আমাৰ গাঁৱত যেতিয়া বিদ্যুত নাছিল- পদ্মজা বৰুৱা মোহন

 

আজিৰ পৰা কিছু বছৰ আগলৈকে আমাৰ গাঁৱত বিদ্যুত সংযোগ নাছিল৷ সন্ধিয়া লেম্প-চাকিৰ পোহৰে গাঁওখন পোহৰাই ৰাখিছিল৷ গাঁৱৰ জীয়ৰী-বোৱাৰীৰ বাবে সন্ধিয়া চোতাল-ঘৰ সৰা, পানী-দুনি ভৰোৱাৰ উপৰিও আৰু এটা কাম আছিল লেম্প-চাকিত তেল ভৰোৱা৷
যিহেতু গাঁৱত বিদ্যুত সংযোগ নাছিল, সেয়ে বৈদ্যুতিন মাধ্যমো নাছিল৷ টি.ভি, ম’বাইল ক’ৰবাত কেনেবাকৈ দুই এঘৰতহে আছিল৷ সেইবাবে গাঁৱৰ মানুহবিলাকে আজৰি সময় পালে ইঘৰ-সিঘৰলৈ গৈ, ইজনে সিজনে কথা-বতৰা পাতি সময় কটাইছিল৷ আবেলি প্ৰায়েই আমাৰ ঘৰলৈ অকণ অকণ ননদ, ভতিজীবোৰ আহে আৰু কয়হি- “অ’ বৌ, স্কুলত হাতৰ কামত টেবুল ক্লথ নিবলৈ কৈছে৷ নিজে ফুল তুলিব লাগিব বোলে, ফুল তুলিবলে শিকাই দিয়কনা”, নহ’লে ক’বহি- “অ’ বৌ, স্কুলৰ প্ৰাতঃসভাত নিজে পঢ়া কিতাপ এখনৰ বিষয়ে ক’ব লাগিব, কোনখন পঢ়িম আৰু কেনেকৈ ক’ম বুজাই দিয়কনা৷” নতুবা ননদজনীক ক’ব, “সৰু বা, বহুদিন কাবাদী খেলা নাই, আহকনা খেলোঁ, নহ’লে ৰুমাল দিয়া দি৷”
কেতিয়াবা ওচৰৰ খুৰীদেউ, এপাদেউ, আইতাহঁত আহে৷ কয়- এনেয়ে এপাক ওলাই আহিলোঁ, কাম বন কৰি আজৰি হৈ৷ স্কুলৰ পৰা আহি শিশুহঁতে লগলাগি বিবিধ খেল খেলে কোনোবা এঘৰৰ চোতালত৷
সন্ধিয়া পুৰুষসকলো কামৰ পৰা আহি ঘৰত অলপ জিৰাই শঁতাই ওলাই যায় চুবুৰীয়া ইঘৰ-সিঘৰলৈ৷ ইজনে-সিজনে কথা পাতে দেশৰ, দহৰ৷ খবৰ লয় সুখৰ-দুখৰ৷
আৰু এতিয়া…. যেতিয়া গাঁওখনত বিদ্যুৎ সংযোগ হ’ল, সকলোৰে ঘৰে ঘৰে টি.ভি. হ’ল, হাতে হাতে ম’বাইল হ’ল৷ ছোৱালীহঁতে এতিয়া আজৰি সময়ত ৰুমাল দিয়া দি নেখেলে, কাপোৰত ফুলো নোতোলে৷ বোৱাৰীসকলেও এতিয়া এনেয়ে এপাক ওলাই নাযায়৷ কাম-বন কৰি আজৰি হৈ টি.ভি. চায় নহ’লে ম’বাইল৷ গল্প, উপন্যাসৰ কিতাপবোৰ চ’ৰাঘৰৰ শ্ব’কেচ শুৱনি কৰি থাকে৷ আৰু শিশুহঁতেও টি.ভি.ৰ সন্মুখত বহি পাহৰে চেংগুটি, হৈ গুডু, লুকাভাকু খেল৷ পুৰুষসকলৰো একেই অৱস্থা৷
বৈদ্যুতিন মাধ্যমে যেন আৱদ্ধ কৰি ৰাখিলে সকলোকে বন্ধ ঘৰৰ ভিতৰত৷ কি জোনাক, কি এন্ধাৰ, কি ডাৱৰীয়া, কি ফৰকাল আমি ব্যস্ত হ’ব খোজো বৈদ্যুতিন মাধ্যমৰ স’তে৷ নহ’মেই বা কিয়! টি ভি, ম’বাইলে যে গোটেই পৃথিৱীখনকেই ৰাখিছে হাতৰ মুঠিত৷
কেতিয়াবা মোৰ এনেকুৱা লাগে যেন দুদিনমানৰ বাবে ল’ডশ্বেডিং হওঁক৷ আমি ওলাই যাওঁ বৈদ্যুতিন মাধ্যমৰ কবলৰ পৰা মানুহৰ মনৰ মাজলৈ৷ খবৰ লওঁ জোনাকৰ, খবৰ লওঁ আকাশৰ, ইজনে সিজনে সুখৰ…দুখৰ..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments