আমিষ-নিৰামিষৰ জুতি লগা কথা-(অজয়লাল দত্ত )

-অজয়লাল দত্ত

আমিষনিৰামিষৰ জুতি লগা কথা

(১)

“আমাৰ ই আকৌ মাছ-মাংস নহলে ভাত এটাও মুখতে নিদিয়ে”- অসমৰ ৰাজকুমাৰ বোৰৰ মাকবোৰৰ মুখত সঘন সংলাপ ৷ বোলো, ৰাজকুমাৰে কৰে কি? নহয় একো নকৰে, পঢ়া-শুনাত মন-কান নাই, খালী কামৰ ভিতৰত কথাই প্ৰতি মাক দেউতাকক গেঙেৰী মাৰে ৷

“নহ’লে মাটি বেচ, নহ’লে পিএফ মানে ভৱিষ্যত-নিধিৰ টকা উলিয়াই আন , মোক বাইক লাগে, লেপটপ লাগে, লোকৰ ল’ৰা দেখা নাই ?  কথা নকবি মোক তঁহতে, খালি পঢ় পঢ়”–  ৰাজকুমাৰৰ কথাত মাক দেউতাক তাপ মাৰে ৷ এনেকুৱা ৰাজকুমাৰ কেইটাৰ বাবে দেউতাকে ধাৰ কৰি হ’লেও মাছ-কণী-মাংস আনে; ল’ৰাই খঙত দলি-মাৰি দিয়ে, পাছত ঘৰৰ মেকুৰী-কুকুৰে খায় ! এনেকুৱা নাটক এতিয়া ঘৰে-ঘৰে সুলভ ৷ মাক-দেউতাকে দুখ কৰিলে ঘোঁচা এটা মাৰি নাক-মুখ সমান কৰি দিও যেন লাগে ৰাজকুমাৰক । কিন্তু কি কৰিব সকলো ৰজাৰ পুতেক!

(২)

“ঐ আজি কি আছে খাবলৈ , ধুৰ আজিও লাই-জাৱৰি শাক, নাখাও বুলিছো নহয় ৷ জাননে নাজান, মাছ-মঙহ নহলে ভাত মোৰ পেটলৈ নাযায় ৷ তোক কিমানবাৰ কব লাগে?” — এই বচন কেইষাৰ মাতি গৰম-ভাতত পানী ঢালি উঠি যোৱা বৰমতাও বৰ সুলভ ৷ কাম-বন নাই, দিনটো তাচ-খেলি,মহলা মাৰি, কেৰম, চেচ খেলি সময় কটাই ভাতৰ পাতত সুদা-নিকা বুলি ভাত নেখাই উঠি যায়টো যায়েই ৷ লোকেল পানী অকন মাৰি অহা কেতবোৰে আকৌ দিনৰ দিনটো কষ্ট কৰি সেই ভাত মুঠিকে যেনে-তেনে যতনাই ৰখা সৰল মহিলাগৰাকীৰ পিঠিত গৰম পানীও ঢালে ৷ এইবিধ বৰমতাৰ সংখ্যাও গাঁৱে-ভূঞে নগৰে চহৰে কম নহয় ৷

এই দুবিধ ভোজন ৰসিকৰ প্ৰতিকাৰ সমাজে বিচাৰি উলিয়াব পাৰিলে, সমাজৰ ভাল একাংশ মানুহে (বিশেষকৈ পৰিয়ালৰ লোকে) শান্তি পাব!

(৩)

শংকৰ সংঘৰ নিয়মেৰে পতা মামাৰ বিয়া ৷ গাঁৱৰ ঘৰত নিৰামিষ গৰম প্ৰসাদ (মানে ভাত) খুৱায়েই লেঠা মৰা হ’ল ৷ পিছে তেজপুৰীয়া কইনাৰ ঘৰত বৰযাত্ৰীৰ বাবে খাহী-ৰান্ধি ৰেডি ।  ইফালে সংঘৰ নিয়ম মতেই বিয়াখন হব বাবে হোম-যজ্ঞৰ আয়োজন নাই ৷ আই-বাপ সকলক সেৱা এটা কৰিব, তাতে সংসাৰ ধৰ্মৰ দিহা আদি দি বিবাহ সমাপন হব ৷ ইফালে খোৱা-ঘৰত চেপা-উত্তেজনা ৷ খাওঁ নে নাখাওঁ-মাংস ৷ এজনে মাত লগালে, খাই দে বুইছ খাইদে ৷ সংঘৰ নিয়মত এটকা চাৰি অনাহে ফাইন ৷ চেপা-চেপা মাতেৰে কানে কানে মেচেজটো বিয়পি পৰিল ৷ চেহ্ বিয়াখন খাম বুলি ৰাতিখন ঠাণ্ডাত দুশ কিল’মিটাৰ আহিলো দৰাৰ লগত, এতিয়া আকৌ কিহৰ ধৰ্ম-সংকটহে ৷

এফালে মোক-খা মোক খা- কৰি থকা সুস্বাদ্যু খাহীৰ ব্যঞ্জন, আনফালে ধৰ্ম সংকটৰ এটকা চাৰি-অনা ৷ ৰাইজৰ বেছিভাগেই এটকা চাৰি-অনা ভৰি দিবলৈকে ঠিৰ কৰিলে……..”হেৰি খাহী অকন দিওঁনে”

“নালাগে দিয়ক…হেৰি নহয় জোল অকনকে আছে যদি দিয়ক বাৰু, হাড়-চাড় আকৌ নিদিব দেই…”  কথাবোৰৰ মাজতে বাহিৰলৈ তৃপ্তিৰ বৰ ধুনীয়া সুগন্ধি এটা ভাঁহি আহিল ৷

তাৰপাছত আৰু শংকৰ সংঘৰ মানুহক যতে-ততে টিটকাৰী মৰা আৰম্ভ ,  চান্স পালেই হ’ল- “ থ অ’ তহঁতৰ ঘৰত আনকহে খুৱাব নাপায় ৷ আনৰ তাতটো দকচি দিব পাৰি, এটকা চাৰি-অনাহে ফাইন, কিনো” — বেছি স্পৰ্শকাতৰ সকলক কব নোৱাৰি খেদা মাৰি আহে!

(৪)

অসমীয়াত লিখিছো কাৰণে লিখিছো আৰু দেই ৷ মোৰ এজন মূৰব্বী গুজৰাটী, বিশুদ্ধ পেটেল মানুহ ৷ ঘৰত পিয়াজো নাখায় ৷ কথাই প্ৰতি নিৰামিষ ভোজনৰ গুণগাণ ৷ এদিন তেখেতৰ লগত পাৰ্টি এটালৈ গ’লো ৷ মঞ্চত শিল্পীয়ে পুৰণী চিনেমাৰ গান গাইছে, তাৰ পাছত মঞ্চত শাস্ত্ৰীয় নৃত্য, তেখেত সেইবোৰ চোৱা-শুনাত ব্যস্ত ৷ সেয়ে মই আগতেই আঁতৰি গৈ খায় বৈ ৰেডি ৷ সেয়ে লগত খোৱা নহল ৷

পাছদিনা অফিচৰ এজন সহকৰ্মীয়ে প্ৰফেচনেল ফটোগ্ৰাফাৰে তোলা সকলো ফটো মেইল কৰি পঠালে ৷ তিনি-চাৰি জনক মাতি আনিলো, বোলো চাওক আমি কালি যোৱা পাৰ্টিৰ ফটো ৷ হঠাত এখন ফটো ওলাল চাৰে চিকেন লৈ থকা দৃশ্য ৷ ফটোগ্ৰাফাৰৰো কাকতলীয় টাইমিঙ! মই সুধিয়েই পেলালো, চাৰ আপুনি চিকেন লৈ আছে যে? তেখেতৰ চকু-মুখ ৰঙা-পৰি উঠিল ,  আন সহকৰ্মী কেইজনৰ আগত লাজো পাইছে৷ পৰিস্থিতি সহজ কৰিবলৈকে ক’লে- “লেটাহু কভি কভি পাৰ্টিমে!”

তেখেত যোৱাৰ পাছত আন কেইজন গোট খালে৷

“আৰে তুমটো অচ্ছা পকৰ লিয়া য়াৰ, চাহবকা মুহ দেখনেকা লায়েক হো গয়া থা….”-তাৰ পাছত লগৰ জনে কবলৈ লাগিল, জীৱনত লগ পোৱা আন কেতবোৰ মানুহৰ কাহিনী৷ কণ্ট্ৰি কৰি পাৰ্টি বা মদ খাব লগা হ’লে, কান-চুই শপত খায়, মদ তেওঁ হাতেই নিদিয়ে৷ অথচ কোম্পানীয়ে পে-কৰা পাৰ্টি হ’লে দেখিবা সেইজনৰে গলাধকৰণ কৰাৰ কোব!

মনে মনে শুনিলো, মনে মনে ভাবিলো, ওৱাহ ইয়াতো সংঘৰীয়া!

(৫)

এজন মানুহ পাইছিলো, ১২০ কেজি মান হব ৷ সাগৰৰ মাজত কৰ্মৰত অৱস্থাত৷ গুজৰাটী, সঁচাই পিউৰ নিৰামিষাহাৰী ৷ ৰাতিপুৱা শুই উঠি আধা-ঘণ্টাতকৈ বেছি পূজা-পাতল কৰে, তাৰ পাছত কপালত চন্দনৰ বৃহডাকাৰ ফোঁট ৷ তাৰ পাছত ব্ৰেক ফাষ্ট, কাজু-আদি দিয়া খীৰ, আপেল, আঙুৰ, সকলো ভাল ভাল ফলাহাৰ, লগতে কেইখনমান পৰঠা ( তাকো তেল কম)৷ (বি.দ্ৰ. সাগৰৰ মাজৰ কৰ্মস্থলীত খোৱাৰ খৰছ কোম্পানীৰ, সেয়ে!)৷ তেওঁৰ আকৌ খং, কেইটামান বস্তকে খোজো মাত্ৰ তাকো ভালদৰে নিদিয়ে, কাম কৰা ল’ৰাকেইজনে ৷ খোৱাৰ কথা ওলালেই তেওঁ কয়- “মে খাতা কাহা হু য়াৰ!”

মনে মনে কওঁ- “দেখনেছে পতা চলহি জাতা হ্যে চাৰ!”

ৰাতিৰ সাজ খাবলৈ আহি আমাৰ ওচৰত নবহে, ঘৃণাৰ দৃষ্টিৰে চায় ৷ আমি মাছ-মঙহ খাওঁ, তেওঁৰ হেনো ঘিণ লাগে, সেয়ে নাক কোঁচাই আন টেবুলত বহেগৈ ৷ আমিও জোকাবৰ বাবে কেতিয়াবা সেইখন টেবুলতে বহাৰ ভাও দিওঁ ৷ গৰম হোৱা যেন দেখিলেই পলাই ফাট মাৰো ৷ তেখেতৰ মুখখনহে লাউ-পাত কচুপাত ৷ কেতিয়াবা পূজা কৰি থকা অৱস্থাতে কোনোৱে দুৱাৰ খুলি ভূমুকি মাৰিলেও অশালীন গালি পাৰে….

ব্ৰেকফাষ্টৰ সময়তে তেখেত শীতল আৰু সম্পূৰ্ণ নিৰামিষহাৰী হৈ থাকে ৷ তাৰ পাছত যেতিয়াই লগ পাওক, মুখ মেলিলেই জগৰ ৷ লগৰ বোৰক কওঁ, আধুনিক যুগত এটা আচৰিত বস্তু ওলাল, সেইটো কম্পিউটাৰ ৷ পলকতে যি কোনো কৰি দিব পাৰে, তথাপি তাতো, GIGO চলে, মানে গাৰবেজ ইন, গাৰবেজ আউট! জাৱৰ ভৰালে জাৱৰেই ওলায়৷

এইজন কম্পিউটাৰতকৈ আচৰিত, মুখেৰে ভক্ষণ কৰে ভেজ, অথচ যি ওলায় প্ৰতিষাৰেই দেখোন ননভেজ ৷ মন গ’লেই কাহিনী শুনায়, অত লীলা তত লীলা, অশান্তি লাগে আৰু….তেওঁ নিৰামিষহাৰী, অথচ নাৰীখাদক ৷ এইবিধ মানুহৰো প্ৰতিকাৰৰ প্ৰয়োজন ৷

 

 

 

(৬)

ভাৰতৰ বেছিভাগ বাণিজ্যৰে শীৰ্ষত থকা মানুহেই- নিৰামিষহাৰী ৷ নাখায়তো নাখায়েই, মৰাৰ নামতো পৰুৱা এটাও নামাৰে ৷ অথচ লক্ষ্মী দেৱীৰ সেৱক হিচাবে ইজনে সিজন ভাইজী বুলি ফোন এটা কৰিয়েই আলু, পিয়াজৰ দাম বঢ়াই দিয়ে ৷ কোটি কোটি মানুহৰ তেজ শোহা দিয়ে ৷ এইবিধ আকৌ কেনে নিৰামিষাহাৰী???

(৭)

ইণ্টাৰনেটতে কৌতুক এটা চলিয়েই আছিল, কুকুৰাই অক্সিজেন দিয়েনে ? কুকুৰাই শীতল ছাঁ দিয়েনে ? কুকুৰাই বৰষুণ দিয়াত সহায় কৰেনে ? কুকুৰাই ফল-ফুল দিয়েনে ? নিদিয়ে ৷ তেন্তে আপুনি কুকুৰা নাখায় কিয় ? গছ-বনবোৰ খায় যে শেষ কৰে ৷ “ইট চিকেন গ গ্ৰীণ”, সেউজ পৃথিৱী ৰক্ষাৰ বাবে এতিয়া সকলোৱে কুকুৰাতেই মনোনিৱেশ কৰিব লাগিব যেন লাগিছে ৷

(৮)

ইঞ্জিনীৰিয়াঙত থকা সময়তে হোষ্টেলত এজন মেচ চেক্ৰেটৰীয়ে সমীক্ষা চলালে, প্ৰথম বৰ্ষৰ ছাত্ৰৰ সহায় লৈ ৷ কিমানে গাহৰি খাব কিমানে কুকুৰা ৷ সংখ্যা অনুপাতে বজাৰ কৰি আনি মেচত সিদিনা গাহৰি ৰান্ধিলে ৷ ইছলাম ধৰ্মালম্বী কেইজন মান দাদা আছিল তেওঁ লোকে কথাটো মনে মনে বেয়া পালে ৷ তেওঁলোকেও গৰু মাংস আনিলে লাখটকীয়াৰ পৰা ৷ লান্স টাইমত ডাইনিং হললৈকো আনিলে, ভিতৰি ভিতৰি কিছুৰ উত্তেজনা, কি বা হব, কিবা সাম্প্ৰদায়িক ধৰণৰ কাজিয়া নহয়গৈতো ৷ অৱশেষত তেনে একো নহল, গাহৰি খোৱাই গাহৰি খালে, গৰু খোৱাই গৰু, কুকুৰা খোৱাই কুকুৰা, তাকো নোখোৱা নিৰামিষাহাৰীয়ে আলু ভাজি ! আমি সম্প্ৰীতিৰ দূত কেইজনে তিনিওবিধ খালো , তাকো পৰম তৃপ্তিৰে!

আচলতে স্বাস্থ্য উপযোগী পৰিমিত খাদ্য খোৱাই উচিত ৷ সি নিৰামিষেই হওক বা আমিষেই হওক ৷ ই এটা ব্যক্তিগত বিষয়, নিজৰ ডিঙি নিজৰ কথা ধৰণৰ ৷ ৰীতি-নাতি বান্ধি মানুহৰ সহজাত খোৱাৰ মনটোক বান্ধিবলৈ যত্ন কৰিলে, কেণাহে লগা পৰিলক্ষিত হয় ৷ সমাজত ইজনে সিজনৰ খোৱাৰ অভ্যাসক সন্মান  কৰিলেই সম্প্ৰীতিৰে তৃপ্তিৰ ভোজভাত খাব পাৰি ৷ খাদ্য লাগিলে আমিষেই হওক, চিন্তা আৰু কৰ্ম নিৰামিষ হওক ৷ সেয়াই সমাজৰ বাবে বেছি মংগলজনক !

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক