আমি অসমীয়া – জ্যোতিৰূপম দত্ত

 

হেৰৌ অসমীয়া!

জাতি-মাটি-ভেটি যাবৰ হ’ল,
পেটত গামোছা বান্ধি,
কিমান সহিবি আৰু
ভোক, অপমান আৰু নোপোৱাৰ বেদনা?

চালৰ ফুটাৰে সৰকি অহা,
এহালিচা জোনাকে কাহানিও পোহৰাব নোৱাৰে
আমাৰ জৰৌৰোৱা পঁজা৷

তাহানিও আছিল,
আজিও একেই আছে,
বিদেশীৰ আক্ৰমণ, আতিশয্যৰ
সেই নিদাৰুণ কথা৷

পাহৰি নাযাবি,
তোৰ তেজত এতিয়াও অহৰ্নিশে বৈ আছে,
শৰাইঘাটৰ তেজোদ্বীপ্ত লাচিতৰ
ৰক্তস্নাত তৰবাৰিৰ পৰা নিগৰা শোণিতৰ
ৰক্তবৰ্ণ প্ৰতিজ্ঞাৰে উদ্ভাসিত, আন্দোলিত
এসময়ৰ নিৰ্ভীক, অজেয়, দুৰ্দান্ত অসমীয়া বাহিনীৰ
সোতৰবাৰকৈ মোগলক হৰুওৱাৰ শৌৰ্যৰ কাহিনী৷

আমি অসমীয়া নহও দুখীয়া,
বাটে-পথে পৰি আছে সোণৰ টুকুৰা,
আমিহে বিচাৰি ফুৰো তেজৰ চেকুৰা৷

সময় হ’ল,
চকুপানী মচিবৰ হ’ল,
বিজয়ৰ নিচান হাতত লৈ,
তীব্ৰবেগে চেঁকুৰিবৰ হ’ল৷

জাগিবৰ হ’ল,
এলাহ নিহালি দলিয়াবৰ হ’ল,
নাঙলৰ সীৰলুত উঠা
অপতৃণ সীমাৰ সিপাৰে দলিয়াবৰ হ’ল,

তোৰ দৰে থলুৱা, থলগিৰি আৰু খাৰখোৱাই
অসমীয়া ডেকাৰ তেজ
আকৌ এবাৰ দেখুৱাবৰ সময় হ’ল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments