আমাৰ ই অচামীচ (অসমীয়া ) ক’ব নাজানে নহয়…!!(ভাৰতী বৰা)

লক্ষীমপুৰৰ এখন ভিতৰুৱা গাঁৱৰ কথা । আমাৰ গাঁৱৰে দাদা এজন ভাৰতীয় সৈন্যবাহিনীত চাকৰি কৰে । গতিকে তেওঁ কৰ্মসুত্ৰে অসমৰ বাহিৰতে থাকে । আজিৰ পৰা প্ৰায় ২ বছৰমান আগতে ঘৰলৈ আহোঁতে আমাৰ ঘৰলৈয়ো আহিছিল ফুৰিবলৈ । লগত তেওঁলোকৰ ৫ বছৰীয়া সন্তান । চাহ জলপান পৰ্ব শেষ হোৱাৰ পাছত তামোলৰ বটাখন লৈ ওলাই আহিছোঁ, ভাবিছোঁ তামোলো কাটো কথাও পাতো । মাঁ য়ে আমাক এৰি যোৱাৰ পৰাই আলহী আহিলে চাহ জলপান দিয়াৰ পৰা কথা পতালৈকে ময়ে কৰিব লগা হয় । তামোলৰ বটাখন দেখিয়ে নবৌ গৰাকীয়ে তেনেই নাক মুখ কোচাই আহিল । দাদা য়ে মোক কলে তেওঁ হেনো তামোল বৰ ঘৃণ কৰে । গতিকে ময়ো বটাখন আঁতৰাই থৈ দিলো । মাইনাটোক মাতি নামটো সুধিলো, সি মোৰ মুখলৈ ভেবা লাগি চাই আছে । মই মনতে ভাবিছো এইটো অকৰা নেকি । অ’ পিছে আচল কথাটো গম পাই মইহে ভেবা লাগিলো । দাদা আৰু বৌয়ে বেচ গৰ্বৰে কলে, ‘’ আমাৰ ইয়াৰ নাম ৰিকি । ই আচামীচ কবও নাজানে বুজিয়ো নাপায় ।’’ মই সুধিলোঁ কিয় শিকোৱা নাই । তেতিয়া বৌ গৰাকীয়ে কলে, ’’ আচামীচ চিকি কিনো হব, আচামৰ বাহিৰে আৰু ক’তো নচলে । আৰু তাক আচামীচ কেনেকে হিকাম, ময়ে নাজানো । মই ইংৰাজী মেডিয়ামত পঢ়া, ইংৰাজীত মেজৰ লৈ বি.এ পাছ কৰিছোঁ ।’’ বৌ গৰাকী কিন্তু বেলেগ ঠাইৰ নহয়, আমাৰ অসমৰে নগাঁও জিলাৰ জীয়ৰী ।
মই সেইদিনা কথাষাৰ ইমান দকৈ ভাবি চোৱা নাছিলো বাবেই চাগে আৰু একো নকলো । কিন্তু আজিয়ো কথাষাৰ মোৰ মনত পৰি থাকে । তেওঁলোকৰ ল’ৰাই হিন্দী জানে, ইংৰাজী জানে এয়া বেয়া কথা নহয় । বেয়া কথাটো হ’ল নিজকে অতি আধুনিক সজাবলৈ গৈ নিজৰ মাতৃভাষাটোক পাহৰি যোৱাটোহে।
অকব-ত জড়িত হোৱাৰ পাছৰ পৰাই মই ভাবিছোঁ যে কিছুমান সত্ ব্যক্তিৰ একান্ত প্ৰ্চেষ্টাত আজি কম্পিউটাৰত অসমীয়াত ভাব বিনিময় কৰাৰ এক বিশাল মঞ্চৰ আয়োজন হৈছে আৰু আনফালে কিছুমান ফপহুটা অসমীয়াই ‘’অসমীয়া ক’ব নাজানো” গৰ্ব কৰি ফুৰিছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক