আমিবোৰ এদিন সাধু হ’ম – জ্যোতিমণি দেৱী

পৃথিৱীৰ এটা প্ৰান্তত ৰৈ তেওঁক চালোঁ
দেখিলোঁ সোঁফাল
আনটো প্ৰান্তৰ পৰা বাওঁফাল
এবাৰ তেওঁৰ শিৰৰ সীমাত ৰ’লোঁ
ছোঁ মাৰি আকাশ চোৱা ঈগলৰ ছাঁ এটি
যেন এটি শিলৰ বুকুত
পৰি আছে অপৰাহ্ণত ডুবি
শূন্যত ওলমি ৰৈ দেখিলোঁ
দুলি আছে তেওঁ
দোলকৰ গতিত এবাৰ ইফালে
এবাৰ সিফালে—
তেওঁৰ কাষত ৰৈয়ো চাইছোঁ
আপাদমস্তক চুই শিহৰিত হৈছোঁ কতবাৰ
তথাপি তেওঁক বুজা নহ’ল
তথাপি তেওঁক চোৱা নহ’ল
বহুকথাই শুনিলোঁ তেওঁৰ
বাকী ৰ’ল বহু
আকাশ কজলা হোৱা এটি ঋতুত
তেওঁৰ উৰ্ধমুখী নীৰৱ চাৱনি
বধিৰতাত ডুবি থকা জোনাক
চকামকা বিজুলীত
মৌন ওঁঠৰ কঁপনিত
তেওঁক সিদিনা দেখিলোঁ
এটি মহাকাব্যিক চৰিত্ৰ সাজত
তেওঁ ধৰা দিলে এজাক বৰষুণ হৈ
বৰষুণ মহাসাগৰ হোৱা কাহিনীটো
এতিয়া কিংবদন্তি
কাণখোৱাৰ সাধুৰ দৰে
শিশুক ফুচুলাই লেবেজান কৰা সাধু
কিজানিবা মোৰ বাবেও—
“ঘুমটি যাৱৰে অ’ৰে কানাই
হুৰে কাণেখোৱা আসে
সকলো শিশুৰে কাণ খাই খাই
আসয় তোমাৰ পাশে”
এটি নিচুকনি গীত
নীতিশিক্ষাত পালোঁ—
বৈ যোৱা নৈয়ে থমকি নাচায় নিজক
আমিবোৰ
এদিন সাধু হ’ম
সাধু–
কোনোবাই ক’ব—
’শিয়ালা গোঁসায়ে মুকুতি পালেই
মৰনৈবোৰ নদী হ’ব’
আপোন কক্ষত ৰৈ
তৰাবোৰে ভ্ৰুকুটি কৰিব
হাঁহিব
সিহঁতেও ক’ব
আমিবোৰ এদিন সাধু হ’ম
সাধু—!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক