আমি অসমীয়া (সুৰজিত নেওগ)

আমি অসমীয়া

সুৰজিত নেওগ

 

আমি অসমীয়া (মানে অসমত বসবাস কৰা) মানুহবোৰ যিকোনো আইন কানুন বা নিয়্ম ভংগ কৰাত আগৰণুৱা নেকি ?

বহু দিনৰ পৰাই মনত এটা ভাৱে দোলা দি আছিল । বিশেষকৈ কোনো উৎসৱ পাৰ্বণৰ সময়ত এই ভাৱটো আৰু তীব্র হৈ উঠে । খোলাখুলিকৈ কবলৈহে অলপ খোকোজা লাগে । যিকি নহওক পাতনিটো অলপমান চমুকৈ কৈ থওঁ । কেইবা বছৰৰ মুৰত মুম্বাইলৈ যাব লগা হৈছিল অলপ দীঘলীয়াকৈ থাকিবৰ বাবে ২০০৭ চনত । দেউতাৰ চিকিৎসাৰ সংক্রান্তত। প্রায় এমাহমান আছিলোঁ ল’ৱাৰ পেৰেলৰ আমাৰ কোম্পানীৰ অতিথিশালাত । দিনটো চিকিৎসালয়ত বিভিন্ন পৰীক্ষা আদি কৰোৱাৰ লগতে জিৰণি নোহোৱাৰ বাবে ভাগৰ লাগি থাকে আৰু সেয়ে দেউতাই খাই বৈ সোনকালে শুই পৰিছিল । সেই সময়ত T20 বিশ্বকাপৰ খেলো চলি আছিল আৰু আমি মাজে খেল চাই ৰাতি কিছু সময় কটাইছিলোঁ । ঠিক তেনে সময়তে গণপতি পূজা আৰম্ভ হৈছিল; মহাৰাষ্ট্রৰ গণপতি পূজা মানে আমাৰ ইয়াৰ দূৰ্গা পুজাৰ দৰেই পৰিবেশ । উৎসৱৰ বতৰ, চাৰিও ফালে উখল মাখল । আমাৰ অতিথিশালা থকা অট্টালিকাটোৰ ঠিক তলতেই এভাগ যথেষ্ঠ ডাঙৰকৈ পূজা হৈছিল । যদিও আমি ২২ মহলাত আছিলোঁ, তলৰ উখল মাখল পৰিবেশ, মাইকত বজোৱা গান বাজনা সম্পূৰ্ণৰূপে শুনা গৈছিল । প্রথম দিনা আমি অলপ চিন্তিত হ’লোঁ; কাৰণ পূজাৰ এনে উখল মাখল পৰিবেশ বহু ৰাতিলৈকে থাকে আৰু গতিকে মাইকত উচ্চস্বৰত নিশ্চয়কৈ গান বাজনা ওৰে ৰাতি ধৰি চলিব । নিৰ্ঘাত টোপনি খতি । আমি, মানে মই আৰু দেউতাই ঠিক কৰিলোঁ, যিমান দেৰি পৰা যায় ক্রিকেট খেল চাম; উপায়টো নাই । ৮ বাজিল, ৯ বাজিল, ১০ বাজি কেই মিনিট মান গৈছে; হঠাৎ চাৰিওফালে নিমাও মাও । মনতে ভাবিলো, চাউণ্ড চিষ্টেমৰ কিবা বিজুতি ঘটিল হবলা ; মনে মনে অপেক্ষা কৰিবলৈ ধৰিলোঁ কেতিয়াকে বাজে আকৌ …. নাই চাৰে দহ মান বাজিল; মাইক হলে নাবাজিল । আমিও শুই পৰিলোঁ । দ্বিতীয় দিনাও একে ঘটনাৰ পুনৰাবৃত্তি । অলপ আচৰিতেই হ’লোঁ । পিছদিনা পুৱা অতিথিশালাৰ ল’ৰাজনক কথাটো সোধাত ক’লে, ‘চাৰ, আমাৰ ইয়াত ৰাতি ১০ বজাৰ পিছত কোনো ধৰণৰ PA চিষ্টেম বজোৱা মানা । আনকি দিৱালীতো ৰাতি ১০ টাৰ পিছত ফটকা আদি ফুটুওৱা মানা ।” অলপ সময় তভকমাৰি চিন্তা কৰিবলৈ ধৰিলোঁ, ই কেনেকৈ সম্ভৱ ? হঠাৎ মনত পৰিল উচ্চতম ন্যায়ালয়ৰ এই বিষয়ে দিয়া ৰায়টোলৈ । এৰা, প্ৰ্শাসন আৰু ৰাইজৰ সহযোগিতাত সকলোৰে হিতৰ বাবে লোৱা এক সুন্দৰ ব্যৱস্থা ।

. . . আপুনি কল্পনা কৰকছোন আমাৰ ইয়াৰ পৰিবেশ !! বিহু, পূজা, দেৱালীৰ সময়ত আমাৰ ইয়াৰ অৱস্থা । বহাগ বিহুৰ সময়ত বহাগী আদৰনীৰ পৰা জেঠৰ শেষলৈকে বহাগী বিদায়বোৰৰ সাংস্কৄতিক সন্ধিয়া (ৰাতি !!) আৰম্ভ হয় ১ মান বজাত । পূজাটো আজিকালি অসমীয়াৰ উৎসৱ হোৱাৰ পৰা তাতো একেই অৱস্থা । দেৱালীৰ কথা কি ক’ম ? প্ৰ্শাসনৰ ফালৰ পৰা প্রেছ বিবৄতি এটা দিয়েই দায় সাৰে । তাৰোপৰি আমাৰ ধৰ্মপ্রাণ লোক সকলৰ মাজে মাজে মাইক বজাই ‘হৰে ৰাম হৰে কৄঞ্চ” কৈ ৩-৪ দিন অখণ্ড ভাগৱত পাঠ আছেই । কোনো পূজা নাই, কোনো পাৰ্বন নাই; আপুনি হঠাৎ ৰাতি ১ বজাত ফটকাৰ বিকত শব্দত সাৰ পাই গ’ল । অলপ টং কৰি বুজিলে, কাষৰ বিবাহ ভৱনত দৰা আহিছে !!

মই যি ঠাইত থাকো তাত বহাগবিহুৰ সময়ত দুৰাতি পুৱা ৫ টা মান বজালৈকে বিহু ফাংচন হয় ! সৌ সিদিনা দেৱালীৰ ৰাতি (দেওবাৰে নিশা) সাংস্কৃতিক সন্ধিয়া হ’ল সোমবাৰে পুৱা ৫ বজালৈকে । এনে ধৰণৰ অভিজ্ঞতা আপোনালোকৰো নিশ্চয় হয় কম-বেছি পৰিমাণে ।

এই কথাবোৰে কি সুচায় বাৰু ? আমাৰ ইয়াৰ (অসমীয়া বা অসমৰ) মানুহবোৰে নিয়ম, আইন-কানুন ভংগ কৰিবলৈ এধানমানো কুণ্ঠাবোধ নকৰে কিয় ? নে তেওঁলোক এই বিষয়ত অজ্ঞ ? এটা who cares attitude নহয়নে ? আপুনি যদি প্রশাসনৰ লগত যোগাযোগ কৰে, তেতিয়া কি উত্তৰ পাব জানেনে.. “এহ, বিহুৰ কেইদিন এনে হ’বই আৰু । অলপমান ধৈৰ্য্য ধৰক ।” বা “ফটকা দেৱালীৰ সময়ত ফুটিবই; আপুনিও ফুটাওঁক !” . . . অথচ মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দান কাৰ্য্যকৰী কৰোতাও আকৌ এই প্রশাসনেই । প্ৰতি পদে পদে আপুনি আইন ভংগকাৰি দেখিব । ট্রেফিক পইন্টত চাওঁক, ট্রেফিক আইনৰ সম্পূৰ্ণ অৱজ্ঞা । ৰাস্তা পাৰ হোৱা মানুহৰ প্র্তি গাড়ীচালকৰ চৰম ভ্ৰূকুটি । NO Parking Zone ত গাড়ী ৰাখিবলৈ হেতা ওপৰা । চিটিবাচ চালকৰ, অট’ৰিক্সাৰ উদ্ভণ্ডালি । আইন ৰক্ষক ব্যস্ত দকা হকা দি ঘোচ খোৱাত . . .

এয়াই কি আমাৰ চৰিত্র ? অসমীয়াৰ বা অসমত বাস কৰা লোকৰ এনে মানসিকতা কিয় ? আনৰ কষ্টৰ প্ৰতি আমি ইমান indifferent কেনেকৈ হ’ব পাৰোঁ ? আইন-কানুন ভৰিৰে গচকি থোৱাৰ এই প্ৰৱণতা কেনেকৈ হয় ? আমাৰ কেতিয়াবা শুধৰণী হ’ব নে ? নে আমি সদায় এনেকৈয়ে নিয়্ম, আইন-কানুন নমনা জাতি হিচাপেই সদায় আনৰ আগত পৰিচয় দিম ?

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments