আমি অসমীয়া নহও দুখীয়া !-(দীপুল হালৈ)

ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই বাটাৰ হাৱাই চেন্দলত ভৰি থৈ বেচিনলৈ গ’লোঁ| ক’লগেটৰ দাঁতোন দালত অলপ এমৱেইৰ পেষ্ট লগাই দাঁত মাজি অলপ সময় বাবা ৰামদেৱে দেখুওৱা প্ৰাণায়াম কৰিলোঁ| তাৰ পাচত টাটাৰ সেউজীয়া চাহেৰে চাহ পগাই খালোঁ|বাহিৰত অলপ কাম কৰি দাড়ী খুৰাবলৈ লাগিলোঁ| মোৰ প্ৰিয় ওল্ড স্পাইছ ক্ৰীমেৰে|সেভেন ও ক্লকৰ জমজ ব্লেডেৰে| এমৱেৰে ডিনামাইট দাড়ী খুৰোৱাৰ পাছত লগোৱা লোচনটো ভাল লাগে; নধৰে | গা ধুবৰেই হ’লচোন | বাথৰূমত সোমাই পিয়েৰচ চাবোনেৰে গা ধুলোঁ | তাৰ আগত হাৰ্পিকেৰে পেনটো চাফাই কৰিলোঁ |

ওলাই আহি প্ৰাথনা গৃহত ধাৰা মিঠাতেলেৰে চাকিগছ জ্বলালোঁ| পিতলৰ, নিবেদনত কিনা| ডেনিমৰ ধূপ দুডাল জ্বলাই গোঁসাইজনাৰ চাৰিওফালে ঘূৰাই দিলোঁ| চকুমুদি প্ৰাৰ্থনা এফাকি আওৰালোঁ:

ওম অসতো মা সত্‍ গময়ং,

তমো সো মা জ্যোতিৰ্গময়ং,

মৃত্যুৰ মা অমৃতং গময়ং,

ওম শান্তি ওম শান্তি ওম শান্তি ||

তেতিয়া মানে এওঁ ৰাতিপুৱাৰ আহাৰ সাজু কৰিলে| কৰ্ণ ফ্লেকছ, গাখীৰ, আপেল, বাৰিৰ কল, শুকান ফল, আৰু কণী এটা সিজাই দিলে| দুয়ো একলগে খালোঁ| মোৰ কাৰ্যালয়লৈ যাবৰে হ’ল| আহোদেই বুলি কৈ ওলালোঁ| হুন্ডাই গাড়ীখন লৈ গ’লোঁ| গডৰেজৰ চকীত বহি এল. জি.ৰ শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰটো চলালোঁ| বৰ গৰম পৰিছে| ৰোগী এজন সোমাই আহিলেই| পৰীক্ষা কৰি  ৰিনল্ডৰ কলমটোৰে ব্যৱস্থা পত্ৰত লিখিলোঁ| থ্ৰেক্সল ও ২০০ টেব, কেডবি সিৰাপ, কেলপল টেব …| চিকিৎসা বিল কেইখনমান চালোঁ|পুৰ্বাঞ্চলৰ বাহিৰত এপোলো হাস্পাতালৰ বিল| ইয়াৰ পাছত আৰু বহুকেইজন ৰোগী চালোঁ| মাজতে শ‍ইকীয়া আহি ৰঙা চাহ একাপ দি গ’ল, লগত দুখন ব্ৰিটানিয়াৰ মেৰিগল্ড বিস্কুইট| ডেৰ বজাত কোৱাৰ্টাৰলৈ আহিলো দূপৰীয়াৰ আহাৰৰ বাবে| চালানি মাছৰ জোল ৰান্ধিছে| তৰকাৰি, আলু জিৰা আৰু ভাত| লিজ্জত পাপৰ দুখন লগতে দিছে| আমি ৰন্ধাবঢ়াত প্ৰায়ে লিওনাৰ্ডো জলফাই তেল ব্যৱহাৰ কৰোঁ| দেহৰ কাৰণে ভাল| অলপ টিভি চালো| এনিমেল প্লেনেট, নেচনেল জিওগ্ৰাফিক চেনেল চাই ভাল পাওঁ| এওৰটো ষ্টাৰপ্লাছ, জী, চানি| আকৌ গ’লোঁ | চাৰে পাঁচ বজাত অফিছ সামৰি আহিলোঁ | ছয় বজাত আধা ঘন্টা খোজ কাঢ়িলোঁ| সন্ধিয়াৰ চাহকাপ খাই লেপটপ খুলিলোঁ – চোনিৰ ভেইও| য়াহহুত ডাক চাই ফেছবুক খুলি আপডেটবোৰ চালোঁ| অকব খুলিলোঁ| ২০টাৰো অধিক আপদেট| লেখা, কবিতা, গল্প আৰু বহুতো | পঢ়ি অতালোঁ| অসমীয়া বাতৰি চাবলৈ ডিছটিভিৰ ৮৫৩ আৰু ৮৫৭ বুটাপ ইটোৰ পাছত সিটো টিপিলোঁ | নিউজ লাইভ আৰু ডি ৩৬৫অৰ ভাল খবৰ নাইয়েইচোন |

ৰন্ধা বঢ়া আৰম্ভ কৰিবৰে হ’লচোন| নিশাৰ সাজ নিৰামিষেই খালোঁ| অলপ সময় টিভিত ডি আই ডি লিটিল মাষ্টৰ চালোঁ| বৰ ভাল লাগে চাই | টোপনি ধৰিছে | ১১ বজাত বিচনাত পৰিলোঁ|

আৰু কিমাননো লিখিম| ৰাতিপুৱাৰ পৰা ৰাতিলৈ কথাবোৰচোন লিখি থাকিলে ওলাইয়েই থাকে| কিহৰ কথা – হয় আপুনি ঠিকেই ধৰিছে: আমি ব্যৱহাৰ কৰা বস্তুবোৰচোন প্ৰায় সকলো বিলাকেই অসমৰ বাহিৰত তৈয়াৰ কৰা/ বনোৱা| আমি মাথো এজন ক্ৰেতা| আমি অসমীয়া নহও দুখীয়া হয় জানো? কোনেৱে হয়তো ম‍ই এনেয়ে লিখিছোঁ বুলি ভাবিব পাৰে| এখন্তেক চকুমুদি ভাবকচোন আপোনাৰো নিত্য ব্যৱহাৰ্য বস্তুবোৰ এনেকুৱাই হ’ব| কেতিয়া অসমত এই সকলোবিলাক তৈয়াৰ হ’ব| কেতিয়া আমি ভাল ক্ৰেতা নহৈ বিশ্বমানৰ সামগ্ৰীৰ বিক্ৰেতা হ’ব পাৰিম| সেইদিনাই আমি দুখীয়া নহয় বুলি সগৌৰৱে ক’ব পাৰিম |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments