আমাৰ স্মৃতিশক্তিৰ বিজ্ঞান – ডঃ দীনেশ চন্দ্ৰ গোস্বামী

পাহৰণিও আমাৰ বাবে বৰ মূল্যৱান
অফিছ এটাত ফাইলবোৰত নানা কথাই সুমুৱাই থোৱা থাকে, দৰকাৰ হ’লেই তাৰে কোনোৱাটো ফাইল খুলি পুৰণি কথাবোৰ চাই লোৱা হয় আৰু নতুন কথা তাত যোগ দিয়া হয়৷ আমাৰ ‘স্মৃতি’ৰ ব্যৱস্থাটোও তেনে৷ সৰুতে এদিন বাৰীত আম এটা সৰি পৰাৰ শব্দ শুনিলোঁ, লৰ মাৰি গৈ আম এটা বিচাৰিও পালোঁ এই কথাখিনি আমাৰ মস্তিষ্কৰ ‘ফাইল’ত আমি সাঁচি থ’লোঁ৷ পাছত কেতিয়াবা তেনে শব্দ এটা শুনিলে, মস্তিষ্কৰ ‘ফাইল চাই’ আমি কৈ দিব পৰা হ’লোঁ যে সেয়া আম এটা সৰি পৰাৰ শব্দ৷

আমাৰ স্মৃতি শক্তিও আমি এনেদৰেই ব্যৱহাৰ কৰোঁ৷ স্মৃতি (Memory) নাথাকিলে আমাৰ জীৱন কেনে হ’ব সেই কথা কপ্লনাও কৰিব নোৱাৰি৷ আমাৰ দিনটোৰ হাজাৰ-বিজাৰ অনুভৱ, তাৰ ওপৰত নিৰ্ভৰ শ-শ সিদ্ধান্ত, আমি আয়ত্ত কৰা নানা কৌশল, আমি গঠন কৰা নানা অভ্যাস সকলো নিৰ্ভৰ কৰে আমাৰ স্মৃতিৰ ওপৰত৷

সেইবাবে বিজ্ঞানীসকলে স্মৃতিৰ সূত্ৰ এইদৰে দিয়ে স্মৃতি হ’ল পাছত ব্যৱহাৰ কৰিব পৰাকৈ তথ্য সাঁচি ৰাখিব পৰা ক্ষমতা৷ আমি এটা নাচোন শিকি নাচিবৰ বাবে, কবিতা এটা আওৰাই পাছত আবৃত্তি কৰিবৰ বাবে, আনকি এই দফাটোৰ কথাখিনি বুজিবৰ বাবেও আমাৰ স্মৃতি নামৰ শক্তিটোক ব্যৱহাৰ কৰোঁ৷ ব্যস্ত আলিবাট এটা পাৰ হ’বৰ বেলিকাও আমি আগৰ বহুতো অভিজ্ঞতাৰ স্মৃতি ব্যৱহাৰ কৰোঁ৷

সম্ৰাটৰ স্মৃতি শক্তি
৪৮ চনৰ এদিন সন্ধিয়া ভোজনৰ সময়ত ৰোমান সম্ৰাট প্ৰথম ক্লজিয়াছে মন কৰিলে যে তেওঁৰ সম্ৰাজ্ঞী মেছালিনা ওচৰত নাই৷ সম্ৰাটে হুলস্থল লগালে আনদিনাৰ দৰে সম্ৰাজ্ঞীয়ে তেওঁৰ লগত ভোজনত যোগ দিয়া নাই কিয়? সম্ৰাটৰ প্ৰৰ উত্তৰ দিবলৈ কাৰো সাহসে নুকুলালে৷ বহু পৰৰ পাছতহে কোনোৱা এজনে মৰ-সাহস কৰি ক’লে যে সম্ৰাটৰ আদেশতে দেখোন মাথোঁন এঘণ্টা আগতে সম্ৰাজ্ঞীক মৃত্যুদণ্ড দিয়া হৈছে৷ সম্ৰাটে কিন্তু কোনোপধ্যে মনত পেলাব নোৱাৰিলে যে অসতী স্বভাৱৰ দায়ত সম্ৰাজ্ঞীক তেঁৱেই মৃত্যুদণ্ড দিছিল আৰু অলপ আগতে সেই দণ্ড বিহা হৈছে৷

সম্ৰাটে ক্লডিয়াছে অতিপাত মদ খাইছিল৷ মদে তেওঁৰ মস্কিষ্কৰ অলপতে হোৱা ঘটনাৰ কথা মনত ৰখা ক্ষমতাটো একেবাৰে নষ্ট কৰি পেলাইছিল৷
এনে পাহৰণিৰ উদাহৰণ অৱশ্যে বিৰল৷ কিন্তু আমি বহুতেই অতীত আৰু বৰ্তমানৰ বহুতো কথা পাহৰি যাওঁ৷ আপোনাৰ লগত তিনি বছৰ আগতে এদিন গোটেই ৰাতিটো একেখন বিয়াত বহি ধেমালি-ধুমুলা কৰি থকা কথাটোও মই হয়তো মনত পেলাব নোৱাৰিব পাৰোঁ বা এইমাত্ৰ ডায়েল কৰি কথা পতা টেলিফ’নৰ নম্বৰটোও মনত পেলাব নোৱাৰিব পাৰোঁ৷ দৈনন্দিন কথাবোৰৰ বহুতো কথায়েই হয়তো আমি পাহৰি যাব পাৰোঁ গেছটো নুমাই দুৱাৰ বন্ধ কৰি দুখোজমান যোৱাৰ পাছত গেছটোনো নুমালোঁনে নাই মনত পেলাব নোৱাৰিব পাৰোঁ৷ এনেদৰে মনত পেলাব নোৱৰা সাধাৰণ কথা বা ঘটনাৰ বাহিৰেও, বৰকৈ মদ খোৱা, মস্তিষ্কৰ অনিষ্ট হোৱা বা অন্য ৰোগৰ বাবেও বহুতো মানুহে আংশিকভাৱে স্মৃতি শক্তি হেৰুৱাব পাৰোঁ৷ বুঢ়া বয়সত মস্তিষ্কৰ ক্ষমতা কমা বাবেও কথা পাহৰা হয়৷

স্মৃতিৰ দুই কোঠালী
অতীতৰ কথা আমি দুই ধৰণে মনত ৰাখোঁ যেন লাগে৷ সম্ৰাট ক্লডিয়াছৰ কথাটোলৈয়ে চাওক৷ তেওঁ কিন্তু পাহৰি যোৱা নাছিল যে তেওঁৰ এজনী ঘৈণীয়েক আছে, তেওঁৰ নাম মেছালিনা, তেওঁ সাধাৰণতে ক্লডিয়াছৰ লগত সান্ধ্যভোজন কৰে৷ মদে মাত্ৰ তেওঁৰ হ্ৰস্বকালীন স্মৃতি বা শ্বৰ্ট-টাৰ্ম মেম’ৰিহে ধ্বংস কৰি পেলাইছিল৷ এই হ্ৰস্বকালীন স্মৃতিয়েই আমাৰ জীৱনটো পল-পলকৈ জোৰাই ৰাখে৷

হ্ৰস্বকালীন স্মৃতিৰ বাবেই আমি আখলত যে কেৰাহিটো তুলি দি আহিছোঁ মনত পেলাব পাৰোঁ, আপোনাৰ লগত কি কথা পাতি আছিলোঁ মনত পেলাব পাৰোঁ, এইমাত্ৰ ডায়েল কৰা টেলিফ’নৰ নম্বৰটো মনত পেলাব পাৰোঁ৷ এইবিধ স্মৃতিৰ বাবেই আপুনি এইমাত্ৰ পঢ়া ক্লডিয়াছৰ সাধুটো মনত পেলাব পাৰোঁ৷ এইবিধ স্মৃতিৰ বাবেই আপুনি এইমাত্ৰ পঢ়া ক্লডিয়াছৰ সাধুটো মনত পেলাব পাৰে৷

স্বাস্থ্যৱান মানুহৰ ক্ষেত্ৰত, তেওঁ আৱেগিকভাৱে জড়িত হৈ পৰা এনে কথাবোৰ বা তেওঁ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা কথাবোৰ হ্ৰস্বকালীন স্মৃতিৰপৰা গৈ দীৰ্ঘকালীন স্মৃতিৰ বা লং-টাৰ্ম মেম’ৰিৰ জিালৈ যায়৷ কিন্তু আমাৰ মস্তিষ্কটোৱে কোনবোৰ কথা দীৰ্ঘকালীন স্মৃতিৰ ভঁৰালত ভৰাব, সেইটোৰ ও ওপৰত আমি সচেতনভাৱে বিশেষ একো কৰ্তৃত্ব খটাব নোৱাৰোঁ৷ এই কামটো আমাৰ মস্তিষ্কটোৱে প্ৰায় আপোনা-আপুনি কৰে৷

আমাৰ দৈনন্দিন জীৱনৰ নানা হ্ৰস্বকালীন স্মৃতিৰ মাজৰপৰা বাছি দীৰ্ঘকালীন স্মৃতিৰ ভৰাঁলত কেতবোৰ কথা বা ঘটনা সাঁচি ৰখাৰ প্ৰক্ৰিয়াটো এতিয়াও বিজ্ঞানীসকলে ভালদৰে বুজি পোৱা নাই৷ সাঁচি ৰখাৰ কিছুমান স্মৃতি হঠাতে ব্যৱহাৰৰ বাবে আমি কিদৰে উলিয়াই আনো সেই প্ৰক্ৰিয়াটোও বিজ্ঞানীসকলৰ বাবে এতিয়াও ৰহস্য হৈয়ে আছে৷ দেখা গৈছে যে দীৰ্ঘকালীন স্মৃতিৰ ভঁৰালত থকা স্মৃতিবোৰ যিমানে পুৰণি হয়, বেমাৰ-আজাৰ, মদ্যপান বা আঘাতে সেইবোৰ সিমানেই মচি নিব নোৱাৰা হয়৷

স্মৃতিৰ ঘৰ ক’ত?
মস্তিষ্কৰ কোন অঞ্চলত বাৰু আমাৰ স্মৃতিবোৰ জমা হৈ থাকে? মানুহৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰোঁতে কানাডাৰ মণ্ট্ৰিয়েলৰ শল্য চিকিৎসক ৱাইল্ডাৰ পেনফিল্ডে এই প্ৰশ্নৰ উত্তৰ বিচাৰি পালে৷

১৯২০ অৰ দশকত এদিন পেনফিল্ডে মস্তিষ্কৰ অস্ত্ৰোপচাৰ হ’বলগীয়া মহিলা এগৰাকীৰ লগত কথা পাতি পাতি তেওঁৰ মস্তিষ্টটোৰ বিভিন্ন অংশ এডাল ইলেকট্ৰ’ডেৰে পৰীক্ষা কৰি আছিল৷ (ইলেকট্ৰ’ড হ’ল বিদ্যুৎ সুমুৱাই দিবলৈ বা উলিয়াই নিবলৈ ব্যৱহাৰ কৰা পৰিৱাহী) ইলেকট্ৰ’ড হ’ল বিদ্যুৎ সুমুৱাই দিবলৈ বা উলিয়াই নিবলৈ ব্যৱহাৰ কৰা পৰিবাহী) ইলেকট্ৰ’ডডালেৰে মৃদু বিদ্যুৎ প্ৰৱাহ পঠাই তেওঁ ৰোগিণীৰ মস্তিষ্কৰ কোনটো কোনটো অংশই ৰোগিণীৰ কথা কোৱা, গতি কৰা আদি নিয়ন্ত্ৰণ কৰে তাকে চাব খুজিছিল, যাতে অস্ত্ৰোপচাৰত ৰোগাক্ৰান্ত অংশটো কাটোঁতে সেইবোৰ লাগতিয়াল অংশ কটা নাযায়৷ ইলেকট্ৰ’ডডাল মস্তিষ্কৰ এটা অঞ্চলত লগাই বিদ্যুৎ প্ৰৱাহ পঠোৱাৰ লগে লগে মহিলাগৰাকীয়ে তেওঁৰ অতীতৰ দিনৰ দৃশ্য কিছুমান দেখিবলৈ ধৰিলে, আনকি সেইদিনৰ ওচৰ-চুবুৰীয়াৰ হাইউৰুমিও শুনিবলৈ ধৰিলে৷ ইলেকট্ৰ’ডডাল এৰুৱাই দিলে তেওঁ দৃশ্যটো নেদেখা হয়, লগাই দিলে আকৌ দেখা পায়৷
পেনফিল্ডে বুজি পালে যে তেওঁ সেয়া এটা ডাঙৰ আৱিষ্কাৰ কৰিলে৷ তেতিয়ালৈকে স্মৃতিক মনৰ অৱস্থা বুলিহে ডাক্তৰসকলে ভাবি আহিছিল৷ মস্তিষ্কত যে স্মৃতিৰ ঠাই বিচাৰি পাব সেইটো তেওঁলোকে ভবাই নাছিল৷ পেনফিল্ডে আৱিষ্কাৰ কৰিলে যে মস্তিষ্কটোৰ দুয়োফালে ওলাই থকা টেম্প’ৰেল ল’ব নামৰ অংশটোত আমাৰ স্মৃতিশক্তি থাকে৷ এই অঞ্চল দুটা আমাৰ মূৰৰ কুম দুটাৰ তলতে থাকে৷

এই পৰীক্ষা আন আন ৰোগীৰ গাত কৰিও একেই ফল পোৱা গ’ল৷

মস্তিষ্কৰ একোটা বিশেষ অঞ্চলত স্মৃতি জমা হৈ থাকে বুলি পেনফিল্ডে আৱিষ্কাৰ কৰা কথাটো অন্য চিকিৎসা বিজ্ঞানীসকলে বহু দিনলৈ মানি লোৱা নাছিল৷ কিন্তু ১৯৫০ অৰ দশকত কিছুমান মৃগী ৰোগীৰ ৰোগ নিৰাময়ৰ বাবে টেম্প’ৰেল ল’ব কাটি পেলোৱাত দেখা গ’ল যে তেওঁলোকে কেইমিনিটমান আগৰ কথাও মনত ৰাখিব নোৱাৰা হৈছে৷ মূৰৰ আঘাত, ষ্ট’ক আদিৰ পাছতো বহুতৰে এনে হোৱা দেখা গ’ল৷

চিকিৎসা বিজ্ঞানীসকলে আৰু আৱিষ্কাৰ কৰিলে যে স্মৃতি সাঁচি ৰাখিব পৰাটো আমাৰ বাবে যিমান প্ৰয়োজনীয়, পাহৰি যাব পৰাটোও আমাৰ বাবে সিমানেই প্ৰয়োজনীয়৷ পুৰণি কথা পাহৰি যোৱা বাবে আমি নতুন কথা আৰু নতুন সময়ৰ লগত খাব খাব পৰাকৈ উপযুক্ত হৈ থাকোঁ৷ তদুপৰি পাহৰণিয়ে স্মৃতিৰ ভঁৰালৰ একোটা অংশ খালী কৰি তাক নতুন স্মৃতিৰ বাবে মুকলি কৰি ৰাখি থয়৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক