আমাৰ ধৈৰ্য্যগুণ কমিছে নেকি? (অনামিকা চলিহা)

১)
তাই গৈ উপস্থিত হওঁতে তাত চাৰিটা শাৰীৰ অতিকমেও দুশ মানুহ বিভিন্ন বেমাৰ দেখুৱাবলৈ আহি ৰৈ আছিল। বহিঃ-বিভাগত দেখুৱাবৰ বাবে যি নাম অন্তঃভুক্তিকৰণ কাগজৰ দৰকাৰ হয় সেয়া ইতিমধ্যে শেষ হৈছিল। কাগজ যোগান ধৰা প্ৰেছটোৰ মালিক আৰু প্ৰেছটো থকা মাটিটুকুৰাৰ মালিকৰ মাজত মাটিটুকুৰাৰ লৈ দুয়োপক্ষৰে আইনী যুঁজ লগাত আৰক্ষী প্ৰশাসনে প্ৰেছটোত তলা ওলোমাই দিলে, যাৰ ফলত প্ৰেছৰ মালিকক কাগজ শেষ হোৱাৰ কথা অৱগত কৰাৰ পাছতো তেওঁ সময়মতে কাগজ যোগান ধৰিব নোৱাৰাত এই সমস্যাৰ উদ্ভৱ হ’ল। কাউণ্টাৰটোৰ ভিতৰলৈ তাই সোমাই গ‘ল। কম্পিউটাৰ অপাৰেটৰ কেইজনে যে তেওঁলোকক সমস্যাটোৰ কথা অৱগত কৰিছে তাইক জনালে। পিছে তাই সোমাই যোৱা দেখি বাহিৰ শাৰীত থিয় হৈ থকা বিভিন্নজনৰ পৰা বিভিন্ন প্ৰশ্নৰ টুকুৰা উফৰি আহিল। তেওঁলোক যেন লাহে লাহে ৰৈ থাকিবলৈ অধৈৰ্য হৈ পৰিছে। শান্তভাৱে ৰৈ তাই তেওঁলোকক সমস্যাটোৰ কথা পুনৰ অৱগত কৰি অলপ সময় অপেক্ষা কৰিব ক‘লে। ৰোগী তথা ৰোগীৰ লগত অহা বিভিন্নজনৰ কথা-বাৰ্তা, চিঞৰ-বাখৰ শুনি বিব্ৰত হোৱাই নহয়, আচৰিত হৈছিল তাতকৈও বেছি। শাৰীত থিয় হৈ থকা কিছুলোকৰ চিন্তা-ধাৰা, ভাৱনা শুনি, মানসিকতা দেখি আচৰিত হ’ল তাই। অকল পুৰুষসকলৰ কিছুৰ তেনে মানসিকতা আছে বুলি ক’লে ভুল কোৱা হ’ব, নাৰীসকলৰো কিছুৰো তেনে মানসিকতা দেখি হতচকিত হ’ল ।

মহিলাসকলৰ মাজৰপৰা কোনোবাই চিঞৰি উঠা শুনা গ’ল- “নিউজ লাইভক ফোন কৰা কতৃপক্ষ ইমান দায়িত্বজ্ঞানহীন. সাধাৰণ ৰোগীৰ কিমান হাৰাশাস্তি হৈছে, সৱে দেখক”।
পুৰুষসকলৰ মাজৰপৰাও কমবয়সীয়া ল’ৰা কেইটামানে চিঞৰি উঠিল- ‘দৰব নাই, ডাক্তৰ নাই, এইবোৰ ভাঙি পেলাব লাগে’।
তাইৰ ধৈৰ্য্যৰ সীমা হেৰাই যোৱাৰ উপক্ৰম হৈছিল। তাই সকলোৱে শুনাকৈ চিঞৰি উঠিছিল – ‘আপোনালোকে অলপ সময় অপেক্ষা কৰিব নোৱাৰনে? নিজৰ ঘৰখনতো জানো সমস্যাৰ উদ্ভৱ নহয়। তেতিয়া আমি এনেদৰে চিঞৰ-বাখৰ কৰোঁনে বা ঘৰখন ভাঙি পেলোৱাৰ কথা কওঁ জানো। নিউজ লাইভক মতাত গুৰুত্ব দিওঁ যে তেওঁলোকে কিমান শুদ্ধ বাতৰি পৰিবেশন কৰে তাৰ খবৰ ৰাখোনে?” কৰ্তৃপক্ষও ইতিমধ্যে এই সমস্যা সমাধান বাবেই ব্যস্ত হৈ আছে। তেখেতসকলো আহি ইতিমধ্যে শাৰীত থিয় হৈ থকা ৰোগী তথা অন্যান্যসকলক সসম্যাটোৰ কথা বুজাই কৈছে।
“চিকিৎসালয়খন ভাঙিব লাগে বুলি কৈছে কিন্তু সেইখনতো আপোনালোকৰেই সম্পত্তি। ভঙাতো খুব সহজ কাম। কিন্তু গঢ়াটো তাতকৈ বহুত টান কাম।“

হয়তো নতুনকৈ আৰম্ভ হোৱা মেডিকেল কলেজখনে ৰোগীক আশা কৰা মতে সেৱা আগবঢ়াব পৰা নাই। তথাপি কিঞ্চিত হ’লেও যে সকাহ দিছে সেয়া তাই নিচিন্ত। কলেজখনৰ ওচৰ-পাজৰৰ ৰোগীসকল আগৰদৰে ডিব্ৰুগড়, গুৱাহাটী দৌৰিব লগা হোৱা নাই।
“আপোনালোকে যদি ভাঙিব খুজিছে ভাঙক। কিন্তু মনত ৰাখিব এইয়া আপোনালোকৰেই সম্পত্তি, অপকাৰ আপোনালোকৰেই হ’ব। সেইকাৰণেই আমাৰ মাজৰে কিছুমানৰ এনে মানসিকতাৰ বাবে আজিকালি ৰাজহুৱা খণ্ডৰ অনুষ্ঠানবিলাক ধ্বংস হ’বলৈ ধৰিছে ।“
ইতিমধ্যে তাই অপাৰেটৰ এজনক পঠিয়াই কাম চলাব পৰাকৈ কাগজ আনিব পঠাই দিছিল। অপাৰেটৰজন আহি পোৱালৈ ১৫/২০ মিনিট লাগিব। চিৰিয়াচ ৰোগীসকলক বাহিৰত থকা ষ্টাফ তথা আন জেষ্ঠজন, অনাথ, বিকলাংগ আদিৰ বাবে সংৰক্ষিত কাউণ্টাৰটোৰপৰা ডাক্তৰক দেখুৱাবৰ বাবে টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ল। সময়ত কাগজ আহি পালেহি। পুনৰ টিকট দিয়া কামটো আৰম্ভ হ’ল। ৰোগীসকলে বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ যাব পৰা হ’ল। লাহে লাহে দীঘলীয়া শাৰীকেইটা নোহোৱা হৈ গ’ল।

২)
চাৰিআলিটোত হঠাতে নঘটিবল’গীয়া ঘটনা এটা ঘটি গল। স্কুললৈ চাইকেলখন লৈ ওলাই অহা নৱম শ্ৰেণীৰ কাষৰ গাওঁৰ ছোৱালীজনীয়ে চাইকেলখনৰ পৰা নামিব খুজি পিচলি যোৱাত ৰাস্তাটোৱেদি আহি থকা বোজাই ট্ৰাংকখনৰ পাছৰ চকাত সোমাই গৈ লগে লগে মৃত্যুবৰণ কৰিলে। ৰাস্তাটো পাৰ হৈ এশ গজমান দূৰতে হাইস্কুলখন। চাৰিআলিটো লোকে লোকাৰন্য হৈ পৰিল। মানুহৰ ভিৰ দেখি ভয়তে ট্ৰাংকখন লৈ পলাই যাব খোজা ড্ৰাইভাৰটোক মানুহখিনিয়ে ট্ৰাংকৰপৰা নমাই আনি উত্তম মধ্যম দিয়াত লাগিল। কিন্তু ছোৱালীজনীৰ মৃত্যুত ড্ৰাইভাৰজনৰ দোষ নাছিল বুলিয়েই ক’ব পাৰি। চাৰিওফালে মাথোঁ ধৰ ধৰ মাৰ। ড্ৰাইভাৰজনৰ দোষ নাই বুলি জানি তেওঁক বচাব খোজা বাকী লোকসকলো ৰাইজৰ ৰোষৰ বলি হল। পুলিচ আহিল। পৰিস্থিতি সম্ভলা ইতিমধ্যে টান হৈ পৰিছিল। ড্ৰাইভাৰৰ অৱস্থা ৰাইজৰ চৰ, ভুকু, ঘোচাত তথৈবচ হৈ পৰিছিল। অৱশেষত পুলিচৰ হস্তক্ষেপত ড্ৰাইভাৰজনক হস্পিতেলত ভৰ্তি কৰা হ’ল। পিছে ড্ৰাইভাৰজনৰ পিছদিনা হস্পিতেলতেই মৰি থাকিল। দুখৰ বিষয় যে যিসকল লোক ড্ৰাইভাৰজনৰ মৃত্যুৰ বাবে দায়ী তেওঁলোকৰ সৰহ সংখ্যকেই নাজানিছিল যে ড্ৰাইভাৰজনৰ গাত যে দোষ নাছিল। অচিন অজান ড্ৰাইভাৰজনক মাৰ-পিট কৰি মানুহখিনিয়ে যেন এক আসুৰিক তৃপ্তি পাইছিল। পিছে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালটোৰ কি গতি হ’ব, সেই কথা ভবা মানুহ আছেনে? আমি প্ৰায়েই ড্ৰাইভাৰে মদ খাই, জোৰত গাড়ী চলোৱাৰ ফলত বিভিন্ন দুৰ্ঘটনা হোৱা শুনিবলৈ বা দেখিবলৈ পাওঁ। যাৰ ফলত আমাৰ বদ্ধমূল ধাৰণা হৈ পৰিছে যে দুৰ্ঘটনা সদায়েই ড্ৰাইভাৰৰ ভুলৰ বাবেই হয়। পিছে এই ধাৰণা আচলতে কিমান দূৰ সত্য?

এইয়া মাত্ৰ দুটা সৰু উদাহৰণহে। আমাৰ বৰ্তমান ৰাজ্যখনৰ বিভিন্ন পৰিস্থিতিলৈ লক্ষ্য কৰিলে এইবোৰ সহজতে ঘটি থকা ঘটনা। অসম বন্ধ দিছে, কোনোবাই যদি ইয়াৰ প্ৰতিবাদ কৰিছে, বন্ধ দিয়াসকলে বন্ধৰ প্ৰতিবাদ কৰি ওলাই অহাসকলক বাধা প্ৰদান কৰাই নহয়, চলন্ত বাছ, ট্ৰাংক তথা অন্যান্য বাহন জ্বলাই দিছে। অফিছ কাছাৰী, স্কুল-কলেজ বন্ধ হৈ গৈছে বন্ধ দিয়াৰ ফলত। ইয়াৰ ফলত লোকচানেই লোকচান। ইমানবোৰ লোকচান হোৱাৰ পাছতো বন্ধকাৰীসকলৰ ওচৰত বন্ধৰ সপক্ষে বহু যুক্তি। আনহাতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আৰম্ভ কৰা প্ৰতিবাদতো অধৈৰ্য্য হৈ প্ৰতিবাদকাৰীয়ে নিজ দেহত অগ্নি সংযোগ কৰি মৃত্যুক আকোঁৱালি লোৱা উদাহৰনো আমাৰ অসমত আছে। এইবোৰৰ মূলতে হ’ল আমাৰ ধৈৰ্য্য গুণৰ অভাৱ। যাৰ ফলত আমাৰ অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ব্যক্তিগত জীৱনত বহু অথন্তৰ ঘটিছে। ধৈৰ্য্যহীনতাৰ বাবেই দোষ-বিদোষ বিচাৰ কৰাৰ ক্ষমতা আমি লাহে লাহে হেৰুৱাই পেলাবলৈ ধৰিছোঁ। ইয়ে আমাৰ এক ভয়াবহ ভৱিষ্যত জীৱনৰেই ইংগিত বহন কৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments