আমাৰ নামঘৰ-মন্দিৰ (পাৰ্থ প. শৰ্মা)

কালি (দেওবাৰে) ৰাতিপুৱা এটা গুৰুদ্বাৰলৈ গৈছিলোঁ৷আগতেও কেতিয়াবা যাওঁ৷ প্ৰাৰ্থনা, ধৰ্মতত্ব বাখ্যা, ভজন আদিৰ অন্তত তাত সমূহীয়া ভোজন এটা হয়৷মোৰ আকৰ্ষণৰ কেন্দ্ৰ শেহৰটোহে যদিও আগৰ অনুষ্ঠান দুটাৰ শেহৰ ফালেও অলপ সময় উপস্থিত থাকোঁ আৰু ভোজনৰ বাবে পাতলীয়া বৰঙনি এটা দি লওঁ৷( দেওবাৰে দুপৰীয়া পাকঘৰ বন্ধ!)তালৈ কেইবাৰমান গৈ হোৱা উপলদ্বি কেইটামানৰ সৈতে আপোনালোককো অংশীদাৰ কৰোঁ বুলি ভাবিলোঁ৷

গুৰুদ্বাৰ সমিতিৰ নিয়মীয়া কাৰ্য্যাৱলী থুলমূলকৈ এনেধৰনৰঃ একোখনকৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰিচালনা, ৫ টকাত ৰোগী চোৱা আৰু তেনেই কম পইচাত পৰীক্ষা কৰিব পৰা laboratoryৰ সুবিধা থকা এখন চিকিৎসালয় আৰু তালৈ যোৱা লোকক দেওবাৰে বিনা পইচাই মধ্যাহ্ন ভোজন কৰোৱা৷ লগতে তেওঁলোকৰ নিয়মীয়া প্ৰাৰ্থনা সভা আৰু আন কিছুমান ধাৰ্মিক, সামাজিক কাম৷ তেওঁলোকৰ কাম কাজৰ বাবে শিখ ধৰ্মাৱলী লোকৰ উপৰিও আন লোকেও যথেষ্ট দান-বৰঙনি আগবঢ়ায়৷

তালৈ যাওঁতে বাৰে বাৰে মোৰ মনলৈ অহা ছবি খন আছিল অসমৰ নামঘৰ, মন্দিৰ বিলাক; সেইবিলাকত হোৱা বা হ’ব পৰা হ’লে ভাল হোৱা কিছুমান নিয়মীয়া কাৰ্য৷ নামঘৰ, মন্দিৰলৈ মই সাধাৰণতে নাযাওঁ যদিও একেবাৰে নাযাওঁ বা নাযাম বুলিও সঙ্কল্প লোৱা নাই৷

তিনিচুকীয়াৰে কেইটামান নামঘৰ, মন্দিৰৰ ভক্ত, সদস্যৰ আগত মই মোৰ এই অভিজ্ঞতা হোৱাৰ আগতেও কেইবাবাৰো ব্যক্তিগত আলাপৰ সময়ত নামঘৰ, মন্দিৰৰ কাম আৰু দায়িত্বৰ পৰিসৰ বহলোৱাৰ কথা উনুকিয়াইছিলোঁ৷কিন্তু নাম-প্ৰসংগ আৰু পূজা-সেৱাৰ বাদে অন্য কোনো গুৰুত্বপূৰ্ণ সামাজিক, শৈক্ষিক কাম আমাৰ ধৰ্মানুষ্ঠান সমূহে লোৱা মোৰ চকুত পৰা নাই৷ব্যতিক্ৰম গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰ৷ তিনিচুকীয়াৰ সাংস্কৃতিক দিশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ বৰঙণি অনবদ্য৷ কিন্তু নাট্যমন্দিৰ কেৱল নামঘৰ-মন্দিৰ নহয়৷ তিনিচুকীয়া পূজা মন্দিৰে আজিকালি তেনেই কম খৰছত বিয়া বাৰু পতাৰ শলাগিবলগীয়া সুবিধা দিছে৷হলেও ৰাজহুৱা অনুষ্ঠান ৰূপে ইয়াৰ কাম ইয়াতে সীমাবদ্ধ থকা অনুচিত৷ধৰ্মত বিশ্বাস কৰকেই বা নকৰক, এই নামঘৰ-মন্দিৰ বিলাক যে ভালে বেয়াই সমজুৱা মিলন, ভাব বিনিময়, বান্ধোনৰ কেন্দ্ৰ তাক নুই কৰাৰ উপায় নায়৷এই মূলধনটোকে সমল কৰি এই অনুষ্ঠান বিলাকে স্থানীয় লোকৰ মানসিক, সাংস্কৃতিক, ৰাজনৈতিক, শৈক্ষিক, সামাজিক দিশত কামত অহা বৰঙণি দিব পাৰে৷

আজিকালি এই অনুষ্ঠানত শিক্ষিত লোকৰ উপস্থিতি কম নহয়৷ বিভিন্ন বিষয়ৰ অৱসৰপ্ৰাপ্ত বিশেষজ্ঞলোকো এই বিলাকৰ নিয়মীয়া সদস্য৷এই লোক সকলৰ মিলনৰ উদ্দেশ্য কেৱল নামলোৱা বা পূজাৰ শেষত নিৰ্মালী লোৱাতে শেষ হ’লে সমাজখনৰ লোকচানহোৱা যেন লাগে৷শনি -দেওবাৰে নিয়মীয়া মিলনৰ জৰিয়তে আনকো তেওঁলোকৰ জ্ঞান-অভিজ্ঞতাৰ অংশীদাৰ কৰিব পাৰে৷ অৱসৰৰ পিচতো তেওঁলোকৰ সেৱা লবলৈ নামঘৰ এটা ভাল মাধ্যম হ’ব পাৰে৷ তেওঁলোকৰ বাবেও ই এটা একঘেয়ামীৰ পৰা মুক্তি পোৱাৰ উপায় হ’ব৷ সৰু-বৰৰ মিলনৰ কেন্দ্ৰ হৈয়ো নামঘৰ-মন্দিৰে সামাজিক বান্ধোন, অনুশাসন ৰক্ষা কৰিব পাৰে৷সকলো বয়সৰ লোককে আকৰ্ষিত কৰিব পৰাকৈ কাম কাজৰ পৰিবৰ্তনো প্ৰয়োজনীয়৷ চিকিৎসা, আইনী সহায়, পাঠদান, খেল, খেতি-বাতি, তথ্য যোগান/বিনিময় কেন্দ্ৰ আদি এনে কিছুমান কামৰ অংশ হব পাৰে৷

এটা সময়ত বিয়া বাৰু, সকাম-নিকামত বিলনীয়া আৰু আন কাম কাজ কৰাটো এটা সামজিক দায়িত্ব আছিল৷ আজিকালি তেনে সামজিক কাম নিম্নস্তৰৰ কাম বুলি আমি নাক কোচাবলৈ ললোঁ আৰু এই কাম বিলাক ভাৰাতীয়া (সাধাৰণতে বাংলাভাষী, বহুসময়ত কোনো ক্লাব আদিৰ উচ্চশিক্ষিত সদস্য)লোকলৈ থেলি আমি চাহাব সাজি থাকিবলৈ ল’লোঁ৷ কব নোৱৰাকৈয়ে আমাৰ বৃহৎ পৰিমাণৰ ধন বাহিৰলৈ গৈ আছে৷ নামঘৰ-মন্দিৰৰ সদস্যই কিছু মাননীৰ বিনিময়তো এনে কাম-কাজ বিলাক কৰিলে আমাৰ পইচা আমাৰ হাততে থকাৰ লগতে একো একোটা অঞ্চলৰ মানুহৰ মাজৰ সম্প্ৰীতিৰ, নিজৰ বুলি ভবা ভাবটোও কটকটীয়া হৈ থকাত কিছু সহায় হয়৷ সমূহীয়া বৰঙণিৰ এটা মোটা অংশৰে দুখীয়া ল’ৰা-ছোৱালীৰ শিক্ষা বা দুখীয়া লোকৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ কেৱল প্ৰসাদ খাবলৈকে আৰু প্ৰাৰ্থনা কৰিবলৈকে বৃহৎ পৰিমাণৰ ধন খৰছ কৰাতকৈ এনে কাম কাজত তাৰ কিছু অংশ ব্যৱহাৰ হ’লে বেছি মংগল হ’ব নেকি? মই জনাত ভাৰতৰে বহু ধৰ্মানুষ্ঠানে শিক্ষা, চিকিৎসাৰ বাবে যথেষ্ট ব্যয় কৰে৷ ধৰ্ম বা ধৰ্মানুষ্ঠান কেৱল প্ৰভুৰ উপাসনাৰ স্থান হোৱাতকৈ মানুহৰ সামগ্ৰিক উন্নতিৰ প্ৰেৰণা হ’ব পাৰিলে আমাৰ বহুতো আপদ বোধকৰো এনেই নাইকীয়া হ’ব৷

বয়সত ধৰ্মীয় পুথি পঢ়াৰ হাবিয়াস এটাও সাধাৰণতে দেখা যায়৷এতিয়াও বহুতৰে পুথিৰ বাক্য নুবুজাকৈয়ে শলাগী থোৱাৰ অভ্যাস আছে৷বেদ আদিৰ কথা কৈহে থাকোঁ, কোনেও নপঢ়োঁ৷বোধহয় অসমীয়াতো বেদ উপলদ্ধ৷ বেদেই হওক বা আন পুথিয়েই হওক তাৰ সহজ, গোড়ামীমুক্ত বাখ্যাই হয়তো সধাৰণলোকক উপকৃত কৰিব পাৰে৷ নকৰিলেও লোকচান নকৰিব চাগে৷ মুকলি মনৰ লোকৰ মিলন বেছি হ’লে আন ধৰ্মৰ বিষয়ে আলোচনা কৰিব পাৰে৷

সপোন হে দেখিছিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments