আমাৰ শৈশৱ আৰু এতিয়াৰ শৈশৱ, কিছু অনুভৱ- ডঃ ৰীতি কৌশিক

“এংকৰি বেংকৰি
ওলাই আহা লাহে কৰি
বগে সেৱা কৰি যায়”

“নাৰ বাট পাভ মাছ
আৰু এটি কাছ
বাৰ টকাত কিনি আনি
কিয় বাৰু নাচ”

“Baa baa black sheep
Have you any wool?
Yes Sir yes sir
Three bags full…”

এইবোৰ আমাৰ শৈশৱৰ কবিতা৷ বহুত গম্ভীৰ অৰ্থবাহী নহয় যদিও ওঁঠৰ কোণত হাঁহি বিয়পাব পৰা, বাৰে বাৰে আওঁৰাবলৈ মন যোৱা আমাৰ মৰমৰ কবিতা৷

শৈশৱ হ’ল জীৱনৰ আটাইতকৈ সোণোৱালী সময়ৰ এছোৱা৷ পখিলা খেদি পখিলাৰ পিছে পিছে উৰি ফুৰা সময়৷ সোণপৰুৱা বিচাৰি চলাথ কৰাৰ সময়৷ এক নিৰ্ভেজাল মৰম বুকুত লৈ বাস্তৱৰ জটিলতাৰ পৰা আঁতৰি হৃদয়ত অকল সেউজীয়া গুঁজি ধেমালি কৰাৰ সময়৷ ধেমালিৰ লগত সহবাস কৰা সময়৷

এটি শিশু জন্মৰ পৰা শৈশৱলৈ কৰা যাত্ৰা অতি মনোমোহা৷ সাধাৰণতে বাৰ বছৰমান বয়সলৈকে শৈশৱ স্তৰত ধৰা হয়৷ অভিভাৱকৰ মৰমত ডুবি, সমনীয়াৰ লগত নানা ধৰণৰ খেল-ধেমালি, হিংসা-বিদ্বেষৰ পৰা আঁতৰি থকা সময়ছোৱাই আমাৰ জীৱনৰ আটাইতকৈ মোহনীয় শৈশৱকাল৷
শৈশৱৰ প্ৰতিটো স্মৃতি, প্ৰতিটো ঘটনা CNS (Central Nervous System)ৰ অৱচেতন মনত অতি সুকলমে থাকি যায়৷ সেইবাবে প্ৰৌঢ় অৱস্থাত আমাৰ সৰুকালৰ বহু কথাই পুনৰাবৃত্তি ঘটে, যাক আমি ‘কথাত ল’ৰাই বুঢ়াই এক’ বুলি কওঁ৷

আমাৰ শৈশৱৰ ধেমালিসমূহ যেন চকুৰ সন্মুখতে আজিকালিৰ শৈশৱৰ ধেমালিৰ লগত বহু পৰিমাণে সলনি হ’ল তেনেকুৱা যেন অনুভৱ হয়৷ আমি আগতে এখন মুকলি আকাশৰ তলত এখন মুকলি পথাৰ পাইছিলো৷ ককা-আইতাৰ কোলাত উমলি ‘বুঢ়ী আইৰ সাধু’ শুনিবলৈ পাইছিলো৷ কেতিয়াবা পুখুৰীৰ পাৰত বৰশীৰ লগত কথা পাতোতে সময়ৰ কথাকেই পাহৰি গৈছিলো৷ পিছত অৱশ্য ঘৰত কাণমলাটো ঠিকেই পাইছিলো৷ আঘোণ মাহত ধান কটাৰ আনন্দ, পথাৰৰ পৰা ঘৰলৈ লখিমী আদৰাৰ আনন্দ, পুহ মাহত সকলোৱে মিলি জুই পুৱাই কথা কোৱাৰ আনন্দ, মাঘ মাহত মেজি সাঁজিবলৈ উদং পথাৰৰ পৰা নৰা কটাৰ আনন্দ, কাতি মহীয়া ৰ’দত বহি বৰটেঙাৰ সোৱাদ লোৱাৰ আনন্দ আৰু ক’ত কিমান যে আনন্দ!

কেতিয়াবা কোনোবা এটাই ঢকুৱাখন চোঁচৰাই আনে আৰু আমি এটা এটাকৈ পাল পাতি বহো৷ লুকা-ভাকু খেলাৰ নামত খেৰৰ দমত সোমাই গোটেই গাটো খজুৱতিৰ বাহ বনাই লৈছিলো৷ জোনাকী পৰুৱা ধৰিবলৈ সন্ধিয়াতেই আমি আটাইমখা খাপ পাতি ৰৈ থাকিছিলো৷ পিছত অৱশ্যে মহে-দাহে কামুৰি হাত ভৰিৰ অৱস্থা নোহোৱা কৰি পেলাইছিল৷ বন্ধৰ দিন মানেই নতুন নতুন খেলৰ আৰম্ভণি৷ দিনৰ দিনটো খেলি ৰাতি পঢ়া টেবুলত ঠিকেই টোপনিয়াইছিলো, তাৰ পাছত মাৰ হাতৰ ঢকা খাই সাৰ পাই কিতাপখন আকৌ ঠিকে কৰি তুলি লৈছিলো৷ সেই সময়তো পিছদিনা খেলিবলগীয়া নতুন খেলৰ বুটা-বছা সপোনবোৰেহে চকুত উমলিছিল ৷

পঢ়াশালিৰ পৰিৱেশত কিছুমান অদৰকাৰী প্ৰতিযোগিতাৰ সোৱাদ নোলোৱাকৈয়েই আমাৰ শৈশৱ পাৰ হৈ আহিছিল৷ পিছে দিনবোৰ যেন সলনি হৈ আহিছে৷ বৰ্তমানৰ শৈশৱ এক অঘোষিত প্ৰতিযোগিতাত বন্দী৷ মোৰ অনুভৱ যে আজিৰ শিশুসকলক ই-জগতখনেহে যেন পৰিচালনা কৰে৷ বহুক্ষেত্ৰত আজিকালি শিশুৰ বিকাশ পলম হোৱা দেখা যায় আৰু শিশুৰ বুজন ক্ষমতাও কোনো কোনো ক্ষেত্ৰত কম হোৱা দেখা যায়৷ মনস্তাত্বিকৰ মতে এনে হোৱাৰ মূল কাৰণ হ’ল বন্দী শৈশৱ৷ কংক্ৰিটৰ পৃথিৱীত শিশুসকলৰ শৈশৱকাল লালিত-পালিত হোৱাত যেন যথেষ্ট কষ্ট পাইছে৷

সৰহসংখ্যক শিশুৱেই ম’বাইলত উপলব্ধ ‘গেম’ সমূহত ব্যস্ত হৈ থাকে৷ ঘৰৰ বাহিৰত খেলা খেলসমূহ লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে৷ কম্পিউটাৰ গেম নতুবা ম’বাইলত ই-গেম লৈ ব্যস্ত আজিৰ সৰহ সংখ্যক শিশু৷

আজিৰ শিশুক এক শিক্ষা দিয়া হয় যে তেওঁলোক যেন এক প্ৰতিযোগিতাৰ প্ৰতিযোগী৷ “ব্ৰেইন গেম”ৰ পৰা আৰম্ভ কৰি বহুধৰণৰ প্ৰতিযোগিতামূলক গতিবিধিত আজিৰ শিশুৰ যোগদান থাকে৷ কিন্তু সেইসকল শিশুৱে নিজৰ মনঃপুত শৈশৱ পাৰ কৰিছেনে?

গৰমৰ বন্ধত “মামাৰ ঘৰলৈ যাম”, নামৰ প্ৰবাদটোৰেই এসময়ত বহুতৰে বাবে এক সুকীয়া আমেজ আছিল৷ বৰ্তমান ঠায়ে ঠায়ে গঢ় লৈ উঠা বিভিন্ন পাৰ্ক নতুবা ‘গেম পাৰ্লাৰ’বোৰতেই গৰমৰ বন্ধ উদযাপিত হয়৷ তাৰোপৰি এমাহ ধৰি চলা স্কুলৰ ‘চামাৰ কেম্প’তো গৰমৰ বন্ধ উদযাপিত হয়৷ মই ‘গেম পাৰ্লাৰ’ বা পাৰ্কসমূহৰ বিপক্ষে নহয়, চামাৰ কেম্পৰো বিপক্ষে নহয়৷ কিন্তু এটি শিশুৰ বৌদ্ধিক বিকাশৰ বাবে দেহৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া শুদ্ধ হোৱা অতি জৰুৰী৷ খেলা-ধুলা নতুবা বিভিন্ন শাৰীৰিক ব্যায়ামৰ জৰিয়তে ইয়াক ভালদৰে সঞ্চালন কৰিব পাৰি৷ মুকলি পথাৰত হোৱা খেল সমূহে দেহক ভাগৰুৱা কৰি পেলায়৷ যাৰ ফলত ভোক লগা নাইবা টোপনি স্বাভাৱিক হয়, তেনে ক্ষেত্ৰত শিশুৰ বিকাশ সম্পূৰ্ণভাৱে প্ৰাকৃতিকভাৱে হোৱা দেখা যায়৷ মুকলি পৰিবেশত শৈশৱ পাৰ কৰিবলৈ অতি উপযোগী৷

আমাৰ সময়ত আমি যথেষ্ট মানুহৰ লগত কথা-বতৰা (Interact) পাতিছিলো বা লগ পাইছিলো৷ চুবুৰীটোৰ কথা বাদেই, গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰায় সকলোৰে লগত চিনা পৰিচয় আছিল৷ যাৰ ফলত সমগ্ৰ গাঁওখনেই আমাৰ বাবে ঘৰৰ দৰে হৈ পৰিছিল৷ বৰ্তমান সময়ৰ লগত মানুহৰ মানসিকতাতো যথেষ্ট প্ৰভাৱ পৰিছে, ফলত নিৰাপত্তাজনিত কাৰণতে হওক বা আন কাৰণেই হওক খুবেই কম সংখ্যক লোকৰ লগতহে আজিৰ শিশুসকলে মুকলিকৈ মিলামিছা কৰে৷

আজিৰ শিশু আৰু শৈশৱ যথেষ্ট আগৰণুৱা৷ দেখি ভাল লাগে যে শিশুসকলে খুব কম বয়সতে কম্পিউটাৰ চলোৱাৰ লগতে ম’বাইলৰ নতুন নতুন তথ্যসমূহৰ লগত খাপ খুৱাই নিজক আগবঢ়াই নিব পাৰিছে৷ কিন্তু এই তথ্য আৰু প্ৰযুক্তিৰ মাজত নিস্পাপ শৈশৱ মোহাৰ খাই গৈছে যেন অনুভৱ হয়৷

শেহতীয়াকৈ ইণ্টাৰনেটত খলকনি লগোৱা “Blue Whale” গেমটো আৰু ইয়াৰ ভয়ংকৰী পৰিণামৰ বিষয়ে আমি সকলোৱে জানো৷ বহুসংখ্যক শিশুৰ লগতে কিশোৰেসকলেও এনে জটিলতাৰ মেৰপাকত পাক খাই থকা দেখা যায়৷ মই বসবাস কৰা আবাসস্থলত ছয়-সাতগৰাকীমান শিশু থাকে৷ বন্ধৰ বাৰত সিহঁতৰ খেল ধেমালিয়ে কংক্ৰিটৰ চোতালখন সেউজীয়া পথাৰলৈ ৰূপান্তৰিত কৰে৷ কিন্তু সিহঁতৰ বেছি সংখ্যক খেল গেমবোৰত থকা চৰিত্ৰৰ লগত সামঞ্জস্য থকা৷ শৈশৱৰ ধেমালিৰ কোনো নাম নাথাকে, যেনেদৰে মৰমৰ কোনো সীমা নাথাকে৷ লাগিলে আধা ঘণ্টাৰেই নহওক কিয়, ভিতৰত বহি খেলা খেলসমূহতকৈ বাহিৰত দৌৰি ফুৰা খেল হোৱাটোহে প্ৰয়োজনীয়৷ কাৰণ শিশুৰ শাৰীৰিক গতিবিধিয়ে (Physical Activity) সিহঁতৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়৷ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বাহিৰৰ পৰিবেশৰ যথেষ্ট অৰিহণা থাকে৷ বন্ধুৰ লগত হোৱা মৰমৰ অভিমান, দাবী, সহায়-সহযোগিতাই শিশুসকলক এক সুস্থ মানৱ জীৱনৰ ফালে ঠেলি দিয়ে৷ কেৱল শিক্ষাই আমাৰ শৈশৱক লালন পালন (Nourish) কৰিব নোৱাৰে৷

মনে প্ৰাণে কামনা কৰো ‘চোটা ভীম’, ‘ডৰেমন’ ইত্যাদিৰ মাজত বুঢ়ী আইৰ সাধুকেইটাৰ লগতে টাং-গুটি, চোৰ-পুলিচ যাতে হেৰাই নাযায়৷ সোণোৱালী শৈশৱক সোণোৱালী কৰি ধৰি ৰাখিবলৈ আমিও আমাৰ শিশুৰ লগত সমানে খোজ দিওঁ আহক৷ সিহঁতৰ মনটো বুজিবলৈ আকৌ এবাৰ শিশু হৈ পৰো আহক! ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক