আমাৰ সংস্কৃতি আৰু পশ্চিমীয়া অপ(?)সংস্কৃতিৰ বিষয়ে অলপ চিন্তা (দীপজ্যোতি বৰা)

 

পশ্চিমীয়া অপসংস্কৃতিৰ প্ৰভাৱ আৰু আমাৰ সংস্কৃতিৰ অধোগতিৰ ওপৰত সততে বহু আলোচনা হো্ৱা দেখা যায় |বহু সময়ত আমাৰ সমাজে মানি ল’বলৈ টান পোৱা কেতবোৰ পৰিৱৰ্তনৰ বাবে পশ্চিমীয়া অপসংস্কৃতিক দোষাৰোপ কৰাৰ এটা প্ৰৱণতাও লক্ষণীয় | এই গোটেইবোৰ কথাকে ভাবি-গুণি নিজাকৈ কিবা এটা লিখাৰ ইচ্ছা জাগিল | সেয়েহে এই লিখনিটোত জাৰ্মানীত কটোৱা যোৱা ছয়টা মাহৰ অভিজ্ঞতাৰ ভিত্তিত ইয়াৰ সমাজ-সংস্কৃতিৰ এটা অংশৰ বিষয়ে মোৰ পৰ্যবেক্ষণ দাঙি ধৰাৰ প্ৰয়াস কৰিছো| আৰম্ভণিতেই উল্লেখ কৰি থওঁ- ১) ই সকলো সামাজিক স্তৰক সামৰি লোৱা কোনো গৱেষণা নহয় ২) ইয়াত লিখা কথাবোৰ মই নিজৰ আশে পাশে দেখা ক্ষুদ্ৰ পৰিসৰৰ অঞ্চলসমূহৰ বিষয়তে আবদ্ধ| মই তলৰ কথাখিনি মোৰ সুবিধাৰ বাবে কেইটামান সৰু সৰু ভাগত লিখিছো|

 

ব্যক্তি-স্বাধীনতা আৰু পাৰিবাৰিক সম্বন্ধ:

ইয়াত ব্যক্তি-স্বাধীনতাক সকলোৱে গুৰুত্ব দিয়ে| ব্যক্তিস্বাধীনতা মানে যিহকে মন যায় তাকেই কৰাৰ স্বাধীনতা নিশ্চয় নহয় কিন্তু নিজৰ পচন্দৰ মতে ভাল-বেয়া অনুসৰি কাম কৰাৰ স্বাধীনতা সকলোৰে আছে| পৰৰ ব্যক্তিগত কথাত কোনেও মূৰ নঘমায় আৰু আনৰ জীৱনশৈলীক লৈ অযথা সমালোচনাও নকৰে| আনক নিজৰ মন্তব্যৰে অযথা হকা-বধা কৰা দেখিবলৈ পোৱা নাযায়|

 

 

এতিয়া যদি আমি আমাৰ দেশলৈ লক্ষ্য কৰো তেন্তে ভাবিলগীয়া হয় আমি প্ৰকৃততে ব্যক্তিস্বাধীনতাক কিমান গুৰুত্ব দিওঁ| সৰুৰে পৰা আমাক লোকৰ চিন্তাশক্তিৰে চলিবলৈ শিকোৱা হয়| শিশু অৱস্থাৰ পৰা বহুত ডাঙৰ হোৱালৈকে প্ৰায় সকলোবোৰ সিদ্ধান্তই সাধাৰণতে পিতৃ-মাতৃয়েই লয়| তাৰ বিপৰীতে প্ৰশ্ন কৰিলেই বেয়া ল’ৰা বা বেয়া ছো্ৱালীৰ আখ্যা পোৱাতো সহজ| কিন্তু দুখলগাকৈ নিজাকৈ সিদ্ধান্ত লোৱাৰ শিক্ষা দিয়া নহয়| ল’ৰা ছো্ৱালী ডাঙৰ হোৱাৰ পিছতো কি পঢ়িব, কেনে পেচা গ্ৰহণ কৰিব অথবা কেনে জীৱনসংগী গ্ৰহণ কৰিব এই সকলোবোৰতে হকাবধা কৰা দেখা যায়| বহু শিক্ষিত আৰু প্ৰতিষ্ঠিত যুৱক-যুৱতীয়েও এনেবোৰ কাৰণতে বহু সময়ত নিজৰ পচন্দৰ সংগীৰ লগত বিবাহ কৰিব নোৱাৰে| বহু ক্ষেত্ৰত কোনো ভুল হ’লেও শুধৰাই দিয়াতকৈ ডাঙৰ হিছাপে অত্যাধিক অধিকাৰ দেখুৱাই হকা-বধা কৰাৰ প্ৰৱণতা দেখা যায়| সৰুৰ কথা শুদ্ধ হ’লেও তাক সন্মান নজনাই মনে মনে ডাঙৰৰ ভুলটো সহ্য কৰি লোৱাটোকে শিষ্টাচাৰ বুলি শিকোৱা হয়|(এইখিনিতে মোৰ এক ব্যক্তিগত মত: আমাক যে এনেদৰে দায়িত্ব লোৱাৰ আৰু জবাবদিহি হোৱাৰ শিক্ষা দিয়া নহয় সেয়ে হয়তো আমাৰ বহুতৰে পিছৰ জীৱনতো গুৰুত্বপূৰ্ণ কামত দায়িত্ব লোৱাৰ আৰু জবাবদিহি হোৱাৰ সৎ সাহস কণ থকাতকৈ মূৰ পোলোকা মৰা আৰু আনলৈ ঠেলা মৰাৰ প্ৰৱণতা দেখা যায়|)

 

আমাৰ বহুতৰে এটা ধাৰণা আছে যে পশ্চিমৰ দেশবোৰত অলপ ডাঙৰ হোৱাৰ পিছৰে পৰা ল’ৰা-ছোৱালীবোৰ পৰিয়ালৰ পৰা আঁতৰি গৈ নিজৰ মতে জীৱন কটায়| এই কথাষাৰ কিন্তু সম্পূৰ্ণ শুদ্ধ নহয়| স্বাধীন জীৱনৰ অৰ্থ পৰিয়ালৰ পৰা সপূৰ্ণ বিচ্ছিন্নতা নহয়| মই লগপোৱা ইউৰোপৰ প্ৰায়কেইখন দেশৰে ল’ৰা্-ছোৱালীৱে নিজৰ পৰিয়ালৰ লগত(পিতৃ-মাতৃৰ পৰা ককা-আইতালৈকে) সম্পৰ্ক ৰক্ষা কৰি চলে| বন্ধত তেওঁলোক ঘৰলৈ যায়| শিক্ষাৰ ক্ষেত্ৰত পিতৃ্-মাতৃয়েও আৰ্থিকভাবে সহায় কৰে| কিন্তু মনকৰিবলগীয়া কথাটো হ’ল পৰাপক্ষত সকলোৱে কম বয়সৰ পৰাই আত্মনিৰ্ভৰশীল হ’বলৈ আৰু নিজৰ ইচ্ছাৰে জীৱন গঢ়িবলৈ চেষ্টা কৰে| যিকোনো কাম কৰিবলৈ লজ্জাবোধ নকৰি যথাসাধ্যে নিজকে স্বাৱলম্বী কৰাৰ চেষ্টা কৰে|

বহু সময়ত বয়সস্থ পুৰুষ বা মহিলা লগ পাইছো যি নিজৰ কামবোৰ নিজে কৰি ভাল পায়| মানুহবোৰৰ আত্মসন্মানৰ ভাব বৰ প্ৰৱল আৰু পৰাপক্ষত লোকৰ সহায় ল’ব নিবিচাৰে| এনে বহুতো বয়সীয়া লোকে আনে সহায় কৰিবলৈ গ’লে বহু সময়ত ভাল নাপায়| হয়তো এনে দেশবোৰত ক্ৰমান্বয়ে বাঢ়ি অহা বৃদ্ধলোকৰ সংখ্যাও এনে অৱস্থাৰ কাৰণ হ’ব পাৰে|

 

ৰাস্তাৰ নিয়ম-কানুন আৰু সামাজিক শিষ্টাচাৰ:

ইয়াৰ এটা লেখত ল’বলগীয়া অভিজ্ঞতা হ’ল ৰাস্তাৰ নীতি-নিয়মৰ প্ৰতি সকলোৰে সন্মান| পথ পাৰ হ’ব খোজা এজন পথচাৰীৰ সন্মুখত যদি সেউজীয়া সংকেত থাকে তেনেহ’লে চকুমুদি ৰাস্তা পাৰ হ’ব পাৰি| কিছুমান সৰু সৰু ৰাস্তাত কোনো সংকেতৰ ব্যৱস্থা নাথাকে কিন্তু পথচাৰী দেখিলে গাড়ীবোৰ নিজেই ৰৈ যায়| পথচাৰীয়ে সদায় অগ্ৰাধিকাৰ পায়| সৰু-ডাঙৰ অথবা দামী-কমদামী কোনো গাড়ীৰ ক্ষেত্ৰতে আজিলৈকে ব্যতিক্ৰম দেখা নাই| আমাৰ দেশত কিন্তু এনে অৱস্থাত চালকে পথচাৰীক অশ্লীল গালি পাৰি থৈ যোৱা দেখিবলৈ বহুবাৰ পাইছো| বাট-পথ বা ঠিকনা বিচাৰি কাৰোবাক কিবা সুধিলে পাৰ্য্যমানে সহায় কৰে| ইয়াৰ বিপৰীত অভিজ্ঞতা আজিলৈকে হোৱা নাই|

 

পাৰ্টী, সুৰা আৰু যৌনতা:

আমাৰ দেশত হয়তো পশ্চিমীয়া বোলছবি চাই বহুতেই এই বিষয়ত এক ভুল ধাৰণা কৰে| কিন্তু মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব পাৰো যে পাৰ্টী মানেই সুৰাত মজি থকা অথবা অবাধ যৌনতা নহয়| গধূলিৰ পৰা ৰাতি পুৱাই যোৱাকৈ কেইবাটাও পাৰ্টীতো অংশ লৈছোঁ| কিন্তু এনে পৰিৱেশ দেখা নাই| অভিযান্ত্ৰিক শিক্ষাৰ ছাত্ৰ হিছাপে অথবা কৰ্মৰত অবস্থাত নিজৰ দেশতো বহুবোৰ পাৰ্টী দেখিছো| ইয়াতো দেখিছো প্ৰায় সকলোৱে সুৰাপান কৰে; কিন্তু পাৰ্টী বুলিলে অকল সুৰাপানতেই ব্যস্ত নাথাকে| কথা-বতৰা, নাচ-গান সকলো চলি থাকে| কিন্তু অশ্লীল কাৰ্য্যকলাপ আজিলৈকে দেখা নাই| যৌনতাৰ ক্ষেত্ৰত মুকলিমূৰিয়া হ’লেও ইংৰাজী বোলছবি চাই বহুতে ভবাৰ দৰে অন্ধকাৰ চুকত গৈ উন্মাদ কাৰ্য্যত লিপ্ত হোৱাও দেখা পোৱা নাই| সুৰাপান কৰি মাতলামি কৰা বা আনক অশান্তি দিয়াৰ উদাহৰণো বহু কম|

 

ৰাজহুৱা স্থানত সুৰাপানৰ দৃশ্য ইয়াত বৰ সুলভ| বিয়ৰৰ বটল এটা হাতত লৈ ৰাস্তাত খোজকাঢ়ি গৈ থকা অথবা ফৰকাল বতৰত কলেজৰ সন্মুখত বহি বিয়েৰ পান কৰি থকাতো এক সাধাৰণ দৃশ্য| বহু সময়ত ৰেলত ভ্ৰমণ কৰোতেও সন্মুখৰ টেবুলত বিয়েৰৰ বটল এটা লৈ কিতাপ পঢ়ি গৈ থকা মানুহ দেখা যায়| কিন্তু মাতাল হৈ পৰি থকা অথবা চিঞৰ-বাখৰ লগোৱা দেখা নাযায়| কিন্তু দেশত থকা অৱস্থাত সন্ধ্যা হোৱা মাত্ৰেই চাৰিআলি-তিনিআলিৰ দোকানৰ দৰ্জা বন্ধ কৰি মদৰ আদ্দা আৰম্ভ কৰা প্ৰায় দেখিবলৈ পাইছিলো| মই ব্যক্তিগতভাবে এটা কথা ভাবো যে যিহেতু বহুতেই সুৰাপান এৰাই চলিব নোৱাৰে গাতিকে লুকাই-চুৰকৈ অথবা অত্যাধিক মদ্যপান কৰাতকৈ সুস্থ আৰু ভদ্ৰভাবে কৰিবলৈ শিকাহে উচিত|

 

ল’ৰা-ছোৱালীৰ সম্বন্ধ আৰু আমাৰ ধ্যান-ধাৰণা:

পশ্চিমৰ দেশবোৰৰ এটি লক্ষণীয় বিষয় হৈছে ল’ৰা-ছোৱালীৰ মাজৰ সম্পৰ্ক| সকলোৱে ইয়াক সহজভাবে আৰু স্বাভাবিক বুলি গ্ৰহণ কৰে| প্ৰথম অৱস্থাত ইয়াত আহি ঘৰ বিচাৰি ফুৰোতেই বুজিছিলো ল’ৰা-ছোৱালী একেলগে থাকিলে ঘৰ পাবলৈ সহজ| আৰু এই কথাটো আমাৰ দেশত প্ৰায় অসম্ভব| ইয়াত এহাল প্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালী একেলগে থকাটো কোনেও বেয়া চকুৰে নাচায়| তেওঁলোকৰ মাজত হ’ব পৰা শাৰীৰিক বা মানসিক সম্পৰ্কক লৈ কাৰো অহেতুক কৌতুহলো নাই| কিন্তু আমাৰ দেশত কথাটো বেলেগ| উদাহৰণ স্বৰুপে ধৰি লওঁ আমাৰ সমাজৰ তথাকথিত সংজ্ঞাৰে এহাল ভাল ল’ৰা-ছোৱালীৰ কথা| তেওঁলোকৰ মাজৰ সম্পৰ্ক কিমান দূৰলৈ যাব পাৰে? ধৰি লওঁ তেওঁলোকৰ মাজত শাৰীৰিক অথবা মানসিক সকলোবোৰ সম্পৰ্ক হৈ গৈছে| কিন্তু আমাৰ সমাজে দেখাও নাই, শুনাও নাই আৰু কোনা প্ৰমাণো নাই| গতিকে সকলোৰে দৃষ্টিত তেওঁলোক ভাল ল’ৰা বা ছোৱালী হৈয়ে থাকিব| এতিয়া ধৰি লওঁ দুয়ো কোনোবা কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু দুয়ো ভাড়াঘৰত(বেলেগে-বেলেগে) থাকে আৰু দুয়োৰে মাজৰ সম্বন্ধ কেৱল মানসিক| এদিন যেনিবা কিবা বিশেষ কাৰণত ছোৱালীজনী ল’ৰাজনৰ ঘৰত ৰাতি কটাবলগীয়া হ’ল| কিন্তু তেওঁলোকৰ মাজত সমাজৰ দৃষ্টিত ভুল বুলিবলগীয়া একো নহ’ল| এইখিনিতে এটা প্ৰশ্ন আহিব: পিছদিনা পুৱা মানুহে তেওঁলোকক সহজভাবে গ্ৰহণ কৰিবনে বাৰু? মই জনাত আমাৰ সমাজৰ দৃষ্টিত তেওঁলোক স্খলিত নায়ক-নায়িকালৈ ৰুপান্তৰিত হ’ব আৰু সৰস আলোচনাৰ বিষয়বস্তু হৈ পৰিব| মানুহৰ বিষয়ে আমাৰ ভাল-বেয়াৰ ধাৰণাটো ইমানেই সীমাবদ্ধনে? দুজনমানুহৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়ে কৰা ভিত্তিহীন অনুমানে এনেদৰে আমাৰ ভাল-বেয়াৰ ধাৰণাটোক প্ৰভাব পেলোৱা উচিতনে?

 

সময়ানুবৰ্তিতা:

জাৰ্মানসকলৰ যিটো গুণে মোক সকলোতকৈ আকৰ্ষণ কৰে সেইটো হৈছে সময়ানুবৰ্তিতা| সময়ৰ ইফাল সিফাল হোৱাটো ব্যতিক্ৰম; কিন্তু আমাৰ দেশত যেন ব্যতিক্ৰমেই নিয়ম| যোৱা ছয়মাহত এবাৰ ৰেলৰ সময় ১০ মিনিট দেৰি হোৱা আৰু মাজে মাজে বাছৰ সময় দুই মিনিট হেৰফেৰ হোৱাৰ বাদে বেলেগ উদাহৰণ দিব নোৱাৰিম|

 

শিক্ষাৰ ক্ষেত্ৰতো একেই অভিজ্ঞতা| পাঠদানৰ আৰম্ভণিতেই সময়সূচী ঘোষণা কৰা হয় আৰু সেই মতেই সকলোবোৰ কাৰ্য্য সমাপন কৰা হয়| কোনো অতিৰিক্ত শ্ৰেণীৰ প্ৰয়োজন নহয় পাঠদান সম্পূৰ্ণ কৰিবৰ বাবে| সকলো শিক্ষক প্ৰায় পাঁচ মিনিটমান আগতেই আহি শ্ৰেণীৰ বাবে সাজু হয় আৰু নিৰ্দ্দষ্ট সময়ত শ্ৰেণী শেষ কৰে| মাত্ৰ এবাৰ এজন শিক্ষকে ১০ মিনিট দেৰিকৈ আহিবলগীয়া হোৱা বাবে দুখ প্ৰকাশ কৰিছিল|

 

এবাৰ আমাৰ ভাৰতীয় বন্ধু এজনে সকলোকে এখন ভাৰতীয় ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰৰ বাবে সকলোকে আমন্ত্ৰণ জনালে| আমি সকলো গৈ সময়ত উপস্থিত| পিচে আমাৰ বন্ধুহে নাই| প্ৰায় ৩০ মিনিট পলমকৈ বন্ধু উপস্থিত হ’ল| তেতিয়া এজনে প্ৰশ্ন কৰিলে “How do you fix time in India when you invite some guest?” মনে মনে পিছে বৰ লাজ পাইছিলো এই কথাত|

 

শিক্ষাব্যৱস্থা আৰু মানসিকতা:

কেতবোৰ বিষয়ত এওঁলোকৰ মানসিকতা সঁচাকৈ শলাগীবলগীয়া| যেনে য’তে-ত’তে জাৱৰ-জোথৰ নেপেলোৱা, শাৰী ভংগ নকৰাকৈ নিজৰ সময়ৰ বাবে অপেক্ষা কৰা ইত্যাদি(নকওঁযে ১০০% সকলোৱে মানি চলে; কিন্তু সমাজৰ গৰিষ্ঠ সংখ্যকেই নিয়মবোৰ মানি চলিলে বস্তুবোৰ নিজেই শৃংখলিত হৈ থাকে)| কেইটামান উদাহৰণ দিব খুজিছো:

 

১) কিছুদিন আগত ‘মঞ্চাও(Monschau)’ নামৰ সৰু পাহাৰীয়া ঠাই এখনলৈ ফুৰিবলৈ গৈছিলো| তাৰবাবে আমি পাহাৰৰ জংঘলৰ মাজেমাজে প্ৰায় ২০ কি:মি: মান খোজ কাঢ়িছিলো| কিন্তু গোটেই পথছোৱাত পথৰ কাষত পৰি থকা কোনো প্লাষ্টিকৰ বটল বা খাদ্যবস্তুৰ পেকেট আদি দৃষ্টিগোচৰ নহ’ল| ইয়াৰ কাৰণ হ’ল সকলোৱে তেনে বস্তুবোৰ নিজৰ লগত কঢ়িয়াই লৈ গৈ পথৰ শেষত নিৰ্দ্দিষ্ট স্থানত পেলাই দিয়ে| কিন্তু আমাৰ দেশৰ বনভোজৰ স্থানবোৰৰ লগত তুলনা কৰিলেই মনটো কিবা লাগি যায়| কিছুবছৰৰ আগতে বশিষ্ঠলৈ গৈ দেখা পোৱা মল-মূত্ৰ আৰু আৱৰ্জ্জনাৰ দৃশ্য কি যে ঘৃণণীয় আছিল| এতিয়া কিবা উন্নতি হৈছে যদি গম নাপাওঁ| যেতিয়া আমি সৰু চহৰখনত উপস্থিত হৈছিলো তেতিয়া দেখিবলৈ পাইছিলো সৰু নদীখনৰ দুয়োপাৰে ঘনঘনকৈ থকা ধুনীয়া ঘৰবোৰ| আৰু মন ভৰি গ’ল আৱৰ্জ্জনাহীন নদীৰ দুয়োকাষ দেখি আৰু বোৱতী পানীৰ শব্দ শুনি| এবাৰ আমাৰ ভৰলু নৈ খনৰ কথা ভাবকচোন?

 

২) ঘটনাটো আমি দুপৰীয়া খোৱা বোৱা কৰা কেন্টিনখনৰ| এদিন আমি সকলোৱে শাৰী পাতি আছো খাদ্য গ্ৰহণৰ পাছত থালিবোৰ জমা দিবৰ বাবে| সন্মুখত ৪০-৫০ জনমান মানুহ হ’ব| হঠাতে এজন মানুহ (দেখিবলৈ জাৰ্মান যেন লগা) আহি অলপ আগত শাৰীৰ মাজত সোমালহি| মোৰ বন্ধুজনৰ মুখৰ পৰা স্বত:স্ফূৰ্তভাবে ওলাই আহিল “This is bad, we Germans don’t do this!” এনে এটা দিন কেতিয়াবা আহিবনে যেতিয়া আমি অসমীয়াবোৰেও নিজকে লৈ এনেদৰে ক’ব পাৰিম?

 

আমাৰ দেশত প্ৰায় সকলো জেগাতে ঈয়াত প্ৰস্বাৱ নকৰিব” বুলি লিখা থাকে (মাজে মাজে সৰ্বধৰ্মৰ ঈশ্বৰসকলকো নিয়োজিত কৰা হয়)কিন্তু অনুভৱ হয় বহুতৰ কাৰণে যেন সেইটো ঠাইখিনিত প্ৰস্বাৱ কৰিবলৈ কৰা গোপন আহ্বান| ইয়াত আকৌ বহুত বিচাৰিলেহে প্ৰস্বাৱ কৰিব পৰা স্থান বিচাৰি পোৱা যায়(ৰাজহুৱা স্থানত প্ৰস্বাৱ কৰা লোক ইয়াতো দেখিছো কিন্তু সেইটো এক ব্যতিক্ৰমহে, নিয়ম নহয়)| অলপ ধেমেলীয়া সুৰত ক’বলৈ হ’লে “In Germany kissing in the public is allowed, but pissing is not allowed. In India pissing in the public is allowed, but kissing is not.”

 

৩) মোক প্ৰভাৱিত কৰা আৰু এক দৃশ্য হৈছে বহু সময়ত দেখিবলৈ পোৱা কোনো বৃদ্ধ বা বৃদ্ধাই ঘৰৰ সন্মুখৰ ৰাস্তাৰ জাৱৰ বুটলি চাফা কৰি থকাৰ দৃশ্য| আমিবোৰো যদি ইমান সচেতন হ’লোহেঁতেন কথাই কথাই চৰকাৰক দোষাৰোপ কৰাৰ প্ৰয়োজন নহ’লহেঁতেন|

 

আচলতে প্ৰায়বোৰ ভাল কথাই আমাৰ দেশতো স্কুলীয়া পৰ্যায়ৰ পৰাই শিকোৱা হয়| কিন্তু স্কুলৰ চাৰিসীমাৰ বাহিৰত আমি যেন সকলোবোৰ পাহৰি যাওঁ| অশিক্ষিত লোকৰ কথা বাদ দিলেও আমি শিক্ষিতসকলে এই কথাবোৰ কিমান মানি চলো তাত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন আছে| যেতিয়া আমাৰ শিক্ষাই(আনুষ্ঠানিক আৰু অনানুষ্ঠানিক) দেশ আৰু জাতিক ভাল পাবলৈ আৰু শিক্ষাৰ অন্তৰ্নিহিত বস্তুবোৰ আমাৰ মন-মগজুৰ গভীৰতাত বহুৱাই দিবলৈ সক্ষম হ’ব তেতিয়াই আমাৰ শিক্ষাই সাৰ্থকতা লাভ কৰিব|

 

এইখিনিতে আমাৰ সমাজ ব্যৱস্থাৰ আৰু এটা দিশৰ কথা উল্লেখ কৰিব খুজিছো| আমাৰ সততে লক্ষণীয় এটা প্ৰবৃত্তি হৈছে মানুহৰ বৃত্তি অনুসৰি সাধাৰণীকৰণ কৰাৰ মনোভাব| আমি সকলো কামকে সমান চকুৰে নাচাওঁ আৰু তথাকথিত সৰু কাম কৰা মানুহক সন্মান দিব নোখোজো অথবা বহু সময়ত তেওঁলোকৰ প্ৰতি ঋণাত্মক ধাৰণাও পোষণ কৰো| উদাহৰণস্বৰূপে কোনো ৰিক্সাচালক, চাফাই কৰা মানুহ অথবা তেনেধৰণৰ আন বৃত্তিত নিয়োজিত আন লোকসকলে যেন সুবিধা পালেই কিবা অসৎ কামহে কৰিব এনে ধাৰণা বহুলোকে কৰা দেখা যায়| কিন্তু মোৰ মনত প্ৰশ্ন উঠে আমি যে আচলতে তেওঁলোকক মানুহ হিচাপে প্ৰাপ্য সন্মানকণো দিব নিবিচাৰো তাৰ দ্বাৰা আমি বাৰু তেওঁলোকক ক্ষোভিত কৰি সেই বেয়া কামবোৰলৈ আগবাঢ়িবলৈ উৎসাহিত কৰো নেকি?

ইয়ালৈ আহি এটা কথা লক্ষ্য কৰিছো যে পোছাক-পাতি বা সাধাৰণ কথা-বতৰাৰ পৰা এজন মানুহৰ বৃত্তি অনুমান কৰাটো কঠিন, যিটো আমাৰ তাত অতি সহজেই পৰিস্ফূত হৈ পৰে| ইয়াত বাছৰ চালক আৰু কোনো কাৰ্য্যালয়ৰ কৰ্মচাৰীৰ পোছাকৰ পাৰ্থক্য ধৰিব নোৱাৰি| মোৰ দৃষ্টিত যেতিয়ালৈকে আমাৰ সমাজে সকলো বৃত্তিকে সমান চকুৰে চাবলৈ নিশিকে আৰু সকলোকে মানুহ হিচাপে সমানে সন্মান কৰিবলৈ নলয় তেতিয়ালৈকে আমাৰ সমাজ ব্যৱস্থাত কেতবোৰ কেৰোণ দূৰ কৰা সম্ভব নহয়|

 

শেষত এটা সাধাৰণ বিষয়লৈ আহো| যিটো বিষয়ৰ আলোচনা পঢ়ি থাকোতে এই লেখাটোৰ সৃষ্টি হ’ল: ৰেইন ডেন্সৰ বিষয়টো| আচলতে এনে বৰ্ষানৃত্য দেশৰ বহু ঠাইত বহু বছৰৰ আগৰে পৰা হৈ আহিছে| সৌভাগ্য বা দূৰ্ভাগ্যবশত আমাৰ নিউজ চেনেল কেইটাই তাত সোমাব পৰা নাই| আমাৰ বহু ৰাইজে গম পোৱা ৱাটাৰ পাৰ্কবোৰতো সকলোৱে তিতিবুৰি নাচি-বাগি আনন্দ কৰে| মোৰ বোধেৰে আমাৰ নিউজ চেনেল কেইটাই অহেতুক বহু কথাত নাক গুজি ফুৰে| কিছু সংখ্যক ল’ৰা-ছোৱালীয়ে বৰ্ষানৃত্য কৰি ধ্বংশ কৰিব পৰাকৈ আমাৰ সংস্কৃতি দুৰ্বল নহয় বুলিয়ে মোৰ বিশ্বাস| গতিকে তাকে লৈ অযথা হৈচৈ কৰা নিস্প্ৰয়োজন| কিন্তু নতুন প্ৰজন্মই হওক বা পুৰণিয়েই হওক সকলোৱে আমাৰ সংস্কৃতিৰ ভবিষ্যতৰ বিষয়ে সচেতন হোৱা আৰু ভুল-শুদ্ধ উচিত বিচাৰ কৰি আগবঢ়াই নিয়াটো নিশ্চয় প্ৰয়োজন|

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক