আমাক এখন মুক্ত আকাশ লাগে উৰিবলৈ ( ঈশানজ্যোতি বৰা )

উদাহৰণ ১: ঘটনাটো তিনিমাহমান আগৰ ৷ কোনোবা এখন অসমীয়া বাতৰিকাকতলৈ বুলি কিবা এটা লিখি আছিলো ৷ এনেতে মোৰ এজন নিকটাত্মীয় ব্যক্তিৰ প্ৰৱেশ ঘটিল ৷ মোক সুধিলে – ‘কি লাভ হ’ব এইবোৰ লিখিলে ?’ মই মূৰ নদঙাকৈয়ে উত্তৰ দিলো ‘তেনেকুৱা লাভৰ কথা একো নাই ৷ মোৰ লিখা-মেলা কৰাটো হবি কাৰনে লিখি আছো ৷ ’এইবুলি কৈ আকৌ লিখাত নিমগ্ন হ’লো ৷

উদাহৰণ ২: মোৰ এজন বন্ধু ৷ এদিন মোক কথাৰ প্ৰসংগত ক’লে ‘মোৰ আচলতে এইবোৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ মন নাছিল ৷ দেউতাই নামটো লগাই দিলে ৷’ তাৰ কথাই মোক ভবাই তুলিলে ৷ কি উত্তৰ দিম একো ভাবি নাপালো ৷

উদাহৰন ৩: কোনোবা এটা পৰীক্ষাৰ ফলাফল ঘোষনা কৰিছে ৷ একেখন কাগজতে দুটা খবৰ ৷
প্ৰথম খবৰ : ‘অমুক ঠাইৰ অমুকে ইমান নম্বৰ পাই প্ৰথম স্থান অধিকাৰ কৰিছে ৷’
দ্বিতীয় খবৰ : ‘পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰি অমুকে আত্মহত্যা কৰিলে’

অসমৰে বোকা-পানী গচকি জীৱনৰ ২২টা বসন্ত পাৰ কৰি এতিয়া লাহে লাহে এইটো বুজি পোৱা হৈছো যে মোৰ বয়সৰ বা মোতকৈ কম বয়সৰ বহু ল’ৰা-ছোৱালী একো একোটা সঁজাত বন্দী ৷ য’ৰপৰা তেওঁলোক ওলাব বিচাৰিলেও ওলাব নোৱাৰে ৷ শিকলিডাল বৰ কঠোৰ ৷ ল’ৰাটো বা ছোৱালীজনীক খুব কম বয়সতে বন্দী কৰি পেলোৱা হয় এটা সজাঁত ৷ তাক ব্যৱহাৰ কৰা হয় এটা যন্ত্ৰ হিচাপে ৷

ল’ৰাটো বা ছোৱালীজনী ৩-৪ বছৰ হ’ল কি নহ’ল, আৰম্ভ হৈ গ’ল সেই কনমানিটোৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ ৷ যিটো বয়সত শিশুটোৰ মুক্তমনে খেল-ধেমালি কৰাৰ বয়স, যিটো বয়সত শিশুটোৱে ককাক-আইতাকৰ মুখত ৰামায়ণ-মহাভাৰতৰ সাধু শুনাৰ বয়স, প্ৰানখুলি হঁহাৰ বয়স, সেই বয়সত কনমানিটোৰ পিঠিত তুলি দিয়া হয় এটা গধুৰ মোনা ৷ নিজৰ ল’ৰাটো বা ছোৱালীজনীক ডাঙৰ মানুহ হিচাপে তৈয়াৰ কৰিবৰ বাবে পিতৃ-মাতৃৰ দৈনন্দিন কচৰৎ ৷ কেৱল পঢ় আৰু পঢ় ৷ অকল সেয়াইনে ? সন্তানক সৰ্বগুনসম্পন্ন কৰাৰ চেষ্টাত নৃত্য, সংগীত, সাঁতোৰ, চিত্ৰ-কলা আদি সকলোতে জোৰ-জুলুম কৰি নামভৰ্ত্তি কৰি জানো দিব নালাগিব ? ন’হলে যে অফিচত, চুবুৰীত বা তথাকথিত ছ’চাইটিত মুখ দেখুৱাব নোৱাৰা হ’ব ৷ সন্তান অলপ ডাঙৰ হৈ অহাৰ লগে বাঢ়ি যায় মানসিক হেঁচা ৷ ডাক্তৰ বা ইঞ্জিনিয়াৰ হ’বই লাগিব ৷ সৰ্বভাৰতীয় পৰ্য্যায়ত নিজকে সাব্যস্ত কৰিব পাৰিবই লাগিব ৷ লাগিলে সন্তানে ডাক্তৰ-ইঞ্জিনিয়াৰ হ’বলৈ মন নকৰকেই ৷ নিজৰ ৰুচি-অভিৰুচি সকলো পৰিহাৰ কৰি সন্তানেও নিজৰ পিতৃ-মাতৃৰ অনুৰোধ (বা আদেশ) মানি চলে ৷ কিন্তু কোনেও কেতিয়াও সুধিব নুখোজে সন্তানে কি বিচাৰিছে ৷ কিয় ? সোধাটো জৰুৰী নহয় নেকি ?

মাজতে ডি.ৱাই.৩৬৫ ৰ এটা অনুস্থানত মৃণাল তালুকদাৰে কৈছিল -সকলোতে কেৱল প্ৰতিযোগিতা ৷ সৰু-সৰু ল’ৰা-ছোৱালীৰ মাজত যদি এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতে তেন্তে তাতো প্ৰথম/ দ্বিতীয়/তৃতীয় স্থান প্ৰাপ্তক পুৰস্কাৰ দি সকলো শেষ কৰি থয় ৷ কিন্তু প্ৰতিযোগিতাখনত অংশ লোৱা বাকীসকল কনমানিৰ সেইসময়ৰ মনোৱস্থা কি হ’ব পাৰে, সেয়া উদ্যোক্তাসকলৰ মগজুৱে ঢুকি নাপায় ৷ প্ৰতিযোগিতাত পুৰস্কাৰ নোপোৱাৰ বাবে ঘৰত পিতৃ-মাতৃয়ে ল’ৰাটো বা ছোৱালীজনীৰ ওপৰত মানসিক নিৰ্যাতন চলাব ৷ ‘কিয় তই পুৰস্কাৰ নাপালি ? এনেই তোক চিত্ৰাংকন বিদ্যালয়ত নাম লগাই দিছিলো নেকি? তোৰ লগৰ সিনো কেনেকৈ পালে ?’ ইত্যাদি ইত্যাদি ৷

এই গালি পৰা কাৰ্যটো পৰৱৰ্ত্তী সময়খিনিতো চলি থাকে ৷ মেট্ৰিকত ৮০-৯০ শতাংশ নাপালে, উচ্চতৰ-মাধ্যমিকত ৪-৫ টা বিষয়ত লেটাৰ নাপালে, মেডিকেল-ইঞ্জিনিয়াৰিঙত আসন ল’ব নোৱাৰিলে ল’ৰা-ছোৱালীৰ ওপৰত পৰিয়ালৰ সকলোৰে ঠাট্টা-মস্কৰা, পিতৃ-মাতৃৰ তৰ্জন-গৰ্জন ৷ আপুনি হয়তো শুনিবলৈ বেয়া পাব পাৰে কিন্তু বস্তুবাদী আৰু ভোগবাদী আমাৰ বৰ্তমানৰ সমাজখনৰ বহু পিতৃ-মাতৃয়ে নিজ সন্তানৰ লগত এনেকৈয়ে ব্যৱহাৰ কৰি আহিছে ৷ এনেধৰনৰ মানসিকতাৰ চিকাৰ হোৱাৰ বাবেই চাগে যুৱ-প্ৰজন্মৰ বহুতৰে মনত ক্ষোভৰ উদ্গীৰন হৈছে, নিজৰ বিচৰাখিনি নোপোৱাৰ বাবেই বহুতে অসৎ কাম কৰিবলৈ লৈছে ৷ বহুতে মাক-বাপেকৰ আশামতে ফলাফল দেখুৱাব নোৱাৰি আত্মহত্যাৰ পথ বাচি লৈছে ৷ ধ্বংস হৈ গৈছে এটা নিৰ্দোষ প্ৰাণ !

দুখ লাগে বৰ্তমান সময়ৰ বহু পিতৃ-মাতৃৰ কথা-কাণ্ড দেখি, যি নিজৰ সন্তানক একো একোটা যন্ত্ৰৰ দৰে তৈয়াৰ কৰিবলৈ উঠি-পৰি লাগিছে ৷ দিনে-ৰাতিয়ে সন্তানক কেৱল গাধৰ দৰে পঢ়াৰ টেবুলত বহুৱাই ৰাখিছে ৷ নিজৰ পাঠ্যক্ৰমৰ বাহিৰে বেলেগ কিতাপ এখন পঢ়িব খুজিলেও মাক-বাপেকৰ বাধা ৷ সন্তানে মুকলি মনেৰে একো কাম কৰিব নোৱাৰে ৷ নিজকে যেন সিহঁতে ক’ৰবাত হেৰুৱাই পেলাইছে ৷ নিজৰ জীৱনটোক ঘৃণা কৰিবলৈ ধৰিছে ৷

কিয় ? কিয় আমাৰ মানুহৰ মনবোৰ সলনি ন’হল এতিয়াও ৷ কিয় আমি এতিয়াও নিজৰ মনপচন্দ কামবোৰ মুক্তমনে কৰিব নোৱাৰো ? আমাৰ একো অধিকাৰ নাই নেকি নিজৰ সপোনবোৰ পুৰণ কৰাত ? পৰীক্ষা-ৰিজাল্ট-মাৰ্কশ্বিট এইবোৰৰ পিছতেই গোটেই জীৱনটো দৌৰি ফুৰিব লাগিব নেকি ? কিয় আমি দিনে-দিনে ইমান স্বাৰ্থপৰ হৈ পৰিছো ? ধন, টকা-পইচা ঘটাই মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ’ব পাৰেনে ? এইটো সঁচা যে জীয়াই থাকিবৰ বাবে কেইপদমান বস্তৰো প্ৰয়োজন আছে ৷ কিন্তু সেইটো কৰিবৰ বাবেই সন্তানৰ ওপৰত ইমান মানসিকভাৱে হাৰাশাস্তি কৰা উচিত জানো ?

ডাক্টৰ-ইঞ্জিনিয়াৰ হোৱাটো একো বেয়া কথা নহয় ৷ কিন্তু জোৰ-জুলুম কৰি, নিজ সন্তানৰ ইচ্ছাৰ বিৰুদ্ধে গৈ, তেওঁলোকৰ স্বাধীনতাত হস্তক্ষেপ কৰি সন্তানক একোটা যন্ত্ৰ কৰি পেলোৱাটো কিমান সমীচিন সেইটো বুজিবলৈ চেষ্টা কৰা উচিত ৷ নৱ-প্ৰজন্মৰ ওপৰত দোষ জাপি দিলেই সকলো সমস্যাৰ সমাধান হৈ নাযায় ৷ এই ক্ষেত্ৰত পিতৃ-মাতৃৰো বহু কৰিবলগীয়া থাকে ৷ অকল নিজৰ ছ’ছিয়েল ষ্টেটাচৰ কথা ভাবিলেই নহয় ৷ বৰ্তমানৰ সমাজখনক আগুৱাই নিবৰ বাবে বহু ভাল মানুহৰ প্ৰয়োজন ৷ ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ বাবে মানসিক চাপ প্ৰয়োগ নকৰি পিতৃ-মাতৃয়ে সন্তানক ভাল মানুহ হ’বলৈ শিক্ষা দিয়াত অধিক প্ৰাধান্য দিয়া উচিত ৷

মোৰ এগৰাকী প্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ‘সোণ হৰিণৰ চেঁকুৰ’ শীৰ্ষক উপন্যাসৰ এটা শাৰীয়ে মোৰ মনত বহুত দকৈ ৰেখাপাত কৰিছিল –‘পৰীক্ষা আৰু ৰিজাল্টে মানুহৰ জীৱন নিয়ন্ত্ৰন নকৰে ৷ তুমি কি কাম কৰিবা সেয়াহে তোমাৰ প্ৰকৃত উদ্দেশ্য ৷’ কথাষাৰ ভাবি চাবলগীয়া ৷

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক