আমাৰ কৃষি শিক্ষা, কৃষি বিভাগ, খেতিয়ক আৰু স্বগতোক্তি — ড. লোচন শইকীয়া

 

চাৰিওদিশ ধূলিৰে ধূঁৱলি কুঁৱলী হোৱা ৰঙা মদাৰ ফুলা বতৰ৷ দহিকতৰাই ফাগুণ অহাৰ আনন্দত যোৰ পতা গীত গোৱা বতৰ৷ এইয়া ন’ কৈ কোমল কুঁহিপাতৰ ওলোৱা ডালৰ আগত বহি কতৰক কতৰক কৰি থকা হেটলুকাই মাতি থকা বতৰ৷ কমোৱা তুলা হৈ উৰা দিন সমাগত হোৱা ৰঙা শিমলুৰ ৰাঙলী পৰিবেশত এইবাৰ ফাগুণ-চ’ত মহীয়া সাহিত্য ডট অৰ্গৰ শীৰ্ষ বিষয়ো কৃষি৷ কৃষিক লৈ কি সাহিত্য লিখিম? অসমীয়াত কথা-বতৰাত ভাগ লবলৈ মনলৈ অহা ছেদেলি ভেদেলী ভাববোৰ জুকিয়াই গৈছোঁ৷

খেতি কৰিবলৈ পঢ়িব লাগিবই নেকি?

খেতি কৰাই কৰিয়ে আছে৷ খেতি পঢ়ি খেতি কৰা কেইজন আছে? খেতি কৰিবলৈ পঢ়িব লাগিবই নেকি? বহুতে চাগৈ ভাবে, খেতিও পঢ়িবলগীয়া বিষয়নে? খেতি নকৰা কেইজনে ধৰিয়েই লৈছে পইছা থাকিলেই হ’ল৷ পইছা দলি মাৰি দিলেই কিনিবলৈ পায়, খাবলৈ পামেই৷ ধৰি লওক, খেতিয়ক সকলে অকল নিজৰ কাৰণেহে উৎপাদন কৰা পণ ললে৷ তেতিয়া কি হব? কেৱল অন্ন, বস্ত্ৰ, বাসস্থানৰ আদিম প্ৰয়োজনীয়তাৰ কথা ভাবিবৰ কাৰো সময় নাই৷ এইটো বৰ সাধাৰণ প্ৰশ্নও নহয় আৰু হৈ উঠা নাই৷ কেতিয়াবা ভোকত কাতৰ হৈ পাইছেনে?

বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে স্বাধীন ভাৰততো প্ৰায়োগিক বিজ্ঞানৰ সমাহাৰেৰে কৃষি এক ন’ দিগন্তৰ সন্ধানৰত উদ্ভাসিত প্ৰায়োগিক বিজ্ঞান৷ জৱাহৰলাল নেহৰুৱে প্ৰথম প্ৰধানমন্ত্ৰী হিচাবে কৈয়ে গৈছে Everything can wait but not agriculture৷ বিজ্ঞানৰ ন’ ন’ আবিষ্কাৰে কৃষিক ন’  ৰূপত সজাইছে৷ স্বাধীনতাৰ সময়ৰ জনসংখ্যা আৰু এতিয়াৰ জনসংখ্যাৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ ইমানবোৰ মানুহক প্ৰতি সাজে কিমান আহাৰৰ প্ৰয়োজন হয়, কোনোবাই ভাবি চায়নে? য’ত ভোকৰ কথা আহে, তাত আৰু কি সাহিত্যৰ কথা চিন্তা কৰিব? তথাপিও কৃষিক অৱলম্বন কৰি কম পৰিমাণে হলেও কবিতা, গল্প, উপন্যাস, উপন্যাসিকা প্ৰবন্ধ আৰু নিবন্ধ আদি সৃষ্টিও হৈছে৷ আজি এই লিখনিৰ জৰিয়তে মোৰ মনৰ ভাববোৰ প্ৰকাশ কৰি আপোনালোকৰ মনোভাব জানিব বিচাৰিছোঁ৷ এই সাহিত্যৰ কোনোটো ধাৰাত পৰিব তাৰ বিচাৰ আপোনালোকৰ হাততে৷

কৃষি মূলতঃ এক পদ্ধতি৷ কৃষি ভোকৰ একমাত্ৰ উত্তৰ৷ কৃষি এক জীৱিকা৷ কৃষি এক ধাৰা৷ কৃষি একোটা জন জীৱনৰ প্ৰাণ৷ কৃষি এক সংস্কৃতি৷ কৃষি এক পৰিচয়৷ কৃষিক ভাল পোৱা মানুহো আছে, কৃষি কৰিবলৈ বেয়া পোৱা মানুহো আছে৷ কৃষিক লৈ আলোচনা কৰিব পাৰি৷ কৃষি বুলি ক’লেই মাটি, পানী আৰু শ্ৰম অবিহনে খেতিয়কৰ গতি নাই৷

পাঠ্যক্ৰমৰ ধাৰাবহিকতাঃ

হয় মই কওঁ যে পঢ়ি, শুনি, দেখি আৰু কৰি খেতি ভালকৈয়ে শিকিব পাৰি৷ আপোনালোকে ভাবে নেকি যে আজিৰ তাৰিখত কৃষি পঢ়ি থকা সকলো ছাত্ৰ-ছাত্ৰীয়ে খেতিক জীবিকা হিচাবে গ্ৰহণ কৰিম বুলিয়ে পঢ়িবলৈ আহিছে! তেনেহলে আপুনি ভুল ভাবিছে৷ আমাৰ ছাত্ৰ-ছাত্ৰী এতিয়া দিশাহাৰা৷ পঢ়িলেই যে চাকৰিহে কৰিব লাগিব সেইটো কেতিয়াও নহয়৷ বৰ্ত্তমান কিছু দিন আগলৈকে কৃষিমুখী বৃত্তিত জড়িত প্ৰতিজন কৃষি ডিগ্ৰীধাৰীয়ে তেওঁৰ নিজৰ সময়ত কৃষি সম্পৰ্কীয় চাকৰি পাইছিল৷ চাকৰিৰ সুযোগ কমিল৷ কমাটোৱেই স্বাভাৱিক৷ চাকৰি পোৱা নিয়মবোৰতো দুৰ্নীতি সোমাল৷ এতিয়াৰ সময়ত বিভিন্ন পৰিবেশত কৃষি ডিগ্ৰীধাৰীক বিভিন্ন চাকৰি কৰা দেখিবলৈ পোৱা হয়৷ তেনেহলে পঢ়িবলৈ অহা আমাৰ মানব সম্পদৰ উচিত ব্যৱহাৰ হোৱা নুবুজাই নেকি বাৰু?

১৯৪৮ চনৰ পৰা এতিয়ালৈকে কৃষি পাঠ্যক্ৰমত কেইবাবাৰো সালসলনি হল৷ এতিয়াৰ শেষ পৰ্য্যালোচনা পঞ্চম অনুচ্ছেদৰ অনুমোদন মতে চলি আছে৷ চাৰি বছৰীয়া পাঠ্যক্ৰম গুচি পাঁচ বছৰীয়াও হ’ল৷ তাক পুনৰ চাৰিবছৰীয়া কৰা হ’ল৷ পিচলৈ পুৰণি বছৰেকীয়া পৰীক্ষাৰ নিয়ম আতঁৰাই ১৯৬৯-৭০ৰ পৰা ১৯৭৬-৭৭ লৈকে ট্ৰাইমেষ্টাৰ নিয়মেৰে আৰু তাৰ পিচৰে পৰা ছেমিষ্টাৰ নিয়ম প্ৰৱৰ্ত্তন কৰি স্নাতক ও স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান ব্যৱস্থা কৰা হ’ল৷
এতিয়াৰ কৃষি পাঠ্যক্ৰম পঢ়ি চাকৰি বিচৰা নহয়, নিজে চাকৰি দিব পৰা কৃষিক ব্যৱসায় ৰূপ দিব পৰা জ্ঞান আহৰণৰ ছমহীয়া পাঠ্যক্ৰম ও কৃষকৰ লগত থাকি শিকা-শিকোৱাৰ ছমহীয়া আন এটা পাঠ্যক্ৰমো সোমাল৷ কৃষিৰ কথাবোৰ শিকিবলৈ ইমান সহজ নে? ডিগ্ৰী ললেই যেন খেতি হৈ উঠিব! সেইটো কেতিয়াও নহয়৷ আমাৰ মাটিৰ পৰিমাণ বাঢ়িছেনে কমিছে হিচাবটো ললে, ইচ্ছা কৰিলেই উৎপাদন বঢ়াব পাৰিনে নোৱাৰি উত্তৰ পাই যাব৷ আমাক বছৰি কিমান কৃষি ডিগ্ৰীধাৰীৰ প্ৰয়োজন সেইটো কেনেকৈ নিৰ্ণয় কৰা যায়, সেইটো বিষয়ত কোনেও স্পষ্ট উত্তৰ দিব নোৱাৰে৷ কবলৈ গ’লে খাব যিহেতু লাগেই, প্ৰতিজন মানুহেই খেতি কৰিব জানিব লাগিব নেকি? তাৰমানে এইটোও নহয় কৃষি বিষয় হিচাবে পঢ়ি খেতি কৰিব লাগিব৷ এইটো কিন্তু অতি প্ৰয়োজনীয় যে কৃষি পদ্ধতি বিজ্ঞানসন্মত হ’লে অধিক উৎপাদন মুখী আৰু লাভজনক হোৱাত কৃষি শিক্ষাই অনেকখিনি সহায় কৰিব পাৰে৷ তৎ সত্বেও আমি কৃষিকাৰ্য্যত ব্যস্ত কৃষি স্নাতক দেখিবলৈ নাপাওঁ৷

ভোকৰ শৃঙ্খলঃ

পৃথিবীৰ সকলো জীবিত প্ৰাণীৰ ভোক আছে আৰু সকলো জীবিত প্ৰাণীয়েই খাব বিচাৰে৷ খাবলৈ, খুউৱাবলৈ খেতি কোনোবাই কৰিবই লাগিব৷ চকুৰে নমনা ভেকুঁৰৰ পৰা আৰম্ভ কৰি বিৰাটাকাৰ প্ৰাণী হাতী, তিমিলৈকে সকলোকে খাদ্যৰ প্ৰয়োজন৷ খাদ্যৰ এই শৃঙ্খল সৃষ্টিকৰ্ত্তাই কিদৰে সজাই ৰাখি তাক আনুপাতিক ৰূপত নিয়ন্ত্ৰণ কৰি ৰখা আছে, সেইটো বুজি পাই তাক পালন কৰি নিয়ন্ত্ৰণত ৰখা কিন্তু সিমান সহজ কথা নহয়৷ মানুহৰ সভ্যতা বিকাশৰ সোপান কৃষিয়েই৷ খাদ্যৰ সন্ধানত অঘৰী ৰূপ লোৱা মানুহ এদিন নদীভিত্তিক সভ্যতা বিকাশৰ খতিয়নবোৰে মানুহে স্থায়ীকৈ থাকি খেতি আৰম্ভ কৰা কথাবোৰলৈ আঙুলিয়ায়৷ বিনিময় প্ৰথা এৰি মুদ্ৰাৰ প্ৰচলন হ’ল৷ বজাৰৰ সৃষ্টি ও প্ৰসাৰো ঘটিল৷ মানুহৰ সমাজত, খেতিয়ক বাদ দি অন্য কোনো জীবিকাৰ মানুহে খেতি নকৰে৷ খেতিৰ যান্ত্ৰিকীকৰণো এক ব্যৱয়ায়, তথাপি ই পৰোক্ষ ভাবেহে আহে৷ শাৰীৰিক পৰিশ্ৰম দান কৰি সমাজৰ ভূমিহীন এক বৃহত সংখ্যক লোক খেতিৰ লগত শ্ৰমজীৱি হিচাবে পোনে-পোনে জড়িত৷ একোখন ৰাজ্যৰ খেতি ব্যৱস্থাই এই শ্ৰমজীৱি সকলৰ জীৱিকা৷ মালিক খেতিয়ক খিনিক সহায়ৰ হাত আগবঢ়াবলৈ কৃষি শিক্ষাৰ নামতে এখন দেশৰ এক বৃহৎ অঙ্কৰ মূলধন খৰচ হয়৷ শিক্ষা, গবেষণা আৰু সম্প্ৰসাৰণৰ নামত৷ আমাৰ দায়িত্ব কিমান তাতেই উত্তৰ সোমাই আছে৷ আজিৰ তাৰিখত অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি বিষয়ত দুশ-নব্বৈজন ছাত্ৰক স্নাতক ডিগ্ৰীৰ প্ৰথম বাৰ্ষিকত নাম ভৰ্তিৰ সুবিধা দিছে৷ আমাৰ নাম ভৰ্ত্তিৰ সত্তৰ দশকত সেই সংখ্যাতো মাত্ৰ সত্তৰ আছিল৷ বহু কথাই নিৰ্ণয় কৰা এইবোৰ সংখ্যাৰ উত্তৰ পোৱা বৰ কঠিন৷ নিজেই ছাত্ৰ জীবন অতিক্ৰমী চাকৰি জীবনত বহুত ছাত্ৰ-ছাত্ৰী শ্ৰেণীত পাইছোঁ, যি সম্পূৰ্ণ নগৰীয়া পৰিবেশৰ পৰাহে আহিছে৷ কৃষি শিক্ষা সমাপন কৰি ওলাই যাওঁতে এজন শিক্ষাৰ্থীক সুনিপুণ খেতিয়ক বা উদ্যোগী হোৱাৰ পূৰ্ণ জ্ঞান প্ৰদান কৰা হয়৷ শিক্ষা গ্ৰহণ কৰোঁতাজন সকলো দিশতে সমান পাৰদৰ্শী নহয়৷ কৰ্মৰ লগত সম্পৰ্ক থকা বৃত্তিমুখী শিক্ষাই জীবন গঢ়াত নিশ্চয় সহায় কৰে৷ শেষত কৈ থওঁ, আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা আৰু মানুহ হোৱাৰ শিক্ষা, ভাৰতীয় শিক্ষা ব্যৱস্থাই কমাই আনিছে৷

আমি সঁচাকৈয়ে খেতিত স্বাৱলম্বী হ’লোঁ জানো?

অসমৰ খেতিয়কৰ এটা ডাঙৰ সমস্যা আছে৷ এই সমস্যাটো থকালৈকে অসমৰ কৃষি আগ বঢ়াত অসুবিধা আছে৷ সমস্যাটো হল অসমৰ সৰহ সংখ্যক খেতিয়কৰ মাটি তাকৰীয়া৷ বংশ পৰম্পৰা অনুসৰি আৰু অগ্ৰজ সকলৰ মৃত্যু ঘটাৰ পিচত সম্পত্তিৰ ভাগ বতৰা কৰোঁতে কৰোঁতে মাটিও সৰু সৰু খণ্ডলৈ ভাগ হ’ল৷ কম মাটিত লাভ নোহোৱাত খেতি কৰিবলৈ ইচ্ছা নোহোৱা হোৱা দুটি কাৰণ লগ খাই অসমৰ কৃষিত পঁয়া লাগিল৷ তাকৰীয়া মাটিৰ কৃষিত বাণিজ্য বসতি হব নোৱাৰে৷ তাকৰীয়া মাটিত মূলধন খটুৱাবলৈ সুবিধাতকৈ অসুবিধাই বেছি৷ তাকৰীয়া মাটিত উৎপাদিত শস্য অংশ নিজৰ ভোকৰ সমল হৈ ৰোৱা কৃষিত, বিজ্ঞানবিহীন খেতিৰ দৰেই, কম উৎপাদনেৰে দুখীয়া খেতিয়কৰ বাবে শস্য হাতৰ পৰা মুখলৈহে৷ অথচ ক্ৰমাগত বৰ্দ্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে প্ৰয়োজনীয় খাদ্যৰ গোটেই হেঁচা খেতিয়কৰ ওপৰতে পৰে৷ খেতিয়কে লাগ বুলি কলেই উৎপাদন বিচৰা মতে কৰি দিব পাৰে জানো! আমি হেনো ধান উৎপাদনত স্বাৱলম্বী৷ হয় জানো? তেনেহলে FCIৰ গুদামৰ পৰা অসমৰ এক জটিল অঙ্কৰ মানুহৰ মাজত BPLৰ চাউল যে বিলায়, সেইখিনি মানুহৰ প্ৰয়োজনীয় অংশৰ হিচাবটো স্বাৱলম্বী বুলি কোৱা ৰাজ্যৰ কোনটো অঙ্কৰ পৰা আহে সেইটো মই বুজি নাপাও? এই গোটেই অংশৰ সৰহখিনিয়েই বহিঃৰাজ্যৰ পৰা আনে৷ স্বাৱলম্বী নোহোৱাকৈয়ে অসমে নিজকে স্বাৱলম্বী বুলি ঘোষণা কৰি কিহৰ আত্মসন্তুষ্টিত ভোগে সেইটোও মই বুজি নাপাওঁ৷ আমাৰ ধানত পানীৰ পৰিমাণ বেছি বুলি FCIয়ে কিনিব নোখোজা কথাবোৰ আলোচনালৈ নানোঁৱেই৷ তেনেহলে ধান খিনিৰ কি গতি হয়?

খেতিয়েও কিছুমান নিৰ্দিষ্ট নিয়ম মানি চলেঃ

প্ৰাকৃতিক পৰিবেশক আওকাণ কৰি কৃষিৰ উন্নতি সাধন কৰিব নোৱাৰি৷ জনসংখ্যা বৃদ্ধি, অধিক খাদ্যৰ প্ৰয়োজন এইবোৰ দুনাই দোহৰাৰ প্ৰয়োজনো নাই৷ এতিয়া প্ৰশ্ন আহে, অসমে কৃষিৰ ক্ষেত্ৰত কেনেকৈ আগুৱাব৷ প্ৰকৃতিৰ লগত সহবাস কৰি কৃষিক আগুৱাই নিয়া বৰ সহজ কথা নহয়৷ বানপানী, খৰাং, বতৰৰ তাৰতম্য এইবোৰ আছেই৷ বিভিন্ন প্ৰাকৃতিক পৰিবেশত বিভিন্ন খেতি মুখৰ কথা নহয়৷ উৎপাদিত শস্যৰ নিজৰ প্ৰয়োজনীয় অংশ ৰাখি, ৰাহি অংশ আনক বিক্ৰি কৰিবলৈ লাভো অধিক হব লাগিব৷ কায়িক পৰিশ্ৰম বিচৰা খেতি কৰিবলৈ শ্ৰম কৰা মানুহো লাগে৷ শ্ৰমিকো এতিয়া সহজ লভ্য নহয়৷ স্বাধীনতাপূৰ্ব আৰু স্বাধীনতোত্তৰ কৃষিৰ পৰিসংখ্যক মাপ চাই এটা কথাই কব পাৰি আমাৰ কৃষকে আজিও উচিত মূল্যৰ বজাৰ পোৱা নাই৷ কৃষি সামগ্ৰীৰ দাম জীবনৰ প্ৰয়োজনীয় অন্য সামগ্ৰী কিনিব পৰাকৈ তুলনামূলক ভাবে জোখৰ নহয়৷ বিভিন্ন কাৰক হেতু আলু, পিয়াঁজৰ দাম বাঢ়িলেই কটু আলোচনাত মুখৰ হৈ উঠা দেশৰ চতুৰ্থ স্তম্ভৰ কথা নকওঁৱেই৷ এখন দেশৰ পৰিবৰ্ত্তনশীল ৰাজনীতিৰ প্ৰভাৱ কৃষকৰ ওপৰত পোনে পোনে পৰে৷ এবাৰলৈ নিজক সোধকচোন, পৰিবৰ্ত্তনৰ কথা কোৱা বৰ্ত্তমানৰ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী জনৰ অসমৰ কৃষিৰ প্ৰতি ভূমিকা কি? নিৰ্বাচনলৈ এবছৰ থকা বাজেট খনত শেষৰ বছৰটোতহে খেতিয়কক টোপ দিয়া প্ৰতিশ্ৰুতি৷ এনেয়ে খেতি মুখৰ কথা নহয়, তাতেই পুৰণি ভূমি নীতি, ঋণ নীতি, খেতিয়কৰ স্বইচ্ছা, বতৰৰ অভিমানৰ বাধ্যবাধকতা, বজাৰৰ লেহেমীয়া উন্নতি এইবোৰ কাৰকে আমাৰ খেতিয়কক হাতৰ পৰা মুখলৈ নিয়া খেতিয়কহে কৰি ৰাখিছে৷ ভূতৰ ওপৰত দানহ পৰাদি NRC আৰু নিৰ্বাচনৰ কামত চৰকাৰী যন্ত্ৰ হিচাবে কৃষি বিষয়াবোৰক কি কামত ব্যৱহাৰ কৰি আছে, সেইবোৰ আমাৰ মানুহে বাৰু গম পাইনে?

পৰিবেশ অনুযায়ীহে খেতিঃ

ওপৰলৈ থু পেলালে নিজৰ গালৈকে ঘূৰি আহে৷ ময়ো কৃষি শিকোৱা শিক্ষক৷ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত নিজৰ ভাগৰ পাঠ পঢ়োৱাতেই ব্যস্ত৷ সঁচা কবলৈ হলে চাৰিবেৰৰ মাজত অধিক সময় পাৰ কৰিবলগীয়া শিক্ষাব্যৱস্থাই আমাক বাধ্য কৰিছে কিছুমান নকল নবিছ ভাটৌ সৃষ্টি কৰিবলৈ৷ কৃষি হওঁতে এক ৰাজ্যিক বিষয়৷ আমাৰ দৈনন্দিন প্ৰয়োজনীয় কৃষি সামগ্ৰী কেন্দ্ৰীয় সাহায্যৰে আংশিক ভাবেহে যোগান দিয়া হয়৷ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীলতাই আমাক পৰ-মুখাপেক্ষি কৰি তোলে৷ ৰাজ্যিক চৰকাৰ আৰু খেতিয়ক জনসাধাৰণৰ কৃষি উৎপাদনত পালন কৰিবলগীয়া বহু দায়িত্ব আছে৷ সকলো খেতিৰে প্ৰয়োজনীয় নিৰ্দিষ্ট বতৰ আৰু অন্য পৰিবেশ থাকে৷ ভাৰতৰ বিভিন্ন প্ৰাকৃতিক পৰিবেশত একেটা শস্য বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত হয়৷ ভৌগালিক অৱস্থানৰ বিভিন্নতাৰ কাৰণে দিনৰ দৈৰ্ঘ্যৰ বিভিন্নতা আহে৷ ঋতুৰ পৰিসৰ বেলেগ বেলেগ হয়৷ এইবোৰ কাৰণতে প্ৰতিখন ভাৰতীয় ৰাজ্যৰ প্ৰাকৃতিক পৰিবেশ অনুযায়ীহে কৃষি হয়৷ অৰ্থাৎ খেতি বতৰ অনুযায়ীহে হয়৷ ভাৰতত একেই কৃষি পাঠ্যক্ৰম হোৱাত কথাবোৰ কত নিমিলা হৈছে, সেইটো ৰাইজে বুজিবলৈ টান৷ মূল্যায়নৰ অজুহাতত এখন দেশৰ পাঠ্যক্ৰম একে হলে সুবিধা হয়৷ অথচ খেতি আচল ৰূপত হৈ উঠিবলৈ হল বতৰ, মাটি এইবোৰক আওকাণ কৰিব পাৰি জানো! অৰ্থাৎ প্ৰকৃত প্ৰায়োগিক কৃষি শিক্ষা লাভৰ ক্ষেত্ৰত সৰ্ব-ভাৰতীয় সময় সূচী আৰু পাঠ্যক্ৰম বাধাৰ প্ৰাচীৰ৷ বিদেশত দেখি অহা শস্য আমাৰ ঋতু, মাটি ও বতৰ নিমিলা হোৱা বাবে তেনেবোৰ শস্য পঢ়ি আৰু বাৰে বাৰে কৰিবলৈ যত্ন কৰা চেষ্টা সময় নষ্ট কৰাৰ বাদে আন একো নহয়৷

আমি নিজে কি?

উপৰোক্ত কথাখিনি উনুকিওৱাৰ প্ৰয়োজন আছে৷ আমি সত্তৰৰ দশকত পঢ়োতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম ট্ৰাইমেষ্টাৰ নিয়মতহে চলিছিল৷ আমি আছিলোঁ স্নাতক পাঠ্যক্ৰমৰ ট্ৰাইমেষ্টাৰৰ শেষ আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছেমিষ্টাৰৰ প্ৰথম দল৷ আমাক পঢ়োৱা শিক্ষক সকলৰ সৰহ সংখ্যক পঞ্চাশ-ষাঠিৰ দশকত বছৰেকীয়া পাঠ্যক্ৰমত পঢ়ি অহা৷ অৰ্থাত পাঠ্যক্ৰমবোৰো আমাৰ ৰাজ্যৰ কৃষিৰ প্ৰয়োজনুসাৰে আছিল৷ কৃষি পাঠ্যক্ৰম বহুত বহল৷ বছৰেকীয়া নিয়মেৰে পঢ়ি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সহজ নাছিল আৰু মূল্যাঙ্কনো সঠিক নাছিল৷ এইবোৰ কথা আনে পঢ়াওঁতেই গম পাইছিলোঁ৷ নিজে পঢ়াওঁতেও গম পাইছোঁ৷ সোঁতৰটা (আৰু এটা সকলোৱে পঢ়িবলগীয়া নহয় যদিও সেইটোক লৈ ওঁঠৰটা) বিভাগৰ অন্তৰ্গত শস্যৰ সংখ্যা ভাবিব নোৱাৰাকৈ বিস্তৃত৷ কালৰ গতিত সৰ্ব ভাৰতীয় কৃষি গবেষণা পৰিষদৰ অনুগ্ৰহত ভাৰতৰ আটাইবোৰ কৃষি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰু কায্যকাল একে হল৷ সৰ্ব ভাৰতীয় ভিত্তিত আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষাভিত্তিক কথাবোৰ ভাল হল৷ বেয়া হল অন্য দিশে৷ আমাৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বহুত খেতি ভাটৌৰ দৰে মুখস্থ কৰিহে শিকে৷ পৰীক্ষাত লিখিবলৈ মুখস্থ নকৰি কি কৰিব৷ প্ৰতিটো মূল খেতি যেতিয়া বতৰ মতে আৰম্ভ হয়, তেতিয়া একোটা ছেমিষ্টাৰ শেষ হোৱা পৰ্য্যায়ত থাকে৷ শিকাওঁ বুলি ভাবিলেও শিকাবলৈ সময় সুযোগ নিমিলে৷ ছেমিষ্টাৰ বদলিলে শস্য বদলে৷ প্ৰকৃতাৰ্থত শস্যবোৰ পথাৰৰ পৰা বদলি নাযায়৷ ফলশ্ৰুতি চাৰিবেৰৰ মাজৰ আধৰুৱা ব্যৱহাৰিক শিক্ষা৷ আধৰুৱা হাতে-কামে শিক্ষাৰে শিক্ষিত ডিগ্ৰীধাৰী চৰকাৰী বা বেচৰকাৰী বা নিজা উদ্যোগেৰে চাকৰিয়ালে বা ব্যক্তিয়ে এটা বিভাগ কিমান সুচাৰে ৰূপে চলাব, নে নিজেই দেখি শিকিব, নে ঠেকি শিকিব সেইটো নকলেও হব৷

এটা উদাহৰণ দিওঁ৷

অসমত পিয়াঁজ খেতি কাগজে-পত্ৰে বহুত হয়৷ অথচ ভাৰতৰ পশ্চিম আৰু দক্ষিণৰ পৰা ৰেলগাড়ী, ট্ৰাকত পিয়াঁজ নাহিলে আমাৰ আখলবোৰত পিয়াঁজবিহীন খাদ্যই ৰান্ধিব লাগিব৷ সেয়ে আজি কেই বছৰ মান আগেয়ে চৰকাৰী কৃষি বিভাগে পিয়াঁজ খেতিৰ আচনি প্ৰস্তুত কৰিলে৷ প্ৰয়োগো কৰিলে৷ আনৰ তথ্য মই দিব নোৱাৰিম৷ মোৰ নিজৰ তথ্য দিওঁ৷ ২০১৫ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ টিয়কস্থিত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰীয়তে পিয়াজ খেতিৰ ওপৰত এক প্ৰশিক্ষণৰ ব্যৱস্থা মাজুলীত ঠিক কৰা হল৷ তাৰিখ ঠিক হল পাঁচ নবেম্বৰ, ২০১৫৷ খেতিয়ক আৰু জিলা পৰ্য্যায়ৰ কৃষি বিষয়াসকলৰ উপস্থিতিত সুধি গম পালোঁ চৰকাৰী সাহায্যৰ পিয়াজৰ বীজ খেতিয়কৰ হাতত পৰিছিলহি এক নবেম্বৰত৷ খেতি আৰম্ভ কৰাৰ পিচত কেইবাজনো খেতিয়কৰ পৰা মোলৈ তিনিটা ফোন কল আহিল৷ খেতি চপাবলৈ নাপাই বুলি জানিও, চপাবলৈ হলে মোক মাতিবলৈ কৈ থৈছিলোঁ৷ পিচলৈ সেইকেইজন খেতিয়কৰ পৰা মই এটাও ফোন কল নাপালোঁ৷ অসমৰ প্ৰাকৃতিক পৰিবেশত পিয়াঁজ খেতিৰ বাবে উপযুক্ত সময়ত বীজ সিচাঁ সময় আগষ্টৰ শেষত আৰম্ভ হব লাগে৷ সেই সময়ত অসমৰ বুকুত ডবা-পিটা বৰষুণ৷ অৱশ্যেই পুলিখিনি বৰষুণৰ পৰা বচাই প্ৰস্তুত কৰি লব পাৰি৷ ঠিক সেইদৰে অক্টোবৰতকৈ পলম হোৱা উচিত নহয়৷ পুলি ৰোৱা, মধ্যকালীন পৰিচৰ্য্যা লোৱা, চপোৱা, শুকোৱা এইবোৰেও নিৰ্দিষ্ট বতৰ বিচাৰে৷ চপাবলৈ পূৰঠ হৈ উঠা পিয়াঁজ আগ বাৰিষাই চুই যোৱা অসমত পিয়াঁজ খেতিৰ উপযুক্ত জাত লৈ নকৰিলে কৃষকৰ বিপদ৷ তাতোতকৈ গুৰুত্বপূৰ্ণ গুণগত বীজ সহজলভ্য হোৱা৷ গাইপতি পাঁচ কিলোকৈ বিলোৱা বহু পিয়াঁজ বীজৰ বাবদ নিশ্চয় গোটেই অসমৰ কাৰণে কিনা এক বৃহত পৰিমাণৰ চৰকাৰী ধনৰ অপচয় ঘটিল৷ যিখন ভাৰতবৰ্ষত খাৰিফ ফচলৰ উত্পাদিত পিয়াঁজৰ এটা পিয়াঁজো শীতল গৃহলৈ নাযায়, অথচ সেই ঋতুতে ভাৰতত অন্য ৰাজ্যত উৎপাদিত ফচলখিনিয়ে এক সচ্ছল পিয়াঁজৰ বজাৰ সৃষ্টি কৰি ৰাখিছে, এইবোৰ খবৰ আমাৰ খেতিয়কে বা গ্ৰাহকে গম পাইনে? ৰবিকালীন পিয়াঁজৰ প্ৰকৃত কৃষিকাল নাজানিলে পিয়াঁজ খেতি নকৰাই মংগল৷ এইবাৰ পিয়াঁজৰ দাম এশ টকা পাইছেগৈ জাতীয় খবৰৰ পিচত দৌৰা সংবাদৰ কিবা কাম আছে জানো! পিয়াঁজ কি পৰিবেশত হয়, কি ঋতুত হয়, কি পৰিচৰ্য্যাই গোট পিয়াঁজ উৎপাদনত সহায় কৰে, কেনেকৈ কৰে এইবোৰ সংবাদ মাধ্যমে গম লবলৈ আহৰি নাপায়৷

আমি পৰা খিনিও উৎপাদন কৰি নলওঁ ঃ

ঘেহুঁৰ পৰা উৎপাদিত আটা ব্যৱহাৰ অসমত কম পৰিমাণ নহয়৷ FCIৰ পৰা আবণ্টিত ঘেহুঁ মিলত কিমান লক্ষ টন হিচাবে পিহা হয় সেইটো নকলেও চলে৷ আপুনি ভুলতো নাভাবিব এই ঘেহুঁখিনি অসমত উত্পাদিত৷ এই গোটেই শস্যখিনি অসমৰ প্ৰাকৃতিক পৰিবেশত ৰবি শস্য স্বৰূপে সহজেই কৰিব পাৰি৷ সত্তৰ দশকৰ শেষৰ ফালে সোণালীকা সঁচেৰে অসমতো সেউজ বিপ্লৱ অনাৰ যোজা চলিছিল৷ ইতিহাস সাক্ষী৷ ভাৰতৰ সেউজ বিপ্লৱক সোণালী আখৰেৰে লিখি থোৱা হল৷ অসমত সেই সময়ত চাহ বাগানত ৰেচন হিচাবে আটা আৰু আহু ধানৰ ৰঙা চাউল কম দামত চাহ বাগানৰ মালিকে শ্ৰমিক আৰু অন্য কৰ্মচাৰীক যোগান ধৰিছিল৷ তাৰ বাদে আটাৰ ব্যৱহাৰ আমাৰ গাওঁ বোৰত সুমুৱাই নাছিল৷ সেউজ বিপ্লৱৰ অংশীদাৰ স্বৰপে অসমতো ঢেৰ উৎপাদন হল৷ সেউজ বিপ্লৱৰ নিৰ্দ্ধাৰিত সময়তে উত্তৰ ভাৰতত ঘেহুঁ বীজৰ পৰিমাণ কমিল৷ অসমত উৎপাদিত সোণালীকা ঘেহুঁখিনি বিচাৰি জগজীৱন ৰাম কেন্দ্ৰীয় কৃষি মন্ত্ৰী থাকোতে কম হোৱা পৰিমাণখিনি অসমৰ পৰা নি যোগান দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হল৷ জোলোঙাৰ মেকুৰী তেতিয়া ওলাল৷ অসমত উৎপাদিত ঘেহুঁখিনি কাগজৰ খেতিহে আছিল৷ অসমে ঘেহুঁ উৎপাদনত ৰাষ্ট্ৰৰ অৰ্থনীতিত একো নাই দিয়া কলে মিছা নহয়৷ আমি আজিও ঘেহুঁ উৎপাদনৰ কথা চিন্তা নকৰোঁ বা কৰিবই নুখুজোঁ৷ খাবৰ বেলিকা আমি কিন্তু কম নহয়৷ অসমৰ মাটিত ঘেহুঁৰ ভাল উৎপাদন হবই৷ পিচে জলসিঞ্চনৰ পানীখিনি নোহোৱাকৈ ঘেহুঁ উৎপাদনৰ কথা ভাবিব পাৰি জানো!

অসমৰ বাবে এক সুস্থ কৃষি নীতিৰ প্ৰয়োজনঃ

আমাক অসমৰ বাবে এটা সুস্থিৰ কৃষি নীতি লাগে৷ আমাৰ জিলা পয্যায়ত কোন কেইটা খেতি mandate শস্য সেইটো নিৰূপন কৰা আছেনে? মন গলেই চন, বাকৰি মাটিতো ধান সদায় নহয়৷ আমাৰ প্ৰতিখন জিলাই কিমান পৰিমাণৰ কি কি শস্যৰ খেতি কৰিব তাৰ এটা স্পষ্ট ক্ষেত্ৰভিত্তিক আঁচনি লাগে৷ যি নীতিৰে আমাৰ পৰিবেশৰ লগত খাপখোৱা আভ্যন্তৰীণ বজাৰখন ভালকৈ চম্ভালিব পৰা হব৷ য’ত আমাৰ খেতিয়কে বিকিবলৈ এখন সুস্থ বজাৰ পাব৷ যোগাযোগ আৰু পৰিবহণৰ কোনো অসুবিধা নাথাকিব৷ মান্দি(নীলাম) ব্যৱস্থাৰ জৰিয়তে খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী উপযুক্ত সময়ত উপযুক্ত দামত বিকিবলৈ পাব৷ প্ৰথমে আভ্যন্তৰীণ বজাৰখনকে চলাওঁকচোন৷ বিদেশী ডলাৰ, পাউণ্ড, ইউৰো বা য়েনৰ কথা পিচলৈ ভাবিব৷ ক’লা চাউল ওলাবলৈ নাপালেই আমি দক্ষিণ-পূব এচিয়া জয় কৰাৰ সপোন দেখিলোঁৱে্ই, দেখিলোঁ ক’লে ভুল হব, দেখুৱালেই৷ আমি অত’ দিনে ক’ত আছিলোঁ, যে ক’লা চাউলৰ অস্তিত্বৰ বিষয়ে গমেই নাপাওঁ৷ ধান এনেকুৱা কৃষি নহয় যে ৰাতিটোৰ ভিতৰতে জন্ম লব৷ অথচ ধানৰ বহু সঁচৰ ভৰাল উত্তৰ পূব ভাৰত৷

সীমিত মাটি সম্পদঃ

পৃথিবীৰ মাটিৰ পৰিমাণ কেতিয়াও নাবাঢ়ে৷ বৰং টুটিবহে৷ কাৰণবোৰ মই নকলেও হব৷ পৰিবেশ উষ্ণ হোৱা কাৰকবোৰ আছেই৷ কিন্তু জনসংখ্যাভিত্তিক খাদ্যৰ প্ৰয়োজন বাঢ়িছে, আৰু বাঢ়িব৷ বজাৰলৈ মোনা লৈ গলেই কিনিবলৈ পামেই সেইটো ধাৰণা লৈ নাথাকিব৷ খেতি আজিৰ তাৰিখত জীৱিকা নিৰ্বাহৰ প্ৰথম নিৰ্বাচন এতিয়াও হৈ উঠা নাই৷ আমেৰিকা আবিষ্কাৰ হোৱাৰ পিচত সেই ভূমিত খেতিয়েই প্ৰাধান্য লভিছিল৷ আজিও বস্তুবাদী শিক্ষাই আজিৰ প্ৰজন্মৰ আমাৰ আগৰ চামটোকেই গ্ৰাস কৰিলে৷ খেতিয়ে যিহেতু কায়িক পৰিশ্ৰম বিচাৰে, এইটো কাৰণতেই আজিৰ যুবপ্ৰজন্ম শ্ৰমবিমুখ৷ ডিজিটাইলেজনৰ যুগত ত্বৰাম্বিত এনেকুৱা একো বৈজ্ঞানিক কৌশল নাই ওলোৱা যে বুটাম টিপিলেই খেতি চপাব পৰা সময়টোকে চুটি কৰি পেলাব পাৰিব৷ খেতি এতিয়াও সূৰ্য্যৰ অধীন৷ আগলৈও সূৰ্য্যৰ অধীন হৈ থাকিব৷

সুবৰ্ণ সুযোগঃ

আমি কৰোঁ বুলিলে এটা কাম নিশ্চয় কৰিব পাৰোঁ৷ অসমৰ কাৰণে সুবৰ্ণ সুযোগ আছে শালি খেতিৰ পথাৰবোৰতে৷ সেইটো হৈছে, শালি খেতিৰ পিচত চন পৰি থকা মাটিবোৰ পুনৰ শালি খেতিৰ বতৰ নহালৈকে কিছুমান উদ্যান শস্য বা ঘেহুঁৰ পথাৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ৷ অৰ্থাত একেটুকুৰা মাটি ব্যৱহাৰৰ ভিত্তিত এশ শতাংশৰ পৰা দুশ শতাংশ বা তিনিশ শতাংশলৈ নিব পাৰোঁ৷ তাৰ বাবে লাগিব এক দীৰ্ঘম্যাদী  আঁচনি৷ শস্য নিৰ্বাচন, শস্যৰ বীজ, বজাৰ, উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা আৰু পৰিশ্ৰম কৰিব পৰা মানসিকতা৷ এই মূলধনবোৰ লগত লৈ আগবাঢ়িব পৰা শক্তিখিনি কম হোৱা নাই৷ অসমৰ ৰাজ আলিয়েদি গলেই চকুত পৰে, কি দৰে অনাদৃত, অব্যৱহৃত ৰূপত আমাৰ পথাৰবোৰে বিনাই আছে৷ বাটে পোৱালি মেলে৷ চৰণীয়া পথাৰলৈ ৰূপান্তৰ হোৱা পথাৰবোৰ গৰ্ভৱতী নোহোৱাকৈ ৰয়৷ প্ৰসৱ বেদনাৰ বাবে অধীৰ হৈ ৰোৱা মাটিবোৰে এদিন জন্ম দিব পৰা ক্ষমতাই হেৰুৱাই পেলায়৷ নিষ্ঠুৰ সময়ে আমাৰ অৱহেলাৰ পোটক তোলে৷

প্ৰধানমন্ত্ৰী জলসিঞ্চন আঁচনি খনৰ কি হল?

মোদী চৰকাৰৰ প্ৰথমটো কায্যকাল শেষ হবলৈ মাত্ৰ এটা বছৰ৷ এইটো কায্যকালতে প্ৰধানমন্ত্ৰী জলসিঞ্চন আঁচনিখনৰ প্ৰয়োগ অসমৰ কোনো এখন জিলাতে নঘটিল৷ জিলা পৰ্যায়ৰ কৃষি, ভূমি সংৰক্ষণ আৰু জলসিঞ্চন বিভাগক সামৰি আচনি প্ৰস্তুত কৰি প্ৰতিজন কৃষকৰ ভূমিত পানী যোগান দিয়াৰ কায্যসূচী, খহি যোৱা ভ্ৰণটো দেখাৰ দুৰ্ভাগ্যও মোৰ জীৱনতেই ঘটিল৷ সমাপন কৰিব লগীয়া কামবোৰ আৰম্ভ হৈয়ে ২০১৬ৰ ভিতৰত দুখন মিটিঙতে শেষ হ’ল৷ কাৰণ ২০১৬ৰ নিৰ্বাচন আহিল আৰু বিষয়া বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ হাকিম লৰিলেও হুকুম নলৰে কোৱাৰ দিন গ’ল৷ নকৈ নোৱাৰোঁ, সেই সময়ৰ যোৰহাটৰ জিলা অধিকাৰী আৰু তিতাবৰৰ মহকুমা অধিকাৰী দুজনে বাৰে বাৰে সকিয়াই দিছিল, সময় থাকোতেই নিজৰ কৰিবলগীয়াখিনি কৰি আঁচনিখন ৰূপায়ণ কৰাত সহায় কৰক৷ এনেকৈয়ে চাগৈ অসমত ভাৰতৰ আঁচনিবোৰ চলি আছে৷ আমি আকৌ চৰকাৰক দোষ দি আত্মসন্তুষ্টিত ভুগি আছোঁ৷ যিজন বিষয়াক পৰিচালকৰ আসনত বহোৱা হৈছিল সেইয়া পদবীটোৰ লগত সাঙোৰ খাই থকা কাৰণে পাত্ৰ চাই পানীয়ে আকাৰ ধাৰণ কৰিলে৷ এতিয়া সাজু হওঁক, ২০১৯ চনৰ নিৰ্বাচনে আগৰ প্ৰতিশ্ৰুতিবোৰ কিমান সফল ৰূপত দেখিবলৈ পোৱা যায়৷ লাগিলে চৰকাৰ একেটা দলৰে হওঁক৷ এইখন আঁচনিৰ নব্বৈ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিলেহেঁতেন৷ অসমেই একমাত্ৰ ৰাজ্য য’ত প্ৰকৃতিয়ে উভৈনদী কৰি বৰষুণৰ ৰূপত পানী বৰষিছে৷ তাকেই প্ৰকৃত প্ৰয়োজন অনুসাৰে গোটাই, সংৰক্ষণ আৰু বিতৰণ কৰি খেতি পথাৰত ব্যৱহাৰ কৰা হোৱা নাই৷ ৰাষ্ট্ৰীয়  জলচ্ছেদ আচনিবোৰে মাথোঁন এচাম চাকৰিয়ালহে পুহিছে৷ অসমৰ জলসিঞ্চন বিভাগ এটা বগা হাতী৷ তেনেকুৱা আৰু এটা বগা হাতী ভূমি সংৰক্ষণ বিভাগ৷ অসমত বৈ থকা প্ৰতিখন নৈৰ পানীভাগৰ কিমান ব্যৱহাৰ হয়, তাৰ এটা হিচাব উলিয়ালে ভাল৷ গেদ কঢ়িয়াই নদীৰ বক্ষ বাম হোৱাৰ অজুহাতত এতিয়া মহাবাহুক খান্দিবলৈ ড্ৰেজাৰ আহিছে বুলি শুনিছোঁ৷ এই বিষয়টোকে লৈ কিমান হূলস্থল হবলৈ বাকী আছে, সময়েহে ক’ব৷

দুমুখীয়া কথা কোৱা বহুবল্কীসকলে আপোনাক জৈৱিক কৃষি আৰু অজৈৱিক কৃষি দুয়োটা টোপ আগ বঢ়ায়৷ জৈৱিক কৃষিৰ মূল উপাদান জৈৱিক আধাৰ গৰু, ছাগলী, ম’হ আদিৰ প্ৰয়োজন বঢ়ায়৷ অন্যহাতে শাৰীৰিক পৰিশ্ৰম কমাবলৈ পথাৰলৈ সোমোৱা পাৱাৰ টিলাৰখনে এই জীবজন্তুবোৰৰ সংখ্যা হ্ৰাস কৰাত ইন্ধন যোগায়৷ মোদী চৰকাৰে ইউৰিয়া সাৰৰ ব্যৱহাৰ আধালৈ কমাবলৈ ৰাষ্ট্ৰীয় নিৰ্দেশ জাৰী কৰিছে, এতিয়া আপুনি কি বুলি কয়?

কৃষিৰ উন্নতি হোৱা কথাবোৰ প্ৰায়ে আলোচনা হয়৷ ময়ো ভাবোঁ, উন্নতি নোহোৱা নহয়৷ হৈছে৷ সৰহ উৎপাদন দিব পৰা শস্যৰ সঁচ উদ্ভাবন হৈছে৷ পিচে বছৰি পুনৰ আবিৰ্ভাৱ হোৱা একেবোৰ বেমাৰ, কীটপতঙ্গৰ সমস্যাবোৰে ঔষধ প্ৰস্তুতকাৰী কোম্পানী আৰু ব্যৱসায়বোৰ জীয়াই ৰাখিছে৷ সময়ৰ সোঁতত তেনে বেমাৰ বা কীট-পতঙ্গক প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাতহে সহায় কৰিছে৷ এই ধৰণৰ সমস্যা জৈৱিক খেতিৰ পৰিপন্থী৷

অসমৰ সত্তৰ শতাংশ মানুহৰ জীবিকা কৃষি৷ এই কৃষি বিভিন্ন শস্য, মাছ, ৰেচম শিল্প, পশুপালন, চাহশিল্প ইত্যাদি সমাহাৰেৰে পৰিপূৰ্ণ৷ অসমৰ মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হয়৷ ইয়াৰে ৪.৭৭ লাখ হেক্টৰ জলাশয় মাছ পুহিবৰ বাবে উপযোগী৷ মৎস্য ক্ষেত্ৰখনেই এক বৃহত বজাৰ৷ এসময়ত দুটাকৈ চেনীকল থকা অসমত এতিয়াও তথ্যমতে ১.৩৭ শতাংশ কৃষি কৰা মাটিত কুহিঁয়াৰ খেতি কৰা হয়৷ জৈবিক খেতিৰ প্ৰতি আজি আগ্ৰহ আকৌ বাঢ়িছে৷ অসমত বৰ্ত্তমান ১১৯২৩জন খেতিয়ক জৈৱিক ভাবে কৰা খেতিৰ লগত জড়িত৷ চাহ, আদা, হালধি, আনাৰচ আদি খেতি জৈৱিক ভাবে উৎপাদিত হৈ বিদেশৰ বজাৰ চুইছে৷ অকল চাহৰ কথাকে কলেও ক্ষুদ্ৰ চাহ খেতিয়কৰ অনবদ্য অৱদান অসমৰ চাহৰ উৎপাদনৰ ২৭ শতাংশ৷ পঞ্জীয়নভুক্ত খেতিয়কৰ সংখ্যাই ১, ৩৮, ৩৮১ অতিক্ৰম কৰিছে৷ লাহে লাহে চাহেও জৈৱিক পথে গতি কৰিছে৷ কলা ধানৰ আদৰো বাঢ়িছে৷ পতঞ্জলী উদ্যোগ আহিছে ঔষধি উদ্ভিদত বিনিয়োগ কৰিবলৈ৷ সদ্য সমাপিত Advantage Assam Festivalৰ জৰিয়তে চৰকাৰেও দেশী-বিদেশী ব্যৱসায়ী, কোম্পানীক আমন্ত্ৰণ জনাই অসমত নিয়োগ কৰিবলৈ সুবিধা উলিয়াই দিছে৷ দক্ষিণ-পূবৰ দুৱাৰ খোল খোৱাৰ ব্যৱ্স্থাও চৰকাৰে হাতত লৈছে৷ এইবোৰ অতি উৎসাহজনক বতৰা৷

কৃষি আকৰ্ষণীয় ব্যৱসায় নহয় বুলি ভাবি থকা দিন উকলিল৷ সুদূৰ ইংলেণ্ডৰ পৰা আহি চাহগছ আবিষ্কাৰ কৰি সংঘবদ্ধ ৰূপত চাহখেতিক শিল্প উদ্যাগলৈ ৰূপ দি যোৱা বৃটিছৰ আৰ্হিৰ পৰা আমি আজিও ভালদৰে জ্ঞান লব নোৱাৰিলোঁ৷ আমিনো ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰূপত অৱতীৰ্ণ হোৱা কেইদিন হৈছে? ভাৰতৰ চাহৰ ২৭শতাংশ ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত যদিও এই একেখিনি খেতিয়কৰ দ্বাৰা আজিও এটা চাহ প্ৰস্তুত কৰা কলঘৰ স্থাপন নহল৷ কেঁচা পাত কিনা মালিকানা গোষ্ঠীক দোষ জাপি কম মূল্য পাই কেতিয়াবা পাত পেলাই দিয়া ঘটনাও নঘটাকৈ থকা নাই৷ সকলো খেতিকে বাণিজ্যৰ আওতালৈ আনিবলৈ তাকৰীয়া মাটিৰ ওচৰাওচৰি গৰাকীবোৰ লগ হৈ মাটিখিনি একেলগ কৰি সমবায় ভিত্তিত খেতিক ব্যৱসায়িক ৰূপ দিবৰ উদ্যোগ লবৰ হল৷ এতিয়া পাৰস্পৰিক ভেদাভেদ পৰিহাৰ কৰি সমিল-মিলেৰে খেতিৰ কথা ভাবিবলৈ পলমেই হৈছে৷ বৰ্ত্তমান থকা আত্ম সহায়ক গোট স্থাপনৰ প্ৰকৃত উদ্দেশ্য সেইয়াই আছিল৷ বাস্তৱত এই গোটবোৰৰ কিমানটা সক্ৰিয় আৰু লাভজনক হৈ ৰৈছে, তাৰো এটা সমীক্ষা লাগে৷
আহক, একে টুকুৰা মাটিকে বাৰে বাৰে ব্যৱহাৰৰ উপযোগী কৰি ৰাখি শত বাধাকো নেওচি কৃষিৰ যোগেদিয়েই ভূমিকো শস্য শ্যামলা কৰি ৰাখোঁ, ভোকো কমাওঁ, জীবিকা নিৰ্বাহতো হাত উজান দিওঁ, কৰ্মসংস্কৃতিতো সহযোগ বঢ়াওঁ আৰু আহিব ধৰা প্ৰজন্মৰ কাৰণে পৃথিবীখন চিৰসেউজ কৰি ৰখাৰ প্ৰয়াস কৰোঁ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অসমৰ কৃষিত কৰণীয় বহুত আছে৷ আমাৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলক খেতি কৰাৰ সুবিধা সৃষ্টি কৰাত চৰকাৰে কিবা পদক্ষেপ লোৱাৰ কথা ভাবিছেনে? মই ভাবোঁ আজিৰ প্ৰজন্মই খেতি কৰিবলৈ আগ্ৰহ কৰিবই৷ মাথোঁন অলপ সুবিধা সৃষ্টি কৰি দিয়ক৷ আমাক সুযোগ দিয়ক৷ আমাৰ আহিব ধৰা দিনবোৰত আমি আমাৰ ছাত্ৰ-ছাত্ৰীবোৰৰ কিছুমানক উৎপাদকৰ ভূমিকাৰ ৰূপত দেখিবলৈ পামেই৷
জয় আই অসম৷

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

bohut dhunia lagil thnx

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক