আমাৰ ঘৰলৈ কোনোদিনেই নহা বিহুটো — পংকজ তৰুণ

কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ অতি কঠিন৷ অৱশ্যে মই এটা নিৰ্দিষ্ট বয়সৰ কথাহে কৈছোঁ৷ সেই বয়সত মনত উদ্ৰেক ঘটা বহুত প্ৰশ্নই উত্তৰবিহীন ভাৱে ৰৈ যায়৷ এতিয়া যেতিয়া মই ডাঙৰ হ’লোঁ, তেতিয়া বিভিন্ন সময়ত তেনে প্ৰশ্নৰ মাজেৰেই নিজক বিচাৰিবলৈ মন যায়৷

কথাবোৰ তাহানিৰ৷ সেই শৈশৱৰ৷ যেতিয়া বহুত কথাই বুজা নাছিলোঁ৷ যেতিয়া এটা নিষ্পাপ মন আছিল, বুকুত এমোকোৰা সুখ আছিল৷ সেই তাহানিৰ কথাবোৰেই আজি পুনৰ এবাৰ খুঁচৰিব বিচাৰিছোঁ৷ কথাবোৰ ঠিকে এনে সময়ৰ৷ বসন্তৰ উজান, ঢোলৰ ছেও, কোনো তজবজীয়া ডেকাৰ কিৰীলিৰ মাজেৰে নামি অহা দিনৰে কথা এইবোৰ৷

মোৰ শৈশৱৰ দিনবোৰত ব’হাগ মানেই যেন বিহু, যেন হুঁচৰি৷ এচাম ডেকা-গাভৰুৰ হৰ্ষোল্লাষে আমাৰ সৰু সৰু মনবোৰো তেতিয়া সুখেৰে ভৰাই পেলাইছিল৷ আমি সৰু বাবে ওচৰৰ দুই এঘৰৰ বাদে বাহিৰত আমাৰ বাবে বিহু মৰাত নিষেধাজ্ঞা আছিল৷ আমাৰনো বিহু কি! কাষৰে সমনীয়া কল্যাণী, অনামিকা, ৰাণু, ৰাতুল, মই আৰু মোৰ সৰু বা, হাতত ধূতিৰ নামত গামোচা এখন কঁকালত মেৰিয়াই কান্ধত কণমানি ঢোলটো লৈ এডাল বাঁহৰ মাৰিৰে কোবাই কোবাই গোৱা এটা গীত “ৰেণু ৰেণু ৰেণু মাই, ৰেণু আজি ঘৰত নাই…”

এনেদৰে গাঁৱৰ ভিতৰতে বিহু মাৰি পোৱা চাউল আৰু টকাকেইটাৰে আমি ’খানা’ খাইছিলোঁ৷ সেই খানাত গাঁৱৰ দুই এজন লোকে মৰমতে তৰকাৰী বা কণী দুটা দি আমাক সহায় কৰিছিল৷ ঘৰৰ বাৰাণ্ডাত চৌকা এটা খান্দি তাতেই ভাত ৰন্ধাৰ দায়িত্ব লৈছিল ছোৱালী কেইজনীয়ে৷ আমি ল’ৰাকেইটাই খৰি গোটোৱা, বজাৰ কৰা আদিবোৰ কৰিছিলোঁ৷ আমাৰ আনন্দ তাতেই আছিল, কেতিয়াবা পাৰ মাংস বা কণীৰেই আমাৰ খানা খতম হৈছিল৷

বাৰু, সেয়া যি কি নহওক, আমাৰ বিহু সৰু অছিল৷ কণমানি ঢোল আৰু নাচিব নজনা নাচনীৰেই আমাৰ বিহুৰ সামৰণি পৰিছিল৷ কিন্তু কান্ধত ডাঙৰ ডাঙৰ ঢোল লৈ গামোচা আঁৰি অহা ল’ৰা কেইজন আৰু সাজি-কাচি, হাতত চিকমিকিয়া গামখাৰু পিন্ধি অহা নাচনী ডেকেৰীকেইজনীৰ বিহুৱে আমাক বিহুৰ প্ৰকৃত সংজ্ঞা শিকাই থৈ গৈছিল৷

“আজ্জৈ… খ্ৰিন্ টাক্ খ্ৰিন্ টাক্…” গাঁৱৰ কোনোবা এঘৰত ঢোলৰ চেও শুনিলেই আমাৰ মন ৰাঁই-জাঁই কৰিছিল৷ ‘ডাঙৰ বিহু’ আহিছে! ওচৰৰপৰা সেই বিহু চাবলৈ আমি উদগ্ৰীৱ হৈ পৰিছিলোঁ৷ কেতিয়া সেই বিহুৰ দল আহি আমাৰ চোতাল পায়, তাৰেই প্ৰতীক্ষা কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷

“টিপ্-টপ্ দেখিলে আহোঁ বুলি নক’বা সোণজনী…” লাহে লাহে গানবোৰ ভাহি আহি কাষ পাইছিল আমাৰ৷ ইঘৰৰ পাছত সিঘৰ কৈ বাগৰি আহিছিল ঢোলৰ মাত৷ লগে লগে তৎপৰতা বৃদ্ধি পাইছিল মা আৰু ডাঙৰ বাইদেউহঁতৰো৷ বছৰ ধৰি এলাগী হৈ থকা শৰাইখন বিচৰাত নামি পৰিছিল বাহঁত৷ মায়ে মাকৰ ঘৰৰপৰা যৌতুকত অনা টিনৰ বাকচটোৰ পৰা খুঁচৰি উলিয়াই আনিছিল সাঁচতীয়া টকাকেইটামান৷

আৰু এঘৰ পাৰ হ’লেই বিহু দলটো আমাৰ চোতাল পাব৷

“মা মহেশদাহঁতৰ ঘৰত চাই আহোঁনে?”

“ৰ’হ্, বোকাপানী গচকি যাব নালাগে৷ সিহঁতৰ ঘৰত শেষ হ’লেই আমাৰ ঘৰতে আহিব নহয়৷” মায়ে মানা কৰিছিল৷ মায়ে এনেদৰে হাক দিয়াৰ পিছত আমাৰ উচপিচ মনটোক সান্ত্বনা দিছিলোঁ৷ আৰুনো কিমান সময় লাগিব৷ পাবহিয়েই চোন আমাৰ চোতাল…, পাবহিয়েই…৷

“তাক্ ধিন্ ধিন্ তাক্ ধিন্ ধিন্ ধেই… অ’ হেই হেই হেইয়া হেই…” মহেশদাহঁতৰ ঘৰত বিহুৰ সামৰণি পৰিল৷ এজাক যুৱক-যুৱতীৰ হাঁহিয়ে আকাশ-বতাহ ভৰাই তোলে৷ কিন্তু…!

এই হাঁহিৰ ঢৌ চোন আমাৰ ঘৰলৈ অহা নাই! হাঁহিবোৰ মহেশদাৰ ঘৰৰ পদূলিমুখ হৈ ৰাস্তাত হেৰাই গৈছে৷ চৰ্টকাট নামাৰি ৰাস্তাৰে ঘূৰি আহিব নেকি বিহুৰ দলটো আমাৰ ঘৰলৈ? নাহিল!

ডাঙৰ বা-ৰ হাতৰ শৰাইখনত এযোৰ তামোল-পান নিস্তেজ হৈ পৰি থকা দেখোঁ আমি৷ মাৰ হাতত ঢিপিক-ঢিপিককৈ জ্বলি থকা টিপচাকিটো এইমাত্ৰ যেন দুখৰ ভৰত নুমাই যাব! আমাৰ মনৰ সকলো আনন্দ-হেঁপাহ পলকতে এটা প্ৰশ্নলৈ ৰূপান্তৰিত হৈ পৰে- “মা বিহুৰ দলটো আমাৰ ঘৰলৈ কিয় নাহিল?”

“ব’ল পঢ়গৈ৷ একো বিহু বিহু কৰাৰ দৰকাৰ নাই…!” ধমক দি মায়ে আমাক ঘৰলৈ ভিতৰলৈ মাতি নিয়ে, পঢ়িবলৈ কয়৷ তথাপি আমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি হাহাকাৰ কৰোঁ৷ মাৰপৰা প্ৰশ্নৰ উত্তৰ নাপাই আমি সুখ-দুখ বুজি পোৱা, সমাজ চিনি পাবলৈ আৰম্ভ কৰা ডাঙৰ বাক সুধোঁ সেই একেটাই প্ৰশ্ন৷

“আমি যে বেছি পইচা দিব নোৱাৰোঁ৷ সেইবাবেই নাহিল বোধহয়৷ দুখীয়াৰ ঘৰলৈ বিহু নাহে নহয়…!”

দুখীয়াৰ ঘৰলৈ বিহু নাহে৷ কিন্তু এইষাৰ কথা বুজিবলৈ আমাক বহুত সময় লাগিল৷ বহুত দিন…৷ আমাৰ শৈশৱত আমাৰ পৰিয়ালটোৰ যি অৱস্থা, সেয়া বোধহয় সকলোৱেই জানিছিল৷ আমাৰ আৰ্থিক অৱস্থাৰ কথা জানিছিল প্ৰতিবছৰে বিহু গাবলৈ অহা ‘ডাঙৰ বিহু’ৰ দলটোৱেও, যাৰ বাবে মাত্ৰ কেইটামান টকাৰ বিনিময়ত তেওঁলোকে সদলবলে আমাৰ ঘৰলৈ বিহু গাবলৈ আহিবলৈ অমান্তি হৈছিল৷ গাঁৱৰ কেইঘৰমান ধনী, প্ৰতিপত্তিশীল ব্যক্তিৰ ঘৰতেই সীমাবদ্ধ আছিল তেওঁলোকৰ বিহু৷

আজিও সেই কথা অনুভৱ কৰোঁ৷ দুখীয়াৰ ঘৰলৈ কিয় বিহু নাহে? সৰুতে আমাৰ ঘৰৰ চোতালত সেই ‘ডাঙৰ বিহু’ চোৱাৰ দুৰ্বাৰ হেঁপাহটো হেঁপাহ হৈয়ে ৰৈ গৈছিল৷ আজি যেতিয়া কোনো বিহু হুঁচৰি দলক তেনেদৰে ধনী ঘৰ চাই হুঁচৰি মৰা দেখোঁ, তেতিয়া ভাব হয়, এওঁলোক একেই নহয়নে যিয়ে দুখীয়াৰ ঘৰলৈ বিহুক নপঠিয়ায়…?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments