আমাৰ পূজা (ধীৰাজ কলিতা)

ধীৰাজ কলিতা


বতৰ…
“পূজা” মানেই দুৰ্গা পূজা।  দুৰ্গা পূজাৰ আটাইতকৈ সুকীয়া বস্তুটো হল পূজাৰ সময়ত অসমৰ বতৰ।  পিছে দিনক দিনে বতৰৰ সলনি হৈ থকাটো চকুত পৰে। দুৰ্গা পূজাৰ গোন্ধ তুলনাহীন। নিয়ৰৰ কণিকাৰ সৈতে মানুহ, জীৱ-জন্তুই গছকি যোৱা ঘাঁহ বনৰ গোন্ধ, ঘৰৰ সন্মুখৰ বাৰীখনৰ পৰা নতুনকৈ গজি উঠা লাই-পালেং, মূলা-কবিৰ পাতৰ গোন্ধ, চোতালৰ শেৱালি জোপাৰ গোন্ধ, কুৱঁলীৰ ফেহু ফালি অহা ৰাতিপুৱাৰ ৰ’দ জাকৰ গোন্ধ সঁচাই অনন্য। গৰমে লহিয়ায়, ঠাণ্ডাৰ আগমন। না বোকা পানী না সাপ-বেং। যিফালেই যায় সিফালেই ছাফ-ছিকুন। পৰিস্ফুট আকাশ, ভগৱানৰ কি যে অপূৰ্ব সৄষ্টি! 

শেৱালি…
শেৱালি ফুলৰ লগত শৰতৰ সম্পৰ্ক নিবিড়। শৰত নাহিলে শেৱালি নাহে, শেৱালি নাহিলে শৰত নাহে। চকলেট ৰঙৰ ঠাৰিডালৰ সৈতে শুভ্ৰ বগা শেৱালি ফুলবোৰৰ দলিচাখন আপুনি ৰাতিপুৱাই শুই উঠি দেখিলেই আপুনি পাহৰি যাব পাৰিব আপোনাৰ বেদনা, বিষাদ ইত্যাদি। শেৱালিৰ সুবাসৰ যাদুকৰী মোহে আপোনাক এক মুহুৰ্তৰ কাৰণে হ’লেও সুখী কৰি তুলিব পাৰে। এই শেৱালিক লৈয়ে কিমান যে কবিয়ে কলমৰ চিয়াহী শেষ কৰিছে, কত গায়কে হৃদয় খুলি গান গাইছে….সীমাহীন। তলসৰা শেৱালিৰ তুলনাৰ অন্ত নাই। তলসৰা শেৱালি ইমান আলফুলে বুটলা হয় যেন বিচনাত শুই থকা কেচুঁৱা এটাহে মৰমেৰে কোলাত তুলি লৈছে। শেৱালি বুটলাৰ সময়ত যদি কেতিয়াবা ভুলতেও এটা ফুলক গচকি দিয়া যায়, নিজকে খুব অপৰাধী যেন লাগে। যদিও বুটলি অনা শেৱালিখিনি বাহৰ চালনি এখনত লৈ অনাগত দিনবোৰত ব্যৱহাৰৰ বাবে ৰদত শুকুৱাব দিয়া হয় তথাপিও ৰ’দ ওলোৱাৰ আগতে শেৱালি বুটলাটো যেন এক তথাকথিত নিয়ম। লেৰিলি যোৱা শেৱালি বুটলিবলৈ মনটোৱে বৰ কষ্ট পায়!

পিস্তল, জিলেপী, বেলুন…

পূজাত নতুন কাপোৰ কিনা হওক বা নহওক, “পিস্তল”, “জিলেপী” আৰু “বেলুন”ৰ লগত প্ৰতিজন মানুহৰে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক। সৰুতে দেউতাকক পিস্তল কিনিবলৈ খাটনি ধৰা ল’ৰাজনেই এদিন নিজে খুৰাক বা দেউতাৰ স্থান লৈ ল’ৰা-ছোৱালীক পিস্তল কিনি দিয়ে, সেই একেজনেই পূজাৰ দিনত নাতিনীয়েকে পিস্তল মাৰা দেখি আনন্দ পায়। পিস্তলেৰে ফুটোৱা বাৰুদৰ সলনি নোহোৱা এক পৰিচিত গোন্ধ আছে। ৰঙ বিৰঙৰ লাইট জ্ব্লা, বিভিন্ন শব্দ ওলোৱা দামী দামী পিস্তল, গুলি ওলোৱা পিস্তল…….নতুন নতুন ডিজাইনৰ শেষ নাই। কিন্তু বাখৰ থকা ৰঙা ৰঙৰ ৰোল এটা সোমাই ফটকা ফুটোৱাৰ দৰে শব্দ কৰা টিং বা প্লাষ্টিকেৰে সঁজা পিস্তলবোৰৰ জনপ্ৰিয়তা আজিও কমা নাই। পিস্তলটো বেয়া হৈ গলে ৰঙা ৰঙৰ বাখৰখিনি পকীত থৈ শিল এটাৰে খুন্দিয়াই ফুটোৱা কি যে ফুৰ্ত্তি!
দূৰ্গা পূজাত জিলেপী নাখালে পূজা উপভোগ অসম্পূৰ্ণ যেন অনুভৱ হয়। বজাৰত যিমানেই উত্কৄষ্ট মিঠাই নাথাকক কিয় পূজাথলীত শাৰী শাৰী থকা জিলেপী এক পোৱা কিনি ঠিয়ৈ ঠিয়ৈ বন্ধু ৩-৪ জনৰ সৈতে মিলি খোৱা অভিজ্ঞতা আছেই চাগে প্ৰত্যেকৰে। ধুলি-মাকতি, মানদণ্ড, দাম পিছৰ কথা,  জিলেপী গৰম হ’লেই কাম শেষ। দুই-এজনে তাৰে মাজতে আকৌ হাতখন নোধোৱাকৈয়ে ঠাহ খাই থকা জিলেপীৰ থূপৰ পৰা এখন জিলেপীৰ সোৱাদ পৰীক্ষা কৰে, দোকানীয়ে পূজা বুলিয়েই একো নকয়। যেন পূজাৰ দিনা বেলেগ মিঠাইৰ কথা বেলেগ জিলেপী খোৱা জনক কিবা কলে দুখ পাব বুলিয়ে দোকানীজনেও ভাবে।
অইন পূজা/উত্সৱৰ তুলনাত দুৰ্গা পূজাতে কিজানি বেছি বেলুনৰ দোকান,  কিনা-বেচা হয়। পূজাৰ পৰা ঘুৰি আহোতে হাতত বেলুন এটা নানিলে মনটো ভালেই নালগে দেখোন। পিস্তলৰ বাৰুদৰ দৰেই বেলুনৰো এটা নাকত ৰৈ যোৱা গোন্ধ আছে।

ছোৱালী, বাইক, মদ….
বয়স ১৫ৰ পৰা ৩০। পূজা বুলিলে এইখিনিকে সামৰি লও। মন পছন্দৰ ছোৱালীজনী পূজাত চাবলৈয়ে ৰৈ থাকো, যি পিন্ধিলেও পূজাত তাইক ধুনীয়া দেখি। পূজাথলীত গৈ নোপোৱাকৈ পূজাৰ মেলাত থকা যিখন দোকানতেই ছোৱালীজনী সোমায়, সেইখন দোকানৰ ওচৰে-পাজৰে তাত-শালৰ মাকোটোৰ দৰে অহা যোৱা। বাপৰে পূজাৰ দিনৰ কি প্ৰেম! ছোৱালী চাই চাইয়েই সন্ধিয়া ৫ বজাৰ পৰা ৰাতি ১২টা বাজি যায়।
পূজা বুলিলেই বাইকখন ধুই মেলি সাজু। চকাৰ ৰিঙত ৰঙা চেলুটেপ লগাই জিলিকাই তোলা হয় বাইকখন। নতুনকৈ লগোৱা চিটি হৰ্ণ ঘনে ঘনে বজাই, আপাৰ-দিপাৰ মাৰি ভিৰৰ মাজেৰে বাইক খন সোমাই দিবলৈ পূজালৈ বাট চাই থকা যায়। মদ টুপিৰ কথাটো জানেই। পূজা বুলি ডিঙিটো
নিতিয়ালে ভালেই নালাগে দেখোন। বিসৰ্জনৰ দিনাখনটো কোনো কথাই নাই। অনু…ভৱ হয় সিদিনাখনহে দেশ স্বাধীন হৈছিল। দেৱী দূৰ্গাৰ চৰন ধুলি মিশ্ৰিত ৰঙা কাপোৰৰ ফিটা মূৰত বান্ধি লৈ বিসৰ্জনৰ প্ৰতিমাটো ৰখা ট্ৰাকখনত উঠি বা ট্ৰাক খনৰ আগে পিছে ঢাকৰ তালে তালে হলিউদ-বলীউদৰ নৄত্যৰ ষ্টাইলেৰে নাচ-বাগ কৰাটো আমি দেখিয়েই থাকো।

কালেকচন, প্ৰসাদ ব্যৱসায়, নিজৰ পূজা….
“একে ঠাইৰে অনুষ্ঠান কিন্তু বিহুত আপোনালোকে ৫০০টকা দিয়ে, দুৰ্গা পূজাত কিয় ৩০০টকা দিয়ে?” – আমাৰ অঞ্চলত বহুতো পৰিয়ালে এনেকুৱা প্ৰশ্নৰ সন্মুখীন হয় যদিও কাৰো হাতত যুক্তিযুক্ত উত্তৰটোহে পিছে নাই। যোৱাবাৰ শিলিগুৰিৰ গায়ক আহিছিল এইবাৰ দুয়োজন শিল্পী কলকতাৰ পৰা অহিব। পূজাৰ কাম কাজত ব্যৱহাৰ কৰা ৰঙা/গেৰুৱা ৰঙৰ কাপোৰ এটুকুৰাত পুস্পাঞ্জলী বান্ধি গোটেই বছৰটো হাতত বান্ধি ৰখাতো পুণ্য বুলি বিশ্বাস কৰো। কালেকচনৰ সময়ৰ পৰাই মোটা অংক দিয়াজনৰ কাৰনে সেই ৰঙা/গেৰুৱা ফিটা(আমি আশীৰ্বাদ বুলি কওঁ) বন্দোবস্ত থাকে। দশমীৰ দিনাখন এই “আশীৰ্বাদ”ৰ দাম পূজা কমিটিৰ লগত দূৰে দূৰে জড়িত দুই এজনে ৫০-১০০টকাও লয়। কিছুমানে আকৌ মুকলিভাৱেই কাহী এখনত সেন্দুৰ আৰু “আশীৰ্বাদ” বিক্ৰী কৰাও দেখো পিছে তাত ব্ৰাহ্মণৰ পূজা প্ৰাৰ্থনা সহিতে পুস্পাঞ্জলী থাকে নে নাথাকে সেয়া চিন্তনীয়। যি হলেও বিশ্বাস আৰু।
যিমানেই ৰং-বিৰঙৰ লাইটেৰ মণ্ডপ নিদিয়ক, মানুহৰ ভিৰ, ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় শিল্পীয়ে ফাংচন নকৰক কিয় ঘৰৰ ওচৰৰ পূজাখন চোৱা আনন্দ তুলনাহীন। ৰাষ্ট্ৰীয় বন্ধ কাৰনেই কিজানি দূৰ্গা পূজাৰ সময়ত বাহিৰত কৰ্মৰত বা পঢ়া শুনা সকলোৱে ঘৰলৈ আহিবলৈ চেষ্টা কৰে। একেখন ঠাইৰ মানুহখিনিক বহুদিনৰ মুৰত লগ হোৱাৰ সুবিধা পাও, যি পূজা চাব চোৱাৰ এক দৰকাৰী ব্যক্তিগত কাৰ্য্যসূচী। সাধাৰন ট্ৰিপাল এখনৰে ৰভা দি, সৰু প্ৰতিমা এটাৰে, খৰাহী এটাত মাহ-প্ৰসাদেৰে পূজা পাতিলেও “নিজৰ পূজা”!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক