আবেলিৰ ছাঁ পোহৰ – ড°নিবুল কুমাৰ গগৈ

কিছুদিন আগতে এজন পুৰণি চিনাকি মানুহৰ আশী বছৰীয়া বৃদ্ধা মাতৃ গৰাকী ঘৰতে পিছল খাই পৰাৰ ফলত সোঁভৰিৰ উৰ্বস্থিডাল উৰুসন্ধিৰ ওচৰত ভাগি যোৱাৰ ফলত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি হৈ চিকিৎসা কৰাব লগা হৈছিল৷ ঔষধৰ নামত দৈনিক ৰাতিপুৱা এটাকৈ উচ্চৰক্তচাপৰ বড়ি খোৱা দেখাত সুস্বাস্থ্যৰ অধিকাৰী যেন লগা আইতাগৰাকী দুদিন চিকিৎসালয়ত থকাৰ পাছত চিকিৎসকে কিছুদিন বিশ্ৰাম লবলৈ আৰু খোজকাঢ়িবলৈ বাৰণ কৰি ঘৰলৈ যাব দিলে৷ আইতাগৰাকী চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ পাছত পুত্ৰ, বোৱাৰী, নাতি-নাতিনী, বনকৰা মানুহ সহিতে সকলোৱে মিলি আইতাৰ আলপৈচান ধৰাৰ লগতে তেখেতে যাতে চিকিৎসকে খোজ কাঢ়িবলৈ মানা কৰা দিন কেইটাত এখোজো কাঢ়িব লগা নহয় তাৰ বাবে সকলো ব্যৱস্থা কৰিলে আৰু আইতাই কথাবোৰ পাহৰি গৈ খোজ কাঢ়িব পাৰে বুলি তেওঁৰ ওপৰত সকলোৱে তীক্ষ্ণ দৃষ্টি ৰাখিব ধৰিলে৷ তথাপিতো কোনোবা পাকত আইতাই অভ্যাসবশতঃ গা-ধোৱা ঘৰলৈ গ’ল আৰু তাত আকৌ পিছলি পৰাৰ বাবে তেওঁৰ বাওঁ ভৰিখনৰ উৰ্বস্থিডালো ভাগি থাকিল৷ আচলতে আইতাগৰাকীৰ চিকিৎসকে আৰু পৰিয়ালৰ অন্য সদস্যসকলে খোজ কাঢ়িবলৈ মানা কৰা কথাটো একেবাৰে মনত নাছিল৷ আনকি কেইদিনমান আগতে তেওঁৰ ভৰিৰ হাড় ভঙাৰ বাবে চিকিৎসালয়ত গৈ অপাৰেচন কৰিব লগা হৈছিল তাকো তেওঁ পাহৰি গৈছিল৷

মানুহে গোটেই জীৱন, ল’ৰা-ছোৱালী, ঘৰ সংসাৰ বা সাংসাৰিক বান্ধোনত নোসোমোৱা সকলে, সমাজৰ বাবে, দেশৰ বাবে, দহৰ বাবে কিবা নহয় কিবা এটা কৰি আগবাঢ়ি আহি জীৱনৰ আবেলি পৰত ভৰি থোৱাৰ পাছত, তেওঁলোকক বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাই আগুৰি ধৰে৷ মধুমেহ, উচ্চৰক্তচাপ, শ্ৰৱণেন্দ্ৰীয়ৰ দুৰ্বলতা, চকুৰ ছানিপৰা, গাঁঠিৰ বিষ, হাড় ঢিলা হোৱা, দন্তক্ষয়, স্মৃতিশক্তি হ্ৰাস পোৱা, কোনোৰ ক্ষেত্ৰত স্মৃতিভ্ৰংশ হোৱা নিদ্ৰাহীনতা, বিষণ্ণতা আদি নানানটা সমস্যাই আহি আগুৰি ধৰে৷ বৃদ্ধকালত স্মৃতিশক্তি হ্ৰাস পোৱা বা স্মৃতিশক্তি লোপ পোৱাকে বৃদ্ধকালীন স্মৃতিভ্ৰংশ বুলি ধৰা হয়৷ সাধাৰণতে বেছিভাগ বৃদ্ধলোকৰ হ্ৰস্বকালীন স্মৃতিভ্ৰংশ হোৱা দেখা যায়৷ মানুহজনে অলপ আগতে তেওঁ কৰা কিবা এটা কাম বা শেহতীয়া কোনোবা এটা ঘটনাৰ কথা পাহৰি যায়৷ যেনে দুপৰীয়া আহাৰৰ লগত কি খালে সুধিলে তেওঁ ক’ব নোৱাৰে – কিন্তু ত্ৰিশ-চল্লিশ বছৰ আগতে তেওঁ কাম কৰা কাৰ্য্যালয়টোৰ সহকৰ্মীসকলৰ নামবোৰ বা তেতিয়াৰ কোনোবা এটা ঘটনাৰ বিষয়ে অকনো ভুল নোহোৱাকৈ সলসলীয়াকৈ কৈ দিব পাৰে৷ এলঝেইমাৰ নামৰ ৰোগবিধত এনে হোৱা দেখা যায় যদিও ৰোগৰ প্ৰকোপ বৃদ্ধি হ’লে লাহে লাহে ৰোগীৰ দীৰ্ঘকালীন স্মৃতিশক্তিও লোপ পাব ধৰে৷

সৰুতে প্ৰত্যক্ষ কৰা ঘটনা এটা এতিয়াও পাহৰিব পৰা নাই৷ কিছু দূৰলৈ বিয়া দিয়া দুই জীয়েক লগ হৈ বিৰাশী বছৰীয়া মাকৰ খবৰ লবলৈ আহিছে৷ দুই পুত্ৰ-বোৱাৰী নাতি-নাতিনীৰে যৌথ পৰিয়ালটোত তেওঁলোকৰ মাতৃ গৰাকী দুগৰাকী বৌৱেকৰ মৰম চেনেহ, আদৰ যতনত বেচ সুখেৰে আছে৷ বাৰাণ্ডাত দুয়ো মাকৰ লগত অলপ সময় সুখ-দুখৰ কথা পতাৰ পিছত ডাঙৰ জীয়েকে মাকক খোৱা-বোৱাৰ কথা সুধিলত মাকে ক’লে – ৰাতিপুৱাৰ পৰা তেওঁক বোৱাৰীয়েক দুজনীয়ে খুদকণ এটাও খাবলৈ দিয়া নাই৷ মাকৰ কথা শুনি দুই জীয়েকৰ মুখৰ মাত হৰিল৷ দুয়োৰে চকুলো বৈ আহিল৷ আজিৰ পৰা ডেৰটা দশক আগলৈকে খেতি-বাতি, পথাৰ-সমাৰ, সংসাৰৰ সমস্ত দায়িত্ব পালন কৰি পাঁচোটাকৈ ল’ৰা-ছোৱালী পঢ়াই-শুনাই বিয়া-বাৰু দি দপদপাই ঘূৰি পুৰা মানুহগৰাকীয়ে আজি এমুঠি অন্নৰ বাবে বাট চাই ৰৈ থাকিব লগা হৈছে৷ অথচ সিহঁতৰ ঘৰখন অঞ্চলটোৰ ভিতৰতে এখন চহকী ঘৰ৷ সত্য কথাটো হ’ল আইতা গৰাকীক ডাঙৰ বোৱাৰীয়েকে পুৱাৰ জলপানৰ পৰা দুপৰীয়াৰ আহাৰৰ লৈকে সময়মতে সা-সন্মান কৰিয়েই দিছিল৷ আইতাই খাইছিলো৷ কিন্তু তেখেতৰ স্মৃতিশক্তিৰ বেমেজালি হোৱাৰ বাবে কথাবোৰ পাহৰি গৈছিল৷ বৃদ্ধলোক সকলৰ এনেধৰণৰ স্মৃতিশক্তি হ্ৰাস হোৱা বা স্মৃতিশক্তিৰ বেমেজালি হোৱাৰ বিষয়ে পৰিয়ালৰ অন্য সদস্য সকল সচেতন নহ’লে বা জ্ঞাত নহ’লে বৃদ্ধ লোকসকল আৰু পৰিয়ালৰ অন্য সদস্যসকলৰ মাজত থকা মধুৰ সম্পৰ্কবোৰ কেতিয়াবা তিক্ততাৰে ভৰি পৰা দেখা যায়৷

বহুতো মনোবিজ্ঞানীৰ মতে মানুহৰ বৃদ্ধকালত হোৱা স্মৃতিশক্তিৰ অৱনতি বা মনোভ্ৰংশ এটা স্বাভাৱিক ঘটনা৷ দীৰ্ঘদিন ধৰি জীয়াই থকা যিকোনো বৃদ্ধ মানুহৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ বয়স বঢ়াৰ লগে লগে মানুহৰ মনস্তত্ত্বৰ, মানসিক অৱস্থাৰ পৰিবৰ্তন হয়৷ সেই পৰিবৰ্তনবোৰ তেওঁলোকে অনুভৱ কৰিব পাৰে৷ তেওঁলোকৰ বহুতৰে আগৰ দৰে জটিল জ্ঞান আহৰণৰ দক্ষতা বা জটিল সমস্যা সমাধানৰ ক্ষমতা হ্ৰাস পায়৷ যিবোৰ কাৰ্য্য বা আচৰণ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়, সেইবোৰ মন্থৰ হৈ আহিব ধৰে৷ মটৰ নাৰ্ভবোৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশবোৰ শৰীৰৰ মাংসপেশীলৈ আৰু গ্ৰন্থিবোৰলৈ বহন কৰি আনে, যাৰ ফলত আমি ঐচ্ছিক মাংসপেশীৰ সহায়ত বিভিন্ন কাৰ্য্য সম্পাদন কৰিব পাৰো৷ বৃদ্ধ লোকসকলৰ মটৰ নাৰ্ভৰ প্ৰতিক্ৰিয়া (motor reaction) মন্থৰ হৈ পৰে৷ এইবোৰ বয়সৰ লগে লগে দেহৰ ছাল সোঁতোৰা পৰা বা মূৰৰ চুলিত ৰূপালী ৰং ধৰাৰ দৰে সাধাৰণ ঘটনা৷ এই ধৰণৰ স্বাভাৱিক বয়সজনিত স্মৃতিভ্ৰংশ বা অন্য সমস্যাবোৰৰ বিপৰীতে বয়সস্থ মানুহৰ মগজুৰ অপকৰ্ষ বা হ্ৰাসীবিকাশজনিত কাৰণত (Degenerative) হোৱা স্মৃতিভ্ৰংশকহে আচলতে বৃদ্ধকালীন স্মৃতিভ্ৰংশ বা Senile Dementia বুলি কোৱা সমীচীন হ’ব৷ এটা তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পয়ষষ্ঠি বছৰৰ ওপৰৰ চাৰিৰ পৰা সাত শতাংশ আৰু পঁচাশী বছৰৰ ওপৰৰ ত্ৰিশ শতাংশ লোকে বৃদ্ধকালীন স্মৃতিভ্ৰংশ ৰোগত ভোগে৷ কিন্তু সৌভাগ্যৰ কথাটো হ’ল এই যে এনেকুৱা ধৰণৰ ৰোগত ভোগাৰ পিছতো তেওঁলোকৰ মাজত সাংঘাতিক ধৰণে স্মৃতিভ্ৰংশ, বিচাৰ ক্ষমতা বা বিবেচনা কৰি সিদ্ধান্ত লব পৰা ক্ষমতা কমি নাযায়৷
হ্ৰাসীবিকাশ জনিত কাৰণত হোৱা ৰোগবোৰত দেখা দিয়া প্ৰধান সংলক্ষণবোৰ হ’ল বুদ্ধিমত্তা হ্ৰাস পোৱা, মটৰ নাৰ্ভৰ স্বাভাৱিক কাৰ্য্যৰ অৱনতি ঘটা ইত্যাদি৷ মগজুৰ Cerebral cortex নামৰ অংশত ঘটা অৱনতিৰ বাবেই এই সংলক্ষণবোৰে দেখা দিয়ে৷ সততে দেখা পোৱা, বৃদ্ধ অৱস্থাত বহু বৃদ্ধলোকৰ স্মৃতিভ্ৰংশৰ কাৰক হিচাবে পৰিচিত, এলঝেইমাৰ নামৰ অতিকে কৰুণ দুখদায়ক অৱস্থাৰ সৃষ্টি কৰা ৰোগবিধৰ বিষয়ে সকলোৱে কম বেছি পৰিমাণে পৰিচিত৷ মগজুৰ Cerebral cortex ৰ তলত থকা sub-cortical অংশত ঘটা অৱনতিৰ বাবে হোৱা এই এলঝেইমাৰ ৰোগ বিধত কিছুমান মানুহ চল্লিশ বছৰ বয়সৰ পৰাই আক্ৰান্ত হোৱা দেখা যায় আৰু বয়স বঢ়াৰ লগে লগে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তাও বাঢ়ি যায়৷ প্ৰায়েই ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ মাজত জটিলতা আৰু সমস্যাৰ সৃষ্টি হোৱা এলঝেইমাৰ ৰোগত ৰোগীৰ বোধশক্তিৰ হ্ৰাস হয়৷ একেটা কথাকেই ৰোগীয়ে বাৰে বাৰে সুধি থাকে৷ সঘন মেজাজৰ পৰিবৰ্তন হোৱাৰ লগতে কেতিয়াবা কেতিয়াবা ৰোগীয়ে হিংসাত্মক ব্যৱহাৰ কৰিব পাৰে৷ খুউব কম পৰিমাণেহে ৰোগীয়ে চাৰিও কাষৰ পৰিৱেশটোৰ প্ৰতি সচেতন হয়৷ আৰু কেতিয়াবা শাৰীৰিকভাৱে দুৰ্বল হৈ শয্যাশায়ী হৈ পৰে৷

মগজুৰ basal ganglia নামৰ অংশটোৰ স্নায়ুকোষবোৰ ধ্বংস হোৱাৰ ফলত বৃদ্ধবয়সত Parkinson’s নামৰ ব্যাধিটো হয়৷ যাৰ ফলত ৰোগীৰ স্মৃতিভ্ৰংশ, বোধশক্তি, জ্ঞান আহৰণৰ প্ৰক্ৰিয়াত বাধা আদি সমস্যাই দেখা দিয়ে৷ এই ৰোগত সংগীতৰ লয়ৰ দৰে নিৰ্দিষ্ট ব্যৱধানত ৰোগীৰ হাত, মূৰ, বাহু আৰু হনুৰ জোকাৰণিৰ সৃষ্টি হয়৷ আনহাতে এলঝেইমাৰ ৰোগৰ পিছতে স্মৃতিভ্ৰংশ হোৱা দ্বিতীয় বৃহৎ কাৰক ৰোগটো হ’ল vascular dementia কিছুমান লোকৰ সঘনাই সৰু সৰু ষ্ট্ৰোক হোৱাৰ পিছত মগজুৰ কিছুমান অংশলৈ তেজৰ চলাচল বন্ধ হোৱাৰ ফলত মগজুৰ সেই নিৰ্দিষ্ট অংশটোৰ ক্ষতি হয় বা ধ্বংস হয়, যাৰ বাবে ৰোগীৰ স্মৃতিভ্ৰংশ, আবেগিক অস্থিৰতা অৱসাদ আদি লক্ষণে দেখা দিয়ে৷ উচ্চৰক্তচাপত ভুগি থকা বয়স্ক লোকসকল এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷

অন্য বিভিন্ন কাৰণ আৰু ৰোগৰ বাবে মানুহৰ স্মৃতিভ্ৰংশ হয় যদিও বৃদ্ধ বয়সত হোৱা আৰু এশ শতাংশ ফলপ্ৰসু চিকিৎসা পাবলৈ নোহোৱা এই ধৰণৰ ৰোগবোৰে বহুতৰে জীৱন দুৰ্বিসহ কৰি তোলে, বহুতো প্ৰতিভাৱান মানুহৰ কেৰিয়াৰ স্তব্ধ হৈ যায়৷ The Iceman Cometh আৰু Long Day’s Journey in to Night ৰ ৰচয়িতা যাক আমেৰিকাৰ মহান নাট্যকাৰ হিচাবে গণ্য কৰা হয় Eugene O Neill ষাঠি বছৰ বয়সত Parkinson’s ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল৷ ৰোগটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত তাৰ জোকাৰণি সহ্য কৰিবলৈ তেখেতে অপাৰগ হৈ পৰিছিল৷ শেষত চিত্ত বিভ্ৰম আৰু বিষণ্ণতাত ভুগি পাঁচ বছৰ পিছত তেখেতৰ মৃত্যু হৈছিল৷

বয়স বঢ়াৰ লগে লগে শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে দুৰ্বল হৈ পৰা বহু বৃদ্ধ লোকৰ জীৱনৰ আবেলি পৰত বিভিন্ন ৰোগ ব্যাধি, মানসিক সমস্যা, ঘৰুৱা সমস্যা আৰু বহুতৰ ক্ষেত্ৰত পৰিয়ালৰ অন্য সদস্য সকলৰ অৱহেলা, অনাদৰ আদি বিভিন্ন সমস্যাৰ কলীয়া ডাৱৰে যেন আৱৰি ধৰে৷ পেনছিলভেনিয়া বিশ্ববিদ্যালয় মনোবিজ্ঞানৰ অধ্যাপক এলিজাবেথ বি হাৰলকে কোৱাৰ দৰে বহু বৃদ্ধলোকৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো হ’ল – ‘‘মোৰ কেতিয়া মৃত্যু হ’ব?’’ দ্বিতীয় প্ৰশ্নটো হ’ল – ‘‘মোৰ মৃত্যুৰ কাৰণ কি হ’ব পাৰে?’’ এনেধৰণৰ কিছুমান ঋণাত্মক চিন্তাই বহু বৃদ্ধলোকৰ মনস্তত্ত্ব ভাৰাক্ৰান্ত কৰি তোলে৷ সেক্সপিয়েৰে বৃদ্ধ বয়সৰ শাৰীৰিক অৱনতিৰ বিষয়ে লিখিছিল-

His youthful hose, well saved, a world too wide
For his shrunk shank; and his manly voice
Turning again toward childish treble, Pipes
And whistles in his sound.

মানুহৰ বৃদ্ধ অৱস্থাটো সমস্যাৰে ভৰা যেন লাগিলেও চিচেৰ’ই কোৱাৰ দৰে ‘‘মানুহৰ জীৱনৰ বাল্য, ডেকা-বুঢ়া আদি প্ৰতিটো অৱস্থাৰে এটা সুকীয়া অনুভূতি আৰু আনন্দ আছে৷’’ জীৱনজোৰা অভিজ্ঞতা আৰু জ্ঞানেৰে প্ৰোজ্জল এই বৃদ্ধসকলৰ জীৱন৷ মানৱ জাতিৰ কল্যাণৰ বাবে হোৱা যিমানবোৰ আৱিষ্কাৰ আৰু মহৎ কাম হৈছে তাৰ সিংহ ভাগেই মধ্যবয়সীয়া বা মধ্যবয়স পাৰ হোৱা লোকৰ দ্বাৰা সম্পন্ন হৈছে৷ লাইফ বিগিনছ এট ফৰ্টীৰ লেখক ৱালটাৰ বি পিটকিনে কৈছিল পৃথিৱীৰ মহৎ কামবোৰৰ দহভাগৰ ন ভাগেই ভৰ বয়স পাৰ হোৱা লোকৰ দ্বাৰাহে সম্পন্ন হৈছিল৷

এলঝেইমাৰ ৰোগৰ ওপৰত গোটেই পৃথিৱীজুৰি বহু গৱেষণা হৈছে আৰু বহু গৱেষণা পত্ৰ প্ৰকাশ হৈছে৷ এবাৰ এজন জেষ্ঠ বিশেষজ্ঞ চিকিৎসকে এখন চিকিৎসা বিজ্ঞানৰ বিশ্ববিদ্যালয়ত এলঝেইমাৰ ৰোগৰ ওপৰত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত অংশগ্ৰহণ কৰি এজন গৱেষকে পাঠ কৰা গৱেষণা পত্ৰখনৰ কেইটামান কথা মোক কৈছিল৷ সেই গৱেষণা পত্ৰখনৰ মতে এলঝেইমাৰ ৰোগ কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়, যদিহে এজন লোকে তেওঁ ডাঙৰ দীঘল হোৱা ঠাইখনৰ লগত, বাল্য বন্ধুৰ লগত বা তেওঁ ডাঙৰ দীঘল হোৱা পৰিৱেশটোৰ সংস্পৰ্শলৈ মাজে মাজে আহি থাকে৷ এলঝেইমাৰ প্ৰতিৰোধ কৰিবলৈ এই প্ৰক্ৰিয়াটো হেনো চল্লিশ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিব লাগে৷

যদি উক্ত গৱেষণা পত্ৰৰ কথাবোৰ সত্য হয়, – তেতিয়াহ’লে আহক আমি কৰ্মব্যস্ত জীৱনৰ ফাঁকে ফাঁকে সময় সুবিধা পালে ডিম্বেশ্বৰ নেওগৰ মোৰ গাঁও নামৰ পদ্যটোত উল্লেখ কৰা ‘‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’’ স্বৰূপ আমাৰ জন্মৰ গাঁওখনলৈ যাওঁ৷ চাকৰি বিচাৰি নুফুৰি গাঁৱতে ৰৈ যোৱা খেতিয়ক বাল্য বন্ধুজনৰ খবৰ লওঁ, যাৰ লগত সৰুতে আপুনি আকাশীলতাৰে মহাত্মাগান্ধীয়ে পিন্ধা চছমা যোৰৰ দৰে চছমা বনাই পিন্ধি নিজকে একোজন মহাত্মা গান্ধী বুলি ভাৱিছিল৷ বঁকিয়াই দি বিশাল পথাৰখনৰ মাজলৈ- বা নৈ পাৰৰ নিজান মথাউৰিটোলৈ, য’ত আপুনি গাভৰু ছোৱালী দেখিলেই ভাল লগা বয়সত আপোনাৰ বন্ধুৰ লগত বহুতো গোপন কথা পাতিছিল৷ আপোন ঘৰখনলৈ- যেতিয়া আপোনাৰ আইয়ে আপুনি চহৰৰ কলেজৰ হোষ্টেলত পঢ়ি থাকোঁতে বা চাকৰিসূত্ৰে ঘৰৰ পৰা দূৰৈত থাকোঁতে ঘৰলৈ আহিব বুলি খবৰ পাই কেইবাদিনৰ আগৰপৰা বাৰান্দালৈ আহি দীঘল পদুলিটোলৈ ডিঙি মেলি মেলি চাইছিল কিজানি আপুনি আহিছেই৷ সেইখন ঘৰলৈ যেতিয়া আপুনি হয়তো নিবনুৱা আছিল – চাকৰিৰ বাবে ইণ্টাৰভিউ দি ফুৰিছিল৷ কাহিলি-পুৱাতে বাছত উঠি চহৰত ইণ্টাৰভিউ দিবলৈ গৈ সন্ধিয়া যেতিয়া ক্লান্ত হৈ ঘৰ পাইছিল তেতিয়া হয়তো আপোনাৰ বাই-ভনীহঁতে সুধিছিল ইণ্টাৰভিউ কেনে হ’ল? এইবাৰ চাকৰিটো হোৱাৰ সম্ভাৱনা আছেনে? কিন্তু আপোনাৰ আইয়ে আপোনাক একো সোধা নাছিল – মাত্ৰ আপোনাৰ চকুযুৰিলৈ সকৰুণ দৃষ্টিৰে চাই সুধিছিল- ‘‘তই চহৰত কিবা খালিনে?’’

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্ৰাক্তন অংশকালীন প্ৰবক্তা, চিকিৎসক)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক