আমাৰ এনেকৈয়ে দিন যায়, এনেকৈয়ে ৰাতি পুৱায় (ঈশানজ্যোতি বৰা)


(উচৰ্গা: লুইতপৰীয়া ডেকা সমাজলৈ)
(বি:দ্ৰ: লেখাটোৰ চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক আৰু বাস্তৱিক জীৱনৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই৷ অনিচ্ছাকৃত সাদৃশ্যৰ বাবে লেখক দায়ী নহয় ৷ ধন্যবাদ৷৷)
______________________________________________________

ফেচবুকত সেইদিনা লগৰ অগ্নিনীলে সুধিলে-‘খবৰ কেনে অ’!’
মোৰ উত্তৰ-আছোঁ আৰু দে ভালেৰে৷ আমাৰ নো কি আৰু! এনেকৈয়ে দিন যায়,ৰাতি পুৱায়৷ তোৰ কেনে?
সি দহটামানস্মাইলী আঁকি মোক ক’লে- মোৰ খবৰ বিৰাটেই ভাল৷ মানে তামাম৷ ঝাক্কাছ!”
মনতে ভাবিলো-এৰা,তহঁতৰে দিন আৰু দে!
দুইমিনিটৰ পাছত ফে’চবুকত দেখিলো-বন্ধুৱে নতুনকৈ ‘মেনেজ’ কৰি লোৱা ছোৱালীজনীৰ সৈতে দুখনমান ফটো আপলোডাইছে৷ মোকো ‘টেগ্’ কৰি দিছে৷ সি চাগৈ মোক ক’ব খুজিছে –অ’ই চুকৰ ভেকুলী!চাই ল’ মোৰ ‘খবৰটো’!!

মন যায়,মোৰো মন যায়,এইদৰে ফেচবুকত ফটো দিবলৈ৷ কিন্তু নাথাকিলে দিম ক’ৰ পৰা! ভাগ্যত আমাৰ সেই দিন নাই!লোকৰবোৰ চাই থাকোঁতেই দিন যাব৷
অৱশ্যে মই কথাটো একেবাৰেই নভবাও নহয় দেই৷ ভাবিছিলোঁ,ভালকৈয়েভাবিছিলোঁ৷ থিয় হৈ হৈ-খোজকাঢ়ি কাঢ়ি,ভাত খাই খাই,চাহ খাই খাই প্ৰায়েই ভাবিছিলোঁ ৷
(১)
তেনেকৈয়ে ভাবি ভাবি এদিন কাষ চাপিলো নগাঁও ৰত্ন গীতুল বৰাৰ৷ তেখেতে তেতিয়া গীতা আৰু ভাগৱত দুয়োখন পাঠ কৰি আছিল৷ সময়ৰ অপচয় নকৰি মই মোৰ অহাৰ কাৰণ জনালোঁ৷ তেখেতে তেতিয়া ক’লে-“শুনহ মোৰ কাইটী৷ তোহো কদাপি দুখ নকৰিব হ৷ অতি সোনকালে তোহোকহামু প্ৰেমৰ জ্ঞান দিবহ৷ তাক দেখহশুনহ আৰু নিৰন্তৰে হৰি বোল হৰি৷ যিদিনা ছোৱালীজনীক লগ কৰিবলৈ যাবহ সেইদিনা ৰাতিপুৱা চাৰিবজাতে উঠি গৰম পানীৰে গা ধুই হৰি নাম ল’বহ আৰু ৱিকিপেডীয়াত থকা কালীয়-দমনখন অলপ পঢ়ি ধুতি আৰু বগা গেঞ্জী এটা পিন্ধিবাহ আৰু চাইকেল লৈ ওলাই যাবাহ৷ পোনে পোনে ছোৱালীজনীক লৈ প্ৰথমতে উমানন্দলৈ যাবাহ আৰু তাত সেৱা-সৎকাৰ কৰি কামাখ্যাতো এপাক মাৰিবাহ৷ কামাখ্যাৰ পৰা ওলাই তুমি লংকেশ্বৰৰ শিৱ মন্দিৰলৈ যাবাহ আৰু তাৰপৰা ওলাই তুমি চিধাই মাৰি পঠিয়াবাহা আমাৰ নগাঁওৰ জগন্নাথ মন্দিৰলৈ৷ তাত তেতিয়া ৰুক্মিণী-হৰনৰ ভাওনা চলি থাকিবহ৷ দুয়োটাই কঁকাল ভাঙি ভাঙিনাচিবাহ আৰু যেতিয়াই তাইৰ ভাগৰ লগা যেন অনুভৱ হ’বহ,তেতিয়াই তাইক কৈ দিবা : “হে দেৱী, তুহুক পাবলৈ হামাৰ মন-প্ৰাণ ব্যাকুল হৈ পৰিছেহে৷ অনুগ্ৰহ কৰি মোক ভাল পাৱহ,ভৱিষ্যতে হামুতোহোক সদায় অসমীয়া ৱিকিপেডীয়া খুলি খুলি কীৰ্তন-নামঘোষাৰ পদ গাই শুনামহ৷ তোহাকৱিকিছৰ্ছত থকা নিচুকনি গীতবোৰ শুনাই টোপনিৰ কোলালৈ ঠেলি পঠিয়ামহ৷”
গীতুলদাৰ কথা মতে গোটেইখিনি কৰাৰ পাছত ছোৱালীজনীয়ে মোক ক’লে- তুমি এটা কাম কৰা৷ মোৰ গ্ৰেণ্ডফাদাৰে সন্ধ্যা টাইমত অলৱেইজ গীতা-ভাগৱত শুনে৷ তুমিও তাতে জইন কৰা আৰু মোক পাহৰি যোৱা৷ বুজিলা ইউ অ’ল্ড মেন!!-এইবুলি কৈ তেওঁ মোৰ কোমল গালখনত এনেকুৱা এটা কাণতলীয়া চৰ সোধালে,দুদিন ভাতকে চোবাব নোৱাৰিলোঁ৷
(২)
অৱশ্যে কাণতলীয়া খাইয়ো মই নিৰাশ নহ’লো৷ ‘চেষ্টাৰ অসাধ্য একো নাই’ বুলি জানি এইবাৰ নিয়ৰজ্যোতি তালুকদাৰৰ কাষ চাপিলোঁ৷ শুনামতে,তেখেত অতিশয় খোলা হৃদয়ৰ আৰু মৰম আকলুৱা৷ জীৱনত কোনো দিনেই নিৰাশ নোহোৱা এইজন লাচিতৰতেজযুক্ত ব্যক্তিয়ে প্ৰেমৰ খেলপথাৰত কেইবাবাৰো ছিক্স-ফ’ৰ মাৰি কেইবাটাও অভিলেখ গঢ়ি আহিছে বুলি ইকাণে-সিকাণে শুনি আহিছিলোঁ৷ কিন্তু তেওঁৰ সময়ৰ বৰ অভাৱ৷ তাকে বুজি ফেচবুকতে দাদাক মেচেজ এটা দিলোঁ৷ এসপ্তাহৰ পিছত উত্তৰ আহিল –“আচ্ছা! নিৰাশ নহ’বা৷ প্ৰেমৰ এনাজৰীডাল পৈণত হোৱা উচিত৷ প্ৰেমৰ এনাজৰীডাল দৃঢ় হ’লেহে দাম্পত্য জীৱনত তোমাৰ সুখ আৰু আনন্দৰ এনাজৰীডালমজবুত হ’ব৷ তাৰবাবে তুমি কষ্ট কৰিব লাগিব,নিতৌ নতুন নতুন পদক্ষেপ,প্ৰচেষ্টা হাতত ল’ব লাগিব৷স্বকীয় প্ৰতিভাৰে উজ্জ্বলি উঠিব লাগিব, নিজাববীয়া প্ৰচেষ্টাৰে আগুৱাব লাগিব৷ তুমি এটা কাম কৰিবাচোন-‘এনাজৰী’ৰ নামটো শুনিছাই!তাত মই চল্লিছবছৰীয়া কেইটামান পুৰণি গান আৰু আশীবছৰীয়া পুৰণি কেইখনমান ফটো আপল’ড কৰি দিম৷ তাকেই তুমি তোমাৰ প্ৰিয়তমাক দিবাচোন৷ তাই আদৰি ল’ব৷’

নিয়ৰদাৰ বাক্য শিৰৰ ওপৰত লৈ আগবাঢ়িলোঁ আন এজনী ছোৱালীৰ কাষলৈ৷তাই মোলৈ ঘূৰিয়েই নাচালে ৷ মুখখন বেকেটা কৰি গুচি গ’ল৷ ঘূৰি আহি নিয়ৰদাক কথাটো ক’লো৷ নিয়ৰদাইধুনীয়াকৈ‘স্মাইলী’ এটা দি থৈ দিলে৷ বুজিলোঁ,তেওঁ চাগৈ ব্যস্ত ৷
(৩)
তেতিয়াই মোক পোহৰপ্ৰকাশ নাথে কোৱা এষাৰ কথা ঘপহকৈ মনত পৰিল৷’কেতিয়াবা বিপদত পৰিলে মোক সুঁৱৰিবা৷’ তেওঁক সুঁৱৰিলোঁ আৰু কাষ চাপি এফালৰ পৰা মোৰ কথাবোৰো ক’লো৷ তেওঁ মোক মাত্ৰ এটা কথাই ক’লে –‘ধুৰ পাগল! চিধা যাবি আৰু কৈ দিবি মই তোমাক ভাল পাওঁ৷ বাছ! খেলা খতম! পতিলেপতিব,নপতিলে নাই৷ কোনে ইমান মাথা মাৰি থাকে! টেনশ্যন লৈ নাথাকিবি মিছামিছি৷ আজিকালি চব ফটুৱা হ’ল, যাক মই তীব্ৰ ভাষাৰে গৰিহণা দিও আৰু ইয়াকো কওঁ যে- সিহঁতৰ এইবোৰ মানসিকতাৰ বাবে সিহঁতৰ মাক-বাপেকো দায়ী৷’

দাদাৰ কথাই মোক সাহসী কৰি তুলিলে৷ হয় ৰঙামাটি-নহয় গুৱাহাটী৷ ছোৱালীজনীৰ কাষ চাপিলোঁ আৰু ভাল পাওঁ বুলিও ক’লো৷ কিন্তু‘এইডাল ইমান আনৰোমান্টিক’ বুলি তেওঁ উচাৎ মাৰি দিলে আৰু কেতিয়াও মোৰ মুখ নাচাওঁ বুলি সইত-সইত-সইত তিনি সইত খালে৷ মোৰ পৰিকল্পনা এইবাৰো ফ্লপ মাৰিলে৷
(৪)
“এনেকৈ থাকিলে নহ’ব,নতুন প্ৰচেষ্টা হাতত ল’ব লাগিব” এই ভাবি এইবাৰ মই এজন পৰামৰ্শদাতা তথা তীক্ষ্ণবুধিৰ গৰাকী নৰৱেৰ পদুম বৰাৰ কাষ চাপিলোঁ৷ তেওঁৱো বিৰাটেই ব্যস্ত মানুহ৷ গতিকে ফেচবুকতে যোগাযোগ কৰিলোঁ৷ তিনিদিনমান পাছত উত্তৰ আহিল –“হতাশ নহ’বি বুজিছ!চেষ্টাৰ অসাধ্য একো নাই ৷ আচলতে,প্ৰেম বোলা বস্তুটো মানুহৰ ‘জীন’ত থকা বস্তু৷ তোৰ হয়তো ইমান নাই৷ মোৰ কিন্তু ধেৰ আছে৷ টেনশ্যন ন’ল’বি তথাপিও৷ নিজে নিজেডেভেল’প কৰি ল’ব পাৰি৷ তাৰ কাৰণে তোক মই মোৰ কেইখনমান ৰিচাৰ্ছ পেপাৰ পঢ়িবলৈ দিম৷ পঢ়ি ল’বি…হমম,তোক বাৰু মই কেইটামান কিটিপ দিওঁ..যদিও মোৰ হাতত সময় একেবাৰে নাই৷ শুন, কেইটামান ৱেবছাইট আছে,যিবোৰত এইধৰণৰ কথা-বতৰা সন্নিৱিষ্ট থাকে৷ সেইবোৰত চাবি৷ ৱিকিপেডীয়াতোআছেই..লগতে ইউ-টিউৱৰ পৰা জীন আৰু বায়’লজী সম্বন্ধীয় কেইটামান ভিডিঅ’ চাই ল’বি৷ উপকৃত হ’বি৷ নগাঁৱৰ জিলা পুথিভড়াঁলত খবৰ কৰিব পাৰ৷ এতিয়া যা,পঢ়গৈ ৷ মই কাম কৰোগৈ৷ ”
প্ৰেমহে কৰিম! পৰীক্ষা নিদিওঁ নহয়! কোনে ইমান মূৰ ঘমাই! চাৰিবছৰ অভিযান্ত্ৰিক পঢ়িয়েই মূৰৰ ঘিউ পকি গৈছে,এতিয়া আকৌ এইসোপা পঢ়িব লাগিলে থকা চুলিকেইডালো সৰিব৷ গতিকে বলে নোৱাৰা শিলক পৰি নমস্কাৰ “ বুলি সেইটো খণ্ড তাতেই সামৰিলোঁ৷
(৫)
এনেকে দিনবোৰ গৈ আছে৷ ফেচবুকত ফটো আপলোড কৰিব নোৱাৰাৰ দুখ ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ কি যে হ’ব-কি যে নহ’ব ভাবি থাকোঁতেই এদিন আমাৰ সন্মানীয় ৰণজিৎ পাঠকক লগ পালো৷ তেওঁ মোৰ দুখবোৰ বুজি পালে হ’বলা৷ ভালেমান পৰ মোৰ শোকবাৰ্তা পঢ়ি মোক দুদিনমান পাছত জনালে যে- “তুমি এটা নতুন কাম হাতত লোৱা৷এনে এটা কাম কৰা যে গোটেই পৃথিৱীত তোমাৰ নাম হয়,গোটেই মানুহে যাতে তোমাক চালাম দিয়ে৷ ছোৱালীবোৰে বুধিয়ক ল’ৰাক সোনকালে পছন্দ কৰে৷”
মই বোলো-কি কাম কৰিম! এনেকুৱা আইডিয়া মোৰ নায়েই দেখোন৷
তেওঁ ক’লে-চিন্তা নাই৷ এইটো আইডিয়া অতি সুন্দৰ,মনোগ্ৰাহী৷ তুমি ফেচবুকত অসমীয়া লিখিব পৰা ছফটৱেৰ এটা বনোৱা৷ তুমি জানা যে আমাৰ সেই ‘ক্ষ’ আৰু ‘ৱ’-ই ইউনিক’ডত খেলিমেলি কৰি থাকে৷ গতিকে তুমি আগতে ‘ক্ষ’ আৰু ‘ৱ’ থকা এটা নতুন ছফটৱেৰ আৱিষ্কাৰ কৰা৷ ইউনিক’ডৰ জৰিয়তে কিমান ভাল ভাল কাম হ’ব লাগিছে ,গতিকে তোমাৰো ভালেই হ’ব দিয়া৷ ছফটৱেৰটো আৱিষ্কাৰ কৰি তাৰ এটা কপি তুমি ছোৱালীজনীক দি দিয়া৷ তাৰ ওপৰত ধুনীয়াকৈ লিখি দিয়া “তুমি মোৰ অমানিশাৰ জোনাকী পৰুৱা”৷ তুমি যদি সেইটো কাম কৰি দিব পাৰা,তেন্তে তোমাৰ সপোনকুঁৱৰী তোমাৰ কাষলৈ নিজে নিজে আহিব৷ তোমাৰ ইমান হৈ-চৈ কৰাৰ কোনো দৰকাৰ নাই৷ ”
ৰণজিৎ দাই কথাবোৰ এনেকৈ ক’লে যেন মোৰ মগজুত আইনষ্টাইনৰ তেজহে বৈ আছে! শক্তি চাইহে ভক্তি৷ ‘ছফটৱেৰ’ৰ কথা শুনি আৰু তাৰ পৰা হ’ব পৰা ভয়াৱহতালৈ লক্ষ্য ৰাখি সাতটা জাঁপ মাৰিলোঁ আৰু সেইটো অধ্যায় তাতেই সামৰিলোঁ৷শোক আৰু হতাশাই মোক জুৰুলা-জুৰুল কৰি দিছে ইতিমধ্যে৷ তথাপিও লাগি আছো,হাৰ মনা নাই৷ ফটো দিমেই দিম৷
(৬)

বহুতপৰ ভাবি-চিন্তি এইবাৰ কাষ চাপিলোঁ আমাৰ ভগৱন্ত কুমাৰ ভট্টাচাৰ্য৷ তেওঁৰ হেনো সদায়েই ‘শেষ’টো ভাল হয়৷ গতিকে মোৰো যদি শেষটো ভাল হয়,তেতিয়া মজা লাগিব৷ হয় নে নহয়! অযথা সময় নষ্ট নকৰি তেওঁৰ লগত যোগাযোগ কৰিলোঁ৷
নিখুঁতসৃজনীশীলতাৰ পৰিচয় দি মোলৈ তেওঁ এইবুলি মেইল কৰিলে-
“চেনেহৰ ঈশান,জীৱনটো এনেকুৱাই! একালে দুখ,একালে সুখ৷ প্ৰেম আমাৰ জীৱনৰ এটা ডাঙৰ অংগ৷ কেতিয়াবা তাত আঘাত লাগিলে আমি দুখ পাওঁ৷ লুকাই লুকাই চকুপানী টোকো৷ যাক ভাল পাওঁ তেৱেঁই যদি আমাক অৱহেলা কৰে,তেতিয়া সঁচাকৈয়ে মৰ্মাহত হওঁ৷ তোমাৰ দুখ বুজিছোঁ৷ যাক ভাল পোৱা ,তেওঁৰ কাষলৈ গৈ ক’বা-‘তুমি দুচকুত কাজল ল’লে বৰ জমনী লাগে৷ আমি দুয়ো এদিন নিশ্চয় এটা ভাড়াঘৰ সাজিম৷ তাত এহাল গৰু আৰু এহাল ছাগলী থাকিব৷ যদি জেগা আঁতে,তেন্তে তুমি আৰু মইয়ো থাকিম৷ কাৰণ,তুমি নহ’লে মই থাকিব নোৱাৰোঁ৷ আৰু মই নহ’লে তুমি থাকিব নোৱাৰা৷ এইয়াইতো প্ৰেম!”
ৱাহ! কি সুন্দৰ অনুভৱ! কথাখিনি পঢ়ি মোৰ অন্তৰখনে অলপ কান্দিলে,অলপ হাঁহিলে৷ শেষৰ শাৰীটোৱে দোমোজাত পেলালে৷ চিঠিখনৰ এটা প্ৰিন্ট-আউট উলিয়াই ছোৱালীজনীলৈ প্ৰেৰণ কৰি দিলোঁ৷ পিছে,এতিয়ালৈকে কোনো ৰিপ্লাই নাহিল ৷ কিয় নাহিল,নুবুজিলোঁ৷
(৭)

ভাবিলোঁ,এইবাৰ অলপ অভিজ্ঞ মানুহৰ কাষ চাপো৷ দিল্লীবাসী প্ৰতাপ প্ৰতীক বৰুৱাদাদাক নিজৰ দুখৰ বাৰ্তা দিলোঁ৷ কমেও চাৰিঘণ্টা সময়ৰ পাছত মোলৈ এটা বাৰ্তা আহিল৷ তাত লিখা আছিল-“মৰমৰ ঈশান,আচলতে কি জানানে! জীৱনৰ প্ৰতিটো খোজতে আগুৱাই যাবলৈ চৰ্চা,অধ্যৱসায় লাগিব৷ আৰু তুমি জানি সুখী হ’বা যে চৰ্চা অবিহনে প্ৰেমো অসম্ভৱ৷ তাহানিতে শিৱসাগৰত জয়সাগৰৰ পাৰত বহি বহি কিমান যে তেনে চৰ্চা কৰিলো,কোনো হিচাপ নাই জানানে!মনত পৰিলে নষ্টালজিক হৈ পৰোঁহে৷ তেনেকৈয়ে চৰ্চা কৰি কৰিহে বৰ্তমানৰ অৱস্থা পাইছোঁহি৷ তদুপৰি মোৰ এটা গুণ ভাল যে মই কেতিয়াও অলপতে সন্তুষ্ট নহওঁ৷ মানে মোৰ কোনোধৰণৰ আত্মসন্তুষ্টি নাই৷ মোৰ লেখা-মেলাবোৰতো তুমি তাৰেই প্ৰতিচ্ছবি দেখা পাবা৷ আৰু তোমাৰ এতিয়াও বয়স উকলি যোৱা নাই৷ সময়ত অৱশ্যেই কিবা এটা হ’ব তোমাৰ৷ চৰ্চা কৰি যোৱা৷ ফল তোমাৰ হাতত৷ আমিবোৰতো আছোৱেই সদায়৷ অল দা বেষ্ট দেই!!”
মেইলটোৱে বহুত সকাহ দিলে মোক৷ এৰা,এনেকৈ অনুপ্ৰেৰণা দিয়া মানুহ খুবেই কম আজিৰ ভাৰতত৷ তথাপিও মোৰ দুখ মাৰ যোৱা নাই৷ কেনেকৈ যায়! ফটো এখন দি সেই বন্ধুটোক কেনেকৈ যে পৰাজিত কৰোঁ,তাৰ চিন্তাই মোৰ খাৱন-শোৱন সকলো বন্ধ কৰি দিছিল ৷
(৮)
ভালেমানপৰ ভাবি ভাবি কাষ চাপিলোঁবহুগুণ প্ৰতিভাসম্পন্নবক্তিম গোস্বামীৰ৷ তেওঁলৈ ফোনকে কৰিলোঁ৷ তেওঁ তেতিয়া মুখেৰে গান গাই, এখন হাতেৰে ছবি আঁকি, আনখন হাতেৰে কিবা এটা লিখি আছিল৷ ফোনত তেখেতে মোক যি কথা ক’লে তাৰ সাৰাংশ এনেধৰণৰ:
কিহে মাইনা! ইমান কিহৰ টেনশ্যন হা! জাষ্ট ছিল! য়’ য়’! জাষ্টলিচেন টু মি! তুমিতো মোক দেখিছাই!মানে মোৰ মূৰৰ চুলিখিনিকটো দেখিছা! হয়নে নাই! সৰুৰেপৰাই মই জানিছিলোঁ – দীঘল চুলি ৰাখিলে ছোৱালীয়ে খুব ভাল পায় আৰু প্ৰেম চিৰযুগমীয়া হয়৷ তোমাকো সেই উপদেশেই দিম- চুলিবোৰ যিমান পাৰা সিমান দীঘল কৰা,পাৰিলে ভৰিলৈকে বোৱাই দিয়া চুলি৷ লগতে গান গাবলৈ শিকা৷ গীতাৰ,বাঁহী,চিতাৰ সকলোবোৰ শিকি লোৱা৷ লগতে দুই-এখন ছবিও আঁকিবলৈ শিকা৷ লিখাবোৰত অলপ গাম্ভীৰ্যতা আনা৷ গভীৰতা লাগিব বুজিছা,গভীৰতা! তেহে ভাল হ’ব ৷ হয় নে নাই !”
ধেইই!! ইমানবোৰ প্ৰতিভা নাই নহয় মোৰ! চুলি ৰাখা,ছবি অঁকা,গান গোৱা,গীতাৰ,চিতাৰ,লেখা-মেলা! নোৱাৰি আৰু দেই!

কৃষ্ণ বুলি কৈ ফোনটো থৈ দিলোঁ৷
(৯)
দুখে-শোকে মৃতপ্ৰায় হৈ অৱশেষত গাড়ীত উঠি পালোঁগৈ শিৱসাগৰ৷ বিয়াৰ যা-যোগাৰ চলি আছে৷ আছে তাত ভাস্কৰ ফুকন আৰু উজ্জ্বল জ্যোতি দাস৷মানে দুয়োজন একেলগে৷ মুখত হাঁহি৷ ফোনত কথা পাতি মচগুল দুয়োজন৷ মোক দেখি আথে-বেথে মাতি নিলে আৰু ফোনকেইটা থৈ সুধিলে সেই একেই পুৰণিকলীয়া প্ৰশ্নটো-বোপা কেনে আছা?

মোৰ আকৌ সিফালে তামাম খং উঠিছে৷ মুখেৰে একো মতা নাই৷ উজ্জ্বলদাইলুচী এখন আৰু লালচাহ একাপ খাবলৈ দিলে৷ ‘বিয়াৰ বতৰত এইসোপাহে দিছে খাবলৈ৷ ইমান কৃপণ নে’-এইবুলি ক’বলৈ নৌপাওঁতেই চকুৰ আগেদিয়েইবিয়াঘৰৰ পৰা এজনী ধুনীয়া ছোৱালী ওলাই যোৱা দেখিলো৷ লুচী-লালচাহ তাতে এৰি লগে লগে ছোৱালীজনীৰ পিছ ল’লো৷ তাই আগে আগে,মই পাছে পাছে৷ গৈ আছো,গৈ আছো৷ তাই বাছ এখনত উঠিলে৷ মইয়োউঠিলোঁ ৷ তাই পিছৰ চিট এটাত বহিল৷ মইয়ো তাইৰ কাষতে বহিলোঁ৷ বাছত মানুহ নাই৷ গতিকে গাড়ী চলিবলৈ তেতিয়াও আৰম্ভ কৰা নাই ৷
প্ৰবল আত্মবিশ্বাস বুকুত বান্ধি যৌৱনৰ বলীয়া বানত পৰম মতলীয়া হৈ মিচিকিয়া হাঁহি এটা মাৰি তাইক সুধিলো-হাই !!ভাস্কৰ দাদা তোমাৰ কি হয় বাৰু?
তেওঁৱো মিচিকিয়াই হাঁহি মাৰি ক’লে-তেওঁৰ মাহীৰ দাদাৰ খুৰাৰ ভায়েকৰ খুলশালীয়েকৰ ভনীয়েকৰ বৰদেউতাকৰ ককাদেউতাৰ জেঠাইৰ নাতিৰ নাতিৰনাতিৰপৰিনাতিনী মই ৷
দীঘলকৈ উশাহ এটা এৰি আকৌ সুধিলো-নামটো কি বাৰু তোমাৰ!
“ৰূপৱতী তহবিলদাৰ”-অলপ গহীন হৈ ছলনাময়ীয়ে ক’লে৷
ৱাহ! কি নাম ! নামে কামে মিলি পৰিছে দেই৷ ভাবিলোঁ-এই সুযোগ কেতিয়াও নাহে৷ ছোৱালীজনীক এতিয়ালৈকে ম’বাইলত কথা পতা দেখা নাই৷ গতিকে মোৰ বুজিবলৈ বাকী নাথাকিল যে-তাইৰ কোনো বয়ফ্ৰেণ্ড নাই৷ কৈয়েই দিওঁ নেকি –ভাল পাওঁ বুলি! বেছি সোনকাল হ’ব নেকি বাৰু! এহ্! সময়ৰ শৰ সদায় সময়তেই মাৰিব লাগে৷ নহ’লে পিছত পস্তাব লাগিব ৷
মনৰ ভাৱনাবোৰ জুঁকিয়াই চাই কথাবোৰ ভাঙি-পাতি ক’বলৈ মুখ মেলিছোঁহে-তেনেতে ওলাওকহি ক’ৰবাৰ পৰা মোৰ সেই অহৌবলীয়া বন্ধুটো৷ (নামটো যে অগ্নিনীল,তাৰ কথাকেই কৈছোঁ৷) ই আকৌ ক’ৰপৰা আহিল ! ধেৎ !! এতিয়াহে আহিব পাৰিলেনে! অ’!! এইয়া কি! ই দেখোন আমাৰ ওচৰলৈকে আহি আছে৷ ৰূপৱতীলৈচাই দেখোন হাঁহি মাৰিছে! তাৰমানে কি!
-ভালেই হ’ল দে দ’ষ্ট! তোক পাই গ’লো৷ মিট মাই নিউ গাৰ্লফ্ৰেণ্ড ৰূপৱতী,ইন চৰ্ট ‘ৰূপ’ !-বন্ধুৱে বুকু ফিন্দাই ক’লে৷ চকুৰ পচাৰতে দুটা অবাঞ্ছনীয় ঘটনা ঘটিল৷ বন্ধুৱে মোক জোৰ কৰি ছিটটোৰ পৰা উঠাই দিলে৷ ৰূপৱতীয়ে পলম নকৰি বন্ধুৰ গালত ‘চুমা’ দিলে৷ আৰু ক’ব নোৱাৰাকৈয়ে মোৰ হৃদয়ত কুঠাৰাঘাত কৰিলে৷

নতুন গাৰ্লফ্ৰেণ্ডৰ বহল কপালখনত চুমা এটা আঁকি বন্ধুৱে সদায় সোধাৰ দৰে মোক আকৌ সুধিলে –“ক’ এতিয়া তোৰ খবৰ ক’চোন! ভালে আছ ন! শিৱসাগৰত কেলৈ আহিছ?”
দীঘলকৈ এটা হুমনিয়াহ কাঢ়ি,ঈৰ্ষাত জ্বলি-পকি, ৰূপৱতীৰ কপালখনলৈ চাই চাই কৈ নকল হাঁহি এটা মাৰি ক’লো –“আছো আৰু দে৷ শিৱসাগৰলৈ গড় চাবলৈ আহিছিলো অ’৷ গড় নাপালোঁ বিচাৰি বুজিছ? আৰু খবৰ !!? আমাৰ খবৰনো কি ক’ম আৰু! আমাৰ এনেকৈয়ে দিন যায়,এনেকৈয়ে ৰাতিবোৰ পুৱায় ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments