আমিষ চলচ্চিত্ৰ আৰু ভক্ষণোন্মাদ যৌন বিকৃতি– উচ্চজিৎ দশগিৰি

(১৮ বছৰৰ তলৰ বাবে নহয়, এয়া ডাঙৰৰ সহায় নোলোৱাকৈ নপঢ়িব৷ দীঘলীয়া হোৱা বাবে বিৰক্তিদায়ক হ’লে সেয়া লিখকৰ সীমাবদ্ধতা বুলি মানি লৈছোঁ)

৯৮/- টকা প্ৰদান কৰি লেপটপত Moviesaints নামৰ ৱেবছাইটটোত “আমিষ“ নামৰ অসমীয়া বোলছবিখন চালোঁ আৰু তলত মোৰ সম্পূৰ্ণ সমালোচনা দাঙি ধৰিলোঁ৷ মই আমিষ নোচোৱাকৈ আমিষৰ কথা লিখি আছোঁ বুলি যি অভিযোগ উঠিছে সেয়া এতিয়া দূৰ হ’ল৷ মই আমিষৰ কাহিনী শুনি কৰা মূল মন্তব্যবোৰৰপৰা অলপো ফালৰি নাকাটোঁ৷ মই তলত বিভিন্ন তথ্য দিম৷ যিসকল সঁচা অৰ্থত অনুসন্ধিৎসু তেওঁলোকে তথ্য আৰু মোৰ বিশ্লেষণ চালিজাৰি চাব বুলি আশা ৰাখিলোঁ৷ মই কিছু দীঘলীয়াকৈ লিখিম৷

প্ৰথমতে কিছু ব্যক্তিগত কথা কৈ লওঁ৷ কোনো নঞৰ্থক বা বীভৎসতা বা অশান্তি-অসূয়া ভৰা গল্প, উপন্যাস, চলচ্চিত্ৰ, নাটক আদিয়ে মোক নঞৰ্থকভাৱে প্ৰভাবিত কৰাৰপৰা মই নিজকে মুক্ত কৰি ৰাখিব পাৰোঁ৷ অন্যকথাত মোৰ মনত এইবোৰৰপৰা বেয়া প্ৰতিক্ৰিয়া বা অন্তৰ্দন্দ্ব বা অস্থিৰতা নোসোমায়৷ শ্ব(Saw-2004), “কেনিবেল হ’ল’কাষ্ট“ৰ দৰে চৰম বীভৎস কিন্তু নিপুণ পাৰদৰ্শিতাৰে নিৰ্মিত চলচ্চিত্ৰ চায়ো মই নিৰ্বিকাৰ আছিলোঁ (আমি ছয়জনমানে “কেনিবেল হ’ল’কাষ্ট“ চিনেমাখন লগাই লোৱাৰ বিশমিনিটমানতে বাকীবিলাকে উঠি গৈছিল অতিশয় বিপৰ্য্যস্ত হৈ আৰু আমি মাত্ৰ দুজনে সেইখন চাই শেষ কৰিছিলোঁ৷ বীভৎসতা সহ্য কৰিব নোৱাৰা কোনেও যাতে সেইখন বা তেনে চিনেমা নাচায় সেয়া সকীয়াই দিলোঁ কাৰণ চাক্ষুষ বীভৎসতাই তেনেকুৱা দৃশ্য চাব নোৱাৰা যিকোনো বয়সৰ মানুহক মানসিকভাৱে বহু দূৰলৈ বিপৰ্য্যস্ত কৰিব পাৰে৷ বীভৎসতা মানে মই সাধাৰণ চিনেমাবোৰত দেখুওৱা গুলী মাৰি বা ঘপিয়াই সাধাৰণভাৱে মানুহ হত্যা কৰাক বুজোৱা নাই আৰু তাৰ ওপৰত মই ইয়াত বৰ্ণনা নকৰোঁ)৷ মোৰ কোনো ভূত-প্ৰেত, দেৱতা-ভগৱানৰ প্ৰতি ভয়-ভক্তি-বিশ্বাস একো নাই আৰু সেয়েহে কোনো হৰৰ চিনেমা চাই মই ভয় নাখাওঁ বা বিতত নহওঁ তথা সপোন-চপোন একো নেদেখোঁ৷ মই ১৮ বছৰ বয়সৰপৰা ঘিটমিটীয়া আন্ধাৰত গাঁৱলীয়া নিৰ্জন ৰাস্তাৰে নিজম নিশা ১২ বজাত চাইকেল চলাই আহি থাকি ভয় নাখাওঁ যদিহে অপৰাধী চোৰ-ডকাইতে নোলায়৷ মস্ত ধুমুহাত, যোৱা ত্ৰিশ বছৰে এতিয়ালৈকে সন্মুখীন হোৱা কোনো ভূমিকম্প আদিত মই বৰ বেছি বিতত নহওঁ, মাত্ৰ মূৰত একো ভাগি নপৰা স্থান বিচাৰি উলিৱাও৷ এইখিনি পঢ়ি যদি মোক কিছু পৰিমাণে খামীডাঠ আৰু উন্নাসিক ব্যক্তি যেন লাগিছে সেয়া মই হয়৷ পিছে কিন্তু এটা আছে, মই ঘৰত বহি থাকোঁতে (ঘৰৰ বাহিৰত নহয়) যদি মোৰ ভৰিত বা মোৰ ওচৰেৰে নিগনি, ইন্দুৰ বা চিকা এটা দৌৰি যায় মই একেজাপে চোফাত উঠোঁ বা দুৰলৈ যাওঁ আৰু সেই Rodent-টো নেখেদালৈকে অশান্তি লাগি থাকে৷ গোটেই ৰাতি টোপনি খতি কৰি এটা নিগনি জালত পেলাবলৈ চেষ্টা কৰি পাইছোঁ কাৰণ নিগনিটো কোঠাটোত দৌৰি থকালৈকে মোৰ টোপনি নাহে৷ গভীৰ পানীলৈ মই ভয় কৰোঁ কাৰণ মই সাতুৰিব নাজানো কিন্তু নাও বা জাহাজত উঠিবলৈ বা পুখুৰী, সাগৰ বা নদীৰ পানীত ডিঙিলৈকে গা ধুবলৈ ভয় নালাগে৷ যিকোনো আপোনজনৰ বা চিনাকি মানুহৰ অকাল মৃত্যুৱে বা স্বাভাবিক মৃত্যুৱেও মোক বাৰুকৈয়ে বিচলিত কৰে আৰু অতিশয় মনোকষ্ট পাওঁ (অকালমৃত্যু এতিয়ালৈকে কিছুবাৰ দেখিছোঁ আৰু প্ৰত্যেকবাৰেই প্ৰকাশ্য বা অপ্ৰকাশ্য বেদনাত বহুদিন কটাইছোঁ)৷ ভাল সম্পৰ্ক থকা যিকোনো ব্যক্তিৰ লগত (আনকি যদি ফে’চবুকৰো ভাল চিনাকি হয়) কিবা কথাত লাগি বা ভুল বুজাবুজি হৈ ব্যক্তিগত সম্পৰ্ক বেয়া হয়, মই খুব মনোকষ্ট পাওঁ আৰু সেয়া ভাললৈ ননালৈকে মই অন্তৰ্দন্দ্বত ভুগোঁ৷ কোনোবা আপোনজন বা সাধাৰণ চিনাকি বা হস্পিটেল আদিত যিকোনো ব্যক্তিয়ে শাৰীৰিক বা মানসিক পীড়াত ভোগা দেখিলে মোৰ মনত কষ্ট হয় আৰু শুশ্ৰূষা কৰি থাকিলেও যেন একো কৰি দিব পৰা নাই তেনে শূন্যতাত ভুগোঁ৷ ইয়াতকৈ বেছি নিজৰ মনোজগত ৰাজহুৱাভাৱে বিশ্লেষণ কৰিব খোজা নাই৷ এইখিনি কথা এইকাৰণেই ক’লোঁ যে শিল্পকৰ্মৰ অশান্তি, অসূয়া, বীভৎসতা, অন্ধবিশ্বাসৰ ভয়, প্ৰাকৃতিক দুৰ্য্যোগ ইত্যাদি একোতে বিতত নহওঁ অথচ মই ব্যক্তিগত মানৱ সম্পৰ্ক আৰু দৈহিক বাস্তৱৰ জীৱনত শাৰীৰিক বা মানসিক অশান্তিৰ ক্ষেত্ৰত অতি সংবেদনশীল৷

আমিষৰ ৰিভিউ লিখিবলৈ বহি এই হালিচা লিখাৰ কাৰণ হ’ল আমিষ চাই মোৰ একো ওকালি অহাও নাই আৰু একো অন্তৰ্দন্দ্ব বা নুবুজা সাঁথৰ আদিও মনলৈ অহা নাই কিন্তু যিসকলে আমিষ চাই উঠি বিচলিত হোৱা বুলি লিখিছে বা মাংসখোৱাৰ প্ৰতি ঘৃণা অহা বুলি কৈছে, তেওঁলোকৰ প্ৰতি মই সহমৰ্মিতা দেখুৱাম আৰু যদি অজানিতে চোৱা কোনোবাৰ কালাচাৰেল শ্বক পাই চৰম মানসিক বিপৰ্য্যয় ঘটে তাতো আচৰিত নহওঁ৷

তলত সমালোচনা পঢ়ক৷ মই চিনেমা এনেকৈয়ে চাওঁ৷

(The film Aamis and Vorarephilia)

আমিষ চাই উঠি মই আগতে দিয়া একো মন্তব্য উঠাই নলওঁ৷ প্ৰথম কথা হ’ল আমিষ এইটো শৈলীৰ এই বিশেষ বিষয়টোত খুব সম্ভৱ প্ৰথম ভাৰতীয় চিনেমা৷ অভিনয় যথেষ্ট ভাল, যদিও মোৰ চিনেমাৰ প্ৰযুক্তিগত দিশৰ কোনো পুথিগত জ্ঞান নাই কিন্তু চাই যি বুজি পাওঁ সেই অনুসৰি ক’ম যে যথেষ্ট উন্নত দৃশ্যগ্ৰহণ আৰু পৰিচালনা সুদক্ষ৷ আমিষৰ পৰিচালকে কথানদীৰ যোগেদি ইতিমধ্যে নিজৰ প্ৰশংসনীয় চিনেমা নিৰ্মাণ শৈলীৰ দৃষ্টান্ত দাঙি ধৰিছেই আৰু এইখনৰ যোগেদি তাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে৷ পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপে হাজৰিকা অতি উন্নত মাপৰ৷ অভিনয়ত সাগৰ সৌৰভৰ অভিনয় খুব ভাল হৈছে, মূল নাৰী চৰিত্ৰটোৰ অভিনয় (লিমা দাস) উৎকৃষ্ট হৈছে তথা সুমনৰ চৰিত্ৰটোও ভালকৈ ফুটাই তুলিছে অৱশ্যে অৰ্ঘ্য বৰুৱাই সংলাপ প্ৰক্ষেপণৰ বাবে আৰু অনুশীলন কৰা উচিত৷ বাকী সৰু-সৰু চৰিত্ৰবিলাকৰ অভিনয়তো একো জঠৰতা নাই৷ সংগীত উন্নত আৰু যথোপযুক্ত৷

কিন্তু চিনেমা হিচাপে বাকী সকলো দিশত ঠিক থাকিও এইখন চিনেমাই সামগ্ৰিকভাৱে মোক নিৰাশ কৰিছে আৰু পৰিচালকলৰ মানৱীয় দায়বদ্ধতালৈ কিছুমান স্পষ্ট প্ৰশ্ন আছে আৰু তাৰ কাৰণ চিনেমাত দেখুওৱা নৰমাংসভক্ষণ নহয়৷

হিন্দী হৰৰ চিনেমা “পুৰাণা মন্দিৰ“ক লৈ এটা পুৰণি কৌতুক আছে৷ চিনেমাখনৰ প্ৰথমাংশত দুশবছৰ আগতে “শাম্ৰী“ নামৰ পিশাচটোক জ্বলাই নামাৰি (যদিও জ্বলোৱাৰ প্ৰস্তাৱ আহিছিল) শিৰশ্ছেদ কৰা হৈছিল যাতে তাৰ পুনৰ উৎপত্তি নহয়৷ পিছে তাৰ পুনৰাৱিৰ্ভাব হয় ২০০ বছৰ পিছত আৰু চিনেমাৰ শেষাংশত সেই শাম্ৰীকে জ্বলাই মৰা হয় যাতে সি নিঃশেষ হৈ যায় আৰু সেয়াই হয়৷ পিছে পৰিচালক মহোদয়ে শাম্ৰীক ২০০ বছৰ আগতে জ্বলাব নিদিয়াৰ কাৰণটো কি হ’ল, হাস্যকৰ স্ববিৰোধ৷ বলীউদত (আনকি হলীউদতো) এনে স্ববিৰোধ পাব৷ কিন্তু আজিকালিৰ ভাল পৰিচালকে এইবোৰ তুলুঙা স্ববিৰোধ এৰাই চলে৷ গতিকে ভাস্কৰ হাজৰিকাই “আমিষ“ত এনেকুৱা স্ববিৰোধ কিয় দেখুৱাইছে৷ নায়িকা আৰু নায়ক বিশেষকৈ নায়িকা বিবাহৰ নৈতিকতাৰ প্ৰতি ইমানেই সচেতন যে বাৰে বাৰে অকলশৰে লগ পাই থাকিও বা অৱকাশ থাকিও তেওঁলোকে শাৰীৰিক সম্পৰ্ক নকৰে অথচ এইটো সম্পূৰ্ণ গম পোৱা যায় যে তেওঁলোক ইটোৰ প্ৰতি সিটো কামনাৰে আকৃষ্ট৷ বিবাহৰ নৈতিকতা মাত্ৰ সমাজে বান্ধি দিয়া নৈতিকতা আৰু লুকাই-চুৰকৈ সেয়া ভঙ্গ কৰাটো সামাজিকভাৱে অনৈতিক হ’লেও জৈৱিক দৃষ্টিত বা মানৱীয়তাৰ (মানুহক যদি কেৱল প্ৰাকৃতিক জীৱ বুলি লোৱা হয়) দৃষ্টিত সেয়া একো ডাঙৰ অপৰাধ নহয়৷ কিন্তু ইমান নৈতিক চৰিত্ৰ দুটাই বা এটাই স্বমাংসভক্ষণ বা সঙ্গীৰ দেহ ভক্ষণ কৰিবলৈ যাওঁতে বা পিছত অইন কাৰোবাক হত্যা কৰিবলৈ যাওঁতে নিজৰ নৈতিকতাই তেওঁলোকক কিয় ৰোধ কৰিব নোৱাৰিলে৷ চিনেমাখন চাই উঠি নৰমাংসভক্ষণ দেখি বেয়া পোৱা মানুহবোৰে একো উত্তৰ নাপাই পৰিচালক আৰু কাহিনীৰ নিকৃষ্টতাক গালি পাৰিছে৷ আনকি চিনেমা হিচাপে ’আমিষ’ খুব ভাল পোৱা মানুহেও এই প্ৰশ্নৰ একো উত্তৰ নাপাই নান্দনিকভাৱে বীভৎস নৰভক্ষণৰ সূত্ৰ এটা দিছে আৰু কৈছে এয়া চাগে প্ৰতীকধৰ্মিতা আৰু ৰূপক, বেচেৰাহঁতক নৈতিকাতই বাধা দিয়া কাৰণে শাৰিৰিক মিলন কৰিবলৈ নাপাইহে এই অভিনৱ উপায় উলিয়াইছে৷ পিছে মোৰ প্ৰশ্ন হ’ল কোনখন আধুনিক মানৱ সমাজে স্বভক্ষণৰ অনুমোদন দিয়ে৷ নৈতিকতাৰ ধাক্কা কিয় লগা নাই চৰিত্ৰ দুটাৰ গাত৷ কোনোবা আধুনিক মানুহ সামাজিক দিশত ইমান নৈতিক হৈ মানৱীয় দিশত ইমান অনৈতিক হ’ব পাৰেনে? পৰিচালকে দৰ্শকক উত্তৰ নিদিলে আৰু প্ৰথমবাৰৰবাবে এনে চিনেমা চোৱা দৰ্শকৰ মাজত হাহাকাৰ, শ্বক লাগি বেয়া পোৱাই গালি দিছে আৰু শ্বকটোত আচৰিত হোৱাসকলে একো উত্তৰ নাপাই চিনেমাৰ নান্দনিকতাত আশ্ৰয় লৈছে৷ তাৰে মাজতে পৰিচালকে মৰা গুগলীত ধৰাশায়ী হৈ কিছুমানে ইয়াত প্লেট’নিক প্ৰেম বিচাৰি আছে, বিচৰায়ে নহয় অপূৰ্ব, ধনাত্মকভাৱে অতুলনীয় প্ৰেম আৰু মিলন বিচাৰি পাইছে৷ বেছিভাগ দৰ্শকৰে সেই অজ্ঞতা স্বাভাৱিক আৰু সেইকাৰণে মই পৰিচালকৰ সমগ্ৰ সাধাৰণ দৰ্শকৰ প্ৰতি মানৱীয় দায়বদ্ধতাক আৰু চিনেমাখনত বিষয়টোৰ সততা নেদেখুওৱাৰ ইচ্ছাকৃত প্ৰচেষ্টাক (কোনো অসমীয়া দৰ্শক, ভাৰতীয় দৰ্শক আদি বুলি নহয় পিছে) লৈ প্ৰশ্ন কৰিছোঁ৷ আশাকৰোঁ পৰিচালকে নিজৰ পিছৰ চিনেমাত এই দিশটো আওকাণ নকৰে৷ যদিহে কোনোবাই ভাবিছে যে মানুহৰ মানু্হৰ প্ৰতি একো দায়বদ্ধতা নাই তেন্তে এই পৃথিৱীত অইন একো দিশতো আমি দায়বদ্ধ নহয়৷

বাৰু এতিয়া আহোঁ চিনেমাৰ স্ববিৰোধলৈ৷ কিয় নৈতিকতা মানি চলা নায়ক-নায়িকাৰ এই অধঃপতন৷ অধঃপতন তেতিয়া ঘটে যেতিয়া জৈৱিক তাড়নাই নৈতিকতাক গ্ৰাস কৰে আৰু তাড়নাটো শক্তিশালীভাৱে অন্তৰ্নিহিত হৈ থাকে৷ গতিকে কি এই তাড়নাৰ নাম৷

তাৰে আগতে আমাৰ পৰিচালকে সাক্ষাৎকাৰত মৰা এটা গুগলীৰ কথা কওঁ৷ গুগলী ক্ৰিকেটখেলত স্পিনাৰে দিয়া এটা বল যিটো ওলোটাফালে স্পিন কৰে৷ বহু বেটাৰু এই বলত আউট হয়৷ আমাৰ পৰিচালকে কৈ দিলে যে তেওঁ ’আমিষ’ নিৰ্মাণ কৰোঁতে জাপানীজ (ফৰাছী যুটীয়া প্ৰযোজনাৰ) ছবি In the Realm of Senses-ৰ দ্বাৰা কিছু প্ৰভাবিত হৈছে৷ আমাৰ সাংবাদিক বা কিছু পৰিমাণে সচেতন দৰ্শকো এই গুগলীত আউট৷ In the Realm of Senses-ৰ মূল বিষয় হৈছে “শ্বাসৰোধোন্মাদ যৌন বিকৃতি“ (asphyxiophilia)৷ এতিয়া আমি জানিব লাগিব যে যৌনোন্মাদ বিকৃতি বা পাৰাফিলিয়া (paraphilia) মানে কি? পাৰাফিলিয়া হ’ল বিভিন্ন অস্বাভাবিক যৌন আগ্ৰহ য’ত বেছিভাগেই হয় নিজৰ বাবে বা অইন কাৰোবাৰ বাবে বিপজ্জনক হৈ পৰে বা হ’ব পাৰে আৰু বেছিভাগ ক্ষেত্ৰতে বিভিন্ন অপৰাধ আনকি হত্যাৰো জন্ম দিব পাৰে৷ এতিয়া বহুলভাৱে পৰিচিত পেডোফিলিয়া (শিশুৰ প্ৰতি যৌনোন্মাদ) হ’ল তেনে এক প্ৰকাৰৰ পাৰাফিলিয়া৷ এতিয়ালৈকে ৫০০ৰো বেছি ধৰণৰ পাৰাফিলিয়াক চিহ্নিত কৰা হৈছে তাৰ ভিতৰত পেডোফিলিয়া আৰু “প্ৰদৰ্শনোন্মাদ যৌন বিকৃতি“ (exhibitionism, নিবিচৰাকৈ অন্যক নিজৰ জননাঙ্গ প্ৰদৰ্শন) আদিৰ পৰিমাণ বেছি৷ পাৰাফিলিয়া নাৰী আৰু পুৰুষ উভয়ৰে থাকিব পাৰে আৰু একাধিক পাৰাফিলিয়াৰ অৱস্থিতি একেজন ব্যক্তিৰ দেহত থাকিব পাৰে৷

In the Realm of Senses-ৰ মূল বিষয় “শ্বাসৰোধোন্মাদ যৌন বিকৃতি“ও (asphyxiophilia) হ’ল এক ধৰণৰ পাৰাফিলিয়া৷ ইয়াত মগজুলৈ অক্সিজেন যোৱাত বাধা দি মানুহে যৌনক্ৰিয়া কৰে৷ এইখন চিনেমাত তেনে এক কাৰণত আৰু ঈৰ্ষাৰ বশৱৰ্তী হৈ নায়িকাই নায়কৰ শ্বাসৰোধ কৰি যৌনক্ৰিয়াৰ সময়ত হত্যা কৰে আৰু পিছত নায়কৰ যৌনাংগ কাটি নিজৰ লগত কেইবাদিনলৈ ৰাখি থয়৷ আৰু এই ভয়ঙ্কৰ ঘটনাটো কোনো কাল্পনিক ঘটনা নহয়, বৰঞ্চ চাদা আবে (Sada Abe) নামৰ জাপানীজ মহিলাগৰাকীৰ জীৱনৰ বাস্তৱ কাহিনী৷ পিছে আমাৰ আমিষৰ পৰিচালকে এইখন চিনেমাৰ লগত সাদৃশ্য থকা বুলি কৈ ৰাইজক আভুৱা ভাৰিছে৷ আমিষত পাৰাফিলিয়া আছে কিন্তু সেয়া asphyxiophilia নহয়৷ In the Realm of Senses-ত নায়িকাই নায়কৰ যৌনাংগ প্ৰেমিকক হেৰুৱাই কাটি ৰাখে মানে মাংস কাটে, বচ সেইখিনিয়ে আমিষৰ লগত মিল আৰু বিষয়বস্তুৰ বাকী মিল নাই৷ কিন্তু এইটো গুগলী এইকাৰণে মৰা হৈছিল যাতে তাত ধৰাশায়ী হৈ সচেতন দৰ্শকেও আন কোনো চিনেমাৰ লগত সাদৃশ্যৰ মাপ ল’বলৈ নাযায়৷ কিবা কাৰণত আমিষৰ পৰিচালকে/পৰিকল্পনা দলে অৰিজিনেলিটীৰ বাহ বাহ বুটলিবলৈ এয়া কৰা যেন লাগিল৷

কিন্তু সাধাৰণ দৰ্শকে উত্তৰ নোপোৱা এক বিৰল কিন্তু মনোৰোগবিজ্ঞানত জ্ঞাত পাৰাফিলিয়া আমিষত দেখুওৱা হৈছে আৰু সেয়া হৈছে “ভক্ষণোন্মাদ যৌন বিকৃতি“ বা Vorarephilia. এই বিকৃতিত নিজৰ যৌন সঙ্গীক খোৱা আৰু নিজকে যৌন সঙ্গীৰ দ্বাৰা ভক্ষণ কৰোৱাৰ তীব্ৰ কামনা জাগে৷

আৰু এই বিষয়বস্তটোৰ কাৰণে আৰু তাক উপস্থাপনৰ মূল কৌশলটো শুনিয়ে মই আমিষক ২০১৬ চনৰ ফৰাছী হৰৰ-ড্ৰামা, RAW-ৰ চতুৰ আৰু শীতল অনুকৰণ (clever and cute/calm)বুলি কৈছোঁ৷ কেইগৰাকীমান RAW আৰু আমিষ দুয়োখন চোৱা দৰ্শকে সেয়া নহয় বুলি কৈছে আৰু দুই এজনে মোৰ এয়া অমূলক অভিযোগ বুলিও ভাবিছে৷

তলত মোৰ বিশ্লেষণৰ কাৰণবোৰ দিছোঁ –

১) RAW-ৰ মূল বিষয় হৈছে মাংসখোৱাৰ প্ৰতি তীব্ৰ তাড়নাৰ অন্তত দৰ্শকৰ সন্মুখত নায়িকা (জাষ্টিন) আৰু নায়িকাৰ ভনীয়েকৰ (এলেক্সিয়া) দেহত Vorarephilia বা চমুকৈ Vore-r উন্মোচন৷ RAW-ৰ এটা দৃশ্যত জাষ্টিনে এলেক্সিয়াক খঙত প্ৰথমতে আক্ৰমণ কৰে আৰু তাৰ পিছত লাহে লাহে দুয়োজনীয়ে ইজনীয়ে সিজনীৰ গাল, বাহু আদিত কামুৰি যৌন সুখানুভূতিৰ ফালে ঢাল খোৱা দেখুওৱা হৈছে৷ আমিষতো নায়িকা নিৰ্মালীৰ মাংসখোৱাৰ প্ৰতি তীব্ৰ তাড়নাৰ অন্তত নিৰ্মালী আৰু নায়ক সুমনৰ দেহত Vore-ৰ উন্মোচন৷ সঙ্গীৰ মাংস খোৱাৰ পিছত বা খোৱা/খুওৱাৰ ভাবটো আহিলেই নিৰ্মালী আৰু সুমনক কামনাত জৰ্জড়িত হোৱা দেখুওৱা হৈছে৷ এইদৰে জীৱ-জন্তুৰ মাংসখোৱাৰ তীব্ৰতাই সঙ্গীৰ মাংস খোৱালৈ সলনি হৈ হঠাৎ Vore-ৰ উন্মোচন হোৱা থীম প্ৰথম RAW-তে দেখুৱা হৈছিল ২০১৬ চনত৷ সেই থীমটোকে একেই ধৰণে আমিষত দেখুৱা হৈছে ২০১৯ চনত৷ মানে থীমটোৰ মূলটো সম্পূৰ্ণ RAW-ৰপৰা ধাৰ কৰা৷ মাত্ৰ দবাখেলৰ সুচতুৰ খেলুৱৈৰ দৰে পৰিচালকে ফৰাছীখনত থকা কেঁচা মাংস খোৱা/খুওৱা ৰক্তৰঞ্জিত পদ্ধতিৰ ঠাইত ৰান্ধি খুওৱা/খোৱাৰ এঙ্গলটো সুমুৱাই দিছে৷ তাৰ মূল কাৰণেই আছিল মোৰ বোধেৰে U/A চাৰ্টিফিকেট পোৱা আৰু নান্দনিকভাৱে বীভৎসতাখিনিক দেখাত কোমল কৰা৷ ভাৰতত তেওঁ জীৱ-জন্তুৰ কেঁচা মাংস আৰু বিশেষকৈ মানুহে সঙ্গীক কামুৰি খোৱা তেজেৰে লুতুৰি-পুতুৰি হোৱা দৃশ্য দেখুৱালে A চাৰ্টিফিকেটহে পালেহেঁতেন আৰু এতিয়া নান্দনিক বুলি বাহ বাহ দিয়া দৰ্শকৰো কিছুৱে নাক-মুখ কোঁচালেহেঁতেন, সেয়া আমাৰ পৰিচালকে বিচৰা নাছিল৷ (এইখিনিতে কৈ থওঁ যে Vore-ৰ থীমত মানে সঙ্গীক ভক্ষণকৰাৰ তীব্ৰ যৌন বাসনাক লৈ Trouble Every Day নামেৰে ২০০১ চনৰ আৰু এখন বিশিষ্ট ফৰাছী চিনেমা আছে৷ কিন্তু তাত প্ৰীডেটৰে নিজৰ যৌনসঙ্গী বিচাৰি থকাৰ কাহিনী আৰু এটাৰ পিছত এটা সঙ্গীক যৌনসংগমৰ সময়ত কামুৰি খাব খুজি হত্যা কৰা কাহিনী আছে৷ কিন্তু সেইখনত অন্যান্য জীৱ-জন্তুৰ মাংস খোৱাৰ তীব্ৰ বাসনাৰ শেষত অতৰ্কিতে Vore-ৰ উন্মোচন হোৱা নাই৷ )

অন্যান্য জীৱ-জন্তুৰ মাংস খাই খাই শেষত প্ৰীডেটৰ সঙ্গীৰ মাংস প্ৰথমবাৰ খোৱাৰ পিছতেই নৰমাংস ভক্ষণৰ তীব্ৰ বাসনা উৎপন্ন হৈ শেষত অতৰ্কিতে Vore-ৰ উন্মোচন হৈছে RAW আৰু আমিষ দুয়োখনতে৷

২)চিনেমাৰ আৰম্ভণিত RAW-ৰ তেতিয়ালৈকে নিৰামিষ নায়িকা জাষ্টিন প্ৰথমবাৰ শহাপহুৰ কেঁচা কিডনী খাই অসুস্থ হয় আৰু সেয়া জোৰ কৰি খুৱাইছিল জাষ্টিনৰ বায়েক এলিক্সিয়াই যি ইয়াত প্ৰকৃত প্ৰিডেটৰ আৰু জাষ্টিন তাইৰ ভিক্টিম৷ আমাৰ নিপুণভাৱে অনুপ্ৰাণিত আমিষৰ পৰিচালকে আৰম্ভণিতে নায়ক সুমনৰ নিৰামিষ বন্ধুৰ প্ৰথমবাৰ মাংস খাই এলাৰ্জি হোৱা দেখুৱায় আৰু তেনেকৈয়ে সুমনে চিকিৎসক নায়িকা নীৰ্মালিক লগ পায় আৰু প্ৰীডেটৰ সুমনে ভিক্টিম নীৰ্মালিক প্ৰথম কিহৰ মাংস আগবঢ়ায়, সেই একেই শহাপহুৰ মাংস অৱশ্যে কেঁচাই নহয় ৰান্ধি৷ বাহ কি চাতুৰ্য্য, তাৰ পিছত আমাৰ সুমনৰ ভেজিটেৰিয়ান বন্ধুৰ চিনেমাত আন একো কাম নাই৷ আমিষৰ পৰিচালকে প্ৰেক্ষাপটটো বদলাই দিলে চতুৰতাৰে৷ কিন্তু ভেজেটেৰিয়ানৰ প্ৰথমবাৰ মাংস খাই এলাৰ্জী/অসুস্থতা, সেইটো অজুহাতত দৰ্শকৰ বাবে প্ৰীডেটৰ আৰু ভিক্টিমৰ প্ৰথম এনকাউণ্টাৰ আৰু শহাপহুৰ মাংস এই মূল উপাদানকেইটা আৰম্ভণিতে একেই থাকিল৷ আমাৰ পাকঘৰত আলু-বিলাহীৰ পিটিকাও কৰিব পাৰি নাইবা ধনীয়া আৰু পিয়াজ অকণমান পেলাই দি আঞ্জা ৰান্ধিবও পাৰি, পিছে মূল আলু আৰু বিলাহী বুলি গম পোৱা যায়েই আৰু৷ আমিষৰ পৰিচালকে RAW-ৰ উপাদানকেইটা লৈ তাকেই কৰিলে৷ মাত্ৰ তাৰ কেঁচা মাংস, তেজ আদিবোৰ নোহোৱা কৰি ৰোমাণ্টিক কুকিং সুমুৱাই দিলে যাতে দৰ্শকে ঘূণাক্ষৰেও RAW-ৰ ফালে চাবলৈ নাযায়৷

৩) এতিয়া প্ৰশ্ন উঠিব পাৰে RAW-ত নায়িকা/ভিক্টিম জাষ্টিনৰ যৌনসঙ্গী হিচাপে এড্ৰিয়েনকহে দেখুৱাইছে আৰু এড্ৰিয়েনৰ তেনে কোনো যৌন বিকৃতি দেখুওৱা নাই৷ এইখিনিতে আমি জানিব লাগিব যে আগৰ কাহিনী এটা নতুনকৈ কওঁতে কেনেকৈ নতুনকৈ কোৱাজনে চৰিত্ৰৰ সংকোচন বা সম্প্ৰসাৰণ কৰে৷ কিন্তু তাৰ মানে মূলটোৰ অস্তিত্বক নমনাকৈ থাকিব নোৱাৰি৷ RAW-ৰ আচল প্ৰীডেটৰ হ’ল জাষ্টিনৰ বায়েক এলিক্সিয়া (যিটো পিছলৈ আমি গম পাওঁ) আৰু এলিক্সিয়াই জাষ্টিনৰ মাংসস্পৃহাত অৱদান যোগাইছে আৰু নিমাখিত সঙ্গী এড্ৰিয়েনে ইতিমধ্যে মাংসৰ সোৱাদ পাই লোভী হৈ উঠা জাষ্টিনক তাইৰ অনুৰোধত নিৰল ঠাইলৈ (গেচ ষ্টেচন) মাংস খুৱাবলৈ নিয়ে৷

এতিয়া আমি যদি এলিক্সিয়াৰ চৰিত্ৰটো এড্ৰিয়েন চৰিত্ৰটোত সমাহিত কৰি মাত্ৰ এটা চৰিত্ৰ কৰি দিওঁ আৰু দুয়োটা চৰিত্ৰৰ কাম একেজনেক কৰিবলৈ দিওঁ তেতিয়া আমিষৰ প্ৰীডেটৰ সুমনৰ জন্ম হয়৷ প্ৰীডেটৰ ৰূপী সুমনে ভিক্টিম নীৰ্মালিক মাংসৰ সোৱাদত পেলায় আৰু সেই সুমনেই নিমাখিত হৈ নিৰল বা exotic ঠাইলৈ নীৰ্মালিক তেওঁৰ অনুৰোধত বিভিন্ন আমিষ আহাৰ খুৱাবলৈ লৈয়ো যায়৷

৪) RAW-ত মূল নায়িকা/ভিক্টিম জাষ্টিনে যি প্ৰথমবাৰৰবাবে প্ৰীডেটৰ এলিক্সিয়াৰ মাংসৰ সোৱাদ পায় তাৰ পিছত আৰু বেলেগ মাংসৰ নাম নোলোৱা হয়, কেৱল নৰমাংস লগা হয়৷

আমিষ-ত নায়িকা/ভিক্টিম নীৰ্মালিয়ে যি প্ৰথমবাৰৰবাবে প্ৰীডেটৰ সুমনৰ মাংসৰ সোৱাদ পায় তাৰ পিছত আৰু বেলেগ মাংসৰ নাম নোলোৱা হয়, কেৱল নৰমাংস লগা হয়৷

৫) RAW-ত ঘটনাক্ৰমে নায়িকা/ভিক্টিম জাষ্টিনে প্ৰীডেটৰ এলিক্সিয়াৰ গাৰপৰা কাটি যোৱা আঙুলি খাই প্ৰথমবাৰৰবাবে নৰমাংসৰ(সঙ্গীৰ মাংস) সোৱাদ পায়৷

আমিষ-ত নায়িকা/ভিক্টিম নীৰ্মালিয়ে প্ৰীডেটৰ সুমনৰ গাৰপৰা কাটি দিয়া মাংস খাই প্ৰথমবাৰৰবাবে নৰমাংসৰ(সঙ্গীৰ মাংস) সোৱাদ পায়৷ আনকি সুমনে আঙুলি কাটি খুৱাবও বিচাৰিছিল৷

৬) RAW-ত প্ৰীডেটৰ এলিক্সিয়াই নিচাসক্ত ভিক্টিম জাষ্টিনক মৰ্গলৈ লৈ যায় য’ত জাষ্টিনে মৃতদেহৰ হাতখন খাব খোজে কিন্তু এলিক্সিয়াই বাধা দিয়ে৷ ইয়াত এটা ৰূপক আছে৷ এলিক্সিয়াৰ স্পৃহা আছিল আচলতে জাষ্টিনে তাইকহে খাওক, কিন্তু জাষ্টিনে মৃতদেহৰ মাংস খোৱাটো মনেপ্ৰাণে বিচৰা নাছিল৷ পিছৰ দৃশ্যত য’ত জাষ্টিনৰ এই প্ৰবৃত্তি ভিডিঅ’ত ধৰা পৰে আৰু জাষ্টিনে এলিক্সিয়াক আক্ৰমণ কৰে কিন্তু শেষত দুয়ো দুয়োকে কামুৰি খাই লাহে লাহে সন্তুষ্টি পাবলৈ ধৰে সি এয়া স্পষ্ট কৰে৷ ইয়াতে আমি মন কৰিবলগীয়া কথাটো হ’ল যদিও অন্য উপায় নহ’লে নৰমাংস খায় কিন্তু Vore-ত আক্ৰান্তই আচলতে যৌনসঙ্গীহকে খাবলৈ বিচাৰে৷

আমাৰ আমিষতো অকণমান বেলেগকৈ নিৰ্মালীয়ে সুমনক মৰ্গৰপৰা খাবলৈ মৃতদেহৰ হাত-ভৰি কাটি আনিবলৈ লৈ যায়৷ ইয়াতো সেই ৰূপকটো দেখা দিয়ে৷ যদিও শেষত সুমন মান্তি হয় সি বাৰে বাৰে নীৰ্মালিয়ে তাক খোৱাটোহে বিচাৰিছিল৷ সিয়ো মৃতদেহৰ মাংস খাবলৈ বাধা দিবয়ে খুজিছিল৷

৭) RAW-ত জাষ্টিনে সঙ্গী এড্ৰিয়েনক যৌনক্ৰিয়াৰ সময়ত কামুৰিব বিচাৰে কিন্তু কাৰুণ্যৰ বশৱৰ্তী হৈ নিজকে দমন কৰে৷ তাই সঙ্গীক আঘাত দিলে যে কষ্ট পাব সেয়া ভাবে৷

আমিষত নিৰ্মালীয়ে যদিও সুমনৰ মাংসৰ প্ৰতি কামনা জৰ্জড়িত হৈ থাকে তথাপি কাৰুণ্যৰে কয়, “মই তোমাক কষ্ট দিব নিবিচাৰোঁ৷“

৮) RAW -ত প্ৰীডেটৰ এলিক্সিয়াই নিৰল ঠাইত দুৰ্ঘটনা ঘটাই দুজন মানুহ মাৰে যাতে খাব পাৰে, লগত জাষ্টিনকো লৈ যায়৷

আমিষতো প্ৰীডেটৰ সুমনে খাবৰ বাবে নিৰল ঠাইত ৰিস্কাৱালা এজনক মাৰে৷ তাৰ পিছত ধৰা পৰে৷ এইখিনি সময়ত নিজৰ ভিতৰৰ নিমাখিত সুমনক প্ৰীডেটৰ সুমনে সম্পূৰ্ণৰূপে মাৰি পেলায় আৰু প্ৰীডেটৰ সুমন অৱধাৰিতভাৱে ধৰা পৰে৷

RAW-তো নিমাখিত এড্ৰিয়েনক প্ৰীডেটৰ এলিক্সিয়াই মাৰি পেলায় আৰু তাৰ পিছতে অৱধাৰিতভাৱে ধৰা পৰে৷ আমিষত মাত্ৰ এটা হত্যাকাণ্ড দেখুওৱা হৈছে, আৰু সুমনৰ ভিতৰৰ নিমাখিত জনৰ মৃত্যুটো ইম্প্লিচিট৷ RAW-ত দুটা হত্যাকাণ্ড দেখুওৱা হৈছে৷ ইয়াত এলিক্সিয়াৰ জাষ্টিনৰ একমাত্ৰ সংগী হ’বলৈ থকা ঈৰ্ষাটো ইম্প্লিচিট৷ কিন্তু দুয়োখন চিনেমায়ে Vorarephilia থকা এজন প্ৰীডেটৰে নিজৰ বাবে এগৰাকী সন্মতিপ্ৰাপ্ত ভিক্টিম (willing) বিচাৰিছে একেটা উপায়েৰে অৰ্থাৎ মাংস খুৱাই৷ RAW-ত এলিক্সিয়াই জাষ্টিনক প্ৰস্তুত কৰে আৰু আমিষত সুমনে নিৰ্মালীক প্ৰস্তুত কৰে৷ দুয়োখনতে প্ৰীডেটৰৰ প্ৰতি ভিক্টিমৰ কাৰুণ্য প্ৰকাশ পাইছে৷ জাষ্টিনে এলিক্সিয়াই এড্ৰিয়েনক মৰা সত্ত্বেও এলিক্সিয়াক প্ৰথমতে মাৰিবলৈ ওলায়ো শেষত চেনেহ দেখুৱায়৷ ঠিক তেনেকৈ নিৰ্মালীয়ে সুমন হত্যাকাৰী হৈ পৰা সত্ত্বেও সুমনৰ প্ৰতি প্ৰগাঢ় চেনেহ দেখুৱায়৷ আনহাতে দুয়োখনতে প্ৰীডেটৰে ভিক্টিমক হেৰুৱাৰ ভয় বিদ্যমান আৰু সেয়েহে নিজৰদ্বাৰা বা নিজকে ভক্ষণ কৰোৱাত বাদে অন্য বিপদৰ পৰা ৰক্ষণাবেক্ষণ দিবও বিচাৰে৷ মন কৰিবলগীয়া যে দুয়োখন চিনেমাত নৰমাংস খোৱাত বাদে বাকী অপৰাধ যেনে হত্যা কেৱল প্ৰীডেটৰেহে কৰে তাৰ কাৰণ হ’ল যাতে ভিক্টিম আইনৰ দ্বাৰা স্বীকৃত গুৰুতৰ অপৰাধী হৈ নপৰে যদিও তেনে নোহোৱাটো ইমপ্ৰেক্টিকেল আৰু মিছা আশা৷

৯) RAW-ত মুখ্য পটভূমি এখন পশু চিকিৎসা মহাবিদ্যালয়, তাৰ কাৰণ হ’ল বনৰীয়া বা ঘৰচীয়া সকলো জীৱ-জন্তুৰ বিষয়ে জ্ঞান আৰু সেইবোৰৰ সুলভ উপস্থিতি এখন পশু চিকিৎসা মহাবিদ্যালয়তহে সম্ভৱ৷

কিন্তু RAW-ৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পটভূমিটো আমাৰ আমিষৰ পৰিচালকে পোনপটীয়াকৈ নল’লে৷ কাৰণ তেনেকৈয়ে ল’লে মানুহে RAW-ৰ লগত প্ৰায় একে বুলি ক’বলৈ ডাঙৰ সুবিধা পালেহেঁতেন আৰু অসমৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হা্হাকাৰ লগোৱাৰ সম্ভাৱনা আছিল৷ গতিকে প্ৰচুৰ মেধাযুক্ত পৰিচালকে বিশ্ববিদ্যালয় কৰি দিলে কিন্তু বনৰীয়া-ঘৰচীয়া জন্তুৰ মাংস পোৱাটো বিশ্বাসযোগ্যভাৱে দেখুৱাবলৈ “মীট ক্লাব“টো সৃষ্টি কৰি দিলে৷ পিছে ভেটেৰনাৰী উপাদানটোৰে ইলিয়াছৰ চৰিত্ৰটো যোগ দিলে৷

এতিয়া আমিষৰ মূল বিষয়-বস্তুৰ RAW-ৰ লগত সম্পূৰ্ণ মিল (অন্যান্য জীৱ-জন্তুৰ মাংস খাই খাই শেষত প্ৰিডেটৰ সঙ্গীৰ মাংস প্ৰথমবাৰ খোৱাৰ পিছতেই নৰমাংস ভক্ষণৰ তীব্ৰ বাসনা উৎপন্ন হৈ শেষত অতৰ্কিতে Vore-ৰ উন্মোচন হৈছে RAW আৰু আমিষ দুয়োখনতে) আৰু মই সংকোচন, সংযোজনৰ সহায়ত দেখুৱা আওপকীয়া চৰিত্ৰগত আৰু পৰিসৰৰ মিলবোৰ যদি কোনোবাই কাকতালীয় বুলি ভাবে তেন্তে তেওঁলোকে কাউৰী আৰু তাল একোৱে চিনি নাপায় আৰু চতুৰ এডাপ্তেশ্যনৰ অ-আ-ক-খ একো বুজি নাপায়৷ The Telegraph-ত প্ৰিয়ঙ্কা ৰয় আৰু বিশিষ্ট বলীউদ চিত্ৰ সমালোচক সুভাষ কে ঝাই RAW-ৰ লগত আমিষৰ মিল আঙুলিয়াই দিছে কিন্তু বিস্তৃতভাৱে লিখা নাই৷ তেওঁলোকৰ বাধ্যবাধকতা থাকিব পাৰে, কিন্তু সাধাৰণ দৰ্শক হিচাপে মোৰ তেনে কোনো বাধ্য-বাধকতা নাই৷

আমিষৰ পৰিচালকলৈ কেইটামান মুকলি প্ৰশ্ন:

১) কাহিনীৰ মূল থীমটো আৰু আওপকীয়াকৈ প্লট, চৰিত্ৰ সকলোবোৰ আপুনি RAW-ৰপৰা লৈছে৷ অন্য কেইখনমান চিনেমাৰ দ্বাৰাও সামান্য অনুপ্ৰাণিত হৈছে৷ কিন্তু দৰ্শকক গুগলী দি কেৱল In the REalms of sense-ৰ নাম লৈছে যাৰ প্ৰভাৱ প্ৰায় সামান্য৷ আপোনাৰ এই দিফ্লেক্সনৰ কৌশল কিয়? থীমৰ অৰিজিনেলিটীৰ মিছা হেঁপাহ এটা নাজাগিলেও আপোনাৰ চিনেমাখন আপোনাৰ হৈ থাকিলহেঁতেন কাৰণ পৰিচালক হিচাপে আপুনি যথেষ্ট প্ৰতিভাবান৷ এয়া আপোনাৰ নিজা মগজুৰ উদ্ভৎ চিন্তা নহয়, সেয়া মানি ল’লেও চিনেমাখনৰ একো হানি নহ’লহেঁতেন৷ আপুনি হয়তো আইনীভাৱে নফচিব, সেয়া RAW-ৰ টীমে চিনেমাখন চাই কি কয় বা? অৱশ্যে আপুনি হয়তো RAWখন অসমীয়াত নিৰ্মাণ কৰিবলৈ তেওঁলোকৰপৰা অগতীয়া অনুমতি লৈ থ’বও পাৰে, মাত্ৰ ৰাইজক জনোৱা নাই৷ সেইটো কথাত মোৰ বৰ বেছি আপত্তি নাই৷ কিন্তু আপুনি নিজে কাহিনীটো মৌলিকভাৱে ভাবি উলিওৱা বুলি নিজৰ লগতে আনকো আভুৱা ভাৰি নাথাকিব৷ আগতে বলীউদৰ ভাল পৰিচালকেও সেইবোৰ কৰিছিল৷ কিন্তু এতিয়া তথ্যৰ যুগত বলীউডৰ ভাল পৰিচালকে সেইবোৰ কৰিবলৈ এৰিছে আৰু স্বত্ব্ব লৈহে কাহিনীৰ ভাৰতীয় ৰূপত নিৰ্মাণ কৰিবলৈ লৈছে যেনে শেহতীয়া “অন্ধাধুন“ ছবিখন যিখন এখন চুটি বিদেশী ছবিৰ Adaptation৷ আপুনি এইবোৰ কথা বুজি পায়ে বাৰু সেয়া মই জানো৷

২) এইখন চিনেমা সম্পূৰ্ণৰূপে মানসিক যৌন বিকৃতি VoRarEPHilia আৰু তাৰ অন্য এক ফৰ্ম Macrophilia-ৰ ওপৰত নিৰ্মিত৷ আপুনি দৰ্শকৰ প্ৰতি দায়বদ্ধ হৈ সেই কথাটো চিনেমাখনত উল্লেখ কৰিব লাগিছিল৷ বিভিন্ন পাৰাফিলিয়াৰ প্ৰতি গৰিষ্ঠ সংখ্যক শিক্ষিত, অল্পশিক্ষিত দৰ্শকৰ স্বাভাবিক অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকক সততাৰে চিনেমাৰ বিষয়-বস্তুটো দাঙি নধৰিলে৷ আৰু এয়া আপুনি অজানিতে কৰা নাই৷ জানি-শুনি বেছিভাগ দৰ্শককে শ্বক দি সেই শ্বক ভেল্যুৰে চিনেমাখনৰ মাৰ্কেটিং আপোনাৰ লক্ষ্য আছিল৷ কিন্তু দৰ্শকক মানসিক যৌন বিকৃতিৰ প্ৰতি আপুনি সঁচা অৰ্থত সজাগ কৰিব পাৰিলেহেঁতেন৷ সেয়া কেনেকৈ কৰিব লাগে মই আপোনাক শিকোৱাৰ প্ৰয়োজন নাই৷ চিনেমাত নায়ক-নায়িকা আতক হোৱাৰ পিছত চিনেমাৰ শেষ দৃশ্যত কোনোবা মনোৰোগ বিশেষজ্ঞৰ হতুৱাই সংলাপত এই বিৰল VorarePhilia (লগতে Macrophilia) যে এক প্ৰকাৰৰ মানসিক যৌন বিকৃতি আৰু এয়া বিপজ্জনক আপুনি কোৱাব পাৰিলেহেঁতেন৷ নতুবা শেষত স্ক্ৰীণত VorarePhilia/ Macrophilia সম্পৰ্কে শুদ্ধ তথ্যখিনি লিখি দেখুৱাব পাৰিলেহেঁতেন৷ আজিকালিৰ বাস্তৱ কাহিনীৰ ওপৰত ভিত্তি কৰি কৰা চিনেমাৰ শেষত সেয়া কৈ দিয়া হয়৷ তেতিয়া আপোনাক গালি পৰা দৰ্শকেও গালি নাপাৰিলেহেঁতেন আৰু ভাল পোৱা দৰ্শকসকলো ভয়ঙ্কৰ শ্বকৰপৰা মুক্তি পালেহেঁতেন৷

৩) কিন্তু সেয়া নকৰি আপুনি দৰ্শকক এইখন প্লেট’নিক প্ৰেম বুলি সেইফালে ঢাল খুওৱাৰ চেষ্টা কৰিছে৷ সুমনৰ হতুৱাই নিমাখিতভাৱে PLatonic Love গুগল চাৰ্ছ কৰোৱাইছে আৰু মানসিক যৌন বিকৃতি সম্পৰ্কে বৰ বেছি অধ্যয়ন নকৰা আবেগিক দৰ্শকৰ এচামে ইয়াত প্লেটোনিক প্ৰেম বিচাৰি উলিয়াই, মেটাফ’ৰৰ ভৰত হামকুৰি খাই পৰিছে৷ পৰিচালক ডাঙৰীয়া, আমিষ আপুনি সম্পূৰ্ণ বাস্তৱ কিন্তু বিৰল মানসিক যৌন বিকৃতিৰ চিনেমা, সেয়া আপুনি ভালকৈ জানে৷ ইয়াত প্লেট’নিক প্ৰেমৰ ইচ্ছাকৃত দিফ্লেক্সন এটা দি দৰ্শকক বিভ্ৰান্ত কৰাৰ ৰাস্তা আপুনি কিয় বাচি ল’লে৷ এইখন চিনেমাত প্লেট’নিক প্ৰেম বিচৰাটো স্বপ্ৰতাৰণা আৰু পলায়নবাদিতাৰ নামান্তৰহে মাথোঁন৷ আৰু ইয়াতে মই আপোনাৰ মানুহৰ প্ৰতি দায়বদ্ধতাক লৈ প্ৰশ্ন তুলিছোঁ৷

৪) কাৰণ বেছিভাগ দৰ্শকেই ইয়াক অবাস্তৱ কাহিনী আৰু নান্দনিকভাৱে দেখুওৱা বীভৎসতা বুলি ভাবিয়ে সান্ত্বনা লভিছে৷ কিন্তু আপুনিও জানে, ময়ো জানো এয়া বিৰল কাহিনী কিন্তু অবাস্তৱ নহয়৷ আৰু সেইকাৰণে আপুনি ৰাইজক এইখন ছবিৰে এনেকুৱা বিৰল মানসিক যৌন বিকৃতি সম্পৰ্কে সজাগ কৰিব পাৰিলেহেঁতেন৷ কাৰণ এইখন চিনেমা চাই ৯৯% দৰ্শকৰ (ভাল পোৱা বা বেয়া পোৱা) একো সুদূৰপ্ৰসাৰী সমস্যা নহয়৷ কিন্তু ক’ৰবাত যদি সুপ্তভাবে এই বিকৃতি থকা এগৰাকী মানুহেও এইখন চিনেমা চায় আৰু ইয়াক বিকৃতি বুলি গম নাপায়, তেন্তে আপোনাৰ নায়ক-নায়িকাৰ দৰে তাড়নাত ভয়ঙ্কৰ কাণ্ড ঘটাব পাৰে৷ আনকি আপুনি সুমনক লৈ দেখুওৱা সপোনৰ দৃশ্যটোৰো বাস্তৱ ভিত্তি আছে অৱশ্যে সেইটো raw-ত নাই, সেয়াও কোনো মেটাফ’ৰ নহয় বা আপুনি নিজে সেইটো সৃষ্টি কৰা নাই৷ সেয়াও VORARephilia-ৰ অন্য এক ফৰ্ম Macrophilia (মানে মূলতঃ মহিলা এগৰাকীৰ দ্বাৰা এজন পুৰুষৰ গোটে গোটে তাইৰ পেটলৈ সমোৱাৰ SOFT vORE ফেণ্টাছী যিটো প্ৰেক্টিকেল নহয় আৰু তেওঁলোকো শেষত HARD vORE-ৰ প্ৰৱণতাত সোমায়৷ ইণ্টাৰনেটত সেই সম্পৰ্কে ২০১৫ চন মানৰপৰা ভিডিও ফেণ্টাছী ওলাইছে)৷ এই VORARephilia বা Macrophilia থকা কিন্তু অন্য সকলো ফালৰপৰা জ্ঞান থকা মানুহৰ স্বাভাবিকতে জীৱনটো অকলশৰীয়া যেন লাগে, হতাশাত ভোগে কাৰণ তেওঁলোকৰ তীব্ৰ আকাংক্ষাটো যে ইমপ্ৰেক্টিকেল তেওঁলোকে বুজি পায় আৰু সেয়া আমিষ আৰু raw-ত দুয়োখনতে দাঙি ধৰা হৈছে৷ কিন্তু raw-ত পৰিচালকে শেষত জাষ্টিনৰ দেউতাকৰ মুখেৰে জাষ্টিনক কোৱায় যে যেনেকৈ সিহঁতৰ মাকে এইটো কামনা লৈও জীয়াই থাকিবলৈ শিকিছে, সিহঁতেও পাৰিব লাগিব৷ ইয়াতে চাইক’ল’জিকেল কাউন্সিলিঙৰ বিষয়টোক raw-ত ইংগিতধৰ্মিতাৰে দেখুৱাইছে৷ আমিষত আপুনি যদিও ইলিয়াছৰ মুখত এবাৰ চাইকাট্ৰিষ্টৰ কথা উলিয়ায় কিন্তু বিকৃতিটোৰ বাস্তৱতা সম্পৰ্কে দৰ্শকক আন্ধাৰত ৰাখি দিলে৷ সেয়া চিনেমাখনৰ গুৰুতৰ ভুল৷

৫) আমিষৰ পৰিচালক মহোদয়, এয়া আপুনি ভালকৈ জানে এই বিৰল পাৰাফিলিয়াৰ বাস্তৱ কাহিনী আৰু ভিত্তি আছে৷ Armin Miewes আৰু Bernd Jürgen Armando Brande -ৰ জাৰ্মানীৰ ভয়ঙ্কৰ বাস্তৱ কাহিনীটো সৌ ২০০২ চনৰ৷ ভক্ষণোন্মাদ যৌনক্ৰিয়াৰবাবে সন্মতিপ্ৰাপ্ত ভিক্টিম বিচাৰি ইণ্টাৰেনটৰ কৃষ্ণজালত (DARK WEb) বিজ্ঞাপন দি (DARK WEb বোৰৰ কথা ইয়াত নিলিখোঁ বাৰু) প্ৰীডেটৰ Armin Miewes-এ বিচাৰি পায় সন্মতিপ্ৰাপ্ত ভিক্টিম, Bernd Jürgen Armando Brande-ক৷ তাৰ পিছৰ কাহিনী আপোনাৰ চিনেমাতকৈও ভয়ঙ্কৰ৷ দুয়ো লগ হৈ ভিক্টিমৰ যৌনাঙ্গ কাটি একেলগে খায় আৰু খাই থাকোঁতেই ভিক্টিমৰ মৃত্যু আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰি কৰি প্ৰীডেটৰে ভিক্টিমক কচাইৰ দৰে কাটে৷ আদালতত প্ৰীডেটৰ Armin Miewes-এ কয় যে এয়া দুয়োজনে যৌনতৃপ্তিৰবাবে কৰিছিল৷ সেই সম্পৰ্কীয় আদালতৰ ৰায়দানত সৱিশেষ আপুনি চাগৈ ইতিমধ্যে পঢ়িছেই৷ Cannibal (2006) আৰু Feed (2006) আদি চিনেমা সেই বাস্তৱ কাহিনীটোক লৈয়ে যে নিৰ্মিত আপুনিটো জানেই৷ তেনেহ’লে কিহৰ স্বাৰ্থত বিকৃতি এটাক প্লেট’নিকৰ খিচৰি ৰান্ধি দৰ্শকক বিভ্ৰান্ত কৰিছে৷ বিকৃতিক বিকৃতি বুলি কওক৷ নহ’লে কোনোবা এজন বিৰল Issei Sagawa-ৰ সুপ্ত বাসনা অজানিতে জাগ্ৰত হ’ব পাৰে৷ ১৯৮১ চনত ফ্ৰান্সত ঘটা এই বিৰল বাস্তৱ পৈশাচিক ঘটনাটোও আপুনি জানেই নিশ্চয়৷ সেই যে নিজৰ সহপাঠী অসন্মতিপ্ৰাপ্ত ভিক্টিম, Renée Hartevelt-ক কবিতা শিকাবলৈ মাতি আনি হত্যা কৰি খাবলৈ লৈছিল৷ তাৰ পিছত আইনীমতে পাগল বুলি Issei Sagawa-ক শাস্তি নিদি কাউন্সিলিং কৰা হৈছিল৷ কাৰণ এই ধৰণৰ যৌন বিকৃতি থকা মানুহবোৰ অন্য ক্ষেত্ৰত একেবাৰে নৰ্মেল, কিন্তু সেই কাৰ্য্যটোত নৈতিকতা, হিতাহিত জ্ঞান নোহোৱা হৈ কৰে৷

Jeffrey Dahmer নামৰ চিৰিয়েল প্ৰীডেটৰজনে ১৯৯১ চনলৈকে ১৭জন মানুহক হত্যা কৰিছিল আৰু তাৰ পিছ

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

সুন্দৰ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক