আমাৰ খাদ্যাভ্যাস কিমান স্বাস্থ্যসন্মত? স্বনিৰ্ভৰশীল খাদ্য-সংস্কৃতি গঢ়ি তুলিব নোৱাৰিনে? (মনোৰম গগৈ)

(এক)

কেইবছৰমানৰ আগৰ কথা। মই তেতিয়া ‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া আলোচনী ‘সম্ভাৰ’ৰ সম্পাদক হিচাপে কাম কৰি আছিলোঁ। শিৱসাগৰ জিলাৰ দিচাংমুখৰ এটা সাংবাদিকৰ সংগঠনে এখন সভালৈ নিমন্ত্ৰণ জনালে।

সভাখন শেষ হোৱাৰ পিচত উদ্যোক্তাসকলে মোক দিচাংঘাটৰ এখন হোটেললৈ লৈ গ’ল। ‘গুপ্তা হোটেল’ত আবেলিৰ চহ খোৱাৰ সময় হৈছিল। হোটেলখনৰ ভিতৰত  চকু ফুৰাই ভাবিছিলোঁ হয়তো চাহ-চিঙৰা খাবলৈকে উদ্যোক্তাসকলে মোক গুপ্তা হোটেললৈ আনিছে। পিছে মোক একপ্ৰকাৰ আচৰিত কৰিয়েই হোটেলৰ ‘বয়’ এজনে মোক এখন ষ্টিলত থালত এথাল চিৰা গুৰ আৰু দৈৰে সৈতে খাবলৈ দিলে। মালভোগ ধানৰ চিৰাৰ লগত দিচাংমুখৰ কোনোবা এটা ম’হৰ খুটিৰ থমা দৈ অৰু লুইতৰ কোনো এটা চাপৰিৰ সতেজ গুৰ! ভাবিছিলোঁ, মোক গুৱাহাটীৰ পৰা বিশেষভাৱে মাতি লৈ যোৱা হৈছে বাবেই এই হোটেলখনত মোৰ বাবে এই দৈ-চিৰা-গুৰৰ আয়োজন কৰা হৈছে! পিছে, সেয়া আছিল মোৰ সম্পূৰ্ণ এটা ভুল ধাৰণা। উদ্যোক্তা সাংবাদিক বন্ধুসকলে জনালে যে এইখন  হোটেলত  দৈ-চিৰা-গুৰৰ থাল এনেদৰে সদায়েই বিক্ৰী কৰা হয়। বিশেষকৈ পুৱাৰ ভাগত ফেৰী বা নাৱেৰে যিসকল যাত্ৰী সিপাৰৰ পৰা দিচাংমুখলৈ আহে, তেওঁলোকে গুপ্তা হোটেলত সোমাই দৈ-চিৰা অতি তৃপ্তিৰে খায়। গতিকে এইখন হোটেলত সদায়েই দৈ-চিৰা-গুৰ  খাবলৈ পোৱা যায়।

এখন সাধাৰণ চাহ-চিঙৰাৰ হোটেলত দৈ-চিৰা-গুৰ! কথাটোৱে মোৰ মনত দ-কৈ সাঁচ বহুৱাই গ’ল। এইখন হোটেলত যিসকলে দৈ-চিৰা আৰু গুৰ যোগান ধৰে তেওঁলোক স্থানীয় লোক। অৰ্থাৎ এই স্থানীয় যোগানকাৰীসকলে গুপ্তা হোটেলত এইকেইপদ সামগ্ৰী যোগান ধৰাৰ বাবদ কেইটকামান নিয়মীয়াকৈ উৰ্পাজন কৰে। দ্বিতীয়তে চিৰা-দৈৰ গ্ৰাহকসকল গাঁৱৰ মানুহ। পৰঠা, পুৰী বা চিঙৰা-কচুৰি আদি খাই তেওঁলোকে ভাল নাপায়; কিন্তু দৈ-চিৰা-গুৰু তৃপ্তিৰে খায়।

কেৱল দিচাংমুখৰ গুপ্তা হোটেলতে কিয়- অসমৰ প্ৰতিখন হোটেল-ৰেস্তোৰাঁতে দৈ-চিৰা-গুৰৰ সুন্দৰ এক ‘আইটেম’ সংযোজন কৰিব নোৱাৰিনে? এই প্ৰশ্নটোৱে তেতিয়াৰে পৰা মোক মাজে-সময়ে আমনি কৰি থাকে।

 

(দুই )

‘অসমীয়া  প্ৰতিদিন’ত থকা সময়ৰে কথা। এজন কৰ্মঠ অসমীয়া আহিছিল মোক লগ ধৰিবলৈ। নতুন বছৰৰ  কেলেণ্ডাৰ এখন মোলৈ আগবঢ়াই দি মানুহজনে কৈছিল- ‘বৰ কষ্টৰে এটা সৰু উদ্যোগ আৰম্ভ কৰিছোঁ। আপুনি কাকতত লেখা-মেলা কৰি অলপ সহায় কৰি দিলে ভাল লাগিব’।

কেলেণ্ডাৰখন ভালকৈ মেলি চালোঁ- ‘ভোগালী জলপান’ৰ কেলেণ্ডাৰ। বুজিবলৈ বাকী নাথাকিল – মোৰ সন্মুখত বহি থকা, সাধাৰণ পোছাকেৰে অহা এই মানুহজনেই ভোগালী জলপানৰ স্বত্বাধিকাৰী! তেতিয়া ভোগালী জলপানে গুৱাহাটীত খোপনি পুতিবলৈ আৰম্ভ কৰিছেহে মাথোন। জাপৰিগোগত সৰু ঘৰ এটাত অসমীয়া জলপান আৰু পিঠা-পনা তৈয়াৰ আৰু পেকেট কৰাৰ ব্যৱস্থা কৰা হৈছিল। বেছিভাগ জা-জলপানেই উজনি অসমৰ কেইবাখনো গাঁৱত প্ৰস্তুত কৰি অনাৰ কথা তেখেতে জানিবলৈ দিছিল।

মানুহজনক আগবঢ়াই দিবলৈ গৈ দেখিছিলোঁ সাধাৰণ চাইকেল এখন ঠেলি ঠেলি তেওঁ আমাৰ কাৰ্যালয়ৰ পৰা ওলাই গৈছে!

বহুদিন তেখেতক লগ পোৱা নাই । কিন্ত ‘ভোগালী জলপান’ৰ পিঠাগুড়ি , সান্দহ , কোমল-চাউল, চিৰা আদি মই নিয়মীয়াকৈ কিনি আছোঁ। গুৱাহাটীৰ ৰাজপথত এতিয়া কেইবাখনো অটোভান আৰু ডাঙৰ গাড়ীও দেখিছোঁ– য’ত ডাঙৰকৈ লিখা আছে ‘ভোগালী জলপান’! এতিয়া গুৱাহাটীৰ বহুকেইখন আগশাৰীৰ শ্বপিং মল আৰু ডিপাৰ্টমেণ্টেল ষ্ট’ৰত ভোগালী জলপানৰ জা-জলপান আৰু পিঠা-পনা পোৱা যায়। ভোগালী জলপানে কাটি দিয়া বাটেৰে আন কেইবাটাও থলুৱা পিঠা-পনা উৎপাদনকাৰী গোটে উৎপাদন আৰু ব্যৱসায় আৰম্ভ কৰা দেখিছোঁ।

 

(তিনি)

পুৱা শুই উঠাৰ পিচৰ পৰা ৰাতিৰ আগলৈকে অসমৰ মানুহে কি কি খাদ্য খায়- তাৰ এখন তালিকা তৈয়াৰ কৰোঁ আহক। পুৱা চাহৰ লগত বিস্কুট। ব্ৰেকফাষ্টত ব্ৰে’ড, ৰুটি কিম্বা লুচি-ভাজি! দুপৰীয়া ভাত। আবেলি চাহৰ লগত মেগী, চাও-চাও, ৰুটি , পৰঠা ,ম’ম আদি। আকৌ ৰাতি ভাত বা ৰুটি।

যিসকলে ব্যৱসায়-বাণিজ্য বা অফিচ-কাছাৰী আদিত কাম কৰে, তেওঁলোকে সাধাৰণতে দিনৰ ভাগত হোটেল , কেণ্টিন , ৰেস্তোৰাঁ আদিৰ ওপৰতে নিৰ্ভৰশীল হ’বলগীয়া হয়। এই হোটেল বা কেণ্টিনত কেনেধৰণৰ খাদ্যবস্তু পোৱা যায়? পুৰী-তৰকাৰী, পৰঠা , চিঙৰা, কচুৰি, বিভিন্ন মিঠাই, চাও-চাও, ম’ম, ৰুটি, নান, পিজ্জা, চেণ্ডুইছ , কেক বাৰ্গাৰ ইত্যাদি ইত্যাদি!

দুপৰীয়া বা ৰাতিৰ ভাতসাজৰ বাহিৰে এতিয়া আমি আমাৰ খাদ্য-তালিকাত সুমুৱাই লোৱা বেছিভাগ খাদ্যবস্তুৱেই প্ৰস্তত কৰা হয় ঘেঁহুৰ পৰা। অৰ্থাৎ আমি এতিয়া ঘেঁহুৰ পৰা তৈয়াৰী আটা-ময়দাৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰিছোঁ! অথচ অসমত ঘেঁহু খেতি কৰা নহয়। আমি পৰম্পৰাগতভাৱে ধান খেতিহে কৰোঁ! কোনো কোনোৱে নামমাত্ৰ পৰিমাণে ঘেঁহু খেতি কৰে যদিও অসমৰ জলবায়ুত ঘেঁহুৰ উৎপাদন ভাল নহয়।

বিজ্ঞানসন্মতভাবে এটা কথা প্ৰমাণিত হৈছে যে এটা অঞ্চলত যিবোৰ খাদ্য-শস্য উৎপাদিত হয়, তেনেবোৰ খাদ্য-শস্যহে সেই অঞ্চলৰ জনগণে প্ৰধানকৈ গ্ৰহণ কৰা উচিত। সেই দিশত শিক্ষিত, অৰ্ধশিক্ষিত যুৱ-সমাজে এই কৰ্ম-বিপ্লৱৰ যোগেদিয়েই স্বচ্ছলভাৱে জীৱননিৰ্বাহ কৰিব পাৰিব।

 

(চাৰি)

‘Think Globally , act locally’ – এয়া হৈছে বিশ্বায়নৰ যুগত ক্ৰমান্বয়ে বিশ্বজুৰি জনপ্ৰিয় হোৱা এটা ‘শ্লোগান’। আমি ভাল পাঁও বা নাপাওঁ, বিশ্বায়ন বা ‘গ্ল’বেলাইজেচন’ এতিয়া এই ২১ শতিকাৰ এটা এৰাব নোৱাৰা অৰ্থনৈতিক পৰিঘটনা। ইয়াৰ সৈতে খাপ খাই বৰ্তি থাকিবলৈ হ’লে প্ৰত্যেক জাতি-জনগোষ্ঠীয়েই নিজৰ স্বকীয় সংস্কৃতিৰ সংৰক্ষণ আৰু পৰিৱৰ্ধনৰ মাজেৰে এই অৰ্থনৈতিক পৰিঘটনাটোত অংশগ্ৰহণ কৰিব লাগিব। নিজৰ পোছাক-পৰিচ্ছদ, খাদ্যাভাস আদিকো স্বকীয়তা বজাই ৰাখিয়েই বিজ্ঞানন্মত দৃষ্টিকোণেৰে পৰিৱৰ্ধন কৰাটো সময়ৰ দাবী। তাৰবাবে প্ৰয়োজন আমাৰ দূৰ-দৃষ্টি, সৃষ্টিশীলতা আৰু কৰ্মস্পৃহা। আহক আমি সকলোৱে সংকল্প লওঁ: নিজৰ খাদ্য-সংস্কৃতিক শ্ৰদ্ধা কৰি ইয়াক আমি যথাৰ্থ পৰিৱৰ্ধন আৰু পৰিৰ্ৱতনৰ মাজেৰে জগতসভালৈ উলিয়াই লৈ যাওঁ !

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

চিন্তা কৰিবলৈ বাধ্য কৰা সময়োপযোগী লেখা।

উদ্দীপ
6 years ago

চিধা-চাধা কিন্তু দৰকাৰী কথা। কিছুমান জলপান অকল কোনেও ব্যৱসায়িক দৃষ্টিভংগীৰে লোৱা নাই বাবেই বহলকৈ চলা নাই। অসমৰ বাছ আষ্ঠান, ৰেল ষ্টেচন আদিত ৰাতিপুৱাই যিমান টেকেলী পিঠা বিক্ৰী হয়, সিমানখিনি টেকেলী পিঠা কিজানি আগতে অসমত বছৰটোতহে খাইছিল। ভোগালী জলপানৰ নিচিনাকৈ নতুন চিন্তা কৰাৰ সময় আছেই। লিখাটোৰ বাবে অলেখ ধন্যবাদ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক