আমাৰ ভাল লগাবোৰ – ( মাধুৰিমা ঘৰফলীয়া )

আমাৰ ভাল লগাবোৰ

 

মাধুৰিমা ঘৰফলীয়া

-“সোণ অফিচৰ পৰা আহিলি , বৰষুণ দিছে নেকি অ তাত?”
ফেচবুক লগ অন কৰা লগে লগে অসমৰ বাহিৰত থকা বায়েকে লিখা বাক্যবোৰ স্ক্ৰীণত টুক টুক শব্দ এটা কৰি ওলাল ।
-“ দিছিল , মই অলপ তিতিব লগা হল।“
-“ নিতিতিবি , জ্বৰ হলে আকৌ মাহঁতৰ টেনচন হব”।
-“ও”
-“কি ও, নিতিতিবি” ।
-‘বা’ ,

প্ৰথম দৃশ্য-
চত মহীয়া, ফুলেৰে ভৰি পৰিছে কঠীয়ানিৰ এজাৰজোপা । তাতে আকৌ গছ জোপাৰ যি চাৰিটা ডাল আছে তাতে বহি অঘাইটং চাৰিটাই আৰাম কৰিছে । বতাহে গছজোপা হাওলাই পেলাইছে । তালৈ সিহঁতৰ কাণ সাৰ নাই । একান্তমনে গোটেই কেইটাই বিড়ি সোপাত লাগিছে । এজনী ছোৱালী আৰু বাকী কেইটা লৰা । বয়স বাৰ বছৰত কৈ বেছি নহ’ব ।
-“বা”
ওপৰৰ ডালত বহি থকা লৰা যেন লগা ছোৱালী জনী লৈ চাই এটাই মাত লগালে – – “কি হল” ?
চকু দুটা জপায়ে তাই ৰজাৰ দৰে সুধিলে ।
-“এই চাহপাতৰ বিড়িবোৰ খাই আমনি লাগিছে আৰু , ডাঙৰ মানুহে যে খাই সেইবোৰ পালে ভাল লাগিলহেঁতেন” ।
-“একে মাৰে মৰিবি । সেইবোৰ বেয়া বস্তু বুজিছ । আৰু আজি যে এইটো খাইছোঁ মোৰ কাহে ধৰিছে বাবে হে খাইছোঁ । তহঁতক এটা এটা দিলোঁ আৰু নিবিচাৰিবি” ।-গৰগৰাই উঠিল মহাৰাণী, লগতে খুক খুক কৈ মিছা কাহ এটাও মাৰিলে , আকৌ ক’লে — “আজি জা’ন বৰতাই আমাৰ বৰশীবোৰ কাটিলে” ।
-“কি !!!”–তিনিও টা লৰাৰ চুলি ডাং খাই গল ।
-“ও, এই বৰতাটোৰ বেছি হৈছে । নিজে কিবা বৰশী নাবাইছিল নেকি!”
-“কিবা এটা কৰিম, ৰহ , অ শুন”
চাৰিওটাই গোপন আলোচনাত মগ্ন হল । তাৰ পাছত ঘৰলৈ লৰ দিলে । এক ঘণ্টা মান গোটেই ঘৰ,গোহালি, ভঁৰালৰ তলে ওপৰে বিচাৰি পাঁচজনী চুক ভেকুলী বিচাৰিলে । সদায় কৰাৰ দৰে ভেকুলী কেইজনী প্ৰথমে নাৰি-ভু উলিয়াই অপাৰেচন কৰিলে । তাৰ পাছত কোনেও নেদেখাকে ভেকুলী কেইজনী বৰদেউতাকজনৰ ঘৰৰ নঙলা ডালৰ খুঁটাকেইটাৰ ফাঁকত ভৰাই থৈ আহিল । দুদিন মানৰ পাছত গেলা গোন্ধৰ কোবত সেইফালে কোনো যাব নোৱাৰা হল । কিন্তু বহুত বিচাৰিও গোন্ধটো কৰ পৰা আহিছে বৰতাকজনে ধৰিব নোৱাৰিলে ।
দ্বিতীয় দৃশ্য-
শিৱসাগৰ টাউনৰ ৰ্বডিং ৰোডৰ এটা ভাৰাঘৰ । ঘৰ বুলি ক’বলৈ হলে পাকঘৰটোক এৰি দুটা সৰু কোঠালি ।
-“বা তোক বিচাৰি পাৰ্থদা আহিছিল” ।
তিতি থকা চুলি খিনি টাৱেলৰে মচি মচি বাথৰুমৰ পৰা উলাই অহা বায়েকক চাই সোণে কলে ।
-“তই নক’লি কিয় গা ধুই আছে বুলি?”
-“জানে কলে কিবা এটা, তাৰ পাছত দেৰিকৈ আহিম বুলি কৈ গুছি গল” ।
সোণে আলোচনী এখন চাই থকা দদায়েকৰ লৰা জানলৈ আঙুলিয়াই দেখুৱালে ।
-“তই কি বুলি কলি ঐ গাধ” ?
জানে প্ৰথমে মিচিকিয়াই হাঁহি এটা মাৰিলে । তাৰ পাছত গহীন হৈ কলে – “কলো আক জলহস্তীয়ে জলকেলি কৰি আছে , এতিয়াই কত ওলাব ?”
-“কুকুৰ..ৰ আজি ভাত বনাই খোৱাম”।
কিতাপ এখন লৈ বায়েকে তাক খেদি গল । পিছে সি আকৌ তাইক জোকাৰি কলে—“যা, হোটেলত খাম গৈ । তই মাংস বনালে যেনে গোন্ধ ওলাই বন্ধা কবি বনালেও সেই একেই গোন্ধ ওলাই” ।
“সোণ, সোণ !! সোণ, কি হ’ল, বিজি আছ নেকি” ?–পুনৰ বায়েকে লিখা শব্দ কেইটাই এটা যুগৰ পৰা যেন সোণক ওভতাই আনিলে । আবেগবোৰক কোনো দিনে চল নিদিয়া লৰাটোৱেই চলচলীয়া চকুৰে ফেচবুকৰ চাট স্ক্ৰীণত লিখিলে—“বা, তোক বিৰাট মিছ কৰিছোঁ অ । মিছ কৰিছোঁ আমাৰ সময়খিনিক , আমি বহুত দূৰলৈ গুছি আহিলো নেকি বাৰু” ?
সোণে জানে ফেচবুকৰ আনটো মুৰত থকা বায়েকৰো চকুপানী ওলাইছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments