আমাৰ টীম (প্ৰতিম প্ৰতাপ বৰুৱা)

ppbn

(নিজৰে জীৱনৰ কথা কিছুমানক গল্পৰ আকাৰ এটা দিবলৈ এটা নি:কিন চেষ্টা। বিফলেই হ’ব চাগে। সাহিত্যৰ মানদণ্ডৰ যে নিচেই হোৱা নাই। “বনাও” শব্দটো ব্যৱহাৰ কৰিছো আৰু কথাটো আগতীয়াকৈ কৈছো।)

– ঐ আমি ক্লাব এটা বনাও আহ। বনাও মানে বনামেই। সিহঁতে এটা ক্লাব বনাইছে। নাম দিছে নেচনেল ক্লাব। বৰ এনে একেবাৰে নেচনেল ক্লাব! নেদেখিছা!
– হয় অ’, কটা সিহঁতে নেচনেল ক্লাব পাতিছে। আমিও পাতিম। নাম এটা দে।
– আমি ইন্টাৰনেচনেল ক্লাব পাতিম।
– সেই বাদ দে, সেইটো এটা নাম হ’ল নেকি আৰু! মিলনজ্যোতি সংঘ বা তেনেকুৱা কিবা এটা নাম দে।
– ঠিক কৈছ’। আমাক ক্লাব এটা লাগিবই। আৰু এইবাৰ আমি সিহঁতক ক্ৰিকেটত হৰুৱাবই লাগিব। আগৰবাৰ অন্যামি কৰি সিহঁতে আমাক হৰুৱালে বেং।

এইবোৰ আমাৰ কথা। আবেলি সময়ত ফিল্ডখনত বহি আমি কথা পাতি আছো। চাৰিদিন আগতে হোৱা এখন খেলত আমি সিহঁতৰ লগত হাৰিছো। সিহঁত মানে বেলেগ কোনো নহয়, আমাৰ নিজৰ মাজতে দুটা দল। দীঘলীয়া আলিবাটটো দুমূৰে দুটা বাটত লাগিছে। সেই আলিবাটটো যিখিনি ঠাইৰ মাজেদি গৈছে সেইখিনি ঠাইতে আমাৰ সকলোৰে ঘৰ। দীঘলীয়া বাটটোৰ প্ৰায় সোঁ-মাজতে স্কুল এখন আছে। স্কুলখনৰ এফালে থকাখিনিক লৈ এটা দল আৰু সিফালে থকাখিনিক লৈ আনটো দল। দুয়োটা দলৰে মাজত খুব প্ৰতিযোগিতা। সিদিনা আমি হাৰিছো এখন খেলত। সিহঁতে জানি শুনিয়েই সেইদিনা আমাক পথাৰত খেলিবলৈ বাধ্য কৰালে। সিহঁতৰ ফিল্ডখনত হেনো বনগুটি বেছি হৈছে আৰু আবেলি আবেলি তাত ওচৰৰ কোনোবা কোনোবাই ঢেকীয়া শাক বুটলিবলৈ আহে। সিহঁতেও আজিকালি হেনো পথাৰতহে খেলে। পথাৰত ধান দাই অতাইছিলহে, নৰাবোৰ কাটিছিল যদিও মাজে মাজে আছিলেই, পথাৰৰ আলিবোৰো আছিল। ইফালে আমাৰ খেলখন চাবলৈ ক’ৰ এমখা ছোৱালী আহি ওচৰৰে এঘৰৰ বাৰীৰ পিছফালে জুম বান্ধিলেহি। চব ছোৱালী সিহঁতৰ সমৰ্থক। আমাৰ একোটাই বল দিবলৈ দৌৰি যায়, জুমৰ মাজৰ পৰা কোনোবা এজনীয়ে চিঞৰি দিয়ে – তুমি তাক আউট কৰি দিয়া, মই তোমাৰ হৈ যাম। তাৰ পিছত বল গৈ বাউণ্ডেৰী লাইনৰ বাহিৰ পায়গৈ। ক’ত জিকো আৰু আমি। হাৰি থাকিলো। তাৰ পিছতে সিহঁতে নেচনেল ক্লাব পাতিছে। তাকে দেখি আমাৰ হিংসাত তৎ নাই। আমিও এটা ক্লাব পাতিম।

অৱশেষত মিলনজ্যোতি সংঘ নামটোৱেই ঠিক হ’লগৈ।

এইবাৰ আমি ঠিক কৰিলো যে খেলখন আমাৰ ফিল্ডত হ’ব। সিপক্ষত যদু আৰু মনোজ আজিকালি তামাম ফৰ্মত আছে। বিশেষকৈ যদুৰ ফাষ্ট বলিঙৰ সন্মুখীন হ’বলৈ অলপ দিগদাৰেই। যদুৱে কাৰোবাক আউট কৰাৰ পিছত যিটোৱে বেটখন হাতত লৈ ফিল্ডলৈ সোমাই যায় তাৰ বুকুখন ঢপঢপাই থাকে। ইফালে সঞ্জীৱ আৰু সোনটিয়েও ভাল বেটিং কৰে। সিহঁত দুটাক আজিকালি আউট কৰাই মস্কিল। আমাৰো টীমটো বেয়া নহয়। আমাৰ ভবেশ, ৰাজু আৰু অজয়ৰ বলিঙলৈ চবেই ভয় কৰে। কিন্তু ধ্ৰুৱ আৰু অজয়ৰ বাদে আমাৰ ভাল বেটিং কৰা লৰাই নাই। সিহঁতৰ টীমৰ সোনটিক লৈ আমাৰ মাজত এটা আলোচনা চলিল। সোনটিহঁত থাকে স্কুলখনৰ পিছফালে। গতিকে আমাৰ নিয়মমতে সি ইফালেও নহয়, সিফালেও নহয়। কিন্তু সি ইটো টীমত খেলে। তাকে লৈ আমাৰ আপত্তি। সি পঢ়ে আমাৰ ক্লাচত, টিউশ্যন কৰে আমাৰ লগত আৰু খেলে ইটো টীমত। তাৰো উপায় নাই, মনোজ আৰু হৰেনে মিলি তাক দম দি থৈছে যে সি খেলিলে সিহঁতৰ টীমতহে খেলিব লাগিব। আমি আমাৰ টীমৰ দিগন্তক লগাই দিলো এইবাৰ। মহা টেটুকীয়া আৰু অলপ বেলেগ ধৰণৰ বস্তু বুলি দিগন্তৰ নাম আছে। এবাৰ আমি ফিল্ডত খেলিবলৈ আহি ৱিল্স ফিল্টাৰ এটা জ্বলাই লৈ তিনিটাই হুপিও শেষ কৰিব নোৱাৰিছিলো। দিগন্তই সেই তেতিয়াই জেপত বিড়িৰ মুঠা এটা লৈ ফূৰে। সি ভাৰ ল’লে যে এইবাৰ কিবা নহয় কিবা বুদ্ধি কৰি ছলে-বলে-কৌশলে সোনটিক আমাৰ টীমলৈ আনিমেই।

দুয়োটা দলৰে আবেলি আবেলি প্ৰেকটিছ চলি আছে। বাটত সিদিনা যদুৱে মোক দেখি ক’লেই – ঐ, এইবাৰ চাবি, তহঁতক আকৌ হৰুৱাম। ইফালে সোনটিক আমাৰ টীমলৈ অনাৰ কৰ্মফেৰাও অলপ তলখুছৰীয়াকৈ আৰম্ভ হৈছে।

অৱশেষত খেলখনৰ দিনটো ঠিক হ’ল। কিন্তু ঠিক পিছদিনাই তালে ঘাটে মিলি এটা ঘটনা ঘটিল। আমি ৰাতিপুৱা টিউশ্যনলৈ যাওঁতে দেখিলো যে সিহঁতৰ পিট্‌ছখন খান্দি থোৱা আছে আৰু যদুহঁতে ফিল্ডত কিবা কাম কৰি আছে। সিহঁতে মাটিৰ পৰা কিবা বুটলি বুটলি বেগ এটাত গোটাই গৈছে। চাইকেলকেইখন বহঁত গছ জোপাত আঁউজাই আমি ফিল্ডলৈ সোমাই গ’লো।

আমাক দেখিয়েই মনোজ আৰু অতনুৱে চিঞৰি উঠিল – ঐ নাহিবি, গোটেইখন চিচা পৰি আছে। কাটিব।
– চিচা পৰি আছে মানে? আৰু পিট্‌ছখন কোনে খান্দিলে?
– পিট্‌ছখনো খান্দিলে আৰু গোটেই ফিল্ডখনত চিচা পেলাই থৈ গৈছে। এইবোৰ চব সিহঁতৰ কাম।
– সিহঁতৰ কাম মানে?
– বুজা নাই? সিপাৰৰ টীমটোৰ সেইকেইটাৰ কাম। সিহঁতক তহঁতিও হৰুৱাইছিলি আৰু আমিও হৰুৱাইছিলো। ইয়াত খেলিবলৈ আহি সিহঁতে আমাৰ ছোৱালী জোকাইছিল। দুটামানক ঠিকছে দিলো সিদিনা। এতিয়া সিহঁতে নিশা আহি আমাৰ ফিল্ডখন এনেকুৱা কৰিলে।

আমি গোটেইকেইটা লাগি গ’লো চিচা বিচৰাত। গোটেই ফিল্ডখনত চিচাই চিচা। বটল ভাঙি চিচাবোৰ পেলাই থৈছে। তাৰ মাজতে কেইটুকুৰামান জোঙা জোঙা চিচা মাটিত বনৰ মাজত লুকুৱাই, আগটো ওলাই থকাকৈ পুতি থৈ গৈছে। পিট্‌ছখনত ডবল কোৰ মাৰি খান্দি থৈছে। আমি ঠিক কৰিলো এতিয়া এই কামটো বাদ দিয়া হওক। টিঊশ্যনলৈ যাও আৰু আবেলি স্কুলৰ পৰা আহি আমি চবেই মিলি চিচাবোৰ আঁতৰাম আৰু পিট্‌ছখন ঠিক কৰিম।

আবেলি আমি দুয়োটা দলৰ সকলো সদস্য তাত লগ হ’লো। চবেই মিলি চিচা বিচাৰিবলৈ লাগি গ’লো। কিন্তু ইমান চিচা কেনেকৈ আঁতৰোৱা যায়? আৰু থাকি যায় যদি? পিছত খেলি থাকোতে কাৰোবাৰ ভৰিত কাটে যদি।
সিহঁতক ক’লো – ঐ, এটা কাম কৰো আহ। আমাৰ ফিল্ডত খেলিবি ব’ল।
– মানে? – যদুৱে সুধিলে।
– কি মানে? আমি একেলগে খেলোগৈ ব’ল। আমি এটা টীম হ’ম। তহঁতৰ ভালৰো ভালকেইটা আৰু আমাৰ ভালৰো ভালকেইটাই খেলিব। আমাৰ দলটোৰ নাম হ’ব মিলনজ্যোতি ক্লাব। আমি ক্ৰিকেটৰ লগতে ফুটবল আৰু ভলিবলো খেলিম। আৰু আমি সিপাৰৰ টীমটোক হৰুৱাম।
– ঠিক আছে। সিহঁতক এবাৰ ব্ৰহ্ম হাৰণ নহৰুৱালৈকে মোৰ শান্তি নাই। আৰু শুন, এইবাৰ খেলখন আমি সিহঁতৰ ফিল্ডত খেলিম। সিহঁতক সিহঁতৰ ফিল্ডতে হৰুৱাম। চিনি পোৱা নাই আমাক সিহঁতে।
– বেছ, হৰুৱাম সিহঁতক। সিহঁতৰ সেই পদুম নে কি সেইটো তহঁতৰ স্কুলতে পঢ়ে নহয়। তাক কৈ দিবি আমি এইবাৰ এটা টীম। আমি মেছ খেলিম তহঁতৰ লগত আৰু তহঁতৰ ফিল্ডত। – যদুৰ কথাত ধ্ৰুৱই ক’লে – মই কম তাক মেছৰ কথা। আৰু মোক আৰু সঞ্জীৱক সিহঁতে কেনেকৈ আউট কৰে চাওঁ।

তাৰ পিছত আমি সকলোৱে ফিল্ডলৈ আগবাঢ়িলো। সেইদিনাৰ পৰা সেই ফিল্ডখন আমাৰ সকলোৰে হ’ল। বহুতদিনলৈকে সেই ফিল্ডখন আমাৰ সকলোৰে নিজৰ ফিল্ড হৈ থাকিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments