আমাৰ কৰ্ম-সংস্কৃতি (অঞ্জল বৰা)

আমাৰ কৰ্ম-সংস্কৃতি

অঞ্জল বৰা

আজি ‘আমাৰ অসম’ কাকতত এটা সৰু বাতৰি পঢ়িলোঁ৷ “উন্মুক্ত মেনহলত পৰি অভিযন্তা আহত” বাতৰিটোৰ শেষলৈ লিখিছে৷ “গুৱাহাটীৰ পদপথত কিয় মেনহল থাকে, তাৰ আঁৰৰ কাহিনী অতি বিস্ময়কৰ৷ গুৱাহাটীৰ নলা-নৰ্দমা চাফ-চিকুণ কৰে গুৱাহাটী পৌৰ নিগমে৷ নিগমৰ কৰ্মচাৰী তথা চাফ-চিকুণৰ দায়িত্বত থকা লোকসকলে নলা-নৰ্দমাৰ ওপৰত থকা ঢাকোন উঠাই চাফ-চিকুণ কৰি থয়৷ কিন্তু বহু ঠাইত তাৰ ঢাকোন নমৰাকৈয়ে আঁতৰি যায়৷ কাৰণ সেই ঢাকোন মৰাৰ দায়িত্ব আকৌ গড়কাপ্টানী বিভাগৰ৷ কিয়নো পদপথৰ দায়িত্ব আছে গড়কাপ্টানী বিভাগৰ ওচৰত৷ ৰাজ্যৰ বিদ্যুত যোগান ধৰে ৰাজ্যিক বিদ্যুত পৰিষদে৷ কিন্তু গুৱাহাটীত (পদপথত পোহৰ পৰিব পৰাকৈ) বিদ্যুত-বাতি লগোৱাৰ দায়িত্ব পৌৰ নিগম তথা পৌৰ উন্নয়ন প্ৰাধিকৰণৰ৷”

কথাখিনি পঢ়াৰ লগে লগে বহু বছৰৰ আগতে ডঃ ভৱেন্দ্ৰনাথ শইকীয়া চাৰে প্ৰান্তিকৰ শেষ পৃষ্ঠাত লিখা এটা কথা মনত পৰিছিল৷ তেখেতে বিদেশত নিজ-চকুৰে দেখি অহা কৰ্ম-সংস্কৃতিৰ উদাহৰণ দি কৈছিল- “বিদেশৰ পথত বিদ্যুত-বাতি কিবাকৈ বেয়া হৈ থাকিলে যি ঘৰ মানুহৰ সন্মুখত বেয়া হৈ থাকে তেওঁ বিভাগলৈ এটা ফোন কৰি দিলেই হ’ল৷ দূৰত্ব অনুসৰি ১০-১৫ মিনিটৰ ভিতৰতে এজন মানুহে অকলে এখন গাড়ী লৈ আহিব আৰু যোগাযোগ কৰা মানুহজনৰ লগত কথা পাতি নিজেই ওপৰলৈ উঠি ১০ মিনিটমানৰ ভিতৰতে বিদ্যুত-বাতি ঠিক কৰি মানুহজনৰ পৰা কাগজত চহী লৈ গুছি যাব৷ গোটেই কামটো এদিনতে ২০ মিনিটমানৰ ভিতৰতে নিয়াৰিকৈ সম্পন্ন হৈ যায়৷

কিন্তু আমাৰ ইয়াত (অসমত) যদি পদপথৰ বিদ্যুত-বাতি বেয়া হয় তেন্তে সি কেইদিনমান তেনেকৈয়ে থাকিব৷ তাৰপিছত ওচৰৰ দুজনমানে আলোচনা কৰিব৷ তাৰপিছত ফোন বা আবেদন কৰিব৷ তাৰপিছতো বহুদিন তেনেকৈয়ে থাকিব৷ শেষত ৰাইজ অতিস্থ হৈ যেতিয়া তৰ্ক-বিতৰ্ক হ’ব তেতিয়া এদিন এখন গাড়ীত এডাল দীঘল বাঁহৰ জখলা লৈ ৪-৫জন মানুহ আহিব৷ দ্ৰাইভাৰজনে বাহিৰত ৰৈ গোটেইকেইজনলৈ চাধা মাৰিব৷ ১০-২০ মিনিটমান আলেখ-লেখ চাব৷ তাৰপিছত দুজনে তলত জখলাটো ধৰিব৷ এজন ওপৰলৈ উঠিব৷ চাইমেলি তললৈ নমাই আনিব আৰু ওচৰৰ দুই-এজনক বাল্ব নাইকিয়া, হ’ল্ডাৰ বেয়া, এতিয়া বস্তু নাইকিয়া আদি ধৰণৰ দুটামান কথা কৈ তাৰ পৰা গুছি যাব৷ গোটেই কাৰ্যটোত সময় লাগিব এমাহ বা দুমাহ৷ কৰ্মচাৰী লাগিব পাঁচজন৷ কিন্তু লাভৰ শেষত শূন্য৷” (কথাখিনি মনৰ পৰাহে লিখিছোঁ৷)

এইয়াই হৈছে অসমৰ কৰ্ম-সংস্কৃতিৰ নমুনা৷ ওপৰৰ “আমাৰ অসম” কাকতত প্ৰকাশিত বাতৰিটোত বিদ্যুত বিভাগৰ যিজন অভিযন্তা মেনহলত পৰিল, কি ঠিক এদিন তেওঁৰ দৰে আন কোনো বিষয়াৰ দায়িত্বহীনতাৰ বাবেই হয়তো সেই ঠাইত থাকিব লগা বিদ্যুত-বাতিটো নাছিল!! মাৰিব লগা ঢাকোনখন মৰা হোৱা নাছিল !! কোনে জানে? কিন্তু এই বাতৰিয়ে আমাৰ তিনিটা বিভাগৰ বিষয়াসকলক শিক্ষা দিবনে?? অসমত এতিয়া কোনেও কাৰো কথা নুশুনে ফলতেই একোটা সাধাৰণ বিষয়ো ক্ৰমে ক্ৰমে জলন্ত সমস্যালৈ পৰিৱৰ্তন হৈ পৰিবলৈ ধৰিছে৷ চকু দিব কোনে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments