰক আৰু। আমাৰ বেলেগ প্ৰ’গ্ৰামো থাকে। তাতে মলুৱাই বিহুৰ প্ৰ’গ্ৰাম দেখুৱাই দেখুৱাই দৰ্শক টানি নিছে। আৰু এটা মলুৱা নে! বেলেগ বেলেগ মলুৱাই বেলেগ বেলেগ চেনেল খুলি বহি আছে। আপোনাৰ সভাখন লাইভ দেখুৱাম বুলিহে আমি আহিলোঁ।” খৰাই গঁড়কাইলৈ চাই ক’লে।
গঁড়কায়ে নাহৰলৈ চাই সভা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে। নাহৰে উপস্থিত সকলোলৈ উদ্দেশ্যি ক’লে; “আপোনালোক সকলোৱে জানে আজি আমি কিয় গোট খাইছোঁ। সভাৰ বিষয় “বিহু নে বৰবিহ?” তাৰ পক্ষে আৰু বিপক্ষে কোনে কি ক’ব বিচাৰে এজন এজনকৈ মন্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ।’’
কুকুৰা এজনী তৎক্ষণাত আগবাঢ়ি আহিল ” চাৰ, মোৰ বোৱাৰীজনী সন্তান সম্ভৱা আছিল। কিন্তু কোনোবাই কালি ৰাতিয়েই টেঁটু চেপা দি চুৰ কৰি লৈ গ’ল। ইফালে বিহুৰ ভোজ আজিহে। এবাৰো নাভাবিলে তাইৰ ভিতৰত আৰু এটা জীৱ আছে বুলি। কিমান দিনৰ পৰা মই ৰৈ আছিলোঁ নাতিৰ মুখ দেখিম বুলি।” শেষৰ ফালে তাইৰ মাতটো থোকাথুকি হৈ আহিল। আমাক ৰক্ষণাবেক্ষণ দিবলৈ কাৰোবাক দায়িত্ব দিয়ক চাৰ।
গঁড়কায়ে লিখি ৰাখিবলৈ নিৰ্দেশ দিলে নাহৰক।
এইবাৰ এটা ছাগলী আহিল আগবাঢ়ি আহিল। “চাৰ আমাক কোনেও নেৰে। হিন্দু মুছলমান সকলোৱে আমাক কাটে, বলি দিয়ে, হালাল কৰে। কোনো উৎসৱতে আমি বাচি নাযাওঁ। কালি মোৰ ল’ৰাটোৱে হাগি থাকোঁতে উঠাই লৈ গৈছে। আজি ৰাতিপুৱাৰ পৰা মাকে ক’লা ক’লা বুন্দিয়া লাড়ুৰ দৰে তাৰ শৌচখিনি চাই চাই কান্দি আছে। কুকুৰাক যদি ৰখীয়া দিয়ে তেন্তে আমাকো লাগিব।”_ ছাগলীয়ে ক’লে। নাহৰে লিখি ৰাখিলে।
এইবাৰ হাঁহ এজনী আহিল। তাইৰ পিছপিনটো চাই নাহৰে সুধিলে ” শিৱসাগৰৰ ন’?”
হাঁহে খঙত নাহৰলৈ এবাৰ চাই গঁড়কাইক ক’লে “চাৰ, এইবোৰেই আমি সহিব নোৱাৰোঁ। আমাক মাৰে কাটে খাই যি কৰে আমি একো বেয়া নাপাওঁ। কিন্তু কিহৰ এইবোৰ তাচ্ছিল্য। কালি এটাই কৈছে “হৌৰা তেলৰ টেংকীটো ডাঙি ক’ত ঘূৰি ফুৰিছা। আহা, আমাৰ কেৰাহীতে জিৰণি লোৱাহি। শিৱসাগৰৰ হ’লো বুলিয়েই আমি তেল লৈ ফুৰোঁ নেকি কওঁকচোন। আমাক এই তিৰস্কাৰৰ উচিত বিচাৰ লাগে।
এইবাৰ লাহে ধীৰে এটা গাহৰি আগবাঢ়ি আহিল। “মোৰো অলপ কথা ক’ব লগা আছিল।”
“কোৱা কি সমস্যা তোমাৰ।” গঁড়কায়ে সুধিলে।
“চাৰ আমাৰ ল’ৰাহঁতে আজিকালি যৌৱন নেদেখাই হ’ল। ১২ মাহত ২৪ টা উৎসৱ। আৰু সকলোতে আমাক বিচাৰে। কোনোবা মৰিলেও আমাক খুৱাব, জন্মিলেও আমাক খুৱাব। খেল জিকিলেও আমাক লাগে হাৰিলেও আমাক লাগে। সুখতো আমি, দুখতো আমি। কিন্তু আমাৰ একো সুখ-দুখ নাই নেকি? কালি মই বিহুৰ আগদিনা বুলি লুকাই লুকাই বজাৰলৈ গৈছিলোঁ। বজাৰত এজনে লাই শাক লৈছে। আন এজনে পিছপিনৰ মাত দিছে ‘হৌৰি লাই হাক লৈছে যে গাহৰি আছে নেকি? ”
আকৌ অলপ পিছত আন এজনে নৰসিংহ কিনিছে। পিছপিনৰ পৰা আকৌ একে সুৰ এটা ভাহি আহিল ‘নৰসিংহ লৈছে যে গাহৰি আছে নেকি?’ আমি গাহৰি। আমি আলুগুটি নহয়। লাই শাক শুদাকৈ ভাজি কৰিওতো খাব পাৰি। নৰসিংহ মাছৰ আঞ্জা কৰিও খাব পাৰে।
কিন্তু নাই, মোক যেনে-তেনে টানি আনি সুমুৱাইহে এৰিব। সিজনৰ খাব মন নাথাকিলেও মনত পেলাই দিব। আপুনি কিবা এটা কৰক চাৰ।
নাহৰে আগৰদৰে গাহৰিৰ সমস্যা লিখি ৰাখিলে।
এইবাৰ এটা মস্ত ডাঙৰ কেঁটেলা পহু আগ বাঢ়ি আহিল। ইমান ডাঙৰ পহু কেঁটেলা পহু কোনেও দেখা নাছিল। আৰু তাৰ ঠেং কেইটা আন পহুৰ দৰেই দীঘল আছিল।
গঁড়কায়ে নাহৰৰ ফালে চাই কাণে কাণে সুধিলে “এইটো কি জন্তু অ’। কিবা ক্ৰছ যেন লাগিছে। অৰণ্যৰ পৰিৱেশ বেয়া হৈছে যেন পাইছোঁ। অলপ চকু দিব লাগিব।”
এইবাৰ জন্তুটোৱে মাত লগালে ” চিন্তা নকৰিব গঁড়কাই, মই পহুৱেই হয়। কিন্তু আপুনি জানেই হৰিণাৰ মাংসই বৈৰী। সেয়েহে কেঁটেলাৰ জেকেটটো পিন্ধি আহিছোঁ।”
গঁড়কায়ে হাঁহি হাঁহি ক’লে “তইহে যি বুজিলি।”
নাহৰেও মিচিকিয়া হাঁহি এটা মাৰি কুকুৰ-নেচিয়া কেইটাক ইঙ্গিত দিলে। ইতিমধ্যে নাহৰ বাহিনীয়ে গাহৰি কুকুৰা ছাগলী হাঁহ সকলো আগুৰি ধৰিলে।
ৰাইজে তেতিয়াহে বুজিলে এয়া সিহঁতক মৰাৰ ফন্দি বুলি। গাহৰিয়ে মনত পেলালে কেনেকৈ যোৱা বছৰ সভালৈ আহি তাৰ ককায়েক নোহোৱা হৈছিল। সেইদিনাও বিহুৰ উৰুকা আছিল। সি এইবোৰ ভাবি থাকোঁতেই কোনোবা দুটামানে তাক ডাঙি নি গৰম তেলৰ কেৰাহীত দলিয়াই দিলে।
কেৰাহীত কুকুৰা হাঁহ পাৰৰ লগত সিও লাহে লাহে জাহ গ’ল।
খৰাই কুকুৰাৰ ঠেং এটা লৈ নাহৰৰ ফালে চাই ক’লে ” আপোনাৰ কৃপাতে আৰু নাহৰ দা”।
নাহৰে তালৈ চাই ক’লে ” ভুলতো প্ৰচাৰ নকৰিবি কিন্তু। সিহঁতক ভুলাবলৈ হে তোক মাতিছিলোঁ।
খৰাই মূৰ দুপিয়াই হয়ভৰ দিলে। নাহৰে গাহৰিৰ মঙহ এটুকুৰা মুখত লৈ গঁড়কাইৰ ফালে চাই ক’লে ” হেপ্পী বিহু চাৰ”
“হেপ্পী বিহু। মই যি কৰিছোঁ তহঁতৰ কাৰণেই কৰিছোঁ। চাবি যাতে নিৰ্বাচনত মই নাহাৰো। সূতা কম্বলৰ ৰাজনীতি অমুকাই নকৰে। ” গঁড়কায়ে শাক পাত অলপ চোবাই ক’লে।
এইবাৰ দুটা গৰু পাগুলি পাগুলি নাহৰ আৰু গঁড়কাইৰ ফাললৈ আগবাঢ়ি আহিল। বেপেৰোৱা মনোভাৱ দুয়োটাৰ।
“অ’ ককাই, হেপ্পী বিহু। এই ফতুৱাটোৰ লগত কি কৰিছ?” নাহৰক দেখুৱাই এটা গৰুৱে গঁড়কাইক সুধিলে।
“আও ইয়াৰ ইমান সাহস। ই মোক এনেকৈ কয়। আৰু আপোনাক চাৰ বুলিও কোৱা নাই। আপুনি আদেশ কৰক চাৰ। বখলিয়াই পেলাও ইহঁতক।” নাহৰে দাত মুখ কৰচি ক’লে।
“ভুলতো একো নকৰিব।” খৰা জঁপিয়াই আহিল নাহৰ আৰু গঁড়কাইৰ কাষলৈ।
“কিয়?” নাহৰ আৰু গঁড়কায়ে প্ৰায় একেলগে সুধিলে।
“কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা পাই আছে। কাকো ভয় নকৰে সিহঁতে আজিকালি। কোনেও হাত দিব নোৱাৰে সিহঁতৰ ওপৰত আজিকালি।” খৰাই লাহেকৈ ক’লে।
খৰাৰ কথা শুনি নাহৰ আৰু গঁড়কাই দুয়োটাই তলমূৰ কৰি গৰু দুটাক ক’লে “হেপ্পী বিহু”
“ষ্টুপিড চব, হেপ্পী ভোগালি বিহু বুলি ক'” এটাই পাগুলি পাগুলি গালি দিলে।
“হেপ্পী ভোগালি বিহু”– তিনিওটাই একেলগে ক’লে।3.abfa-ujjal phukan

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments