আবৈ আৰু এটা সাঁথৰৰ গধূলি – প্ৰজ্ঞা পাৰমিতা বৰুৱা

হাতত এঠেঙীয়া বগলীজনী লৈ

মাজ চোতালৰ কানিমুনি পোহৰত

আবৈ আৰু মই….

শীতল পাতিত  গা এৰি

আবৈৰ কোঁচত ভাগৰৰ জুৰনি..

বদুৱা কটাৰীৰ আগেৰে পকা পকা

পানীঘামছিৰ উচ্ছেদ অভিযান…!

পাচি পাচি ধান খোৱা,

এদঁতীয়া হাতী !

ক’ত পায়? ক’ত পায়?ক’ত পায়…..?

লাগিল পয়মাল…

আমজোপাৰ ফেৰেঙনিত ওলমি থকা জোনবাইক সোধোঁ….

তৰাৰ দেশত

পিত্পিতাই চলাথ কৰোঁ,

চোতালৰ ধূলিত আঙুলিৰ কলমেৰে অকোঁ সৰল-বক্ৰ অজস্ৰ ছবি

ক’ত পায় , ক’ত পায়…???

শেষত তৈলমৰ্দন…

ক’ত পায় আবৈ…

“আমাৰ ভৰাঁলৰ টোপত !”

আন্ধাৰতে এটা ৰাগি লগা হামি পাৰ হৈ যায়…..

পিঠিত তোৰ হাতৰ বুলনী..

গ্ৰীষ্মৰ পকা গৰমতো

ইমান কোমল এজাক বতাহ

তোৰ হৃদয়ৰ কোন দুৱাৰেদি সোমায়…

আবৈ তই নাই..

এআঁঠু পানীত কোঁৱৰ গা নোধোৱে

এককাল পানীলৈ যায়…

এককাল পানীতে কোঁৱৰ গা নোধোৱে এডিঙি পানীলৈ যায়….

এডিঙি পানীতো কোঁৱৰ গা নোধোৱে….

কোঁৱৰ ক’লৈনো যায়…

কোঁৱৰ কোঁৱৰ…

আবৈ আৰু নাগাবি মোৰ বুকু বিষায়…

হাতৰ বগলীজনী নাচি নাচি বা দি যায়…

শিলৰ সাঁথৰবোৰ ভঙি দিবলৈ

আবৈ ,

এতিয়া তই যে নাই…..!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments