আবু ধাবিৰ প্ৰত্যন্ত মৰুত চিকিৎসাৰ এক সুমধুৰ অভিজ্ঞতা -(জমিল আহমেদ লস্কৰ)

সংযুক্ত আৰব আমিৰ শাহিৰ পশ্চিমাঞ্চলত অৱস্থিত এক সমৃদ্ধ তৈলনগৰীৰ নাম ৰোয়েস৷ ৰাষ্ট্ৰীয় তৈল কোম্পানী ‘আবু ধাবি অইল কোম্পানী’ৰ তেল শোধানাগাৰ তথা তৈল-ৰাসায়নিক বহুকেইটা প্ৰকল্প তাত চলি আছিল৷ ২০০৫ চনত বিবাহৰ কেইমাহমানৰ পিছতে মোৰ পত্নী ৰাণুক মই মোৰ এই কৰ্মস্থলীলৈ লৈ আহিছিলোঁ৷ ঘৰ ভাড়া লোৱা হ’ল অত্যাধুনি্ক তৈল-চহৰখনৰে এঠাইত৷ অনিবাৰ্য কাৰণত সেই সুন্দৰ ঠাইডোখৰত কিন্তু আমাৰ বেছি দিন থকা নহ’ল৷ জৰুৰীভাৱে স্থানান্তৰ কৰিব লগা হ’ল তাৰ পাৰ্শ্বৱৰ্তী এখন পুৰণি ঠাইলৈ৷ আমাৰ বাবে নতুন উক্ত ঠাইখন ঘাইকৈ আছিল আৰবৰ পুৰণি বাসিন্দাসকলৰ বাসস্থান৷ চাৰিওফালে কেৱল মৰু আৰু মৰু৷ তাৰে মাজত স্থানীয় লোকৰ বসতিস্থল৷ ঠাইখনৰ নাম গায়ত্ৰী৷ আবু ধাবি চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাত সেই ঠাইখনেও ক্ষিপ্ৰ গতিত নগৰীকৰণৰ দিশে আগ বাঢ়িছিল৷ জীৱনৰ বাবে ন্যূনতম প্ৰয়োজনীয় সা-সুবিধা, বস্তু-বাহানি আদি সকলোবিলাকেই তাত পোৱা গৈছিল৷ লাহে লাহে গায়ত্ৰীখন হৈ উঠিছিল আমাৰ বাবে অত্যন্ত প্ৰিয়৷ ঠাইখনে আমাৰ মানস পটত বাৰুকৈয়ে স্থান দখল কৰি ল’লে৷ তাৰ জীৱন আছিল তুলনামূলকভাৱে সহজ, সৰল আৰু সুলভ৷ ঠাইখনে মোৰ মনত ইমানেই গভীৰভাৱে আসন লৈছিল যে এদিন ঘটনাক্ৰমে শিলচৰ চহৰৰ এটি সংবাদ-পত্ৰৰ কাৰ্যালয়ত বহা আমাৰ আলোচনাত মই লেণ্ড ক্ৰুইজাৰত উঠি খেতি পথাৰলৈ যোৱা গায়ত্ৰীৰ মহিলাসকলৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছিলোঁ৷ তেনে এক প্ৰত্যন্ত স্থানৰ চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত, ৰাণু আৰু মোৰ জীৱনৰ এক সুমধুৰ স্মৃতিকথা উপস্থাপন কৰাই আজি মোৰ এই লেখাৰ উদ্দেশ্য৷

 

গাঁৱলীয়া পৰিৱেশ যদিও সেই স্থানত চৰকাৰে প্ৰতিষ্ঠা কৰিছিল এখন চিকিৎসালয়৷ অত্যন্ত মনোৰম আছিল চিকিৎসালয়খনৰ চৌপাশ৷ গছ-গছনিৰে ভৰা৷ প্ৰৱেশ পথৰ দুয়োটি পাৰ আৰু মাজৰ অংশত নানাবিধ ফুল ৰোৱা হৈছিল৷ গছ-গছনিবোৰ সযত্নে প্ৰতিপালিত কৰা হৈছিল৷ মোৰ পত্নী ৰাণু ইতিমধ্যে সন্তানসম্ভৱা হৈছিল৷ তেনেকুৱা অৱস্থাত আনন্দৰ মাজতো এটা উৎকণ্ঠা সদায়েই লাগি থাকে৷ নিয়মিত চিকিৎসা ইয়াত পোৱা যাব নে নাই? তাকে লৈ সদায় চিন্তা৷ সুচিকিৎসাৰ কাৰণে স্থানীয় চিকিৎসালয়খনক অৱহেলা কৰি আমি এদিন তাৰ পৰা ২৬০কিল’মিটাৰ দূৰত্বত থকা আবু ধাবিৰ এখন চিকিৎসালয় পালোঁগৈ৷ ইফালে তেতিয়াও স্বাস্থ্যবীমা আহি মোৰ হাতত পৰাহি নাই৷ ডাক্তৰক দেখুওৱা হ’ল৷ খৰচো বহুত হ’ল৷ অহা-যোৱাত শাৰীৰিক আৰু মানসিক অৱসাদো কিছু পালোঁ৷ ওচৰ-চুবুৰীয়া মহিলাসকলৰ পৰামর্শ মানি তাৰ পিছৰে পৰা স্থানীয় চিকিৎসালয়খনলৈ যাবলৈ ধৰিলোঁ৷

স্থানীয় চিকিৎসালয়খনৰ বিল্ডিংবিলাক বাহিৰৰ ফালৰ পৰা পুৰণি যেন লাগিছিল৷ সোমাইহে গম পালোঁ, ভিতৰফাল ধুনীয়া আৰু চাফ-চিকুণ৷ নাৰ্চসকলৰ বেছিভাগ ভাৰতৰ কেৰালা ৰাজ্যৰ৷ কিছুমান মিছৰীয় আৰু কিছুমান ফিলিপিন’৷ প্ৰায়বোৰ নাৰ্চ আৰু পাকিস্তানী প্ৰসূতি চিকিৎসক মেডাম হুমেৰাৰ আন্তৰিকতাপূৰ্ণ পৰিচৰ্যাই মোৰ স্ত্ৰীক প্ৰথমতেই বিমুগ্ধ কৰিলে৷ বিশেষকৈ ডাক্তৰ হুমেৰা আছিল এগৰাকী অতি সুন্দৰী মহিলা৷ ব্যৱহাৰ-পাতিও অত্যন্ত ভাল৷ তাৰ পিছৰে পৰাই মাহটোৰ নিয়মীয়া পৰামৰ্শ আৰু জৰুৰী সময়ত আন কথা বাদ দি সেই চিকিৎসালয়খনলৈয়ে অহা-যোৱা কৰিবলৈ ল’লোঁ৷ চিকিৎসালয়খনৰ ডাক্তৰ, নাৰ্চসকলৰ আন্তৰিকতা আৰু সুচিকিৎসা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷

 

মোৰ কন্যা সন্তান জন্নতৰ জন্মৰ সময়ত আমি ৰাতি ২.৩০বজাত চিকিৎসালয় পালোঁগৈ৷ খবৰ পোৱাৰ লগে লগে ডাক্তৰ হুমেৰাই নিজৰ ল’ৰা-ছোৱালীহঁতক ঘৰত তলা মাৰি থৈ গোটেই ৰাতি চিকিৎসালয়ত কটালে আমাৰ পৰিচৰ্যাত৷ কোনোবা মুহূৰ্তত বাহিৰলৈ ওলাই আহি মোক অভয় দান কৰিলে৷ পুৱা ৭.০০বজাত ডাক্তৰসকলে মিলি ৰাণুক লেবাৰ ৰুমলৈ লৈ গ’ল৷ আধা ঘণ্টামানৰ পিছতে কেঁচুৱাৰ কান্দোনৰ শব্দ এটা আহি মোৰ কাণত পৰিল৷ বুজি পালোঁ, পৰম কৰুণাময়ৰ কৃপাত ভালে ভালেই সন্তানটি প্ৰসৱ হৈছে৷ ডাক্তৰ হুমেৰাই বাহিৰলৈ আহি ক’লে, ‘কেচটো বহুত কঠিন আছিল, তথাপিও মই অ’পাৰেচন এভয়দ কৰিলোঁ৷’ মই ভাবিলোঁ, আমাৰ দেশত হোৱা হ’লেতো আজিকালি স্বাভাৱিকভাৱে প্ৰসৱ নহয়েই দেখোন! তাৰ কিছু সময়ৰ পিছত মাতৃ আৰু নৱজাতকক এটি পৰিষ্কাৰ, অত্যাধুনিক ব্যৱস্থাসম্পন্ন কেবিনত ৰখা হ’ল৷ ডাক্তৰৰ পিছত ডাক্তৰ চোৱা-চিতাত লাগি থাকিল৷ নাৰ্চ আৰু চাফাই কৰ্মীৰ সঘন আহ-যাহ চলিব ধৰিলে৷ বিশেষকৈ নাৰ্চসকলক মন কৰিলোঁ, তেওঁলোক খুব সজাগ৷ দৰজাখন খোলা-মেলা কৰোঁতেও অতি সন্তৰ্পণে কামটো কৰে যাতে নৱজাতকৰ অকণমানো ডিষ্টাৰ্ব নহয়৷ আনহাতে খোৱা-বোৱাৰ কাৰণেও ইয়াত অকণো চিন্তা কৰিবলগীয়া নহ’ল৷ কেটাৰিঙে যোগান ধৰা আহাৰ আমাৰ দুয়োৰে কাৰণে যথেষ্ট আছিল৷ কেতিয়াবা উটৰ মাংসৰ বিৰিয়ানিও দিয়া হৈছিল৷ এদিন ৰাণুৱে কোঠাটোৰ লগতে বিছনা-পত্ৰ আৰু অন্যান্য ব্যৱস্থাসমূহৰ ফটো তুলি ঘৰলৈ পঠিয়াই দিলে, ফাইভ ষ্টাৰ হোটেলত থকা বুলি কৈ৷ সঁচাই, ইমান সুন্দৰ ব্যৱস্থা ইয়াত! তাকে চাই মনত দুখ লাগে, আমাৰ চহৰবোৰত এনেকুৱা ব্যৱস্থা নাই কিয়?

তাৰ পিছতো বিভিন্ন সময়ত মোৰ কন্যাটিক সেই একেখন চিকিৎসালয়লৈকে লৈ গৈছোঁ৷ সেই একেই আন্তৰিকতা আৰু সুব্যৱহাৰ৷ শিশু বিশেষজ্ঞা ডাক্তৰ নজমাই সদায়ে সন্তানটিক কোলাত তুলি লয়৷ সেই মুহূৰ্তবোৰ আজিও আমাৰ মনত জলজল-পটপট হৈ আছে৷

 

আৰু এটা কথা চমুকৈ হ’লেও এই সুযোগতে উল্লেখ নকৰিলে মনটোৱে শান্তি নাপাব৷ মোৰ কৰ্মব্যস্ততাৰ সময়ত ৰাণুৱে হস্পিতাললৈ অহা-যোৱা কৰিছিল সদায় একেখন টেক্সীতে৷ সেই টেক্সীখনৰ ড্ৰাইভাৰজন আছিল ডাউদ ভাই৷ ডাউদ ভাই পাকিস্তান সীমান্তৱৰ্তী আফগানিস্তানৰ মানুহ৷ অত্যন্ত সৎ, সৰল, স্বভাৱজাত পৰোপকাৰী মানুহজনে ২৭বছৰ ধৰি তাত টেক্সী চলাইছিল৷ চিকিৎসালয়লৈ অহা-যোৱা কৰাৰ বাবদ ডাউদ ভায়ে আমাৰ পৰা মাত্ৰ ১০ডিৰহাম ভাড়া লৈছিল৷ জানিব পাৰিছিলোঁ, ডাউদ ভায়ে কেতিয়াও ভাড়া ঘৰ লোৱা নাছিল৷ টেক্সী ষ্টেণ্ডৰ এখন চালিৰ তলতে তেওঁ বাস কৰিছিল৷ হঠাতে এদিন ডাউদ ভাই আফগানিস্তানলৈ গ’ল আৰু ঘূৰি নাহিল৷

আমাৰ প্ৰথম সন্তানটিৰ জন্মৰ প্ৰসংগ ওলালেই ডাউদ ভাইলৈ মনত পৰে ৷৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক