আমাৰ সাংবাদিকসকলে বিজ্ঞান সংক্ৰান্তীয় কিতাপ-পত্ৰ তথা খবৰ-বতৰি পঢ়া-শুনা কৰাত গুৰুত্ব দিয়া উচিত (পঙ্কজ জ্যোতি মহন্ত)

অক্টোৱৰ মাহত বাতৰিকাকতকেইখনলৈ আৰু নৱেম্বৰ মাহত আলোচনীকেইখনমানলৈ আমাৰ অসম মুলুকৰো অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে তথা পাঠকে কেইটিমান বিশেষ খবৰ পাবৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। সেইকেইটা হৈছে বিভিন্ন ভাগত ন’বেল বঁটা বিজয়ীসকলৰ খবৰ। কিন্তু আমাৰ সাংবাদিকসকলে বিজ্ঞান সংক্ৰান্তীয় বাতৰিকেইটা প্ৰকাশ কৰাত অৱহেলা কৰাটো স্পষ্টকৈ প্ৰকাশিত হয়। এইকেইদিন মই পঢ়া দুখন অসমীয়া দৈনিক বাতৰি-কাকতত চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ন’বেল বঁটা বিজয়ী সংক্ৰান্তীয় বাতৰিকেইটা যেনে-তেনে এটামান পেৰাগ্ৰাফ কৰি প্ৰকাশ কৰি দিছে, কিন্তু সাহিত্যৰটোত দেখা পালোঁ আনকেইদিনৰ বাতৰিকেইটাতকৈ দুগুণ-তিনিগুণ দীঘলকৈ দিছে। ইয়াৰ জড়িয়তে আমাৰ সাংবাদিকসকলে বিজ্ঞান সংক্ৰান্তীয় বাতৰি প্ৰকাশ কৰাত অৱহেলা কৰা কথাটো পুনৰ স্পষ্ট হৈ পৰে; আৰু লগতে আন এটা কথাও প্ৰকাশিত হয় যে তেওঁবিলাকে উপন্যাস, নাটক, গল্প-গুজৱ আদি যিমান পঢ়ে তাৰ তুলনাত বিজ্ঞান সংক্ৰান্তীয় আনকি বাতৰিবোৰো সামান্যভাবেও নপঢ়ে। পূৰ্বৰ মানুহে লাভ কৰা সুবিধাবোৰ বাদেই দিছোঁ, আজি তেওঁলোকে ব্যৱহাৰ কৰা জেপতে সুমাই থ’ব পৰা এ.টি.এম. কাৰ্ডখনৰ পৰা আৰম্ভ কৰি কোঠালীত ব্যৱহাৰ কৰা পকাণ্ড এ.চি.টোলৈকে প্ৰতি ক্ষেত্ৰতে বৈজ্ঞানিক তত্ব জড়িত হৈ থাকে। এইবোৰত একো একোটা — একো একোটা নহয়, বহুকেইটা জটিল বৈজ্ঞানিক তত্ত্ব সোমাই আছে, কিন্তু তাৰ সুবিধাবোৰ নিজে গ্ৰহণ কৰিও অজ্ঞতাৰ বাবেই দৈনন্দিন জীৱনত বিজ্ঞানৰ জটিল তত্ত্ববোৰ ব্যৱহাৰ নহয় বুলিও এইবোৰৰ জ্ঞান বা খবৰ পাঠকৰ মাজলৈ নিয়াত তেওঁলোকে অতি নিন্দনীয়ভাৱে অৱহেলা কৰে। কেৱল দুখনমান উপন্যাস পঢ়িলেই, দুখনমান নাটক-চিনেমা চালেই সভ্যতা বৰ্তাই ৰাখিব নোৱাৰি, সভ্যতা বৰ্তাই ৰাখিবলৈ মানুহে বিজ্ঞান সংক্ৰান্তীয় খবৰ-বাতৰি, তাৰ তত্ত্ব আদিও জনা অতি দৰকাৰ। আমাৰ সাংবাদিকসকলে এইবোৰ পঢ়া-শুনা কৰাত গুৰুত্ব দিয়া উচিত, সেইবোৰ তেওঁলোকে নপঢ়ে বাবেই, তেওঁলোকৰ বিচাৰ-বুদ্ধি গঢ়ি নুঠে বাবে কেতিয়াবা কেতিয়াবা বিজ্ঞান সংক্ৰান্তীয় ফোপযহী বাতৰি কিছুমানহে তেওঁলোকে প্ৰকাশ কৰি দিয়ে, আনকি সেইবোৰ প্ৰকাশ কৰাৰ সময়ত তেওঁলোকে কোনো বিজ্ঞানীৰ লগতো যোগাযোগ নকৰে।

আজিৰ সাহিত্যৰ সংক্ৰান্তীয় বাতৰিটোও যে তেওঁলোকে গুৰুত্বপূৰ্ণ কথাৰে দীঘল কৰি লিখিছে এনে নহয়, কিমান চনত কাক লগ পাই কাক বিয়া পাতিলে, ক’ত দোকান দিলে সেইবোৰৰে সৈতেহে দীঘল কৰি তুলিছে। সাহিত্য অকাডেমিৰ অলৌগুটি-টলৌগুটি বঁটা এটা পালেও বাতৰি-প্ৰচাৰ-সাক্ষাৎকাৰ-আলোচনাৰ অন্ত নাই (“বিতৰ্ক”সমূহৰ কথা বাদেই দিছোঁ); সেইবোৰ প্ৰচাৰ কৰিছে বাৰু ভালেই কৰিছে, কাৰোবাক প্ৰেৰণা দিছে, কাৰোবাক সমালোচনা কৰিছে, সেইবোৰ চলি থাকক বাৰু, কিন্তু সাহিত্য অকাডেমিয়ে ভাৰতীয় সাহিত্য জগতলৈ যিমান অৱদান আগবঢ়াইছে তাতকৈ CSIR, DRDO আদিয়ে ভাৰতৰ বিজ্ঞান জগতলৈ, কেৱল বিজ্ঞান জগত বুলি ভাগ কৰিব নোৱাৰি, সমগ্ৰ ভাৰতীয় সমাজ জীৱনলৈ (আন নালাগে সাংবাদিকসকলৰ জীৱনলৈয়ো) তাতকৈ বেছি অবদান আগবঢ়াইছে। কিন্তু আমাৰ ইয়াত যেতিয়া কোনোবাই যুৱ বিজ্ঞানীৰ বঁটা লাভ কৰে তেতিয়া তেওঁলোকক প্ৰেৰণা দিবলৈ আৰু উঠি অহা প্ৰজন্মক উৎসাহ দিবলৈ এনে খবৰবোৰ আনকি সৰু বাতৰি এটা কৰিও প্ৰকাশ কৰিবলৈ আমাৰ সাংবাদিকসকলৰ মনে নকয়। কিবা এটা বস্তু আৱিষ্কাৰ বা কিবা এটা বস্তু উদ্ভাৱন এজন মানুহে একেটা জীৱনতে স্বতন্ত্ৰভাবে কৰিব নোৱাৰে। যদিও ইয়াক এজনে আৱিষ্কাৰ কৰিছে বা উদ্ভাৱন কৰিছে বুলি স্বীকৃত হয়, ইয়াৰ অন্তৰালত কেইবাটাও প্ৰজন্মৰ বহু চেষ্টা নিহিত থাকে। সেয়েহে এটা এটা প্ৰজন্মৰ বৌদ্ধিক কৌতূহল আৰু বৌদ্ধিক উৎকৰ্ষতাই ভৱিষ্যতৰ কোনো আৱিষ্কাৰ বা উদ্ভাৱনক বৰ্তমানৰ কাষলৈ অতি সোনকালে লৈ আহে। সেইবাবেই মানুহৰ কৌতূহল, মানসিক উৎকৰ্ষতা আদিৰ বাবে কাম কৰাটো সাংবাদিকসকলৰ অন্যতম দায়িত্ব হোৱা উচিত। কিন্তু আমাৰ সাংবাদিকসকলৰ কামকাজ দেখিলে ক’ব পাৰি— সন্ত্ৰাসবাদমূলক কামকাজ, অসম আন্দোলনৰ কুপ্ৰভাৱ আদিয়ে জাতিটোৰ যিমান অনিষ্ট কৰিছে তাৰ তুলনাত আমাৰ সাংবাদিকসকলৰ বেয়া কামকাজে আৰু অৱহেলাই তাতকৈ বেছি অনিষ্ট সাধন কৰিছে। যদি সন্ত্ৰাসবাদমূলক কামকাজ, অসম আন্দোলনৰ কুপ্ৰভাৱ আদিয়ে জাতিৰ হাত-ভৰি আদিত আঘাত কৰিছে, তেন্তে সাংবাদিকসকলৰ বিচাৰবুদ্ধিহীনতাই জাতিৰ ৰাজহাড়েই বেঁকা কৰি দিছে; কাৰণ জাতিৰ মূল্যবোধ গঢ়ি তোলাত পৰোক্ষভাৱে তেওঁলোকেহে পূৰ্ণ অৱদান যোগায়।

[পুনশ্চ: আঙুলিৰ মূৰত লেখিব পৰা যিকেইজন বিশিষ্ট সাংবাদিক এনে অৱহেলাৰ পৰা বিৰত আছে তেখেতসকলক শ্ৰদ্ধাসহকাৰে এই আলোচনাৰ গণ্ডীৰ পৰা আঁতৰাই ৰাখিছোঁ।]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments