আমাজন আৰু খাণ্ডৱ বন দাহ মুকুলেশ ডেকা

মহাভাৰতৰ আদি পৰ্বত উল্লেখ থকামতে, অগ্নি দেৱতাৰ ক্ষুধা নিবাৰণ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ তৃতীয় পাণ্ডৱ অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণই মিলি বিশাল খাণ্ডৱ বন দাহ কৰাত অগ্নিক সাহায্য কৰিছিল৷ বহুদিনৰপৰাই খাণ্ডৱ বনৰ ওপৰত চকু আছিল অগ্নিৰ৷ কিন্তু সেই খাণ্ডৱ বনত পৰিয়াল-পৰিজনসহ বাস কৰিছিল তক্ষকে৷ তক্ষক আছিল অনাৰ্য বা অসুৰ৷ কিন্তু সেই তক্ষক দেৱৰাজ ইন্দ্ৰৰ বিশেষ বন্ধু আছিল৷ সেইবাবেই খাণ্ডৱ বন দাহ কৰিবলৈ কৰা অগ্নিৰ চেষ্টাক বৰষুণ সৃষ্টি কৰি প্ৰতিহত কৰি আহিছিল দেৱৰাজ ইন্দ্ৰই৷ অৱশেষত ব্ৰাহ্মণৰ বেশেৰে অগ্নি গৈ অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয়৷ অগ্নিক খাণ্ডৱ বন দাহ কৰাত সাহায্য কৰাৰ নিমিত্তে অৰ্জুনে বিচাৰিছিল এখন ধনু, যাৰদ্বাৰা অতি বেগত শৰ নিক্ষেপ কৰিব পৰা যাব৷ লগতে মনৰ বেগেৰে চলিব পৰা এখন ৰথ৷ সেইমতেই অগ্নিয়ে বৰুণ দেৱতাৰ পৰা আনি দিছিল বিখ্যাত গাণ্ডীৱ ধনু, যি ভগৱান শিৱৰ পিনাক নামৰ ধনুখনৰ সমপৰ্য্যায়ৰ আছিল৷ লগতে অগ্নিয়ে নিজৰ ৰথখনো অৰ্জুনক প্ৰদান কৰিছিল৷ যিদিনাখন খাণ্ডৱ বন দাহ আৰম্ভ হৈছিল, অৰ্জুন আৰু শ্ৰীকৃষ্ণই খাণ্ডৱ বনৰ ওচৰত পহৰা দি আছিল যাতে দাহ কাৰ্য সুকলমে সমাধা কৰাব পৰা যায়৷ জুই লগাৰ লগে লগে চৰাইবোৰ ওপৰলৈ উৰি গৈছিল নিজৰ প্ৰাণ বচাবলৈ৷ কিন্তু অৰ্জুনে শৰবিদ্ধ কৰি সেইবোৰ চৰাই পুনৰ আহি জুইত জাহ যোৱাটো নিশ্চিত কৰিছিল৷ দৌৰিব পৰা জীৱ-জন্তুবোৰ প্ৰাণৰ মমতাত বনৰ বাহিৰলৈ দৌৰিছিল৷ সেইবোৰো যাতে পলাই যাব নোৱাৰে আৰু অগ্নিয়ে ভক্ষণ কৰিব পাৰে, সেইটো নিশ্চিত কৰিছিল ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰৰ সহায়ত৷ এইদৰেই দুজন ধৰ্মৰ ৰক্ষকে(! ) নিজৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে শ শ, হেজাৰ হেজাৰ নিৰীহ প্ৰাণৰ বলি দিছিল!

তক্ষক সেই সময়ত বনত নাছিল৷ ইফালে দেৱৰাজ ইন্দ্ৰই ঘটনাৰ খবৰ পাই পুষ্কল আৰু অৱৰ্তক নামৰ দুই অনুচৰক প্ৰচণ্ড ধুমুহা বৰষুণ সৃষ্টি কৰি খাণ্ডৱ বনৰ অগ্নি নিৰ্বাপনৰ বাবে আদেশ দিলে যাতে বন্ধুৰ অবৰ্তমানত তেওঁৰ পত্নী আৰু সন্তানক ৰক্ষা কৰিব পাৰে৷ পিছে অৰ্জুনে গোটেই খাণ্ডৱ বনৰ আকাশ শৰেৰে ঢাকি পেলাই এটোপালো পানী পৰিব নোৱাৰা কৰি অগ্নিৰ দাহ কাৰ্যত বিৰতি পৰিব নিদিলে৷ শেষত ইন্দ্ৰ নিজেই ওলাই আহিল অৰ্জুনৰ বিপক্ষে যুঁজ দিবলৈ৷ লগত আছিল যম, কুবেৰ, বৰুণ আৰু শিৱ৷ দুই পক্ষৰ মাজত প্ৰচণ্ড যুঁজ আৰম্ভ হয়৷ পিতৃ ইন্দ্ৰৰ প্ৰতিটো অস্ত্ৰ অকামিলা কৰাৰ উপায় আছিল অৰ্জুনৰ হাতত৷ অৰ্জুন আৰু শ্ৰীকৃষ্ণ লগ হৈ দেৱৰাজ ইন্দ্ৰৰ বাহিনীক বাৰুকৈয়ে বিপৰ্যস্ত কৰি তুলিছিল৷ শেষত এক দৈৱ আকাশবাণীত ইন্দ্ৰৰ বাহিনী নীৰস্ত হৈ উভতি গ’ল৷ যুদ্ধৰ সুযোগতে কিন্তু তক্ষকৰ পত্নীয়ে তেওঁলোকৰ পুত্ৰ অশ্বসেনক পলুৱাই পঠিয়ায়৷ সেই কথা গম পাই খঙত অগ্নিশৰ্মা হৈ অৰ্জুনে তক্ষকৰ পত্নীক তিনিডাল শৰেৰে বিদ্ধ কৰি হত্যা কৰে৷ ধৰ্মৰ ৰক্ষকে এইবাৰ এগৰাকী নীৰস্ত্ৰ, নিৰীহ মহিলাক বধ কৰে, তাকো এগৰাকী মাতৃয়ে নিজ পুত্ৰক ৰক্ষা কৰাৰ দোষত(! )৷ ইফালে আকৌ অসুৰসকলৰ স্থপতিবিদ ময় নামৰ অসুৰো ঘটনাক্ৰমে খাণ্ডৱ বনত আবদ্ধ হৈ পৰিছিল৷ তেওঁ পলাবলৈ চেষ্টা কৰাৰ সময়তে ভগৱান(! ) শ্ৰীকৃষ্ণই দেখা পাই সুদৰ্শন চক্ৰ নিক্ষেপ কৰি বধ কৰিবলৈ লওঁতেই ময়াসুৰ আহি অৰ্জুনৰ শৰণাপন্ন হয়৷ অৰ্জুনে ময়াসুৰৰ প্ৰাণৰক্ষা কৰে৷ নিজৰ কৰ্তব্য পালন কৰা এগৰাকী মাতৃক ক্ষমা কৰিব নোৱাৰা ধৰ্মৰক্ষক অৰ্জুনে কিন্তু এইবাৰ বিশেষ কোনো যুক্তি অবিহনেই আন এজনৰ প্ৰাণৰক্ষা কৰি দিলে৷ তাৰ কাৰণো পিছলৈ গম পোৱা যাব৷

এই সমগ্ৰ ঘটনাক্ৰম পৰ্যবেক্ষণ কৰিলে দেখা যায় যে সমগ্ৰ ব্ৰহ্মাণ্ডৰ অধীশ্বৰ শ্ৰীকৃষ্ণই এজন মাত্ৰ দেৱতাৰ ইচ্ছা পূৰণৰ বাবে অৰ্জুনে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে এখন বিশাল বন, গছ-লতিকা, তৰু-তৃণ, পশু-পক্ষী সমন্বিতে জীৱন্তে দাহ কৰা কাৰ্যক বাধাটো নিদিলেই, বৰং সেই কাৰ্যত সাহায্যহে কৰিলে৷ আৰু অৰ্জুন, শ্ৰী কৃষ্ণৰ মানত অনাৰ্য তক্ষকৰ পৰিয়াল আৰু বনৰ পশু-পক্ষী যেন সমপৰ্য্যায়ৰ আছিল৷ পলাই যোৱা পশু-পক্ষীবোৰ নিজ হাতে বধ কৰাৰ লগতে তক্ষকৰ পত্নীকো নিষ্ঠুৰভাবে বধ কৰিছিল৷ অপৰাধ আছিল মাতৃ হিচাপে নিজ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰা! ময়াসুৰক ৰক্ষা কৰাৰ কাৰণ হয়তো এয়ে আছিল যে তেওঁ এজন দক্ষ স্থপতিবিদ আছিল যাক ভৱিষ্যতে কামত লগাৰ সম্ভাৱনা আছিল৷ পিছলৈ এই ময়াসুৰেই জ্বলি ছাঁই হৈ যোৱা খাণ্ডৱ বনৰ ঠাইত নিৰ্মাণ কৰি উলিয়াইছিল স্বৰ্গ-মৰ্ত্য-পাতাল, এই তিনিও লোকৰ ভিতৰতে তুলনাবিহীন, আটকধুনীয়া ইন্দ্ৰপ্ৰস্থ, যি আছিল পাণ্ডৱসকলৰ ৰাজধানী৷

এতিয়া সঁচাকৈ অগ্নিৰ ভোক নিবাৰণৰ বাবেই খাণ্ডৱ বন দাহ কৰা হৈছিল, নে নিজৰ ৰাজধানী প্ৰতিষ্ঠাৰ বাবেহে এক কাহিনীৰ সৃষ্টি কৰি এক বিশাল, গভীৰ অৰণ্য গছ-বন, পশু-পক্ষী, মানুহ সহিতে জ্বলাই ছাঁই কৰি দিয়া হৈছিল সেয়া এক সুকীয়া প্ৰশ্ন৷ কিন্তু শেহতীয়াকৈ আমাজনৰ বৰ্ষাৰণ্যত এপেষকৰো অধিক দিন জ্বলি থকা জুইকুৰাৰ লগত এই প্ৰশ্নৰ যেন প্ৰাসংগিকতা আছে৷ তাতে আকৌ সেই আমাজন বৰ্ষাৰণ্যৰ ভূমি সোণৰ দৰে আন বহু মূল্যৱান ধাতু আৰু খনিজ পদাৰ্থৰে চহকী৷ বৃহৎ ব্যৱসায়ী গোষ্ঠীৰ স্বাৰ্থসিদ্ধিৰ বাবে যুগে যুগে কিন্তু এইদৰেই নিৰীহ পশু-পক্ষীৰ লগতে স্থানীয় জনগোষ্ঠীসমূহেও মূল্য ভৰিবলগীয়া ঘটনা ঘটিয়েই আছে৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক