আমাৰ ডালিমী পেহী (প্ৰাৰ্থনা দেৱী)

আমাৰ ডালিমী পেহী


প্ৰাৰ্থনা দেৱী

ডালিমী পেহী আমাৰ অলপ দূৰ সম্পৰ্কীয় যদিও অতিকে আপোন। তাইৰ বিয়া হোৱা আজি প্ৰায় বিছ বছৰমানেই হ’ল। বিভিন্ন কাৰণত তাইৰ বিয়া হওঁতে কিছু বয়স হৈছিল। দেখাত কুন্দত কটা সুন্দৰী নহ’লেও কুৰূপাও নাছিল, পঢ়া-শুনাত অলপ কেঁচা যদিও ঘৰুৱা কাম-কাজত আছিল চিলনীৰ জীয়েকৰ দৰে। তথাপিও আমাৰ তথাকথিত ট্ৰেডিশ্যনমতে কমবয়সীয়া আৰু দেখাত অলপ চকুতলগা ছোৱালীবোৰৰ বিয়াৰ বজাৰত প্ৰাধান্য বেছি (যিটো অপ্ৰিয় হ’লেও সত্য) হোৱা হেতুকে তাইৰ বিয়া হওঁতে অলপ দেৰি হৈছিল।

তেতিয়া মই কিজানি ক্লাচ চেভেন নে এইটত পঢ়ি আছোঁ। পেহীৰ বিয়া বুলি শুনি মনত বৰ আনন্দ, হেপাহ পলুৱাই ফুৰ্তি কৰিব পাৰিমযে!আমি সৰু আছিলো কাৰণে ঘৰুৱা কিছুমান কথাত আমাক ভাগ ল’বলৈ দিয়া নাছিল।গতিকে তাইৰ কাৰ লগত আৰু কোন ঠাইলৈ বিয়া হব সেই বিষয়ে জনা নাছিলোঁ। মাত্ৰ স্কুল খতি কৰি বিয়া খাবলৈ পোৱাৰ সপোনত নিমগ্ন আছিলোঁ।

জোৰোণৰ দিনা আমি সাজি-কাচি বহি আছো হাতত তামোলৰ বঁটা লৈ। দৰাঘৰৰ মানুহ বহুত।সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল তিনিজনী সৰু সৰু মৰমলগা ছোৱালীয়ে। কইনা বাহিৰলৈ আনিবৰ হ’ল, চবৰে উথপথপ লাগিল।যেই কইনা বাহিৰলৈ আহিল সেই ছোৱালী তিনিজনীৰ আটাইতকৈ সৰুজনীয়ে পেহীক সাবটি ধৰি “মা মা, তুমি ইমানদিনে ক’ত আছিলা” বুলি কান্দিবলৈ ধৰিলে।আমি সৰুবোৰে মুখ মেলি চাই আছো কিনতু বাকী ডাঙৰ মানুহবোৰৰ কোনো ৰিয়েকশ্যন নাই। তেতিয়াহে ওৰহী গছৰ ওৰটো ওলাল। তাৰমানে আমাৰ হ’বলগীয়া পেহাৰ আগতেই বিয়া হৈছে আৰু ল’ৰা-ছোৱালীও আছে। মনটো অলপ সেমেকি উঠিল।কি হ’ব এতিয়া পেহীৰ!!! তাই বা জানেনে নাই!!! কিনতু তাই ভালকৈয়ে জানে!!! যিকি নহওক জোৰোণ হৈ গ’ল সুন্দৰকৈ, গোটেই সময়খিনি ছোৱালীকেইজনী নতুন মাকৰ লগত জোঁক লগাদি লাগি আছিল। বিদায় পৰ্ব আৰম্ভ হওঁতেহে কেনা লাগিল, আটাইতকৈ সৰু জনী নাযায় এতিয়া, কান্দি কান্দি অৱস্থা নাই তাইৰ। ডাঙৰ বায়েক অলপ বুজন আছিল, তাই বুজালে যে সিহঁত আকৌ ৰাতি আহিব মাকক নিবলৈ। তেতিয়াহে মান্তি হ’ল। মোৰ সিহঁতলৈ বৰ বেয়া লাগিছিল (ইমান সৰুতেই মাতৃহাৰা হোৱা বাবে) আৰু পেহীৰ কাৰণেও। পিছদিনা ৰাতিপুৱা পেহীয়ে আমাৰ পৰা বিদায় ল’লে নতুন জীৱনৰ পাতনি মেলিবলৈ…..কিমানযে কান্দিছিল তাই। তেতিয়া মই ভাবিছিলোঁ কি যে এইবিলাক বিয়া বাৰু, মানুহবোৰৰ কাম-বন নাই আৰু!!
পিছত মাক সোধাত গম পালোঁ যে ছোৱালী তিনিজনীৰ সৈতে পেহাৰ বহুত অসুবিধা হোৱাত পৰিয়ালৰ মানুহে যেনেতেনে তেওঁক পুনৰবিবাহৰ কাৰণে ৰাজি কৰালে। মাকক বিচাৰি সৰু দুজনীয়েও সদায় আমনি কৰি থাকে, “মা কেতিয়া আহিব” বুলি। পেহীৰো বহুতদিন বিয়া নোহোৱাকৈ থকাত সকলোৱে মিলি এই সিদ্ধান্ত ল’লে।
লাহে লাহে পেহীৰ নতুন জীৱন ভালকৈয়ে আৰম্ভ হ’ল। পেহা মানুহজনো বৰ ভাল, অন্তৰখোলা মানুহ। দুবছৰমানৰ পিছত তাইৰ নিজৰ ল’ৰা এটাও হ’ল। পেহাৰ ভাঙি পৰা ঘৰখন পুনৰ ঠন ধৰি উঠিল। তিনিজনী ছোৱালীয়ে সিহঁতৰ হেৰোৱা মাকক বিছাৰি পালে, তাইও অলপো কাৰ্পণ্য নকৰাকৈ সিহঁতক নিভাঁজ মাতৃত্বৰ সোৱাদ দিলে। পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে।ডাঙৰ দুজনীৰ বিয়া বাৰু হৈ ল’ৰা-ছোৱালীৰ মাকো হ’ল। গতিকে আমাৰ পেহী এতিয়া আইতাও হ’ল। পৰহি মোৰ মা ভাইটিৰ বিয়াৰ নিমন্ত্ৰন জনাবলৈ তাইৰ ঘৰলৈ যাওঁতে মোৰ লগত কথা পতাই দিছিল। অলপো সলনি হোৱা নাই, এতিয়াও মাতত সেই একেই উচ্ছাস। জীয়েক-পুতেক-নাতি-নাতিনীৰ কথা ক’লে। সৰুজনীৰ পঢ়া-শুনাৰ কথা ক’লে। হেটছ অ’ফ টু ইউ পেহী….তোৰ দৰে বহল হৃদয়ৰ মানুহ কিমান আছে বাৰু এই দুনীয়াত….নাজানো…৷ কামনা কৰিছো তোৰ সংসাৰখন আৰু শান্তি সমৃদ্ধিৰে ভৰি পৰক। তোৰ আদৰ্শ চিৰযুগমীয়া হৈ ৰওঁক।

(লেখিকাৰ টোকা: ১৬আগষ্ট ২০১২ সংখ্যাৰ প্ৰান্তিকত ডা: ৰণজিত্‍ কুমাৰ বৰুৱা দেৱৰ “অৱমূল্যায়ন” নামৰ এটা লেখনি পঢ়ি ওপৰত উল্লেখিত ডালিমী পেহীৰ কথাই মোৰ মনলৈ আহিল। লেখনিটো মূলত লিখা হৈছে আমাৰ সমাজত “মাহীমাক”ৰ সঠিক মূল্যায়নৰ ওপৰত। “মাহীমাক”ৰ সততা আৰু ত্যাগৰ প্ৰতি কিমানে বা কৃতজ্ঞতা প্ৰকাশ কৰে! তেওঁলোক সদায় যেন নেপথ্যৰ আঁৰতে ৰৈ যায়।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments